সাক্ষাৎকাৰ: দীপামণি কোঁচ ভঁৰালী

লেখক- সাহিত্য ডট অৰ্গ

‘সাহিত্য ডট অৰ্গ’ৰ আহাৰ মাহৰ সংখ্যাটিৰ সাক্ষাৎকাৰৰ বাবে সাক্ষাৎ কৰা হৈছিল প্ৰখ্যাত ঔপন্যাসিক তথা গোলাঘাট জিলাৰ ‘বৰপথাৰ জুনিয়ৰ কলেজ’ৰ শিক্ষয়িত্ৰী শ্ৰীমতী দীপামণি কোঁচ ভঁৰালীক। শ্ৰীমতী দীপামণি কোঁচ ভঁৰালীৰ দ্বাৰা ৰচিত ‘মুগ্ধ পূবেৰুণ’ উপন্যাসখনৰ বাবে ২০১৩ চনত তেখেতক ‘গোলাঘাট জিলা সাহিত্য সভা’ৰ তৰফৰ পৰা ‘চৈয়দ আব্দুল মালিক সোঁৱৰণী বঁটা’ প্ৰদান কৰা হৈছে। সাহিত্য চৰ্চা কৰি ভালপোৱা শ্ৰী দীপামণি কোঁচ ভঁৰালীৰ বৰ্তমানলৈকে ৰচনা কৰা উপন্যাসৰ সংখ্যা সাতখন। সমাজৰ জলন্ত সমস্যা তথা অনুভৱৰ সমাহাৰ ঘটা তেখেতৰ উপন্যাসসমূহে মানৱীয় প্ৰমূল্যবোধক আকৰ্ষণীয় ৰূপত পাঠকৰ আগত উপস্থাপন কৰিছে।

জনপ্ৰিয় ওপন্যাসিক শ্ৰী দীপামণি কোঁচ ভঁৰালী উপস্থিত থকা এই সাক্ষাৎকাৰটিত ‘সাহিত্য ডট অৰ্গ’ৰ হৈ অংশগ্ৰহণ কৰিছে ই-আলোচনীখনৰ এই মাহৰ মুখ্য সম্পাদক শ্ৰীমণ্টু কুমাৰ বৰঠাকুৰ, সহযোগী সম্পাদক শ্ৰীজ্যোতিস্মিতা দেৱী আৰু ‘অসমীয়াত কথা বতৰা’ৰ সদস্য শ্ৰীঅভিজিত দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে ক্ৰমে শ্ৰীমণ্টু কুমাৰ বৰঠাকুৰ, শ্ৰীতুষাৰ ৰঞ্জন কাশ্যপ আৰু শ্ৰীঅভিজিত দত্তই। সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে শ্ৰীমণ্টু কুমাৰ বৰঠাকুৰে। ইয়াৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি তুলিছে গোটৰ আন এগৰাকী সদস্য শ্ৰীবিকাশ দত্তই। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে ‘অসমীয়াত কথা বতৰা’ৰ সদস্য শ্ৰী মৃদুল শৰ্মাই।

———————————————————————
সাহিত্য ডট অৰ্গঃ আজিৰ এই সন্ধিয়াটিত আপোনাক সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আমি জনাত আপুনি আজিলৈকে ‘অৰ্পিতাৰ অনন্য অধ্যায়’, ‘দৈয়াংপৰীয়া এজাক স্বপ্নাতুৰ মানুহ’, ‘মুগ্ধ পূবেৰুণ’, ‘জলছবি’, ‘বৃহন্নলা আৰু এটা সপোনৰ বাটচ’ৰা’, ‘অচ্যুতকন্যা’ আৰু ‘ৰ’ড’ডেণ্ড্ৰণৰ তেজে ধোৱা সাধু’কে ধৰি সাতখনি উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যলৈ প্ৰভূত অৱদান আগবঢ়াইছে। সাহিত্যৰ ইমানবিলাক শাখা থাকোঁতে লিখিবৰ বাবে আপুনি উপন্যাসকে কিয় বাছি ল’লে, সেই বিষয়ে আমাক অলপমান ক’বনে ?

দীপামণি কোঁচ ভঁৰালী: হয়, মই ভাবোঁ, সাহিত্যৰ অন্যান্য ধাৰাবোৰতকৈ উপন্যাসৰ পৰিসৰ কিছু বিস্তৃত। ইমানদিনে উপন্যাসৰ লগত জড়িত হৈ দেখিছোঁ যে মনৰ অনুভূতিবোৰ যেনেকৈ মন যায় তেনেকৈয়ে প্ৰক্ষেপ কৰিব পৰাৰ সুযোগ উপন্যাসেহে দিয়ে। ঘটনা এটা বৰ্ণনা কৰোঁতে কিমান চৰিত্ৰৰ সমাৱেশ ঘটাব পাৰি বা লাগিব তাৰ কোনো বাধ্যবাধকতা উপন্যাসত নাথাকে। কিন্তু, চুটিগল্প বা পূৰ্ণদৈৰ্ঘ্যৰ গল্পৰ ক্ষেত্ৰত সেই সীমাবদ্ধতাসমূহ দেখা পোৱা যায়। উপন্যাস লিখাৰ আগতে মই গল্প, প্ৰবন্ধ ইত্যাদিৰ চৰ্চাই কৰিছিলোঁ। লগতে, সেইসমূহ কাকত আলোচনীৰ পৃষ্ঠাত প্ৰকাশো হৈছিল। কিন্তু, উপন্যাসৰ প্ৰতি টান এটা মোৰ বহু আগৰে পৰাই অন্তৰত আছিল। স্কুলৰ পৰা কলেজলৈকে পঢ়ি থকা অৱস্থাত অসমীয়া, হিন্দী, ইংৰাজী, বাংলা ভাষাৰ বহুকেইখন ভাল ভাল ভিন্নসুৰী উপন্যাস পঢ়াৰ অভিজ্ঞতা মোৰ হৈছিল আৰু এই অভিজ্ঞতাই হয়তো উপন্যাসৰ প্ৰতি মোৰ দূৰ্বলতা বঢ়াইছিল। আমাৰ অতিকে শ্ৰদ্ধাৰ প্ৰয়াত হোমেন বৰগোহাঞি ছাৰে মোৰ প্ৰথমখনি উপন্যাসক ‘আমাৰ অসম’ কাকতৰ পৃষ্ঠাত প্ৰকাশ কৰি মোৰ উপন্যাসৰ প্ৰতি থকা এই টানটোক আৰু অধিক শক্তিশালী কৰি তুলিলে।

সাহিত্য ডট অৰ্গঃ এখন উপন্যাসৰ আঁচনি কৰোঁতে বিষয়বস্তু নিৰ্বাচনৰ ক্ষেত্ৰত আপুনি কি কি কথাৰ ওপৰত অধিক গুৰুত্ব দিয়ে?

