ভক্তিত নিস্পৃহ যিটো

লেখক- প্ৰণবেন্দ্ৰ শৰ্মা

ধূৰ্জটি ডেকা একেবাৰে চিধাচাধা মানুহ। শাস্ত্ৰতো ভো ভো পণ্ডিত। উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত মাতৃভাষাৰ প্ৰশ্নকাকতখনত অকৃতকাৰ্য্য হোৱাৰ পাছত মাতৃভাষাৰ প্ৰতি তেওঁৰ অলপ বিৰূপ ভাব। পিছে, ক’বলৈ গ’লে, কোনো এটা বাহিৰা ভাষাতেই তেওঁৰ ব্যুৎপত্তি আছে বুলি তেওঁৰ সাত শতৰুৱেও ডাঠি ক’ব নোৱাৰিব। ডেকাই এতিয়াও মাতৃভাষাত নিজৰ নামটো লিখিলে বানান ভুল কৰে। কিন্তু, সাত সাগৰ, তেৰ নদীৰ সিপাৰৰ ভাষাটোত নিজৰ নামটো শুদ্ধকৈ লিখিব পাৰে বাবে ডেকাৰ বুকু ফুলি ছাপ্পন ইঞ্চিৰ হৈ থাকে। সেয়েহে, পুৱা-গধূলি ঘৰৰ সন্মুখৰ বাৰাণ্ডাখনত বহি আলিবাটেৰে খোজকাঢ়ি যোৱা চিনাকি মানুহক ‘সুপ্ৰভাত’ বা ‘কেনে আছে’ বুলি সম্বোধন কৰাৰ সলনি ‘গুড মৰ্ণিং’ বা ‘গুড ইভিনিং’ বুলি মাত এষাৰ দিয়াটো ডেকাৰ এটা বহুদিনীয়া অভ্যাস বা হবি। ডেকাৰ মতে, এইবোৰ ‘গুড মেনাৰ্ছ’ৰ মৰ্ম এই চুক-ভেকুলী খাৰখোৱা ওচৰ-চুবুৰীয়াবোৰে কি বুজিব! আজি কিছুদিনৰ পৰা, গেৰুৱা বসন পৰিধান কৰাৰ পাছত ডেকাৰ মুখত মাজে সময়ে ‘জয় ৰামজী কী’ বা ‘জয় বজৰংগৱলী’ও শুনিব পোৱা গৈছে। পিছে, সেই ভাষাটোহে ডেকাই এতিয়াও ভালদৰে আয়ত্ত কৰিব পাৰা নাই। ডেকা নিশ্চিত যে যিহেতু ঘঁহি থাকিলে শিলো ক্ষয় যায়, গতিকে বজাৰৰ আলু বেপাৰী, মাছৰ পোহাৰী আদিৰ লগতে কিছুদিন অভ্যাস কৰিলেই তেওঁ নিশ্চয় কথোপকথনত পাৰ্গত হৈ উঠিব। তাৰ পাছত স্থানীয় নিৰ্বাচনত প্ৰাৰ্থী হ’বলৈ কোন গছৰ গুৰিত পানী ঢালিব লাগিব, সেই বিষয়ে ডেকাৰ অধ্যয়ন অব্যাহত আছে। পিছে, বাদ সাধিছে তেওঁৰ একমাত্ৰ পুত্ৰ‌ইহে। অতি কষ্টৰ ফলত, যথেষ্ট যাগ-যজ্ঞ কৰি, মানে গাঁঠিৰ ধনৰ এটা ডাঙৰ টোপোলা হাত বাগৰাৰ পাছত ডেকাৰ লৰাটোৱে ব্যক্তিগতখণ্ডৰ এখন বিদ্যালয়ত প্ৰৱেশ কৰাৰ অনুমতি পাইছিল। তাৰ পাছত কেইদিনমানলৈ বাটৰ বাটৰুৱা ডেকাৰ ঘৰৰ সন্মুখৰে অহা-যোৱা কৰিলে নিৰ্দিষ্ট সময়ত নিজৰ কৰ্মস্থলী নোপোৱাটো নিশ্চিত হৈ পৰিছিল। তথাপিও, পুতেকৰ গৰ্বতে ডেকা গপতে ওফন্দি গঙ্গাটোপটো যেন হৈ আছিল।
