আইতা
লেখক- ৰাজলক্ষ্মী চমুৱা
আইজনী “লাও যিমানেই ডাঙৰ নহওক কিয়
পাতৰ তল”- পাটগাভৰুতে আইতাই কৈছিল।
মাথোঁ হাঁহিছিলোঁ
”আইতা, তোৰ মিছায়ে চিন্তা!”
সময়ৰ অগ্ৰগতিত আমি সকলো স্বাধীন
তথাপি বুকুৰ কোনোবা কোণত
পৰাধীনতাৰ শেল
এৰা, আইতা তই ঠিকেই কৈছিলি-
”লাও যিমানেই ডাঙৰ নহওক কিয়
পাতৰ তল!”
সমনীয়াৰ সৈতে বেডমিণ্টন খেলিলে
লাখুটিডালেৰে থৰক বৰককৈ আহি
তই যে মোক বাধা দিছিলি
উঠন বুকুৰে আপচু লাগিছে বুলি!
মাথোঁ হাঁহিছিলোঁ
”আইতা, তোৰ মিছায়ে চিন্তা!”
কিমান সলনি হৈছে সময়
আধুনিকতাৰ প্ৰলেপেৰে সুসজ্জিত আমি
তই ঠিকেই কৈছিলি আইতা!
চকুৰ আগতেই আসুৰিক লোলুপ দৃষ্টি য়ে
নিমিষতে শেষ কৰে ফুল কুমলীয়া জীৱন!
এৰা, ”লাও যিমানেই ডাঙৰ নহওক কিয়
পাতৰ তল!”
ৰাতিপুৱা দেৰি কৈ উঠিলে
তই যে কৈছিলি— তোক আগবেলা নি পাছ বেলা
ঘূৰাই দিবহি বুলি
মাথোঁ হাঁহিছিলোঁ
আইতা তোৰ মিছায়ে চিন্তা!
মুখত হাঁহিৰ ঢৌ থাকিলেও
বুকুত থাকে বিষাদৰ গধূৰ টোপোলা।
আইতা, তই ঠিকেই কৈছিলি-
”লাও যিমানেই ডাঙৰ নহওক কিয়
পাতৰ তল!”
তৰা ভৰা আকাশখনত তোকে বিচাৰি
হাবাথুৰি খাওঁ, ক’তবা আছগৈ!
তই কেনেকৈ জানিছিলি ইমানবোৰ কথা?
তোৰ বুকুত চাগে চুপ খাই আছিল
কত বুজাব নোৱাৰা ভাষা!