ভেট্ পুৰাণ! ‘এক্টো পেৰাচাইট্ এণ্ড এণ্ডো পেৰাচাইট্’
লেখক- মনালিচা নাথ
বন্ধৰ দিন বুলি পুৱাৰ ভাগত ফুলৰ টাব্ কেইটা খুঁচৰিবলৈ লৈ দেখো মোৰ মৰমৰ হালধীয়া জবা ফুলজোপাৰ পাতবোৰৰ অ’ত্ ত’ত্ বগা, নোমাল, গুড়ি -গুড়ি, এঠালতীয়া পোক থূপ খাই আছে। পাতখিলা নিচিঙাকৈ ব্ৰাছ এপাটেৰে পোকবোৰ এৰুৱাবলৈ ল’লোঁ।
***
পশুবিজ্ঞান পঢ়ি থকা সময়ত কলেজৰ তৃতীয়বৰ্ষৰ পৰা এই পেৰাচাইট বা পৰজীৱীসমূহ আৰু ভেটেৰীনেৰি পেৰাচাইট’ল’জী বিভাগৰ সৈতে আমাৰ চা-চিনাকি৷ অন্য প্ৰাণীক শোষণ কৰি লালিত-পালিত হোৱা অকণ অকণ জীৱবোৰেই পেৰাচাইট্ বা পৰজীৱী। সাধাৰণভাবে ভগালে পেৰাচাইট দুই ধৰণৰ।
এবিধ এক্ট’পেৰাচাইট্ মানে শৰীৰৰ বাহিৰৰ অংশ ছাল, চুলি, নোম আদিত বসবাস কৰা পৰজীৱী আৰু আনবিধ এণ্ডো পেৰাচাইট্— শৰীৰৰ ভিতৰৰ অংগত বাস কৰা জীৱ।
গৰু-ম’হ, হাঁহ-কুকুৰা, কুকুৰ-মেকুৰীৰ দেহত আমি সচৰাচৰ দেখা— ডাঁহ, মহ, চিকৰা, উৰহ ওকনি, মাখি, পেলু, কৃমি আদিকে ধৰি যত যিমান লিকলিকিয়া, পিলপিলিয়া জীৱই অন্যপ্ৰাণীৰ শৰীৰত বাস কৰি আছে— সকলোবোৰ পেৰাচাইট্ৰ শাৰীত পৰে।
**
প্ৰথম ছমাহত আমি এক্ট’পেৰাচাইটৰ বিষয়ে পঢ়িব লাগে। মানে ই শৰীৰৰ কি ক্ষতি কৰে, পোকটো দেখিবলৈ কেনেকুৱা, কি বেমাৰ বিয়পায়, কেনেকৈনো নিয়ন্ত্ৰণ কৰিব পাৰি অথবা ইয়াৰ জীৱন চক্ৰৰ কোনছোৱা অধ্যায় কোন প্ৰাণীৰ শৰীৰত কেনেকৈ পাৰ হয়— এই সমস্ত! আবেলি আঢ়ৈবজাৰ প্ৰেকটিকেল ক্লাছত আমি প্ৰায়ে পাঁচ-চাৰে পাঁচ বজালৈ এনোফিলিচ, কিউলেক্স মহ, ডাঁহ, চিকৰাৰ ছবিকে আঁকো৷
সদায় দেখি থকা এই পোক-পতংগবোৰৰো একো একোটা কি যে সাংঘাতিক নাম!
– হল’মন’পন লিউক’জেন্থাছ!
(হাঁহৰ পাখিৰ ওকনি)
(এই নামটো মোৰ আজিলৈকে মনত আছে কাৰণ প্ৰথম বৰ্ষৰ ৰূমে ৰূমে হোৱা পৰিচয় পৰ্বৰ সময়ত জ্যেষ্ঠ বাইদেউ এগৰাকীয়ে আমাক এনেকুৱা সুন্দৰ নাম একোটা উপহাৰ দিয়ে। বাইদেউ প্ৰদত্ত এই নামবোৰ ভালদৰে মুখস্থ কৰি লৈ আমি প্ৰায় সকলোকে, সকলোতে, সঘনাই এই নামৰ উল্লেখ কৰিব লাগে!)
চাৰক’প্ টীজ্, পেডিকুলাচ হিউমেনিচ (ওকনি),
ডাৰ্মানিচাচ গেলিনি (Dermanyssus gallinae কুকুৰাৰ মাইট্ )!
মনত ৰাখিব পাৰিনে বাৰু!
**
ক্লাছত এদিন অ’ হুছেইন চাৰে সুধিলে, “টেবেনাচ্ দেখিছানে?”
-টেবেনাচ্!
