আমেৰিকাত আগ্নেয়াস্ত্ৰৰ বিভীষিকা

লেখক- অসীম তালুকদাৰ

সতৰ্কবাণী: সংবেদনশীল বিষয় বস্তু

২৪ মে’, ২০২২ মঙল বাৰ। স্থান: ৰব প্ৰাথমিক বিদ্যালয়, টেক্সাছ, আমেৰিকা যুক্তৰাষ্ট্ৰ। ২০২১-২০২২ শিক্ষাবৰ্ষৰ শেষ হ’বলৈ মাথোঁ দুদিন বাকী। হাইস্কুলীয়া শিক্ষা সমাপ্ত নকৰা ছাত্ৰ এজনে দুপৰীয়া প্ৰায় চাৰে এঘাৰ বজাত স্কুলখনত প্ৰৱেশ কৰে। একেবাৰে চিনেমা সদৃশ কাহিনী। সিদিনা স্কুললৈ যোৱাৰ আগতে সেই ছাত্ৰজনে আপোন আইতাকক কপালত গুলিয়াই গুৰুতৰভাৱে আহত কৰিছিল। ল’ৰাজনৰ হাতত আছিল কেইদিনমান আগতে তেওঁৰ ওঠৰ বছৰীয়া জন্মদিনত আইনগতভাৱে ক্ৰয় কৰা ছেমি-অটোমেটিক এ আৰ ১৫ মিলিটেৰী ৰাইফল। এটা শ্ৰেণীকোঠাৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি আততায়ীজনে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। ঘটনাটোত ঊনৈশজন ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰী আৰু দুজন শিক্ষকৰ মৃত্যু ঘটে। তাৰ পাছত আততায়ীজনক নিৰাপত্তাৰক্ষীয়ে গুলীয়াই নিহত কৰে।

২০১৯ চনৰ আগষ্ট মাহৰ প্ৰথমটো দেওবাৰ। এটা পৰিচিত খবৰে পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছিল। ২৪ ঘণ্টাৰ ভিতৰতে আগ্নেয়াস্ত্ৰ জড়িত গণহত্যাত পুনৰ ২৯জন লোকৰ মৃত্যু। টেক্সাছ নামৰ আমেৰিকাৰ দক্ষিণ দিশৰ প্ৰদেশ এখনৰ এল পাছো চহৰৰ ওৱালমাৰ্ট নামৰ মেগাষ্ট’ৰ এখনত আগ্নেয়াস্ত্ৰধাৰী ২১ বছৰীয়া যুৱক এজনে এ-কে ৪৭ ৰাইফলেৰে গুলিয়াই ২২জন লোকক হত্যা কৰাৰ উপৰিও দুই ডজনৰো অধিক লোকক আহত কৰে। সেই ঘটনাৰ কেইঘণ্টামান পাছতে এল পাছোৰ প্ৰায় ২৫০০ কিমি দূৰৰ ডেইটন নামৰ চহৰ এখনত ২৪ বছৰীয়া ল’ৰা এজনে বাৰ এখনত নিৰ্বিচাৰে গুলী চলাই ৯ জনক হত্যা আৰু বহুকেইজনক আহত কৰে। উল্লেখযোগ্য যে ডেইটনৰ ঘটনাত মৃত মানুহৰ মাজত আততায়ীজনৰ আপোন ভনীয়েকো আছিল। অকল সেয়াই নহয়, যোৱা কেইদশকৰ ভিতৰত বন্দুক জড়িত ঘটনাত অজস্ৰ লোকৰ অকাল মৃত্যু হৈছে। ২০১৬ চনত ফ্ল’ৰিডাৰ অৰ্লেণ্ডো চহৰত হোৱা অনুৰূপ এক ঘটনাত আততায়ী এজনে নাইট ক্লাৱ এটাত ৪৯জন লোকক হত্যা কৰে। অন্য এক শিহৰণকাৰী ঘটনাত আমেৰিকাৰ বিখ্যাত লাছ ভেগাছ চহৰত এজন মানুহে হোটেল এখনৰ ৰূমৰ পৰা হোটেলৰ কাষত সংগীতানুষ্ঠান উপভোগ কৰিবলৈ গোট খোৱা মানুহৰ ওপৰত নিৰ্বিচাৰে গুলী চলাই ৫৮জন লোকক হত্যা কৰে। তদুপৰি এই ঘটনাত প্ৰায় ৪২২জন লোক আহত হয়। এনে ঘটনাৰ পৰা আনকি শিক্ষানুষ্ঠানবোৰো সাৰি নাযায়। ১৯৯৯ চনত কোলোৰাডো প্ৰদেশৰ কলম্বাইন নামৰ হাইস্কুল এখনত সংঘটিত হোৱা এক ঘটনাত দ্বাদশ শ্ৰেণীৰ দুজন ছাত্ৰই ১১জন লোকক গুলিয়াই হত্যা কৰি শেষত আত্মহত্যা কৰে। ২০০৭ চনত ভাৰ্জিনিয়া পলিটেকনিক বিশ্ববিদ্যালয়ত হোৱা এক ঘটনাত মাৰণাস্ত্ৰৰে সজ্জিত এজন ছাত্ৰই ৩২জন ছাত্ৰ আৰু শিক্ষকক হত্যা কৰে। আটাইতকৈ হৃদয়বিদাৰক ঘটনা এটাত ২০১২ চনত কানেটিকাট প্ৰদেশৰ চেণ্ডি হুক নামৰ প্ৰাথমিক বিদ্যালয় এখনত ২০ বছৰীয়া যুৱক এজনে ২০জন ছয়-সাত বছৰীয়া ছাত্ৰ-ছাত্ৰী আৰু ছজন অন্য লোকক গুলিয়াই হত্যা কৰে। এনে ধৰণৰ বহুত উদাহৰণ পোৱা যাব।

প্ৰশ্ন উঠে, এনে ঘটনা আমেৰিকাত কিয় ইমান সঘনাই সংঘটিত হয়? ইয়াৰ কাৰণটো হৈছে আমেৰিকাত আগ্নেয়াস্ত্ৰৰ সহজলভ্যতা। বি.বি.চিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আমেৰিকাত বন্দুকৰ সংখ্যা মানুহৰ সংখ্যাতকৈ বেছি। আমেৰিকাত কিমান মাৰণাস্ত্ৰ আছে, তাৰ আভাস পাবলৈ এই পৰিসংখ্যাই যথেষ্ট যে ইয়াত প্ৰতি ১০০জন মানুহৰ বিপৰীতে আগ্নেয়াস্ত্ৰৰ সংখ্যা ১২০ ৰো অধিক। এই দিশত দ্বিতীয় আৰু তৃতীয় স্থানত থকা য়েমেন আৰু চাৰ্বিয়াত প্ৰতি ১০০জন মানুহৰ বিপৰীতে আগ্নেয়াস্ত্ৰৰ সংখ্যা প্ৰায় ৫৩ আৰু ৩৯। আমাৰ ভাৰতৰ ক্ষেত্ৰত এই সংখ্যাটো হৈছে মাত্ৰ ৫.৩। শুনিবলৈ আচৰিত লাগে, আমেৰিকাত পৃথিৱীৰ মাত্ৰ ৫% মানুহে বাস কৰে কিন্তু অসামৰিক লোকৰ হাতত থকা প্ৰায় ৪৬% আগ্নেয়াস্ত্ৰই আমেৰিকাত।

আমেৰিকাৰ সংবিধানে ইয়াৰ নাগৰিকসকলক নিজৰ নিৰাপত্তাৰ খাতিৰত আগ্নেয়াস্ত্ৰ ৰখাৰ অনুমতি দিয়ে। ১৭৮৭ চনত প্ৰথম সংবিধান গৃহীত হোৱা সময়ত মানুহক এই অধিকাৰ প্ৰদান কৰা হোৱা নাছিল। কিন্তু দুই বছৰৰ ভিতৰতে বহুকেইটা সংবিধান সংশোধনী প্ৰস্তাৱ গৃহীত হয়। প্ৰথমটো সংশোধনী প্ৰস্তাৱত নাগৰিকসকলক বাক স্বাধীনতা আৰু ধৰ্মৰ স্বাধীনতা প্ৰদান কৰা হয়। দ্বিতীয়টো সংশোধনী প্ৰস্তাৱত কোৱা হয় যে সাধাৰণ নাগৰিকে নিজৰ জীৱন আৰু ধন-সম্পত্তিৰ ৰক্ষাৰ্থে আগ্নেয়াস্ত্ৰ ক্ৰয় কৰিব পাৰিব আৰু ঘৰত ৰাখিব পাৰিব। কিন্তু এটা মন কৰিবলগীয়া কথা যে আগ্নেয়াস্ত্ৰৰ অধিকাৰ প্ৰদান কৰাৰ সময়ত আমেৰিকাৰ পৰিৱেশ সম্পূৰ্ণৰূপে বেলেগ আছিল। তেতিয়া দেশখনত দাসপ্ৰথা প্ৰচলিত আছিল। গতিকে, দাসসকলে কেতিয়াবা মালিক আৰু গৰাকীৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে মালিক বা গৰাকীৰ আত্মৰক্ষাৰ্থে তথা বিদ্ৰোহ দমনৰ অৰ্থে মাৰণাস্ত্ৰৰ দৰকাৰ হৈছিল। তদুপৰি, আমেৰিকাৰ আদিবাসীসকল, যাক ঔপনিৱেশিক ব্ৰিটিছসকলে ইণ্ডিয়ান বুলি অভিহিত কৰিছিল, সঘনাই ব্ৰিটিছ লোকক বা তেওঁলোকৰ সম্পত্তিৰ ওপৰত আক্ৰমণ চলাইছিল। এনে ধৰণৰ যুক্তিৰ অৱতাৰণা কৰি ১৭৯১ চনত আমেৰিকাৰ সংবিধানে নাগৰিকসকলক আগ্নেয়াস্ত্ৰৰ অধিকাৰ প্ৰদান কৰিছিল। তদুপৰি, ইউৰোপৰপৰা আহি প্ৰথম বসতি আৰম্ভ কৰাৰ সময়ত কিছুলোকে বহুদিনলৈকে চিকাৰ কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল। তেতিয়াৰ পৰাই আমেৰিকানসকল বন্দুকৰ প্ৰতি মোহাচ্ছন্ন হৈ আছে বুলিব পাৰি। জন্তু বা চৰাই চিকাৰ কৰাটো ইয়াত এক বিনোদন বুলিয়েই গণ্য কৰা হয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে ৰাছিয়া, কানাডা আৰু ব্ৰাজিলৰ পাছতেই আমেৰিকা হৈছে বনাঞ্চলেৰে ভৰপূৰ দেশ। আমেৰিকাৰ অৰণ্যত বাঘ, সিংহ আদিৰ দৰে হৰিণাৰ প্ৰাকৃতিক চিকাৰী নাই। কিছুমান অৰণ্যত ভালুক, কুকুৰনেচীয়া বাঘ আদি আছে যদিও ই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ কাৰণে যথেষ্ট নহয়। সাধাৰণতে মানুহে জন্তু বা চৰাই চিকাৰ নকৰে। কিন্তু অৰণ্যত হৰিণাৰ সংখ্যা বহুত বাঢ়ি গ’লে, মানুহক চিকাৰৰ অনুমতি দিয়া হয়। অৱশ্যে, তাৰ কাৰণে মানুহে প্ৰথমে বিশেষ পাৰ্মিট সংগ্ৰহ কৰিবলগীয়া হয়। এইদৰে, বন্দুক আমেৰিকাৰ সংস্কৃতিৰ এটা অংশ হৈ পৰিছে। আগ্নেয়াস্ত্ৰ ৰখাৰ অধিকাৰ প্ৰদান কৰা সময়ত বন্দুকৰ প্ৰযুক্তি অৱশ্যে ইমান উন্নত নাছিল বাবে বেছি সমস্যা হোৱা নাছিল। কিন্তু ইমান দিনৰ পাছতো সাংবিধানিক অধিকাৰৰ দোহাই দিয়েই সকলোৰে কাৰণে যিকোনো ধৰণৰ আগ্নেয়াস্ত্ৰ আহৰণ কৰাৰ পথটি সুগম কৰি ৰখা হৈছে। শুনিবলৈ আচৰিত লাগে, কিন্তু এ. কে. ৪৭ বা এ. আৰ. ১৫ ৰ দৰে মিলিটেৰীয়ে যুদ্ধত ব্যৱহাৰ কৰা অস্ত্ৰ আৰু গুলী সাধাৰণ মানুহেও ক্ৰয় কৰিব পাৰে। দোকানলৈ গৈ চাউল-দাইলৰ দৰে বন্দুকো কিনিব পাৰি। দামো বহুত বেছি নহয়। মিলিটেৰী ষ্টাইলৰ মাৰণাস্ত্ৰ এটিৰ দাম প্ৰায় দেৰ লাখ টকা আৰু সাধাৰণ পিষ্টল এটিৰ দাম প্ৰায় পোন্ধৰ-বিছ হাজাৰ টকাহে। ইয়াত আনকি মানসিক ৰোগী এজনেও বিশেষ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ আগ্নেয়াস্ত্ৰ কিনিব পাৰে কিয়নো প্ৰায়ভাগ ক্ষেত্ৰতে কিনোতাজনৰ কোনো ধৰণৰ পশ্চাৎভূমি (Background) পৰীক্ষা কৰা নহয়। ইয়াৰ আঁৰত আছে নেচনেল ৰাইফল এছোচিয়েচন বা চমুকৈ এন আৰ এ বুলি শক্তিশালী সংস্থা এটা। ধনবলৰ যোগেৰে ই প্ৰায়ভাগ ৰাজনীতিবিদকে হাতৰ মুঠিত ৰাখিছে। উল্লেখযোগ্য যে আগতে উল্লেখ কৰা প্ৰায়বিলাক গণহত্যাতে এ. কে. ৪৭ বা তেনে ধৰণৰ শক্তিশালী ৰাইফল ব্যৱহাৰ কৰা হৈছিল আৰু ঘাটককেইজনে কোনো ধৰণৰ আইন অমান্য নকৰাকৈয়ে অনায়াসে সেইবোৰ সংগ্ৰহ কৰিছিল। এটা কথা সত্য যে আমেৰিকাত বাক স্বাধীনতাৰ লগতে আগ্নেয়াস্ত্ৰ ৰখাৰ অধিকাৰো সংবিধান প্ৰদত্ত পবিত্ৰ অধিকাৰ বুলিয়েই গণ্য কৰা হয়। আত্মৰক্ষাৰ কাৰণে সাধাৰণ পিষ্টল বা হেণ্ডগান ৰখাটো ইয়াত সকলোৱে সমৰ্থন কৰে। কিন্তু গণহত্যাবিলাকৰ পাছত সাধাৰণতে মিলিটেৰী ষ্টাইলৰ বন্দুকৰ বিৰুদ্ধে জনমত জাগি উঠে আৰু এই শক্তিশালী ৰাইফলবোৰ সাধাৰণ মানুহৰ কাৰণে নিষিদ্ধ কৰাৰো দাবী উঠে। কিন্তু দুদিন পাছত বিষয়টো আকৌ তল পৰি যায়। কোনো ৰাজনীতিবিদে সংসদত মাৰণাস্ত্ৰ নিয়ন্ত্ৰণৰ কথা উত্থাপন কৰিলে তেওঁৰ বিৰুদ্ধে এন আৰ এ সৰৱ হৈ উঠে আৰু পৰৱৰ্তী নিৰ্বাচনত সেইজন ৰাজনীতিবিদক হৰুৱাবলৈ উঠি পৰি লাগে। আনহাতে, যিয়ে এন আৰ এৰ স্থিতিক সমৰ্থন কৰে, তেওঁৰ নিৰ্বাচনী পুঁজিলৈ মুক্তহস্তে দান বৰঙনি আগবঢ়ায়। এন আৰ এৰ প্ৰভাৱ ইমানেই বেছি যে ১৯৯৭ চনৰ পৰা চৰকাৰে বন্দুক জড়িত হিংসাৰ বিষয়ে কৰা যিকোনো ধৰণৰ গৱেষণালৈ পুঁজি আবণ্টন কৰাটো বন্ধ কৰি ৰাখিছে। বিগত কেইদশকত বাৰাক ওবামাকে ধৰি কেবাজনো আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আগ্নেয়াস্ত্ৰৰ অধিকাৰ সীমিত কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু সদনৰ অনিচ্ছাৰ কাৰণে ফলপ্ৰসূ পদক্ষেপ ল’বলৈ সমৰ্থ নহ’ল।

২০১৮ চনত ফ্ল’ৰিডাৰ পাৰ্কলেণ্ড নামৰ হাইস্কুল এখনত হোৱা এক ঘটনাত ১৭জন ছাত্ৰই প্ৰাণ হেৰুৱাইছিল। সেই ঘটনাৰ পাছত এন আৰ এ দাবী জনায় যে শিক্ষকসকলক শ্ৰেণীকোঠালৈ কিবা মাৰণাস্ত্ৰ কঢ়িয়াই নিবলৈ অনুমতি দিব লাগে। তেওঁলোকৰ মতে, কেইজনমান মানসিকভাৱে অসুস্থ লোকৰ দ্বাৰা সংঘটিত হোৱা অপৰাধৰ কাৰণে সংবিধান প্ৰদত্ত অধিকাৰটিৰ পৰা সকলোকে বঞ্চিত কৰিব নোৱাৰি। তেওঁলোকৰ মতে, বন্দুকধাৰী বেয়া মানুহ এজনক ৰোধ কৰাৰ একমাত্ৰ উপায় হৈছে বন্দুকধাৰী ভাল মানুহ এজন সৃষ্টি কৰা! এইদৰে, তেওঁলোকে প্ৰত্যক্ষভাৱে হিংসাক উচটনি দিয়ে। তদুপৰি, তেওঁলোকে কিছুমান অপ্ৰাসংগিক