সামাজিক শিক্ষা
লেখক- দেৱকান্ত বুঢ়াগোহাঁই
সমাজখনৰ অংশীদাৰ হৈছোঁ যেতিয়া চকুৰ সন্মুখত দেখি থকা মানুহবোৰক নাচাওঁ বুলি ক’লেও কেতিয়াবা চকুত পৰে । কৰ্মস্থলীলৈ অহা-যোৱা কৰা বাটতে থকা ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ সন্মুখত প্ৰায়ে মহিলাৰ গোট এটা বহি থকা দেখোঁ । ঘৰৰ কাম-বন এৰি দিনটো বিদ্যালয়ৰ সন্মুখতে হয় বহি থাকে, নহয় এনেয়ে ইফাল-সিফাল কৰি সময়খিনি পাৰ কৰে । স্কুলত ল’ৰা-ছোৱালী থ’বলৈ অহা মাকসকলে স্কুল ছুটী হোৱাৰ পিছত নিজৰ নিজৰ ল’ৰা-ছোৱালীক লৈ আবেলি একেলগে ঘৰলৈ ওভতে । মন কৰিবলগীয়া কথাটো হ’ল এয়ে যে এই মহিলাসকল টাউনৰ দাঁতিকাষৰীয়া অঞ্চলৰ অল্প শিক্ষিত আৰু কম বয়সীয়া মহিলা । গিৰিয়েকহঁতে কিবা কৰি দুপইচা অৰ্জন কৰিছে আৰু তাৰ জহতে বাটকুৰি বাই আহি ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নাম ভৰ্ত্তি কৰি দি নিজেও এখন নিয়ম মাফিক ৰুটিন তৈয়াৰ কৰি লৈছে । মাহিলি ‘ফীজ’ দি ইংৰাজী মাধ্যমত ল’ৰা ছোৱালীক পঢ়াব পৰাটো মধ্যবিত্তীয় আৰু নিম্ন-মধ্যবিত্তীয় বহু গাঁৱলীয়া পিতৃ-মাতৃৰ আনক দেখুৱাব পৰা এটা গৌৰৱ ।
আমাৰ স্কুলীয়া দিনবোৰত ইংৰাজী মাধ্যমত পঢ়া আমাৰ কানসমনীয়া ল’ৰা-ছোৱালীবোৰক বৰ কৌতূহলেৰে চাইছিলোঁ । সুন্দৰ ড্ৰেছ-পাতি, সপ্তাহটোত কেইবাযোৰো ইউনিফৰ্ম, ভৰিত চিকচিকীয়া ক’লা জোতা, ডিঙিত টাই । তাঁহাতক দেখিলে এনে লাগে, ইংৰাজসকলে এৰি থৈ যোৱা আমাৰ দৰে গাঁৱলীয়ামখাক শাসন কৰিবলৈয়ে যেন তাহাঁতৰ জন্ম । মাক-বাপেকে ভাড়া কৰি দিয়া গাড়ীত উঠি সিহঁত স্কুললৈ যায় । আমিবোৰে এযোৰ ইউনিফৰ্মেৰেই কেইবাটাও ক্লাছ পাৰ কৰি দিছিলোঁ । কাৰোবাৰ কাৰোবাৰ ক্ষেত্ৰত আকৌ এযোৰ ইউনিফৰ্মেই ককায়েকৰ পৰা ভায়েকলৈ, বায়েকৰ পৰা ভনীয়েকলৈ ট্ৰেঞ্চফাৰ হৈছিল । আমাৰ দিনত আজিৰ দৰে চৰকাৰী বিদ্যালয়ত ইউনিফৰ্ম দিয়াৰ ব্যৱস্থাটো নাছিল । কেতিয়াবা কেতিয়াবা চোলাৰ বাটনবোৰ ক’ৰবাত সুলকি পৰিলে তাঁৰেৰে চিলায়ো কাম চলাই দিছিলোঁ । বাৰিষাৰ দিনত একাঁঠু বোকা, ছাতিৰ অভাৱত কলপাত, কচুপাত মূৰত লৈয়ো স্কুললৈ গৈছিলোঁ । সেই দিনবোৰ মনত পৰিলে এতিয়া জীৱনৰ মধুৰতম সময় যেন লাগে ।
