শৈশৱৰ পথাৰত সোণগুটি বুটলি

লেখক- শিৱানী বৰা

ল’ৰালিৰ সময়ছোৱাক আমি সকলোৱে বুকুত কঢ়িয়াই ফুৰোঁ; সকলোৰে মনলৈ নিজানত এবাৰলৈ হ’লেও সেই মুহূৰ্তবোৰ ভাঁহি আহে। শৈশৱৰ লাজ লগা বা ভয় লগা মুহূৰ্ত এটিৰ স্মৃতিয়ে জীৱনৰ পৰৱৰ্তী সময়ত ওঁঠত হাঁহি বিৰিঙাই পুনৰ যেন ৰিঙিয়াই মাতে সেই সোণালী দিনবোৰলৈ।

নব্বৈ দশকৰ শেষৰ ফালৰ অত্যাধুনিক প্ৰযুক্তিবিহীন জীৱনবোৰো যেন অনন্য আছিল। সোণগুটি ধাননিৰ আঁৰৰ লুকা-ভাকুবোৰ, নামঘৰৰ ডবাৰ শব্দ শুনাৰ লগে লগে একেস্বৰতে প্ৰত্যেকৰ ঘৰৰপৰা ভাঁহি অহা প্ৰাৰ্থনাৰ সুৰত গোটেই অঞ্চলটো যেন স্তব্ধ হৈ ৰৈছিল। চিঞৰি চিঞৰি পাঠ আওৰাবলৈ ধৰা কণ্ঠবোৰ যেন অঘোষিত প্ৰতিযোগিতাত নামিছিল। তাৰ মাজতে পাঠ মুখস্থ ল’বলৈ বহা কোনোবা ধনটিৰ পিঠিত চিটিপনিৰ কোব পৰিছিল।

বাঁহৰ খুটাত ওলমি থকা এণ্টেনাডাল পকাই পকাই ক’লা-বগা টিভিত অনুষ্ঠান উপভোগ কৰাৰ আনন্দও সুকীয়া আছিল। তাহানিৰ শক্তিমানৰ ঠাই আজিকালি হাই-ডেফিনিছনযুক্ত বেৰত ওলমি থকা টিভিৰ চোটা ভীমে ল’লে। পৰীক্ষাৰ আনন্দ, বছৰেকীয়া পৰীক্ষাৰ অন্তত লাভ কৰা সকাহ, গৰম বন্ধৰ উৎসাহবোৰ শেহতীয়াকৈ কভিদ মহামাৰীয়ে যেন কাঢ়ি নিলে। পঢ়াশালিৰ ব্লেক বোৰ্ডৰ ঠায়ো মোবাইল-লেপটপৰ ডিজিটেল স্ক্ৰীণখনে অধিকাৰ কৰিলে। গৰমৰ দিনত গছৰ তলত মলয়াৰ বা লৈ নেওতা মাতি থকা বিদ্যাৰ্থীৰ দলটি ক’ৰবাত যেন হেৰাই গ’ল।

শৈশৱৰ স্মৃতিৰ টোপোলাৰ ভৰ সকলোৰে বাবে বেলেগ। কোনোবাই তৰা ভৰা জোনাকৰ চোতালত ককাদেউতাক বা আইতাকৰ মুখেৰে সাধু শুনাৰ এখনি ছবি সামৰিছে, কোনোৱে হিলদ’ল ভাঙি গাঁৱৰ একমাত্ৰ টিভি থকা মানুহঘৰলৈ ৰামায়ণ চাবলৈ দৌৰ মৰাৰ ৰসিক ছবিখন কঢ়িয়াই ফুৰিছে। অ’পেন টি বাইস্কোপৰ দীঘলীয়া শাৰীটোৱেও হাত বাউল দি কাৰোবাক যেন আজিও মাতিছে। অথচ, সকলোৰে বাবে শৈশৱ একেই, আলফুলীয়া। হাজাৰ সংঘাত থাকিলেও সকলোৰে শৈশৱত এচেৰেঙা ভাল স্মৃতি থাকে। শৈশৱ সকলোৰে বাবে বিশেষ। কাৰোবাৰ ৰামায়ণৰ স্মৃতিতকৈ চোটা ভীমৰ অনুভৱখিনি পৃথক হ’ব নোৱাৰে। সকলোৰে অনন্য মাদকতা আছে।