দীপামণি কোঁচ ভঁৰালী: উপন্যাসৰ বিষয়বস্তু নিৰ্বাচন কৰাৰ সময়ত মই প্ৰথমেই লক্ষ্য কৰোঁ যে সেই বিষয়বস্তৰ ওপৰত আগতে কোনোৱে চৰ্চা কৰিছে নেকি! মোৰ মনলৈ এটা ধাৰণা আহে যে বৰ্তমানৰ এই যান্ত্ৰিক যুগত মানুহৰ ৰুচি-অভিৰুচিবিলাক খুব সঘনেই সলনি হৈ থাকে। সাহিত্যৰ ক্ষেত্ৰতো একেই কথা। পাঠকৰ ৰুচিসমূহ সময়ৰ লগে লগে সলনি হৈ গৈ থাকে। সেয়েহে, সময় আৰু পৰিৱেশ-পৰিস্থিতিৰ লগত খাপ খোৱাকৈ মই বেলেগ বেলেগ ধৰণৰ বিষয় বিচাৰি ফুৰোঁ। একঘেয়ামী বা গতানুগতিক বিষয়সমূহৰ লগত ব্যস্ত হৈ থাকিবলৈ মই ব্যক্তিগতভাৱে বৰ এটা পচন্দ নকৰোঁ। সেয়েহে, মই বাচি উলিওৱা বিষয়বস্তুৰ ওপৰত যদি আগেয়ে কোনোবাই চৰ্চা কৰিছে, তেতিয়া যিমান পচন্দৰ হ’লেও মই সেই বিষয়বস্তুটি এৰি পেলাবলৈ চেষ্টা কৰোঁ। কেতিয়াবা কিছুমান গুৰুত্বহীন যেন লগা বিষয়বস্তুৰ ওপৰতো কিন্তু চৰ্চা কৰিবলৈ মই চেষ্টা কৰিছোঁ।

সাহিত্য ডট অৰ্গঃ উপন্যাস এখনৰ চৰিত্ৰসমূহৰ বিকাশৰ বাবে আপুনি নিজকে কেনেকৈ প্ৰস্তুত কৰে ?

দীপামণি কোঁচ ভঁৰালী: উপন্যাসৰ চৰিত্ৰসমূহ ভিন্নমুখী হোৱা দেখা যায়। যিহেতু চৰিত্ৰবোৰৰ সৃষ্টি মই নিজেই কৰোঁ সেয়েহে চৰিত্ৰসমূহৰ লগত মই সদায়ে একাত্ম হ’বলৈ চেষ্টা কৰোঁ। প্ৰত্যেকটো চৰিত্রৰ যেতিয়া বিকাশ কৰি গৈ থকা হয়, তাৰ লগত জড়িত ঘটনাবোৰৰ বৰ্ণনা কৰি থকা হয়, তেতিয়া এনেকুৱা লাগে যেন সেই ঘটনাবোৰ মোৰ লগতেই ঘটি আছে। যিসমূহ সংলাপ ব্যৱহাৰ কৰা হয়, সেয়া যেন মই নিজেই কাৰোবাক কৈ আছোঁ। কেতিয়াবা সংলাপবোৰ পাঠকৰ মনোগ্ৰাহী হোৱাকৈ সৃষ্টি কৰিবলৈ যাওঁতে নিজেই তাক আওৰাই চাওঁ। চৰিত্ৰসমূহ যেতিয়া সৃষ্টি কৰা হয়, তেতিয়া আচলতে তাক নিজৰ মাজত ধাৰণ কৰি লোৱা হয়। নিগেটিভ চৰিত্ৰ এটা বৰ্ণনা কৰাৰ সময়তো এনে হয় যেন সেই কামখিনি ময়ে কৰি আছোঁ। চৰিত্ৰটো যেতিয়া নিজৰ লগত খাপ খাই পৰে, তেতিয়া তাক বিকাশ কৰিবলৈ সুবিধা হয়। মোৰ বৃহন্নলা উপন্যাসখনৰ চঞ্চল নামৰ কিন্নৰ চৰিত্ৰটো যথেষ্ট প্ৰত্যাহ্বানমূলক চৰিত্ৰ আছিল। সেই চৰিত্ৰটোৰ বৰ্ণনা কৰিবলৈ যোৱাৰ আগত মই কিন্নৰসকলক লগ কৰিব লগীয়া হৈছিল। তেওঁলোকৰ জীৱন প্ৰণালী, মনৰ অনুভৱ, সুখ-দুখ ইত্যাদিবোৰ মই ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব লগা হৈছিল কাৰণ তেওঁলোকৰ সমাজখন, তেওঁলোকনো কেনেকুৱা এটা পৰিৱেশৰ মাজত থাকে, এইসমূহ কথা জানি লোৱাৰ পাছতহে মই সেই চৰিত্ৰটোৰ বিকাশ ভালদৰে কৰিব পাৰিম বুলি ধাৰণা এটা হৈছিল। তেওঁলোকৰ লগত সময় পাৰ কৰি মই দেখা পাইছিলোঁ তেওঁলোকৰ অন্তৰত সোমাই থকা মাতৃত্বৰ অনুভৱসমূহ, যিসমূহ তেওঁলোকে কাৰো আগত ভালদৰে প্ৰকাশ কৰিব নোৱাৰে। সন্তান এটিক বুকুৰ মাজত লৈ তাক মৰমৰ উমেৰে জীপাল কৰি ৰখাৰ প্ৰৱণতা তেওঁলোকৰ বহুত বেছি। সেয়েহে, উপন্যাসখনৰ সমাপ্তিত তেওঁলোকে এটি বিকলাংগ শিশুকে নিজৰ কৰি লৈছিল আৰু এনেধৰণেৰেই উপন্যাসখনিৰ সামৰণি পৰিছে।

সাহিত্য ডট অৰ্গঃ আপোনাৰ ‘অচ্যুতকন্যা’ উপন্যাসত আপুনি লিখিছে যে এখন উপন্যাস লিখিয়েই সমাজখনৰ পৰিৱৰ্তন কৰিব পাৰিব বুলি আপুনি নাভাবে। এতিয়া, আমি জানিবলৈ বিচাৰিছোঁ যে লেখক হিচাপে আপুনি নিজকে সামাজিকভাৱে দায়বদ্ধ বুলি নাভাবে নেকি ?

