উদগ্ৰীৱ অভিভাৱক, মগজুৰ নিষ্কাষণ আৰু কিছু বিক্ষিপ্ত চিন্তা
লেখক- জীতেন কলিতা
শিৰোনামটো দেখি পঢ়ুৱৈসকলে কোনোবাই দুৰ্ঘটনাত পতিত হোৱা বুলি ভবা নাইতো? আজিৰ লেখাটোৰ কোনো দুৰ্ঘটনাৰ সৈতে প্ৰত্যক্ষ সম্বন্ধ নাথাকিলেও আমাৰ দেশৰ বাবে ই এক প্ৰকাৰৰ অঘটনেই বুলিব পাৰি। দৰাচলতে, মগজুৰ নিষ্কাষণ মানে মই বুজাবলৈ বিচাৰিছোঁ, আমি সচৰাচৰ শুনিবলৈ পোৱা ‘ব্ৰেইন ড্ৰেইন’ৰ কথাটো। পিছে, লিখিবলৈ আৰম্ভ কৰাৰ পিছত দেখোন শিক্ষক জীৱনৰ কিছুমান ঘটনাৰ সমান্তৰালকৈ আন কিছুমান বিক্ষিপ্ত চিন্তাইহে মনত জুমুৰি দি ধৰিছেহি।
শেহতীয়াকৈ এনে ধৰণৰ চিন্তাৰ প্ৰথম উদ্ৰেক ঘটিছিল কেইদিনমান আগতে মোৰ উত্তৰ লক্ষ্মীমপুৰ ভ্ৰমণ কালত। সেই সময়তে তাৰ এখন অতি পিছপৰা, বানে কোঙা কৰা জনজাতীয় গাঁৱৰ প্ৰাথমিক বিদ্যালয় এখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মোৰ মত বিনিময় কৰাৰ সুযোগ এটি ঘটিছিল। পাঁচটা শ্ৰেণীৰ ৯০জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে স্কুলখনৰ শিক্ষক আছিল মাত্ৰ এজন। তৎসত্ত্বেও কণমানিহঁতৰ কোনোবাই ডাক্তৰ, কোনোবাই নাৰ্চ, আকৌ আন কোনোবা এজনে পাইলট হোৱাৰো অযুত সপোন লৈ বোকা, পানী গচকি স্কুললৈ আহিছিল। তেতিয়াই চাটকৈ মনলৈ আহিছিল মোৰ নিজৰ প্ৰতিষ্ঠানটোত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা সা-সুবিধাসমূহলৈ। দুয়োটা শিক্ষানুষ্ঠানৰ তুলনা কৰিবলৈ যোৱাটো যে এক ধৃষ্টতাহে মাথোন, তাক অনুভৱ কৰিবলৈ মোৰ বেছি পৰ লগা নাছিল। হয়তো, মানৱ সম্পদ হিচাপে এই কণমানিহঁততকৈ আই আই টিয়ান সকলৰ মূল্য বহুগুণে বেছি বাবেই তেওঁলোকৰ ওপৰত চৰকাৰী ব্যয়ো সেই অনুপাতেই হয়। কিন্তু, এই বৃহৎ বিনিয়োগৰ বিনিময়ত দেশে তেওঁলোকৰ পৰা প্ৰত্যাশিত সেৱা পাবলৈ সক্ষম হৈছে নে নাই, সি এতিয়াও বিতৰ্কৰ বিষয়।
যোৱা তিনি চাৰি দশক জুৰি আই আই টিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে সততে উঠা এটা অভিযোগ হৈছে যে পাঠ্যক্ৰম সম্পূৰ্ণ কৰি তেওঁলোকৰ বেছিভাগেই বিদেশত খোপনি পোতেগৈ। ভাৰতৰ পৰা বিদেশলৈ হোৱা ব্ৰেইন-ড্ৰেইন পৰিঘটনাটোৰ বাবে জগৰীয়া বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই হৈছে আই আই টি সমূহৰ। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতত ২০১৭ চনত আই আই টি বম্বেৰ ২০,০০০ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ ওপৰত চলোৱা এটা সমীক্ষাৰ ফলাফলত প্ৰকাশ পাইছিল যে ২০০০ চনৰ আগতে প্ৰতিষ্ঠানটোৰ পৰা উত্তীৰ্ণ হোৱা ৪০% কৈয়ো অধিক ছাত্ৰ-ছাত্ৰীয়ে দেশ ত্যাগ কৰিছিল। আনহাতে, ২০০০ চনৰ পিছৰ পৰা সি বিপৰীতমুখী হৈ বৰ্তমান এই পৰিসংখ্যা ১৫.