পয়মাল হ’ল শ্ৰীমতী ডেকাৰহে। অতি শান্তশিষ্ট মহিলাগৰাকীৰ চহৰত থকাৰ বহুবছৰ হ’ল যদিও তেওঁৰ মাত-কথাবোৰৰ একো পৰিৱৰ্তন নহ’ল। সেয়েহে, বহুবছৰ ধৰি শ্ৰীমতী ডেকাৰ নিজৰ মানুহজনৰ লগত ভাত-চাহৰ বাহিৰে আন বিষয়ত বিশেষ কথা বতৰা নহয়। একমাত্ৰ সন্তানক বুকুতে বান্ধি শ্ৰীমতী ডেকাই বহুতো সপোন দেখিছিল। ল’ৰাক মাতৃভাষা শিকোৱাৰ বাবেও শ্ৰীমতী ডেকাই আগভাগ লৈছিল। পিছে, সুবিধা পালেই মাতৃভাষাৰ প্ৰতি বিৰাগৰ বাবেই ডেকাই পত্নীৰ প্ৰচেষ্টাত চেঁচাপানী ঢালিবলৈ যত্নৰ ত্ৰুটি কৰা নাছিল। ল’ৰাই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন আৰম্ভ কৰাৰ পাছত ডেকাৰ চেষ্টা বহুলাংশে সফল হোৱা বুলিয়ে ক’ব পাৰি। পিছে, শ্ৰীমতী ডেকাৰহে পুত্ৰৰ মুখৰ পৰা ‘মা’ সম্বোধনটো আঁতৰি ম’ম হোৱাৰ পৰা তেওঁৰ বুকুখন হমহমাই আছিল। তাতে, বহু কষ্ট কৰি নিজৰ লগত বহুৱাই লৈ কীৰ্ত্তন-নামঘোষা গোৱা পুতেকৰ মুখত এতিয়া কথাই কথাই ‘অ, মাই গড’ শুনি শ্ৰীমতী ডেকাই সদায় নীৰৱে চকুপানী টুকিছিল। এইটো নহয় যে ধূৰ্জটি ডেকাই পুতেকৰ নতুন ভাষা প্ৰেমৰ বাবে পুতেকৰ লগত কথা পাতিবলৈ সুচল পাইছিল। কিন্তু, যেতিয়া পুতেকে তেওঁক বন্ধুবৰ্গৰ সন্মুখত ‘ডেড’ বুলি মাতি কিবা সুধিছিল, তেতিয়া পুত্ৰপ্ৰেমত ডেকা গদগদ হৈ উঠিছিল। এৰা, এয়েহে তেওঁৰ
ল’ৰা। অৱশ্যে, পুত্ৰৰ কথা এষাৰো বুজি নোপোৱা ডেকাই পুত্ৰৰ মুখখন বন্ধ কৰাৰ ঔষধপালি ভালদৰেই জানিছিল। বন্ধুবৰ্গৰ সন্মুখত ৱালেটটোৰ পৰা কেইখনমান খমখমীয়া ন’ট উলিয়াই দি ডেকাই বৰ গৰ্বৰে বন্ধুবৰ্গক কৈছিল, ‘ল’ৰাটো বৰ ইণ্টেলিজেণ্ট, বুজিছে? কুইকলি নতুন ল্যাঙ্গুয়েজ এটা আয়ত্ত কৰিছে। এৰা, ল’ৰা কাৰ!”
পিছে আজি শ্ৰীমতী ডেকাৰ হ’ল কি? ‌কিহৰ হায়ৈ বিয়ৈখন লগাইছে? অতিষ্ঠ হৈ ডেকা ভিতৰলৈ সোমাই আহি শ্ৰীমতীক ভেকাহি মাৰিহে উঠিল।
“পুৱাই পুৱাই এইবোৰ কি চিঞৰ বাখৰ লগাইছা? ৰাস্তাৰ মানুহে শুনিছে।”
“অ’ হৰি, এতিয়া মইহে চিঞৰ বাখৰ লগাইছোঁ! নকৈছিলোঁনে, ল’ৰাটোৰ মুখত এটাও নিজৰ ভাষাৰ কথা নুশুনা হ’লোঁ বুলি? এতিয়া গুৰু-গোঁসাই নমনাই হ’ল। এফাকি ঘোষা গাবলৈ কৈছিলোঁ। কিসোপা গাব ধৰিছে!”
“কিনো ইমান গছত গৰু উঠা কথা হ’ল যে তাৰ বাবে এনেকৈ চিঞৰ বাখৰ কৰিব লগা হৈছে?”
“আপুনি নিজে গৈ ল’ৰাক সোধকগৈ! এইবোৰ কথা মুখত লোৱাও পাপ।”
“হ’ব দিয়া, তুমি তোমাৰ পাপ পুণ্য লৈয়ে থাকা! পৃথিৱী ফৰোৱাৰ্ড গৈ আছে আৰু তুমি দিনে দিনে বেকৱাৰ্ড হৈ গৈ আছা। মই সব টেক কেয়াৰ কৰিম।”
শ্ৰীমতীৰ মুখখন বন্ধ কৰিবলৈকে ডেকা সুপুত্ৰৰ কোঠালৈ গ’ল। দুৱাৰ বন্ধ থকা দেখি তেওঁ দুৱাৰত নক কৰিলে, “ছান, মে আই কাম ইন?”