দীপামণি কোঁচ ভঁৰালী: আচলতে, নিজকে দায়বদ্ধ বুলিয়েই ভাবোঁ। আপুনি যিটো কথা উল্লেখ কৰিছে, তাত মই এটা অকপট স্বীকাৰোক্তি দিছোঁ যে কিতাপ এখন লিখি মই সমাজ এখনৰ পৰিৱৰ্তন কৰিব নোৱাৰোঁ। আমি কৈ দিব নোৱাৰোঁ যে আমাৰ কিতাপখনৰ যোগেদি আমি সমাজ এখন সলনি কৰি দিব পাৰিম। কিন্তু, কিতাপ এখনে পঢ়ুৱৈজনৰ দৃষ্টিভংগী আৰু মানসিকতাৰ ওপৰত কিছু হ’লেও প্ৰভাৱ পেলাব পাৰে বুলি মই বিশ্বাস ৰাখোঁ। মোৰ শব্দকেইটা পঢ়ি অন্ততঃ কোনোবাই কিবা এটা চিন্তা কৰক, সমাজৰ বাবে কিবা এটা ভাবক, সেইটো চেষ্টা মই কৰোঁ। এনেকৈহে সমাজখনৰ প্ৰতি থকা মোৰ দায়বদ্ধতা প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ।

সাহিত্য ডট অৰ্গঃ আমি জনাত আপোনাৰ দ্বিতীয়খনি উপন্যাস হৈছে ‘দৈয়াংপৰীয়া এজাক স্বপ্নাতুৰ মানুহ’। এইখনি উপন্যাসত আপুনি বৃহত্তৰ দৈয়াং-টঙানী অঞ্চলৰ বাসিন্দাসকলৰ মাটি-ভেটিৰ সমস্যাটো এক বাস্তৱিক দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰি উপস্থাপন কৰিছে। দেখা যায়, এইটো অকল দৈয়াং-টঙানীৰে সমস্যা নহয়। আমাৰ ৰাজ্যখনৰ পটভূমিত চালে ই এক ৰাজ্যিক সমস্যা বুলিয়েই ক’ব পৰা যায়। আমি জানিবলৈ বিচাৰিছোঁ, এনে এক জলন্ত সমস্যাক লৈ এখন উপন্যাস লিখাৰ বাবে আপুনি নিজকে কি ধৰণেৰে প্ৰস্তুত কৰিছিল?

দীপামণি কোঁচ ভঁৰালী: চাকৰি আৰু বিবাহসূত্ৰে মই যেতিয়া গোলাঘাট জিলাৰ বাসিন্দা হ’লোঁহি, তেতিয়া জিলাখনৰ বিষয়ে কিছু জানিবলৈ, বুজিবলৈ আৰম্ভ কৰিলোঁ। মই আগতেও উল্লেখ কৰিছোঁ যে উপন্যাসৰ প্ৰতি মোৰ টান এটা আগৰে পৰাই আছিল। মই ভাবোঁ যে কাল্পনিক চৰিত্ৰ কিছুমানৰ কাহিনীৰে সৃষ্টি কৰা গল্প-উপন্যাসতকৈ বাস্তৱ জীৱনৰ সঁচা কাহিনীৰ আধাৰত সৃষ্টি হোৱা উপন্যাস বা গল্পই সহজেই পঢ়ুৱৈৰ কাষ চাপিবলৈ সক্ষম হয়। গোলাঘাট জিলাৰ টঙানী অঞ্চলৰ মানুহৰ ২০০৯ চনৰ পৰাই চলি থকা যিখন সংগ্ৰাম, সেই সংগ্ৰামখনৰ বিষয়ে সকলোৱে জনা উচিত বুলি মই ভাবোঁ। যিসময়ত আমিবোৰে আনন্দত জীৱন কটাইছোঁ, সেই সময়তে আমাৰ কাষৰে কিছু লোকে নিজৰ ভেটিটোক লৈ সংগ্ৰাম কৰিব লগা হৈছে। যোৱা কেইটাবছৰে তেওঁলোকৰ সেই মৰ্মবেদনা, তেওঁলোকৰ ত্যাগ, তেওঁলোকৰ সংগ্ৰাম, সেই সম্পৰ্কে অসমৰ বহুতেই নাজানে। মই চেষ্টা কৰিছিলোঁ টঙানীৰ সেই সংগ্ৰামখনৰ কাহিনী যাতে সকলোৱে জানে, তেওঁলোকৰ সংগ্ৰামখনৰ বিষয়ে সকলোৱে যাতে উপলব্ধি কৰে।


সাহিত্য ডট অৰ্গঃ এগৰাকী ঔপন্যাসিক হিচাপে আপুনি যি যাত্ৰা অব্যাহত ৰাখিছে, তাত আপুনি সমাজ সচেতনমূলক এনে একোটা বিষয় বাচি লৈছে যিবোৰ আপোনাৰ ‘মুগ্ধ পূবেৰুণ’, ‘দৈয়াংপৰীয়া এজাক স্বপ্নাতুৰ মানুহ’ আদি উপন্যাসত প্ৰকাশ পাইছে। তাৰ সম্পূৰ্ণ বিপৰীত বুলি নক’লেও অলপ একাষৰীয়াকৈ যোৱা ধাৰা এটিৰ সৃষ্টি হৈছে বুলিব পাৰি আপোনাৰ ‘অচ্যুতকন্যা’, ‘জলছবি’ আৰু ‘অৰ্পিতাৰ অনন্য অধ্যায়’ আদিত য’ত নাৰীবাদী চিন্তা এটা প্ৰকাশ পাইছে৷ ইয়াত নাৰী চৰিত্ৰৰ বিন্যাসতহে আপুনি বেছিকৈ যত্নৱান হোৱা দেখা গৈছে৷ নাৰীকেন্দ্ৰীক উপন্যাসখিনি লিখাৰ আলমত আপুনি নিজকে এগৰাকী নাৰীবাদী লেখিকা হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে নেকি? নে, এগৰাকী সাধাৰণ লেখিকা হিচাপেই পৰিচিত হ’ব খোজে যি নেকি নাৰী-পুৰুষৰ বিভেদৰ কথা নাভাবে?