৮% লৈ অৱনমিত হৈছে। তৎসত্ত্বেও, সামগ্ৰিকভাৱে আটাইকেইখন আই আই টিকে যদি ইয়াৰ আওতালৈ অনা হয়, প্ৰতিবছৰে ব্ৰেইন ড্ৰেইন হৈ বহিৰাগমন হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো কিন্তু এতিয়াও উদ্বেগজনক। এওঁলোকৰ সৰহ সংখ্যকে বহুজাতিক কোম্পানীত যোগদান কৰাৰ বিপৰীতে মাত্ৰ কিছুসংখ্যকেহে উচ্চ শিক্ষা অৰ্জনৰ বাবে বিদেশলৈ ঢাপলি মেলে।
মগজু নিষ্কাষণ বা ব্ৰেইন ড্ৰেইনৰ বাবে কিন্তু আমাৰ অভিভাৱকসকলো কম জগৰীয়া নহয়। আজিৰ এই প্ৰতিযোগিতামূলক পৰিৱেশত অভিভাৱকসকলৰ অত্যধিক আকুলতাৰ (desperation) বাবেই ছাত্ৰ ছাত্ৰীসকলে নিজৰ ইচ্ছামতে তেওঁলোকৰ শৈক্ষিক ভৱিষ্যৎ স্থিৰ কৰাৰ অধিকাৰকণো যেন হেৰুৱাই পেলাইছে। এতিয়া তেওঁলোক মাক-দেউতাকৰ সপোন ৰূপায়িত কৰা একো একোটা আহিলালৈহে পৰ্যৱসিত হৈছে। তলৰ ঘটনা দুটিলৈ মন কৰক—
খুব সম্ভৱ ২০১৭ চনৰ নৱেম্বৰ মাহ। আমাৰ প্ৰতিষ্ঠানত অযুগ্ম ছিমেষ্টাৰৰ চূড়ান্ত পৰীক্ষা চলি আছে। মই প্ৰথম বাৰ্ষিকৰ প্ৰায় ৭০০ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হোৱা গণিতৰ মুখ্য পাঠ্যক্ৰম এটাৰ (core course) সমন্বয়ৰক্ষকৰ (coordinator) ভূমিকা পালন কৰি ২০টা পৰীক্ষাগৃহৰ মাজত তাঁত-বাতি কাঢ়ি আছোঁ। কোনোবা এটা পৰীক্ষাগৃহ যদি একাডেমিক কমপ্লেক্সৰ ইটো মূৰত, আন এটা আকৌ আধা কিলোমিটাৰমান দূৰৈৰ সিটো মূৰত অৱস্থিত। উলম্ব আৰু আনুভূমিক দূৰত্ব হিচাপ কৰিলে কিজানি এঘণ্টাত প্ৰায় ডেৰ কিলোমিটাৰ মান ইতিমধ্যে অতিক্ৰম কৰিছোঁৱেই। তাৰে এটা কোঠা অলপমান আওহতীয়া স্থানত অৱস্থিত হোৱা বাবে পৰিদৰ্শন কাৰ্যসূচীৰ একেবাৰে শেষলৈ তাক ৰাখি থৈছিলোঁ। খটখটি বগাই ফোঁপাই-জোপাই তৃতীয় মহলাৰ পৰীক্ষাগৃহ নৌপাওঁতেই ছাত্ৰ এজনে মোক আগভেটি ধৰিলেহি। ঘটনাৰ আকস্মিকতাত অলপ থতমত খালোঁ যদিও পাৰ্যমানে নিজকে চম্ভালি তেওঁৰ কি ক’বলগীয়া আছে, সুধিলোঁ। তেওঁ ক’লে যে তেওঁ তৃতীয় বাৰ্ষিকৰ ছাত্ৰ আৰু সেই পৰীক্ষা অনুষ্ঠিত হোৱা পাঠ্যক্ৰমটোৰ এজন বেকলগাৰ (backlogger) অৰ্থাৎ সেই বিষয়টোত তেওঁ এতিয়ালৈকে উত্তীৰ্ণ হ’ব পৰা নাই। শ্ৰেণীত ৭৫% উপস্থিতি নথকা বাবে আমাৰ প্ৰতিষ্ঠানৰ শৈক্ষিক শাখাই তেওঁৰ পৰীক্ষাত বহাৰ অনুমতি ৰদ কৰিছে। সেয়েহে, তেওঁৰ অনুৰোধ, মই যেন তেওঁক