কভিদ মহামাৰীয়ে প্ৰায় সকলোৰে জীৱন সলনি কৰি পেলালে। কভিদৰ কৰাল গ্ৰাসত এটা প্ৰজন্মৰ শৈশৱৰ ধাৰণাও সলনি হৈ পৰিল। লগৰীয়াৰ সৈতে খেলা-ধূলা কৰাৰ সময়ছোৱাত কেৱল ইলেক্ট্ৰনিক গেজেটৰ সৈতে চাৰি দুৱাৰৰ ভিতৰতে তেওঁলোকৰ শৈশৱ আবদ্ধ হৈ পৰিল। এই পৰিস্থিতিত একাকীত্বৰ মাজেৰে শিশুসকলৰ শৈশৱৰ অতিবাহিত হ’বলৈ ধৰিছে। হয়তো তেওঁলোক এই প্ৰক্ৰিয়াত ক্ৰমাৎ অভ্যস্ত হ’বলৈ ধৰিছে আৰু শৈশৱটোও এনেকৈয়েই সামৰিছে।

যান্ত্ৰিক হৈ পৰা এই শৈশৱ পুনৰ সহজ হৈ পৰক। লগৰীয়া সংগত সকলোৰে শৈশৱ উমাল হওক। লৰা-ঢপৰা, চিঞৰ-বাখৰ, আনন্দৰ-কিৰিলিত চৌপাশ উপচি পৰক। কভিদ মহামাৰীৰ সোনকালেই নিপাত গৈ সুন্দৰ সময়বোৰ পুনৰ ঘূৰি আহি ঘৰৰ ভিতৰত আবদ্ধ প্ৰজন্মৰ জীৱনটো ৰঙেৰে উপচাই তোলক।

কভিদ মহামাৰীয়ে পিষ্ট কৰা শ্বাসৰুদ্ধ সময়চোৱাত শৈশৱৰ পথাৰত স্মৃতি বুটলি পুনৰ এবাৰ সকলোকে জীয়াই তোলাৰ উদ্দেশ্য আগত ৰাখিয়েই এই সংখ্যাৰ সাহিত্য ডট অৰ্গৰ বিষয়বস্তু “শৈশৱ বা ল’ৰালিকাল” ৰখা হৈছিল। কাৰোবাৰ মন যদি এবাৰলৈ হ’লেও এই সংখ্যাৰ দ্বাৰা সজীৱ হৈ উঠে তেন্তে আমাৰ উদ্দেশ্য সাৰ্থক হ’ব। ভাল দিনবোৰ পুনৰ ঘূৰি অহাৰ কামনা কৰিলোঁ।

কৃতজ্ঞতা আৰু প্ৰণিপাতেৰে-

শিৱানী বৰা,
সম্পাদক, সাহিত্য ডট অৰ্গ।
মাঘ মাহ, ষষ্ঠ সংখ্যা, একাদশ বছৰ।

এই সংখ্যাটোৰ আঁৰত-

সাহিত্য ডট অৰ্গৰ একাদশ বৰ্ষৰ দ্বিতীয় সংখ্যাটিৰ আঁৰত থাকি সহায়সহযোগিতা আগবঢ়াই যোৱা সকলো সদাশয় ব্যক্তিলৈকে সম্পাদকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷

এই সংখ্যাটিৰ বাবে সাক্ষাৎকাৰটি লিপিবদ্ধ কৰাত বিশেষ সহযোগিতা আগবঢ়ালে উজ্জ্বল দীপ্লু গগৈ আৰু বিকাশ দত্তই৷

লেখাসমূহৰ বৰ্ণাশুদ্ধিৰ বিষয়ত সহযোগিতা আগবঢ়ালে মৃদুল কুমাৰ শৰ্মা° মৃণাল জ্যোতি গোস্বামীমিতালী বৰ্মনকলচুম বিবিদ্বীপজ্যোতি বৰামণ্টু কুমাৰ বৰঠাকুৰ আৰু মাধুৰ্য্য গোস্বামীয়ে৷

কাৰিকৰী দিশত সহায়সহযোগিতা আগবঢ়ালে ক্ৰমে মৃদুল কুমাৰ শৰ্মাঅভিজিত দত্ত° দ্বীপজ্যোতি বৰা আৰু  ° মনোজ মন কলিতাই৷

সৰ্বোপৰি বিশেষ কৃতজ্ঞতাৰ পাত্ৰ হৈছে ‘অসমীয়াত কথা বতৰা’ গোটৰ আমাৰ শ্ৰদ্ধেয় লেখকলেখিকাসকল যাৰ সহায়সমৰ্থন অবিহনে এই ইআলোচনীখনি নিৰ্ধাৰিত সময়ত পঢ়ুৱৈ ৰাইজৰ সমুখলৈ আমি উলিয়াই দিব নোৱাৰিলোঁহেঁতেন

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Rupalim
3 months ago

সম্পাদকীয়টো পঢ়ি ভাল লাগিল। এই মাহৰ বিষয় বাচনিয়ে নষ্টালজিক কৰিলে।

Nabajyoti Rabha
2 months ago

পঢ়ি ভাল লাগিল ।