দীপামণি কোঁচ ভঁৰালী: মই নিজকে নাৰীবাদী লেখিকা হিচাপে ক’তো কেতিয়াও চিনাকি দিয়া নাই আৰু আহি থকা দিনবোৰতো এনে এটি পৰিচয় মই নিবিচাৰোঁ৷ মই ভাবোঁ, এনেকুৱা ‘বাদ’ কিছুমানক অনুসৰণ কৰি যদি সাহিত্যত ‘গত’ এটা লোৱা হয়, তেতিয়া চিন্তাৰ পৰিধিটো যথেষ্ট সংকুচিত হৈ পৰিব৷

তাৰ লগতে আৰু এটা কথা, বহুতে হয়তো এই কথাটো শুনি বেয়াও পাব পাৰে। সাম্প্ৰতিক সময়ত নাৰীবাদৰ ধাৰণাটো যেন এক ঠেক গণ্ডীৰ মাজত আবদ্ধ হৈ পৰিছে৷ পুৰুষক যেন সম্পূৰ্ণৰূপে নাৰীসকলৰ এক শ্ৰেণীশত্ৰু বুলি দেখুৱাবলৈ যত্ন কৰা দেখা গৈছে৷ বিভিন্ন ধৰণৰ নাৰীজনীত অপৰাধবিলাক নিৰীক্ষণ কৰি দেখোঁ, ধৰ্ষণৰ ওপৰত অৱশ্যে বেলেগ এটা অধ্যায় হ’ব, ইয়াত সেইটো কথা কোৱা নাই, কিন্তু পাৰিবাৰিক বা সামাজিক বা কৰ্ম-ক্ষেত্ৰত নাৰীৰ লগত হোৱা যিবোৰ সংঘাত, সেইবোৰত কিন্তু পৰোক্ষভাৱে হ’লেও একোগৰাকী নাৰীৰ অৱদানো যে কম নহয়, সেইটো কথা এগৰাকী নাৰী হৈয়ো মই কিন্তু স্বীকাৰ কৰোঁ৷ মই নিজে নাৰী হ’লোঁ কাৰণেই বা নাৰী চৰিত্ৰৰ বিষয়ে লিখোঁ কাৰণেই যে মই নাৰীবাদী লেখিকা, সেইটো নহয়৷ পুৰুষৰ অনুভূতিকো মই নাৰী হিচাপে কিমানখিনি ন্যায্যতা প্ৰদান কৰিব পাৰোঁ, সেইটোও চাওঁ৷ গতিকে, মই নিজকে নাৰীবাদী লেখিকা হিচাপে সজাব নোখোজোঁ৷

সাহিত্য ডট অৰ্গঃ আপোনাৰ ‘জলছবি’ত যে আপুনি লিখিছে, ‘ক্ৰমোত্তৰণৰ স্বপ্ন সকলো নাৰীৰে থাকে, সেই স্বপ্নৰ বাবেই নাৰীমনে উৰিব খোজে আকাশৰ বহু ওপৰলৈ৷ উৰণৰ স্বপ্ন থাকিলেও নাৰীৰ হৃদয়ত সংগোপনে জীপ লৈ থাকে আপোন ঘৰ এখনৰ নিমাখিত হাবিয়াস য’ত থাকিব পাৰে ৰ’দ-ছাঁ, জোনাক-মেঘ ইত্যাদি৷ সেইবাবেই হয়তো এগৰাকী নাৰী জীৱনত বাৰে বাৰে প্ৰেমত পৰে। প্ৰাক বৈবাহিক জীৱনত কোনো প্ৰিয়জনৰ সৈতে, বিবাহোত্তৰ কালত স্বামীৰ সৈতে, সন্তানৰ সৈতে, আত্মীয়ৰ সৈতে বা কোনো সুহূদৰ সৈতে’ – কথাবোৰ ঠিক এনেকুৱাই নেকি বাৰু?

দীপামণি কোঁচ ভঁৰালী: মই ভাবোঁ, সততাৰে যদি ক’বলগীয়া হয়, নাৰীৰ অন্তৰ্ভাগত কেতিয়াবা এনেকুৱা কিছুমান ভাবৰ উদয় হয় যিবিলাকৰ বিশ্লেষণ কোনো পুৰুষৰ মন-মগজুৰে হোৱাতকৈ নাৰীৰ নিজা অনুভূতিৰে হ’লে সেইবোৰক বেছি ন্যায্যতা দিব পৰা যায়৷ এটা সময় আছিল যেতিয়া আমাৰ অসমীয়া সাহিত্যৰ যিটো ধাৰা তাত নাৰীমনৰ অনুভৱখিনি পুৰুষৰ দৃষ্টিভঙ্গীৰেই বৰ্ণনা কৰাৰ এটা প্ৰৱণতা আছিল৷ এতিয়া কিন্তু সেই ধাৰাটোৰ কিছু পৰিৱৰ্তন ঘটিছে৷ নাৰীমনৰ বতৰা এতিয়া বেছিভাগ নাৰীয়ে নিজেই দিব পৰা হৈছে৷ সেই ফালৰ পৰা ময়ো নিশ্চয় সেই সাহসী ধাৰাটোতে সোমাই পৰিছোঁ বুলি অনুভৱ কৰোঁ।

সাহিত্য ডট অৰ্গঃ আপোনাৰ ‘অচ্যুতকন্যা’ৰ যিটো বিষয়, শকুন্তলাক লৈ আপুনি লিখিছে, চাফাই-কৰ্মী বাচফৰৰ জীয়েক, তাই উত্তৰণৰ বাবে উদ্যোগী হৈছে, এইটো বাস্তৱ চৰিত্ৰ হয়নে?

দীপামণি কোঁচ ভঁৰালী: হয়, এইয়া বাস্তৱ চৰিত্ৰই৷

সাহিত্য ডট অৰ্গঃ আপোনাৰ শকুন্তলাই তাইৰ ঈপ্সিত লক্ষ্যত উপনীত হ’ব পাৰিলেনে বাৰু?

দীপামণি কোঁচ ভঁৰালী: নাই, নোৱাৰিলে৷ তাই এটা ট্ৰেজিক কেৰেক্টাৰ হৈয়ে থাকিল৷

সাহিত্য ডট অৰ্গঃ তাই, তাৰ মানে, সেই সমাজখনৰ সাধাৰণীকৰণৰ যিটো ৰূপ, তাতে জাহ গ’ল নেকি?

দীপামণি কোঁচ ভঁৰালী: হয়, তাতে জাহ যাবলৈ তাই বাধ্য হ’ল৷ পৰিস্থিতি আৰু পৰিৱেশে তাতে জাহ যাবলৈ তাইক বাধ্য কৰিলে৷

সাহিত্য ডট অৰ্গঃ এতিয়া অকণমান বেলেগ বিষয় এটালৈ আহোঁ৷ আপোনাৰ আৰু এখন উপন্যাস পঢ়িছিলোঁ, ‘ৰ’ড’ডেণ্ড্ৰণৰ তেজে ধোৱা সাধু’৷ এই ক্ষেত্ৰত আমি প্ৰায়ে এটা অভিযোগ শুনিবলৈ পাওঁ, এই জনগোষ্ঠীটো যিটো নেপালীভাষী গোৰ্খা হয়, যাক লৈ আপুনি উপন্যাসখন ৰচনা কৰিলে, দেখা যায় যে তেওঁলোকক ঔপনিৱেশিক বৃটিছ চৰকাৰে তেওঁলোকৰ সৈন্যবাহিনীত ভৰ্তি কৰাবৰ বাবেহে ইয়ালৈ আনিছিল আৰু তেওঁলোক প্ৰধানকৈ বৃটিছ অনুগত লোকহে আছিল৷ কোনো কোনোৱে কয় যে তেওঁলোকে পিছত গৈ ভাৰতৰ স্বাধীনতা যুঁজতো হেনো অংশ গ্ৰহণ কৰিছিলগৈ৷ কিন্তু প্ৰকৃততে ক’বলৈ গ’লে তেওঁলোকে বৃটিছৰ হৈহে এই যুঁজখনত অংশ গ্ৰহণ কৰিছিল আৰু বৃটিছসকলে তেওঁলোকক অ’ত ত’ত সংস্থাপিত কৰিছিল৷ এতিয়া মোৰ মনত এটি প্ৰশ্নৰ উদয় হৈছে, তেওঁলোকৰ তেজে ধোৱা সাধুবোৰ আমাৰ দেশ বা আমাৰ ৰাজ্যখনৰ ক্ষেত্ৰত কিমান দূৰ প্ৰাসঙ্গিক বুলি আপুনি ভাবে?