পৰীক্ষাত বহিবলৈ অনুমতি দিওঁ। প্ৰত্যুত্তৰত মই ক’লোঁ যে সেয়া মোৰ ক্ষমতাৰ বাহিৰত কাৰণ ই এক সৰ্বসন্মত সিদ্ধান্ত। তেওঁক পৰীক্ষাত বহিবলৈ দিলে তেওঁৰ নিচিনা আন যিসকলে পৰীক্ষাত বহিবলৈ সুযোগ নাপালে, তেওঁলোকৰ প্ৰতি অন্যায় কৰা হ’ব। যিহেতু গ্ৰীষ্মকালীন বন্ধৰ সময়ত তেওঁলোকক সেই পাঠ্যক্ৰমটোত উত্তীৰ্ণ হ’বলৈ আন এটা সুযোগ দিয়া হ’ব, সেয়েহে চিন্তাৰ কোনো কাৰণ নাই। মোৰ কথা শুনি তেওঁ হাও হাওকৈ কান্দিবলৈ ধৰিলে। তেওঁক বুজাবলৈ যিমানে চেষ্টা কৰিলোঁ, কান্দোনৰ ডেচিবেলৰ মাত্ৰা কমক ছাৰি বাঢ়িলহে। এইবাৰ তেওঁ উত্তেজিত হৈ চিঞৰি চিঞৰি তেওঁৰ বৰ্তমান অৱস্থাৰ বাবে পিতৃ-মাতৃকে জগৰীয়া কৰি তেওঁলোকৰ প্ৰতি ক্ষোভ উজাৰিবলৈ আৰম্ভ কৰিলে। আই আই টিত পঢ়াৰ ইচ্ছা তেওঁৰ সমূলি নাছিল আৰু আচলতে সুকুমাৰ কলা জাতীয় পাঠ্যক্ৰম পঢ়িবলৈহে তেওঁ বেছি আগ্ৰহী আছিল। জে. ই. ই. পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ তেওঁক মাক-দেউতাকেহে বাধ্য কৰাইছিল। সেইদিনা নানা প্ৰকাৰৰ বুজনি দিয়াৰ পিছত অৱশেষত তেওঁ ছাত্ৰাবাসলৈ উভতি যাবলৈ সৈমান হয়।
এইবেলি আমাৰ বিভাগৰ বি-টেক্ পাঠ্যক্ৰমত নামভৰ্তি হৈ যোৱাৰ পিছত এই মুলুকৰে এজন অভিভাৱকৰ পৰা অহা এটা বিশেষ টেলিফোনিক বাৰ্তাই মোৰ লগতে সহকৰ্মী অধ্যাপক কেইগৰাকীমানক অতি ব্যতিব্যস্ত আৰু কোনো কোনো সময়ত অত্যন্ত বিৰক্ত কৰিও তুলিছিল। তেওঁৰ প্ৰশ্নটো আছিল মূলতঃ আমাৰ বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত কিমান টকাৰ ‘পেকেজ’ পাবলৈ সক্ষম হয়, সেই সম্পৰ্কে। যিসকল পঢ়ুৱৈ এই বিষয়ে অৱগত নহয় তেওঁলোকৰ জ্ঞানাৰ্থে জনাও যে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত, বিশেষকৈ কাৰিকৰী শিক্ষাপীঠসমূহত প্ৰতিটো পাঠ্যক্ৰমৰ শেষৰ বৰ্ষটোত বিভিন্ন উদ্যোগ, কোম্পানী, ব্যক্তিগত বিশ্ববিদ্যালয় আদিয়ে তেওঁলোকৰ তাত মকৰল কৰাৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীসকলক কিছুমান লিখিত আৰু মৌখিক পৰীক্ষাৰ দ্বাৰা নিৰ্বাচিত কৰে। কাজেই, ডাঙৰ ডাঙৰ কোম্পানীবোৰে আগবঢ়োৱা বছৰেকীয়া বেতন বেছ লোভনীয়ই হয়, ২০২১ চনত যাৰ সৰ্বোচ্চ পৰিমাণ আছিল ২.৪ কোটি টকা। এই বছৰেকীয়া বেতনকে বহুলভাবে ‘পেকেজ’ বুলি কোৱা হয়। এনে বিয়াগোম পেকেজ আগবঢ়োৱা প্ৰতিষ্ঠানসমূহৰ তালিকাৰ শীৰ্ষত আছে মাইক্ৰ’ছফ্ট, গুগল, এড’বি আদি বহুজাতিক কোম্পানীসমূহ।