নামেই শুনা নাই।
তথাপিও ষাঠি -সত্তৰজনৰ মাজত বিজ্ঞজনাৰ আবিৰ্ভাৱ চিৰন্তন! গুৱাহাটীৰ ‘জু’-ত দেখিছে সি। কিন্তু দুটা চকু, ঠেং থকাৰ বাহিৰে এই টেবেনাচ্ টোনো দেখিবলৈ কি বেলেগ— ইমান বিশদ বৰ্ণনাৰ লেখ সি দিব নোৱাৰিলে।
তথাপিও তাৰ উত্তৰত ছাৰ যথেষ্ট সুখী, আনন্দিত আৰু উৎসাহিত হোৱা দেখা গ’ল।
-”হেৰৌ পণ্ডিত! টেবেনাচ গৰু, ম’হৰ পিঠিত পৰি থকা এবিধ কটাহী মাখি। তাকে চাবলৈ তই ‘জু’লৈ নগলেও হ’লহেঁতেন!
আমি ফিচিঙা- ফিচিঙি কৰো। ভাগ্য ভাল! আমি যে নেদেখিলোঁ!
**
সেইবাৰ প্ৰেকটিকেলৰ এচাইনমেণ্ট্ আছিল— প্ৰত্যেকেই সৰু সৰু এণ্টিবায়’টিকৰ বটলত বিশ-পঁচিশটাকৈ এই পৰজীৱী সংগ্ৰহ কৰাৰ। পৰীক্ষাৰ সময়ত ভাগে ভাগে জমা দিব লাগিব৷ যিমানেই আপুৰুগীয়া চিকৰা, সিমানেই প্ৰেকটিকেলৰ নম্বৰৰ সূচাংক বৃদ্ধি হোৱাৰ সম্ভাৱনা! ছাৰসকলৰ চকুত বাহ্! বাহ্!
সেইখিনি সময়ত আমি ইমানেই ‘পৰজীৱীকেন্দ্ৰিক’ মনৰ হৈ পৰিছিলো যে লগৰ দুজনীৰ লগত শনিবাৰে কেতিয়াবা খুড়াৰ ঘৰলৈ গ’লেও ঘৰৰ কুকুৰ বা মেকুৰীজনীক মৰম কৰাৰ চলেৰে কাণে-মূৰে খেপিয়াই ফুৰোঁ— হঠাতে যদি কিবা বিশেষ ধৰণৰ -চিকৰা, ওকণি পাই যাওঁ! ভেনিটি বেগত ঔষধৰ বটলত নেপ্থেলিন দিয়া কপাহ এডোখৰ থাকেই-নখেৰে চিকুটি বটলত সুমুৱাই থৈহে চাহ-লুচীৰ জুতি লওঁ।
এবাৰ তেনে এবিধ পোক ঊষাই ৰুমালৰ ভিতৰতে সাতভাঁজ দি জাপি কৰবাৰ পৰা সযতনে লৈ আহিছিল। পিছে হোষ্টেল আহি পায় মানে চিকৰা ৰুমালৰ ভাঁজৰ পৰা নিৰুদ্দেশ হ’ল। তাইৰ যে কি দুখ!
-চিকৰাটো কিবা ‘বিশেষ’ধৰণৰ আছিল!
– তাক হেৰুৱাই পেৰাচাইট’লজী বিভাগে নতুন তথ্য আহৰণৰ আপুৰুগীয়া সমল এটা হেৰুৱালে৷
-দুখ আৰু বেছি হোৱাৰ আগতেই শকুনে দম দিলে,
“থ, হেৰৌ! নোপোৱাটো সদায় বিশেষেই হয়৷”
ময়ো বুজালোঁ, ”এইটো বিভাগত কুকুৰৰ গাৰ চিকৰা অধ্যয়নৰ একো নতুন তথ্য আজিলৈকে আৰু বাকী ৰোৱা নাই দে! প্ৰতিবছৰে দেৰশজনকৈ ল’ৰা-ছোৱালীয়ে প্ৰত্যেকেই পঁচিশটাকৈ আজিলৈকে কিমানে যে কিমান হাজাৰ চিকৰা বোটলা নাই!”
**
দ্বিতীয় ষাণ্মাসিকত আহিল আকৌ এণ্ডো পেৰাচাইট্ সংগ্ৰহৰ পাল। এইবাৰ ফৰ্মেলিন পানীত একেধৰণেৰে শৰীৰৰ ভিতৰৰ আৰু বেছি লিকটীয়া, পিলপিলিয়া ফিতাপেলু, যকৃত কৃমি, ৰাউণ্ড ৱৰ্ম আদি গোটোৱাৰ এচাইনমেণ্ট্।
বেলতলা বজাৰত বৃহস্পতিবাৰে, দেওবাৰে গাহৰি কাটে। কাটি থকাৰ পৰত ওচৰে পাজৰে থাকো। ভিতৰৰ অংগ ফালি উলিওৱাৰ লগে লগে ভিতৰৰ কোন অংগত কি পোক আছে লেখ লওঁ। পাঁচ-ছজনৰ গোট একোটাত নগ’লে, ল’ৰাবোৰে দম নিদিলে বেপাৰীবোৰে চিধাই পেলু, কৃমি আদি দিব নোখোজে। নোখোজাৰ কথাই! বেমাৰী গাহৰিতহে পেলু ওলায়!