দীপামণি কোঁচ ভঁৰালী: কথাবিলাক আচলতে ঋণাত্মক দৃষ্টিৰে নলৈ ধনাত্মক দৃষ্টিৰে চালে দেখা যায়, এই জনগোষ্ঠীটোৰ ওচৰত আমি কিন্তু কৃতজ্ঞ হৈহে থাকিব লাগে৷ এতিয়া, আমাৰ অসমতে নেপালীখিনিক বাদ দি যিমানখিনি অনা-অসমীয়াভাষী লোক আছে, যিসকলৰ হয়তো দুই-তিনিটা প্ৰজন্ম ইয়াতে পাৰ হৈ গৈছে, তেওঁলোকে কিন্তু অসমীয়া ভাষাটো ইচ্ছা কৰিয়েই নকয় নে ক’বহে নোৱাৰে, মই নাজানো৷ আমাৰ ভাষাটোৱেই যেতিয়া তেওঁলোকে আঁকোৱালী নল’লে, অসমীয়া সমাজ-সংস্কৃতিৰ লগত তেওঁলোক জাহ যোৱাৰতো প্ৰশ্নই নুঠে৷ এনেকুৱা কথাবোৰৰ বাবেইতো ভাষিক সংঘাত কিছুমান হৈ থাকে৷ ৬০ ৰ দশকত সেই ভাষা-আন্দোলনটোও তেনেকৈয়ে হ’ল৷

মই সৰু হৈ থাকোঁতে শুনিবলৈ পাইছিলোঁ, ডিব্ৰুগড়-তিনিচুকীয়াৰ ফালে এচাম হিন্দীভাষী মানুহে কেনেকৈ দিনত সেউজীয়া সাজ একোটা পিন্ধি চাহ-বাগিচাৰ মাজত সোমাই থাকি অসমীয়া মানুহ দেখিলেই আক্ৰমণ কৰিছিল আৰু ৰাতি হ’লে অসমীয়া মানুহৰ ঘৰত অগ্নি-সংযোগো কৰিছিল৷ এনে ধৰণৰ কথাবোৰে তেতিয়া বা এতিয়াও যিখন ঠাইত মই আছোঁ, তাতো দেখিছোঁ, তেওঁলোকে অসমীয়া মানুহ আৰু অসমীয়া ভাষাটোৰ পৰা এতিয়াও এক দূৰত্ব বজাই ৰাখিছে৷ কিন্তু, বিভিন্ন সময়ত, প্ৰধানকৈ এইখন উপন্যাস লিখিবৰ সময়ত যিমানবাৰ তেওঁলোকৰ মাজলৈ গৈছোঁ, দেখিছোঁ যে আমি অসমীয়া মানুহে সচৰাচৰ ব্যৱহাৰ নকৰা বহুবোৰ অসমীয়া শব্দও তেওঁলোকে ব্যৱহাৰ কৰে৷ তেওঁলোক অসমীয়া মানুহ বা অসমীয়া সমাজখনত জাহ যাবলৈকে চেষ্টা কৰিছে৷
ঠিক তেনেকৈ, অন্যান্য ভাষা-ভাষী মানুহ কিছুমান অসমত থিতাপি লোৱাৰ পিছতো তেওঁলোকৰ নিজৰ ভাষাৰ বিদ্যালয় স্থাপন কৰাৰ যি একোটা প্ৰৱণতা দেখায়, গোৰ্খাসকলৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা কথা এটা দেখা নাযায়৷ তেওঁলোকে অসমীয়া স্কুলতে পঢ়ে৷ এতিয়া অৱশ্যে ইংৰাজী স্কুলৰ প্ৰভাৱটো বাঢ়িছে যেতিয়া তেওঁলোকৰ কিছুমান কিছুমান ইংৰাজী স্কুললৈ গৈছে৷ কিন্তু মই দেখিছোঁ, অসমীয়া সমাজ-সংস্কৃতিৰ লগত মিলিবলৈ অহাৰ যিটো প্ৰৱণতা, সেইটো কিন্তু অন্যান্য জাতিতকৈ এওঁলোকৰ তুলনামূলকভাৱে মই অলপ বেছিয়েই পাইছোঁ৷
তদুপৰি, তেওঁলোকৰ যি জাতিগত বৈশিষ্ট, সাহস বা ত্যাগৰ যি মনোভাব, সেইখিনি কথা মই ভাবোঁ, মই তেনেকৈ ক’বই নালাগে, যিটো কাৰণে সৈন্যবাহিনীত ভৰ্তি হ’বলৈ তেওঁলোক আগবাঢ়ি যায়৷