প্ৰশ্ন হৈছে, ওপৰত উল্লেখ কৰা পিতৃজনে আই আই টিত পুত্ৰৰ শিক্ষাৰম্ভ নৌহওঁতেই কিয় বাৰু বিভাগীয় শিক্ষকসকলক সঘনাই ফোন কৰি ব্যতিব্যস্ত কৰিব লগা হ’ল? এই সমগ্ৰ প্ৰক্ৰিয়াটোত মই ভোগবাদৰহে ৰেঙনি দেখিবলৈ পাওঁ। বেছিভাগ অভিভাৱকেই তেওঁলোকৰ পুত্ৰ-কন্যাই আই আই টিত নামভৰ্তি পৰ্য্যায় পোৱাৰ আগতে ক’চ্ছিঙৰ নামত যথেষ্ট ধন খৰচ কৰিবলগীয়া হয়। বহুতৰে বাবে ই এক প্ৰকাৰৰ বিনিয়োগহে মাথোঁন। সেয়েহে, বিনিয়োগৰ ধনখিনি নিম্নতম সময়ৰ ভিতৰতে ঘূৰাই পোৱাৰ প্ৰৱণতা এটাই তেওঁলোকৰ মাজত গা কৰি উঠাৰ লগতে সন্তানৰ বাবে বহুমূলীয়া পেকেজ এটাৰ প্ৰত্যাশা কৰাটো নিতান্তই স্বাভাৱিক। মন কৰিবলগীয়া আন এটা কথা হৈছে যে আজিকালি আটাইবোৰ আই আই টি আৰু ইয়াৰ বিভিন্ন পাঠ্যক্ৰমসমূহৰ ব্ৰেণ্ডিং (branding) কৰা হয় সেই বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে কিমান ডাঙৰ পেকেজ অৰ্জন কৰিবলৈ সক্ষম হৈছে, তাৰ ওপৰত। বোধহয়, বহুতো পঢ়ুৱৈৰে সময়ে সময়ে আই আই টিবিলাকে ভিন ভিন মিডিয়াৰ জৰিয়তে এনেধৰণৰ প্ৰচাৰ চলোৱা দৃষ্টিগোচৰ হৈছেই। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কোনো এটা বিভাগ বা পাঠ্যক্ৰমৰ চাহিদাও এনে পেকেজৰ সৈতে ওতপ্ৰোতভাবে জড়িত। উদাহৰণস্বৰূপে, ২০১৩ চনত আমাৰ গণিত বিভাগৰ বি-টেক পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ জে. ই. ই. পৰীক্ষাত সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰেংকিং আছিল যথাক্ৰমে ১২৩৮ আৰু ২৩৬৮। কিন্তু, শেহতীয়াকৈ যোৱা কেইবছৰমানত একেলেথাৰিয়ে বি-টেকৰ ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট ভাল পেকেজ (ধনৰ ফালৰ পৰা) অৰ্জন কৰিবলৈ সক্ষম হোৱা বাবেই ২০২১ চনত এই ৰেংকিং সৰ্বোচ্চ ৬২২ আৰু সৰ্বনিম্ন ১০৮৯ লৈ উন্নীত হয়। নামভৰ্তিৰ পিছত প্ৰথম ছিমেষ্টাৰৰ পৰাই তেওঁলোকৰ বেছিভাগৰে মগজুত মাথোঁ এটাই চিন্তা, কেনেকৈনো অষ্টম ছিমেষ্টাৰৰ অন্তত এটা শকত পেকেজ মুঠিত বান্ধি লৈ প্ৰতিষ্ঠানটোৰ পৰা ওলাব পৰা যায়। এই লক্ষ্যত উপনীত হোৱাৰ ধামখুমীয়াত তেওঁলোক প্ৰচণ্ড স্বাৰ্থপৰ আৰু আত্মকেন্দ্ৰিক হৈ উঠে।
আমি প্ৰায়ে গল্প-উপন্যাসত পঢ়িবলৈ পোৱা অতি পিছপৰা গ্ৰামাঞ্চলৰ পৰা চহৰমুখী হৈ পিছলৈ আৰু গাঁৱলৈ ঘূৰি নোচোৱা নায়কবিলাকৰ লগত এওঁলোকৰ বিশেষ তফাৎ নাই। পাৰ্থক্য মাথোঁ এইখিনিতেই যে প্ৰতিজন আই আই টিয়ানৰ পিছত চৰকাৰে ব্যয় কৰা বুজন পৰিমাণৰ ধনৰ তুলনাত চহৰমুখী নায়কৰ ওপৰত ন্যস্ত চৰকাৰী বিনিয়োগ তেনেই নগণ্য। পিছে, এই ধনখিনি আহে সাধাৰণ ৰাইজে চৰকাৰক প্ৰদান কৰা কৰৰ পৰা। সেয়েহে, স্বাভাবিকতেই সৰ্বসাধাৰণেও আশা কৰে যে আই আই টিয়ানসকলে শিক্ষান্তত নিজৰ দেশতেই সেৱা আগবঢ়াওক নতুবা আন একো নহ’লেও বিদেশলৈ যোৱাসকল অন্ততঃ শেষত স্বদেশলৈ উলটি আহক।
