কে. কে. লৈ শেষ শ্ৰদ্ধাঞ্জলি
লেখক- ভাৰ্গৱজ্যোতি ভূঞা
তেতিয়া ১৯৯৯ চন। কে.কেৰ ‘পল’ কেছেটটো বজাৰলৈ আহিছিল। গানকেইটা প্ৰায় মানুহৰে মুখে-মুখে। তাৰ আগতেও তেওঁ বহুকেইটা গান গাইছিল। কিন্তু, মানুহে ভালকৈ চিনি পাইছিল ‘পল’ কেছেটটোৰ পিছৰ পৰাহে। কি যে গান আছিল সেইকেইটা!!
সেই সময়ত ডেকত কেছেট লগাই গান বজোৱা হৈছিল। সকলোৰে ঘৰত এটা ডেক, নহ’লে কেছেট প্লেয়াৰ হ’লেও আছিল। আমাৰ দৰে কিছুমানৰ হাতত ‘ৱাকমেন’ও আছিল। ১৯৯৭ চনত আমি কেইজনমান অসমৰ বাহিৰত এবছৰৰ বাবে পঢ়িবলৈ গৈছিলোঁ। উভতি আহোঁতে সকলোৰে হাতত অন্য নহ’লেও এটা ‘ৱাকমেন’ আছিল। দূৰদৰ্শনত সেই সময়ত এটা গানৰ প্ৰগ্ৰেম দিছিল সন্ধিয়া ৫.৩০ মান বজাত। মায়ে ধূনা-চাকি জ্বলায় আৰু সেই সময়ত দূৰদৰ্শনত সেই প্ৰগ্ৰেমটো চলি থাকে। এনেকুৱাও হয়, মায়ে ৰূমটোলৈ ধূনা লৈ সোমাই আহে আৰু সেই সময়তে কে.কে.ৰ সেই বিখ্যাত গানটো বাজি উঠে ‘পল, য়াদ আয়েংগে অ পল’। গানটো সদায় চাওঁ আৰু সদায়ে ভাল লাগে। মাকো কওঁ, আগেদি অহা-যোৱা নকৰিবচোন! গানটোৰ পুৰণি আমেজটো এতিয়াও মনত লাগি আছে। প্ৰতিবাৰেই যেতিয়া গানটো শুনো, নিজকে সেই গানটোৰ নায়ক যেনেই লাগে। সেই সময়ত কিছুমানে গান সংগ্ৰহ কৰে। সেই গায়কৰ ভিতৰত এটা নাম কে. কে.ৰো আছিল। কেছেট কিনিব নোৱাৰিলে ৰেকৰ্ড কৰাইছিলোঁ। আজিও ঘৰত বিচাৰিলে তেনেকুৱা
কেছেট ওলাব। কিন্তু, আজি বজাবলৈ ডেক আৰু কেছেট প্লেয়াৰহে নাই।
লাহে-লাহে আমি ডাঙৰ হলোঁ। কে. কে.ৰ গানবোৰো আমাৰ লগতে ডাঙৰ হবলৈ ধৰিলে। ডেকৰ পৰা মিউজিক চিডি প্লেয়াৰ, মোবাইল, আই পড হ’বলৈ ধৰিলে। তাতো এটা ফল্ডাৰ তৈয়াৰ হ’ল কে. কে.ৰ নামত। লাহে-লাহে হাতলৈ কম্পিউটাৰ আহিল। কম্পিউটাৰত প্ৰথম কাম আছিল চিনেমা আৰু গান গোটোৱা। কম্পিউটাৰতো এটা ফল্ডাৰ তৈয়াৰ কৰা হ’ল কে. কে.ৰ নামেৰে। কে. কে.ৰ পুৰণি আৰু নতুন গানবোৰ সেই ফল্ডাৰৰ ভিতৰত সোমাই পৰিল।
সুখতেই হওক বা দুখতেই হওক, প্ৰেমিক-প্ৰেমিকালৈয়ে মনত পৰক বা বন্ধুলৈ, মন বেয়া লাগক বা ভাল লাগক কে. কে.ৰ গানবোৰ এটাৰ পাছত এটাকৈ বাজিবলৈ ধৰে। আজিৰ প্ৰজন্মই শুনি থকা গানবোৰৰ লগত যেন এই গানবোৰৰ তুলনা কৰিবই নোৱাৰি। সেই দূৰদৰ্শন, কেছেট, চিডিৰ দিনবোৰৰ মাদকতা আজিৰ প্ৰজন্মই হয়তো বুজি নাপাব।
কে. কে. আমাৰ বাবে কোন আছিল, নতুন প্ৰজন্মক বুজাব নোৱাৰোঁ। কে. কে.ৰ গান আমাৰ হৃদয়ত আছিল, মগজুত আছিল। কিবা এটা অনুভূতিয়ে ক্ৰিয়া কৰিলেই আপোনা আপুনি তেওঁৰ গানবোৰ মনলৈ আহিছিল।
তেওঁৰ গানে আমাৰ জীৱনত কি প্ৰভাৱ পেলাইছিল, কোকো কোৱাৰ প্ৰয়োজন নাই। তেওঁৰ মৃত্যুয়ে মনত আঘাত দিলে। কোনোবা নিজৰ মানুহ এজন হঠাৎ নোহোৱা হৈ গ’ল যেনেই লাগিল।
তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। দুখ লাগিল, বৰ সোনকালে আতৰি গ’ল তেওঁ আমাৰ মাজৰ পৰা।