এটা সময়ত বৃটিছেতো কৈয়ে গৈছে যে তেওঁলোকক যদি এক নিৰ্দিষ্ট সংখ্যক কেৱল গোৰ্খা সৈন্য দিয়া হয়, তেওঁলোকে গোটেই পৃথিৱী শাসন কৰিব পাৰিব৷ সেই মানুহখিনিকে যেতিয়া অসমৰ চুঙাজান অঞ্চলত সংস্থাপিত কৰা হ’ল, তাৰ আগলৈকে মানে ১৯৬২ চনৰ আগলৈকে, ভাৰতৰ যিটো উত্তৰ-পূব সীমান্ত ৰেলপথ যিটোৱে উজনি আৰু নামনি অসমক সংযোগ কৰিছে, সেই ৰেলপথটো বোকাজানৰ পৰা চুঙাজানলৈকে সম্পূৰ্ণৰূপে নগা উগ্ৰপন্থীৰ দ্বাৰা এটা উপদ্ৰুত অঞ্চল হিচাবেই ভাৰতীয় ৰেইল বিভাগে চিহ্নিত কৰিছিল৷ সেই ৰেল লাইনৰ এটা চিৰিলৈকে থকা অঞ্চলটো নাগালেণ্ডৰ ভিতৰুৱা বুলি দাবী কৰি তেওঁলোকে ৰেল লাইনটোৰ ওপৰত কেইবাবাৰো বোমা-বিস্ফোৰণো কৰিছিল৷ যাত্ৰীবাহী ৰেলেই হওক বা মালগাড়ীয়েই হওক, তেওঁলোকে প্ৰায়ে আক্ৰমণ কৰিছিল, গুলিয়াগুলি কৰিছিল৷
সেই সমস্যাটোৰ এক স্থায়ী সমাধানৰ উদেশ্যেই ‘এক্স আৰ্মী এচ’চিয়েশ্বন, শ্বিলং’ – ৰ লগত যোগাযোগ কৰি ভাৰত চৰকাৰে ১৯৬২ চনত এওঁলোকক ইয়াত সংস্থাপিত কৰিলে আৰু এই ধৰণৰ আক্ৰমণবোৰ লাহে লাহে নাইকিয়া হৈ আহিল৷ এই কথাখিনি অন্য মানুহে বা আমাৰ মূল ভূ-খণ্ডৰ মানুহখিনিয়ে হয়তো স্বীকাৰ নকৰিব পাৰে কিন্তু সীমান্তৱৰ্তী অঞ্চলৰ মানুহ হিচাপে আমি স্বীকাৰ কৰিবই লাগিব যে তাত এই মানুহখিনি সংস্থাপিত কৰাৰ লগে লগেহে নগা উগ্ৰপন্থীৰ পোনপটীয়া আক্ৰমণবোৰ বহু পৰিমাণে কমি গ’ল৷ বহু পৰিমাণে মানে একেবাৰে নাইকিয়া হৈ গ’ল বুলিবই পাৰি৷ নগা উগ্ৰপন্থীসকলে হয়তো জানিছিল যে যিখিনি মানুহক ভাৰত চৰকাৰে ৰেল লাইনৰ কাষে কাষে সংস্থাপিত কৰিছিল, সেই মানুহখিনিৰ হাতত চৰকাৰে বন্দুক-বাৰুদ দি ৰাখিছিল৷ দিয়াটোও হয় বাৰু! গতিকে, সেইখিনি সময়ত যি ভয়াৱহ পৰিৱেশৰ ৰচনা হৈছিল, ১ নং ওৱাৰ্ডত নগা উগ্ৰপন্থীক ধৰি কিন্তু অসম পুলিচৰ হাতত গতাই দিয়াৰ ঘটনাও ঘটিছিল, সেয়া কিন্তু সেই গোৰ্খা এক্স আৰ্মীখিনিৰ জৰিয়তেই হৈছিল৷ গতিকে, সীমান্ত ৰক্ষা কৰি আওপকীয়াকৈ হ’লেও আমাৰ ঠাইকণ আৰু আমাৰ ৰাজ্যখনক তেওঁলোকে সুৰক্ষা প্ৰদান কৰিছিল৷ এই গোটেইখিনি কথাৰ লগত লাগিয়েই তেওঁলোকৰ প্ৰতি মোৰ অন্তৰত
বিশেষ এক সহানুভূতি গঢ় লৈ উঠিছিল যাক লৈ মই এই উপন্যাসখনি লিখিলোঁ৷

সাহিত্য ডট অৰ্গঃ এগৰাকী ঔপন্যাসিক নোহোৱাহ’লে সমাজখনৰ বাবে আপুনি নিজকে কেনেদৰে আগবঢ়াই নিলেহেঁতেন?

দীপামণি কোঁচ ভঁৰালী: এইটো কথা মই বাৰু ভবাই নাই৷ হয়তো, সময়ে মোক যেনেদৰে আগবঢ়াই নিলেহেঁতেন, সেই মতেই আগবাঢ়ি গ’লোঁহেঁতেন৷ তথাপি, সমাজখনৰ বাবে কিবা এটা কৰাৰ ভাবটোৱে অনবৰতে মোৰ মনৰ ভিতৰৰ পৰা যেন এটা হেঁচা দি থাকে৷ সেই কাৰণেই হয়তো লিখা-মেলাৰ উপৰিও কিছুমান সামাজিক সংগঠনৰ লগতো জড়িত হৈ আছোঁ৷ মানে, কিবা এটা কৰাৰ চেষ্টা কৰি আছোঁ আৰু!

সাহিত্য ডট অৰ্গঃ এতিয়া আন এটা কথা সুধিব বিচাৰিছোঁ, একোটা সৃষ্টিৰ আঁৰত মানুহৰ কিবা এটা বিশেষ কাৰণ লুকাই থাকে৷ যেনে, কিবা দুখ-বেদনাৰ পৰাই কিবা একোটাৰ সৃষ্টি হয় বুলি সাধাৰণতে কোৱা হয়৷ আপোনাৰ ব্যক্তিগত জীৱনত তেনেকুৱা কিবা আছে নেকি যাৰ পৰা নিজকে মুক্ত কৰিবলৈ বেলেগ এটা বাট, যেনে এই লিখাটোকে, আপুনি বাচি ল’লে?

দীপামণি কোঁচ ভঁৰালী: আচলতে, ইমান এটা সৰল জীৱন মই কটোৱা নাই বাৰু! যথেষ্টখিনি সংঘাতৰ মাজেৰেই পাৰ হৈ আহিছোঁ৷ উপৰুৱাকৈ চাবলৈ হ’লে, দূৰৰ পৰা চাবলৈ গ’লে, মোৰ জীৱনটো সৰল যেনেই লাগে৷ কিন্তু, তাৰ মাজতো এনেকুৱা কিছুমান কথা বা ঘটনাৰ সন্মুখীন হৈছোঁ যিবোৰ আজিলৈকে কাকো ক’ব পৰা নাই, বুজাবও পৰা নাই৷ কিন্তু, মোৰ মনৰ মাজত এনেকুৱা কিছুমান অনুভৱৰ সৃষ্টি হৈছে যিখিনি চেপি-খুন্দি ৰাখোঁতে ৰাখোঁতে এটা সময়ত মই প্ৰায় অন্তৰ্মুখী হৈয়ে গৈছিলোঁ। মানুহৰ লগত মিলিব নোৱাৰা ধৰণৰো হৈ গৈছিলোঁ৷ সেয়া ভালখিনি দীঘলীয়া সময়েই আছিল বাৰু! সেয়া মোৰ জীৱনৰ এক জটিল অধ্যায় বুলিবই পাৰি৷ সেই সময়তে এদিন কিবা এটা প্ৰসঙ্গত হোমেন বৰগোহাঞি ছাৰক ফোনতে লগ পাই গৈছিলোঁ৷ তেওঁৰ লগত মোৰ সেই মানসিক অৱস্থাটোৰ বিষয়ে আলোচনা কৰোঁতে ছাৰে মোক এটা উপায় দিছিল যে তুমি লিখিবলৈ লোৱা! তোমাৰ মনত থকা ভাবখিনি বা মনৰ সংঘাতখিনি বা বেদনাখিনি বা অন্য কথাও তুমি বুজাব পাৰা বা নিজকে পাতল কৰিবলৈ কিবা এটা পথ বিচাৰি পাব পাৰা৷ তেতিয়া, মই ঠিক তেনেকৈয়ে আৰম্ভ কৰা আৰু!