আমাৰ দেশত এতিয়াও সকলো কাম বা বৃত্তিক সমমৰ্য্যদা দিয়া নহয় আৰু বৃত্তি ভেদে হোৱা উপাৰ্জনৰ ক্ষেত্ৰতো এক চূড়ান্ত বৈষম্য পৰিলক্ষিত হয়। তদুপৰি, ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলো সম্প্ৰতি উপলব্ধ বৃত্তিসমূহৰ বিষয়ে ভালকৈ জ্ঞাত নহয়। সেয়েহে, একবিংশ শতিকাৰ তৃতীয় দশকত উপনীত হোৱাৰ পিছতো আমাৰ দেশৰ বেছিভাগ অভিভাৱকেই এতিয়াও বিচাৰে যে তেওঁলোকৰ সন্তানসকল ভৱিষ্যতে ডাক্তৰ বা ইঞ্জিনিয়াৰ হিচাপে প্ৰতিষ্ঠিত হওক। এই এন্দুৰ দৌৰত বহুতে তথাকথিত সফলতা অৰ্জন কৰি বিদেশত প্ৰতিষ্ঠিত হোৱাৰ বিপৰীতে কিন্তু এচামে দুৰ্ভাগ্যজনকভাৱে চৰম হতাশাত ভুগি দুখময় জীৱন এটা অতিবাহিত কৰিছে। ব্ৰেইন ড্ৰেইনত উটি গৈ বিদেশত খোপনি পোতাসকলে তেওঁলোকৰ সিদ্ধান্তৰ বাবে আমাৰ দেশৰ কৰ্মক্ষেত্ৰৰ পৰিৱেশকে দায়ী কৰে। তেওঁলোকৰ মতে তেওঁলোকে আহৰণ কৰা দক্ষতাসমূহৰ (skill) স্বদেশত উচিত মৰ্য্যাদা আৰু মূল্য পোৱা নাযায়। আচহুৱা যেন লাগিলেও, যিসমূহ বৃত্তিৰ শিক্ষা দি দেশে তেওঁলোকক দক্ষ কৰি তুলিছে, তাৰ সঠিক কৰ্মসংস্থাপনৰ সুবিধা বিদেশতহে হেনো বেছিকৈ উপলব্ধ। তদুপৰি, কৰ্মক্ষেত্ৰত প্ৰৱেশ আৰু পদোন্নতিত সংৰক্ষণ ব্যৱস্থা, স্বজনপ্ৰীতি আৰু আন বহুতো আনুষংগিক কাৰণত তেওঁলোকে দেশ এৰিবলৈ বাধ্য হয়। এই প্ৰসংগত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, এওঁলোকৰ নিজ দেশৰ প্ৰতি কোনো দায়বদ্ধতা নাই নেকি? নে তেওঁলোকক দেশৰ প্ৰতি দায়বদ্ধ কৰি গঢ়ি তুলিবলৈ উপযুক্ত ৰণনীতিৰ অভাৱ?
মোৰ বোধেৰে, যেনেদৰে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে এবছৰ গ্ৰামাঞ্চলত চিকিৎসা সেৱা প্ৰদান কৰাটো বাধ্যতামূলক, ঠিক তেনেদৰেই আই আই টি বা আন চৰকাৰী কাৰিকৰী প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰতো সেইটো দিশত কিছু চিন্তা-চৰ্চা কৰাৰ অৱকাশ নিশ্চয়কৈ আছে। আমাৰ গ্ৰামাঞ্চলৰ প্ৰকৃত ৰূপ দেখি মাত্ৰ এজন মানৱদৰদী আই আই টিয়ানেও যদি বিদেশলৈ যোৱাৰ সিদ্ধান্ত সলনি কৰি নিজ দেশতে থাকি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে, তাতকৈ আনন্দৰ কথা আৰু কি হ’ব পাৰে?