“ইয়েচ ডেড।”
“মমে কিয় ইমান চাউট কৰিছে? কি হ’ল?”
“অ ডেড, ইউ ন’ মম। মোক ঘোষা গাব ক’লে, আই ষ্টাৰটেড আৰু একদম এক্সপ্লোছন।”
“কি গাইছিলি ত‌ই?”
“নাথিং ডেড, জাষ্ট ভক্তিত নিস্পৃহ যিটো।”
“ছান, মুক্তিত নিস্পৃহ যিটোহে।”
“অ ডেড, ইউ আৰ চ’ আউটডেটেড। তুমি কোৱা নাছিলা জানো যে অতি ভক্তি চোৰৰ লক্ষণ?”
“ইয়েচ।”
“আৰু চুৰি বিদ্যা মহা বিদ্যা যদি নপৰা ধৰা।”
“অ, কৈছিলোঁ। পিছে, কি হ’ল?”
“ডেড, নাও ডেয়াৰ ইউ গ’! অতি ভক্তি কৰি চোৰৰ লক্ষণ হৈ মই যদি চুৰি কৰোঁ তেতিয়া ধৰা পৰিলে মই মুক্তিত নিস্পৃহ কিয় হ’ম? ছ’ মই যদি ভক্তিত নিস্পৃহ হ‌ওঁ, ডেন চুৰি কৰাৰ ধান্দাই নহ’ব এণ্ড চুৰি নকৰিলে ধৰাও নপৰোঁ এণ্ড ডেন মুক্তিৰ প্ৰশ্ন‌ই নুঠে। ডু ইউ আণ্ডাৰষ্টেণ্ড নাও?”
“বুজিলোঁ বোপাই, সব বুজিলোঁ। এইটোও বুজিলোঁ তোৰ মায়ে কিয় হায়ৈ বিয়ৈ লগাইছে। ত‌ই পকি সৰিবহে বাকী আছ।”
“এণ্ড ডেড, ওৱান মোৰ থিং।”
“ইয়েচ, ছান।”
“তুমিযে কৈছিলা সৰ্ব ধৰ্মং পৰিত্যজ্য মামেকং শৰণং ব্ৰজ মানে সকলো ধৰ্ম পৰিত্যাগ কৰি আঙ্কলৰ ভৰিত পৰা।”
“কৈছিলোঁ। তাতে কি হ’ল?”
“আঙ্কলৰ ঘৰলৈ যাবলৈ আই নিড চম মানী।”
“হেৰৌ, তোৰ দেখোন এজনো আঙ্কল নাই। সব আণ্টি। আণ্টিবোৰৰ বিয়াতে প্ৰেজেণ্ট দি দি মোৰ ৰেড লাইট জ্বলি গৈছে। ক’ৰ পৰা তোৰ আঙ্কলটো ওলাল আহি?”
“অ ডেড, ডেড! ইউ আৰ নট্‌ অনলি আউটডেটেড, ইউ আৰ গয়িং বেকৱাৰ্ড টু। মই আমাৰ ইউনিভাৰ্চেল মামাৰ কথাই কৈছোঁ।”
“হেৰৌ, তোৰ সেই ইউনিভাৰ্চেল মামাই সকলোকে দেখোন স্কুটি, প‌ইচা চব দিছে। ত‌ই একো এটা ল’ব নোৱাৰিলি এতিয়ালৈ আৰু এতিয়া মোক প‌ইচা খুজিব আহিছ!”
“ডেড, ইউ অলৱেজ টেল মি, মানী ব্ৰিংছ মানী। এতিয়া মামাৰ ফিটত পৰিবলৈ তুমি মানী নিদিয়া। অ কে, মই মুক্তিত নিস্পৃহ যিটোৱেই গাব লাগিব।”
সুপুত্ৰৰ কোঠাৰ পৰা ওলাই আহোঁতে ডেকাৰ পকেটখনৰ ওজন অলপ পাতল হোৱা যেন লাগিল। পিছফালৰ পৰা ভাহি অহা চিঞৰটো ডেকাৰ কাণত পৰিলহি।
“অ’ ডেড, ইউ অলৱেজ টেল মি, পলিটিক্স ইজ ডি লাষ্ট ৰিজ’ৰ্ট অৱ স্কাউণ্ডৰেলছ এণ্ড এ মেন ইজ নৌন বাই দি কোম্পেনী হি কিপছ। নাউ, ইফ ইউ আৰ গ’য়িং টু পলিটিক্স, মই কি হ’ম?”
ডেকাই ভালদৰেই বুজিলে ল’ৰা সৰিব বাকী নাই, সৰিলেই।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!