সাহিত্য ডট অৰ্গঃ আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে আমাক অলপ জনাবনে?

দীপামণি কোঁচ ভঁৰালী: ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে ইমান মুকলিকৈ কৈ নিদিওঁ যদিও ইংগিত এটি অৱশ্যে দিব পাৰোঁ৷ মানে, বৰ্তমান সমাজখনত ড্ৰাগছৰ যি প্ৰভাৱ, ইয়াৰ যি ভয়াবহতা, প্ৰধানকৈ নতুন প্ৰজন্মৰ প্ৰতি, সেইটোৰ ওপৰতে লিখাৰ কথা এটা ভাবিছোঁ৷ কামটো আৰম্ভও কৰিছোঁ। আৰু এখন উপন্যাসৰ পৰিকল্পনাও কৰি আছোঁ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ ওপৰত, অসমৰ সংস্কৃতিৰ মেইন ষ্ট্ৰীম বুলি ক’লে যিটোক বুজায় আৰু! অৱশ্যে, এই বিষয়ে এতিয়াই বৰ বিশেষ একো এটা নকওঁ আৰু! ইংগিতটোহে দি থৈছোঁ৷


সাহিত্য ডট অৰ্গঃ এগৰাকী ঔপন্যাসিক তথা শিক্ষয়িত্ৰীৰূপে আপুনি সুখী নে?

দীপামণি কোঁচ ভঁৰালী: জীৱনত মোৰ বিশেষ কোনো উচ্চাকাংক্ষা নাই। আচলতে, কাৰোবাৰ কাৰণে কিবা এটা কৰিব পাৰিলেই মই সুখী হৈ পৰোঁ। শিক্ষক হিচাবেও মোৰ দুখ বা আক্ষেপ নাই। শিক্ষক হ’বলৈ পাই মই সুখীয়েই হৈছোঁ। অৱশ্যে, তাৰ মাজতো কেতবোৰ কথা থাকে। এনেধৰণৰ কথাৰ বাবে কেতিয়াবা অৱশ্যে অন্তৰ্দ্বন্দ্বৰ সৃষ্টি নোহোৱাকৈয়ো নাথাকে। মোৰ মনত নিহিত হৈ থকা অন্তৰ্দ্বন্দ্ববোৰ লাঘৱ কৰাৰ মানসেৰেই আচলতে মই কলম তুলি লৈছিলোঁ।

সাহিত্য ডট অৰ্গঃ উপন্যাস এখনৰ চৰিত্ৰায়ণৰ সময়ত লেখকৰ চৰিত্ৰটিও ফুটি উঠা দেখা যায়। আপুনি যদিও বাস্তৱ জীৱনৰ ঘটনাসমূহ আপোনাৰ উপন্যাসৰ আধাৰ হিচাবে গ্ৰহণ কৰে, তথাপি উপন্যাসৰ চৰিত্ৰ সৃষ্টিৰ মাজেৰে আপোনাৰ ব্যক্তিত্ব অথবা আপোনাৰ সত্বাও ফুটি উঠে বুলি আপুনি অনুভৱ নকৰেনে?

দীপামণি কোঁচ ভঁৰালী: তেনেধৰণৰ অনুভৱ এটি মোৰ হয়। কেতিয়াবা কোনো এটা চৰিত্ৰ অঙ্কণ কৰাৰ সময়ত লেখক হিচাবে মোৰো ব্যক্তিত্ব অথবা মোৰ চৰিত্ৰ তাত উদ্ভাসিত হয়। মোৰ প্ৰথমখন উপন্যাসৰ ক্ষেত্ৰত মই এই কথাটি বেছিকৈ উপলব্ধি কৰোঁ। সেই উপন্যাসখনত মোৰ নিজৰ জীৱনৰ ছাঁ পৰা যেন প্ৰায়েই অনুভৱ কৰোঁ।

সাহিত্য ডট অৰ্গঃ এগৰাকী ঔপন্যাসিক হিচাবে আপুনি খ্যাতি অৰ্জন কৰিছে। উপন্যাস সৃষ্টিৰ সৈতে নিশ্চয় আপোনাৰ বহু স্মৃতি অথবা ঘটনাও সাঙোৰ খাই আছে। উপন্যাস লিখাৰ সময়ৰ তেনেধৰণৰ বিশেষ কিবা ঘটনাই আপোনাক আজিও স্মৃতিকাতৰ কৰি তোলে নেকি?

দীপামণি কোঁচ ভঁৰালী: তেনেধৰণৰ বহু ঘটনাই মোৰ মনত দোলা দি যায়। ‘ৰ’ড’ডেণ্ড্ৰণৰ তেজে ধোৱা সাধু’ নামৰ উপন্যাসখন পঢ়ি গুৱাহাটীত বাস কৰা প্ৰাক্তন সৈনিক এগৰাকীয়ে চকুলো টুকিছিল বুলি মোক কৈছিল। সেই কথাটোৱে লিখি থাকিবলৈ মোক সদায়ে প্ৰেৰণা যোগাব। একেদৰে, ‘নৰ্থ ইষ্ট নাও’ৰ সাংবাদিক বন্ধু এজনে মোৰ উপন্যাসখন পঢ়ি তাৰ দ্বিতীয় খণ্ড এটা লিখি উলিয়াবলৈ টানি অনুৰোধ জনাইছিল। তাৰ বাবে লাগতিয়াল তথ্যসমূহো তেওঁ মোক যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। বহু পঢ়ুৱৈয়ে মোৰ ‘বৃহন্নলা’খন পঢ়ি কিন্নৰৰ বিষয়ে অধিক জানিবলৈ মোক আৰু এখন উপন্যাস লিখিবলৈয়ো অনুৰোধ জনাইছিল। এগৰাকী ঔপন্যাসিক হিচাবে এইবোৰেই হৈছে মোৰ সোণসেৰীয়া স্মৃতি।

সাহিত্য ডট অৰ্গঃ আপুনি উপন্যাস লিখাৰ সময়ত কোনো বিশেষ লেখকৰ দ্বাৰা উৎসাহিত হৈছিল নেকি?

