দূৰত্ব

লেখক- প্ৰণামিকা অধিকাৰী

স্কে’লপাটৰ এতিয়া প্ৰয়োজন নাই।
জুখিব নোৱাৰা দূৰত্বত তুমি।
চকুৰে চাই চাই অনুভৱ কৰোঁ
কিমান আঁতৰত থাকিলে
স্কে’লেৰে জুখিব নোৱাৰি হৃদয়ৰ দূৰত্ব।
আমি অহা-যোৱা বাটৰ সাঁকোডাল
এতিয়া জৰাজীৰ্ণ।
চোলা নুখুলিলোঁ আমি
শ্ৰমিকো নহ’লোঁ।
মেৰামতিও কৰা নহ’ল।
এদিন সাঁকোডাল সৰি পৰিব।
বোঁৱতী সোঁতত জাহ যাব
তুমি মই বহি কথা পতা মাটিৰ চপৰা।
নৈয়েতো ক’বই—
ইয়াতেই এযোৰ পাৰই এদিন ৰুণ দিছিল। ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!