তথ্যৰ কথা উল্লেখ কৰি বন্দুক জড়িত হিংসাৰ লগত আগ্নেয়াস্ত্ৰ নিয়ন্ত্ৰণ বা নিষিদ্ধকৰণৰ কোনো সম্পৰ্ক নাই বুলি প্ৰচাৰ চলায় আৰু বহুত মানুহ তেওঁলোকৰ যুক্তিত পতিয়ন যায়। দৰাচলতে, আগ্নেয়াস্ত্ৰ নিষিদ্ধকৰণে গণহত্যাৰ সংখ্যা হ্ৰাস কৰাত প্ৰত্যক্ষ ভূমিকা পালন কৰাৰ বহুত সাক্ষ্য আছে। অষ্ট্ৰেলিয়াত ১৯৯৬ চনত সংঘটিত হোৱা আৰু ৩৫জন লোকে প্ৰাণ হেৰুওৱা প’ৰ্ট আৰ্থাৰ গণহত্যাৰ পাছত এচল্ট ৰাইফল আৰু অন্যান্য ছেমি অটোমেটিক বন্দুকৰ বিৰুদ্ধে জনমত গঢ়ি উঠে আৰু চৰকাৰে সাধাৰণ মানুহৰ কাৰণে তেনে ধৰণৰ বন্দুক নিষিদ্ধ কৰে। তাৰ পাছত অষ্ট্ৰেলিয়াত তেনে ধৰণৰ ভয়াৱহ বন্দুক জড়িত কোনো গণহত্যা হোৱা নাই। ১৯৮৭ চনৰ ১৯ আগষ্টত দুটা ছেমি অটোমেটিক বন্দুক আৰু পিষ্টলেৰে সজ্জিত হৈ ইংলেণ্ডৰ হাংগাৰফৰ্ডত সন্ত্ৰাসৰ সৃষ্টি কৰি এজন ব্যক্তিয়ে ১৬জন লোকক হত্যা কৰি অৱশেষত আত্মহত্যা কৰিছিল। তাৰ পাছতেই ব্ৰিটেইনত কঠোৰ আইন প্ৰণয়ন কৰি কেবাবিধ আগ্নেয়াস্ত্ৰ সাধাৰণ মানুহৰ কাৰণে নিষিদ্ধ কৰা হয়। জাপানত বন্দুকৰ দ্বাৰা হতাহত মানুহৰ সংখ্যা নিচেই কম। এয়া সম্ভৱ হৈছে সাধাৰণ মানুহে জাপানত বন্দুক আহৰণ কৰিবলৈ চেষ্টা কৰিলে সন্মুখীন হোৱা কঠোৰ আইনৰ বাবে।

মুঠতে, আমেৰিকাত সদায়ে মনত এটা শংকা পুহি ৰাখিবলগীয়া হয়, বজাৰলৈ গ’লে, স্কুল-কলেজলৈ গ’লে নাইবা মেলা আদিলৈ গ’লেও, সকলোতে এই শংকা। কিছুদিন আগতে এটা খবৰত প্ৰকাশ পাইছিল যে দোকানী এজনে ল’ৰা এজনক খেদি খেদি গৈ মানুহৰ আগতে গুলিয়াই হত্যা কৰে। ল’ৰাজনৰ একমাত্ৰ অপৰাধ আছিল যে সি দুই ডলাৰ (প্ৰায় ১৫০ টকা) মূল্যৰ বিয়েৰৰ বটল এটা চুৰি কৰিছিল। দোকানীজনক অৱশ্যে পাছত জেললৈ প্ৰেৰণ কৰা হয়। আনকি, সৰু ল’ৰা ছোৱালীয়ে ঘৰত মাক-দেউতাকে সাৱধানে নৰখা পিষ্টল আদি বিচাৰি পাই পুতলা বুলি খেলি থাকোঁতেও দুৰ্ঘটনা সংঘটিত হৈ পৰিয়ালৰ লোক মৃত্যুমুখত পৰাৰ খবৰো আহি থাকে।
মহাভাৰতত কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তত গান্ধাৰীয়ে কৃষ্ণক অভিশাপ দিছিল যে মহা শক্তিশালী যদুবংস এটা সময়ত নিজৰ মাজতে কাজিয়া কৰি ধ্বংস হ’ব। বৰ্তমান সময়ত আমেৰিকাক সন্মুখ সমৰত পৰাস্ত কৰিব পৰা খুব সম্ভৱ কোনো শক্তিয়েই নাই যদিও বন্দুক জড়িত অপৰাধেই অদূৰ ভৱিষ্যতে আমেৰিকাৰ পতন মাতি আনিব পাৰে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!