দীপামণি কোঁচ ভঁৰালী: হয়, বাংলা লেখক সুনীল গঙ্গোপাধ্যায়ৰ লেখাই মোক আকৰ্ষিত কৰে। তেখেতৰ উপন্যাসসমূহ মোৰ প্ৰিয়। তেখেতে পৰিৱেশ এটি সৃষ্টি কৰাৰ কলাক এগৰাকী পঢ়ুৱৈ হিচাবে মই সদায়ে প্ৰশংসা কৰোঁ। তেখেতৰ লিখাৰ শৈলীয়েও মোক আকৰ্ষিত কৰে। অৱশ্যে, মই উপন্যাস লিখাৰ সময়ত তেওঁৰ দ্বাৰা ব্যৱহৃত শৈলীটিৰ অনুকৰণ নকৰোঁ।

সাহিত্য ডট অৰ্গঃ উপন্যাস এখন লিখাৰ ক্ষেত্ৰত চৰিত্ৰসমূহক আপুনি আপোনাৰ নিয়ন্ত্ৰণত ৰাখি ভাল পায় নে চৰিত্ৰবোৰক নিজৰ মতেই আগবাঢ়ি যাবলৈ দিব বিচাৰে? কাহিনী এটা সৃষ্টি কৰাৰ সময়ত পঢ়ুৱৈৰ পচন্দ অথবা ৰস আস্বাদনৰ সম্পৰ্কত আপুনি কি ভাবে?

দীপামণি কোঁচ ভঁৰালী: আচলতে, মই লিখি থকাৰ সময়ত মনৰ সন্তুষ্টিৰ কথাটোতহে অগ্ৰাধিকাৰ দিওঁ। চৰিত্ৰসমূহে নিজ পচন্দ অনুসৰি আগবাঢ়ি গ’লেই মই ভাল পাওঁ। অৰ্থাৎ, উপন্যাস এখনৰ ঘটনা অথবা সমাপ্তিৰ কথা মই ভাবি নাথাকোঁ। কাহিনীয়ে যেনেদৰে বিচাৰে, তেনেধৰণেই মই উপন্যাস এখন আগবঢ়াই নিওঁ।

সাহিত্য ডট অৰ্গঃ বৰ্তমান সময়ত ইলেকট্ৰনিক বা চচিয়েল মিডিয়াত সাহিত্য চৰ্চা চলি আছে। এয়া সাহিত্যৰ বিকাশ আৰু প্ৰগতিৰ বাবে আৱশ্যক বুলি আপুনি ভাবেনে?

দীপামণি কোঁচ ভঁৰালী: নিশ্চয়। চচিয়েল মিডিয়া বা ইলেকট্ৰনিক মিডিয়াত সাহিত্য চৰ্চা হোৱা বাবে মই সুখী অনুভৱেই কৰোঁ। সাহিত্যৰ সামগ্ৰিক বিকাশৰ বাবে এয়া বৰ ভাল কথা। যিসময়ত অসমীয়া ভাষাৰ বিপদঘণ্টা বজা বুলি আমি এক শংকাত ভুগি আছোঁ, সেই সময়ত প্ৰিণ্ট মিডিয়া অথবা চচিয়েল মিডিয়াত হ’লেও সাহিত্যৰ চৰ্চা সমাজৰ বাবে এক শুভ লক্ষণ বুলিয়েই অনুভৱ কৰোঁ। ফেচবুকতে বহু লেখক-লেখিকা ওলাইছে। এনেধৰণৰ কথাবোৰে অসমীয়া সাহিত্যৰ বাবে এক উজ্জ্বল ভবিষ্যৎ কঢ়িয়াই আনিব পাৰিব বুলি মই দৃঢ়ভাবে বিশ্বাস কৰোঁ।

সাহিত্য ডট অৰ্গঃ বৰ্তমান সময়ত দেখা গৈছে, কিতাপ-পত্ৰ পঢ়া মানুহৰ সংখ্যা কম হৈ আহিছে। আমাৰ অনুজসকলে অসমীয়া সাহিত্যৰ চৰ্চা অব্যাহত ৰাখিবলৈ আমি কেনেদৰে কাম কৰা উচিত বুলি আপুনি ভাবে?

দীপামণি কোঁচ ভঁৰালী: এই ক্ষেত্ৰত অভিভাৱকসকলৰ দায়িত্ব অপৰিসীম। নিজ মাতৃভাষাৰ প্ৰতি সন্তানক আকৃষ্ট কৰিবলৈ তেওঁলোকে অহোপুৰুষাৰ্থ কৰা উচিত। অসমীয়া ভাষাৰ কিতাপ পঢ়িবলৈ নিজ সন্তানক অভিভাৱকসকলে উৎসাহিত কৰি তোলা উচিত। আমাৰ সন্তানসকলক আমি অসমীয়া সাহিত্য পঢ়া আৰু অসমীয়া গান শুনাৰ এক পৰিৱেশ সৃষ্টি কৰা যুগুত হ’ব। অৱশ্যে, প্ৰকাশক গোষ্ঠীসমূহেও অসমীয়া সাহিত্যৰ প্ৰকাশ আৰু প্ৰচাৰৰ বাবে চেষ্টা কৰিব লাগিব। পুৰণি তথা প্ৰসিদ্ধি লাভ কৰা অসমীয়া গ্ৰন্থসমূহৰ পুনৰ প্ৰকাশ আৰু প্ৰচাৰৰ ব্যৱস্থা কৰি আমাৰ উত্তৰ পুৰুষক আমাৰ কালজয়ী সাহিত্যৰাজি সম্পৰ্কে অৱগত কৰিব লাগিব।

সাহিত্য ডট অৰ্গঃ শিশু সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত আপোনাৰ কিবা পৰিকল্পনা আছে নেকি?

দীপামণি কোঁচ ভঁৰালী: হয়, দুটামান প্ৰকাশন গোষ্ঠীয়ে মোৰ সতে এই সম্পৰ্কে কথা পাতিছে আৰু ভৱিষ্যতলৈ এইক্ষেত্ৰত মই কাম কৰিম বুলি ভাবিছোঁ। পিছে, শিশুৰ বাবে গল্প অথবা উপন্যাস এখন লিখিবলৈ হ’লে লেখকে শিশুৰ মনোজগতখনত প্ৰৱেশ কৰিব পাৰিব লাগিব। সেয়েহে, অন্যান্য কৰ্মৰ পৰা আজৰি হ’লেহে এই বিষয়ত চিন্তা-চৰ্চা কৰিম বুলি ভাবিছোঁ।

সাহিত্য ডট অৰ্গঃ ধন্যবাদ বাইদেউ, সাহিত্য ডট অৰ্গক আপোনাৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

দীপামণি কোঁচ ভঁৰালী: হয়, ধন্যবাদ। আপোনালোকক তথা ‘সাহিত্য ডট অৰ্গ’ৰ সতে জড়িত থকা সকলো সদস্যলৈ ময়ো ধন্যবাদ জনালোঁ আৰু ই-আলোচনীখনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!