**
ন-মাইলত গৰু কাটে। গৰুৰ পাকস্থলীত অলেখ লেউলেউ পোক! তথাপি, এদিনতে সকলো নাপায়। তেতিয়ালৈ অলপ বুধি গজিছিল। হিমাংশু আৰু ৰিদীপক খাটনি ধৰোঁ, “গৈছই যেতিয়া, আমালৈও আনিবি৷”
”কেণ্টিনত চিঙৰা খুৱাম দে৷”
**
বন্ধৰ দিন এটাত এদিন সাজি-কাছি আমি লাখটকীয়াৰ বজাৰলৈ ওলালোঁ। দুই এপদ বস্তু কিনি, দুপৰীয়াৰ সাঁজ খায়ো আহিম৷ আহি থকা বাছখনৰ কাষৰ ছিটত বহি অহা ঊষাই ডাউন্ টাউনৰ ওচৰতে এক্সিডেণ্টত মৰা কুকুৰ এজনী দেখিলে। বচ্! গাড়ী ৰখাই তাই নামি আহিল! ঔষধৰ বটলৰ উপৰিও বেগবোৰত এতিয়া ফ’ৰচেপ্, কেঁচী, গ্লোভ্ছ আদিয়েও ঠাই লৈছিল। মন নাথাকিলেও নামি আহিলোঁ। যি হে একা চেকা তাই, নহ’লে ভাগ নিদিব৷ ধুনীয়া ধুনীয়া চেলোৱাৰ, জীন্স, স্কাৰ্ট পিন্ধি যোৱা তিনিওজনীয়ে এতিয়া ৰাষ্টাৰ কাষত, মৰা কুকুৰৰ ভিতৰৰ অংগত পেলু বিচৰাত লাগিছোঁ! তেতিয়ালৈ আৰু মোৰ ‘ৰেয়াৰ স্পেচিছ’ বিচৰাৰ হেঁপাহ নাইকিয়া হৈছিলগৈ। লগৰবোৰক খাটনি ধৰো, ”মই তোক গাহৰিৰ লিভাৰৰ পোক দিম, তই মোক গৰুৰ লিভাৰৰ পেলু দিবি। একচেঞ্জ!”
**
হোষ্টেলত তিনিজনীয়ে মিলি খাবলৈ মুৰ্গী কিনো। কুটা-বছাৰ নামত দুইজনীয়ে পোক বিচাৰি গোটেই মুৰ্গীটোৱে ’কিমা’ কৰি পেলাওঁ। মাংসৰ প্ৰতি থকা মোৰ হেঁপাহকণৰো পীত-পানী উজাৰ খোৱা যেন হয়৷
**
ইমানবোৰৰ পিছতো, মোৰ দুটামান বটল খালি হৈয়েই ৰ’ল৷ ক্লাছত আকৌ এবাৰ বিদ্যুৎ, হিমাংশুক জনালোঁ পাৰে যদি সহায় কৰিবলৈ। হিমাংশুয়ে পিছদিনাই মোক তিনিটা বটল দিলে। মোক ক’লে, “নুখুলিবি। লেখি থোৱাই আছে। ডাইৰেক্ট চাব্মিট্ কৰি দিবি।” দুটা বটলৰ ভিতৰত দুডাল সেঁতা পৰা মিহি পেলু৷ আনটো বটলত অকণমানি সেউজীয়াৰঙী কিবা এটা। ঘৰলৈ আহি মনৰ খুদুৱনিত থাকিব নোৱাৰি ফ’ৰচেপেৰে উঠাই চালোঁ। বগা দুইডাল একেই পেলু৷ অথচ, এডাল গৰুৰ পৰা পোৱা আৰু আনডাল ছাগলীৰ পাকস্থলীত পোৱা বুলি লিখা আছে। হব বাৰু! পিছে, সেউজীয়াডাল উলিয়ায়ো ধৰিব নোৱাৰি, কাগজ এখিলাত মেলি লৈ ফ’ৰচেপেৰে খুটিয়াই খুটিয়াই চিধা কৰিবলৈ চালোঁ। পাঁচ পাকমান খোলাৰ পিছত দেখোঁ, এক ছেণ্টিমিটাৰমান দীঘল এডাল সেউজীয়া সূতা! পকাই পকাই “বিশেষ” পেলুৰ ৰূপ দিছে! মানুহ মাৰিব ই! কৃষ্ণ!
**
পিছদিনাখন ক্লাছত কওঁতে ওলোটাই সি হে মোক দম দিলে, “খুটিয়াই চাবলৈ কিহে পাইছিল তোক! এটেণ্ডেণ্টক কৈ কৈ কোনোমতে যোৱা বছৰৰ এচাইনমেণ্ট্ এবাকছ হাত কৰিছিলোঁ!”
“মই নিজে কৰা নাই নহয়! আমাৰ আগৰ বছৰৰ কোনোবা প্ৰভুৱে কৰা -’ৰেয়াৰ স্পেচিছ’ সেইডাল!”