যোৱা ১৪ মে’ ২০২২ তাৰিখে ডিব্ৰুগড় জিলাৰ এখন চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ বহিঃ মূল্যাংকন বিষয়া হিচাপে উপস্থিত থকাৰ সৌভাগ্য হৈছিল । গাঁৱৰ নিৰ্মল সেউজীয়া পৰিৱেশৰ মাজত বিদ্যালয়খনি খুব ভাল লাগিছিল । পুৱাৰ প্ৰাৰ্থনা সভাত লক্ষ্য কৰিছিলোঁ, বিদ্যালয়খনত ল’ৰাৰ তুলনাত ছোৱালীৰ সংখ্যা বেছি । কৌতূহলবশতঃ কথাটো বিদ্যালয়খনৰে এজন শিক্ষকৰ কাণ চোৱাইছিলোঁ । শিক্ষকজনে যিষাৰ কথা ক’লে, কথাটোৱে মোক কৰ্মস্থলীলৈ অহা-যোৱা কৰোঁতে ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ সন্মুখত বহি থকা মহিলাকেইগৰাকীলৈ মনত পেলাই দিলে । শিক্ষকজনৰ মতে, গাঁৱৰ কোনো পিতৃ-মাতৃৰ যদি এটা ল’ৰা আৰু এজনী ছোৱালী থাকে, ল’ৰাটোক ইংৰাজী মাধ্যমত আৰু ছোৱালীজনীক অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত পঢ়িবলৈ পঠিয়াই দিয়ে । মানে, মোৰ ল’ৰালি কালৰ সমাজখনে সৃষ্টি কৰা ভ্ৰান্ত ধাৰণাটো এতিয়াও গাঁৱৰ মানুহৰ মাজত নিগাজিকৈ খোপনি পুতি আছে । মানে, ইংৰাজী মাধ্যমত পঢ়া ল’ৰা-ছোৱালীবোৰক এতিয়াও আমাৰ সমাজখনে এক উচ্চ স্থান দি আহিছে । আমাৰ গাঁৱৰ পিতৃ-মাতৃসকলে জনা উচিত যে পাবত গজা বিদেশী ভাষাটোত অসমীয়াৰ বুকুৰ আপোন মাটিৰ কোনো গোন্ধ নাই । Twinkle Twinkle Little Star অথবা Johny Johny yes papa দৰে
ইংৰাজী ৰাইমবোৰতকৈ ‘হলৌ উঠিল টকৌ গছত লগাই খদৌ মদৌ’ অথবা ‘শিয়ালী এ নাহিবি ৰাতি’-ৰ দৰে পদ্য, লোক-কথাবোৰত অসমীয়া মাটি-পানী-বায়ুৰ সৈতে সম্পৰ্ক থকা নিভাঁজ বুকুৰ আৱেগঅনুভূতিসমূহ বেছিকৈহে সোমাই আছে । শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে মাতৃৰ বুকুৰ নিভাঁজ অনুভৱবোৰ উপলব্ধি কৰিব পাৰিব লাগিব । দুখ অনুভৱ কৰোঁ, সৰুৰে পৰাই কোট-টাই পিন্ধাই, অসমীয়া মাটি-পানী-বায়ুৰ লগত সম্পৰ্ক নথকা ইংৰাজী ৰাইমচ্ শিকাই নিজৰ ল’ৰা-ছোৱালীক ফুলবাবু কৰা এচামেই বৃদ্ধ বয়সত ল’ৰা ছোৱালীৰ ওচৰত লাঞ্ছিত হৈ শেষত বৃদ্ধাশ্ৰমৰ বাসিন্দা হ’বলগীয়া হয়গৈ । শিপাৰ সৈতে সম্পৰ্ক বিছিন্ন হৈ পৰা সংকীৰ্ণ মনৰ এচাম ভোগবাদী পুৰুষ-মহিলাৰ বাবেই আমাৰ সাতাম পুৰুষীয়া কৃষ্টি সংস্কৃতিক ভৰিৰে মোহাৰি বৃদ্ধকালত বহু পিতৃ-মাতৃ এতিয়া old age home ৰ বাসিন্দা । Old age home কেতিয়াও আমাৰ সংস্কৃতি নাছিল। বিদেশৰ পৰা আমদানিকৃত এটা অপসংস্কৃতি আমাৰ সমাজত এতিয়া তেনেই সুলভ হৈ পৰিলহি।