সম্পাদকীয়ঃ বজাৰ অৰ্থনীতি আৰু অসমীয়া ভাষা

লেখক- মণ্টু কুমাৰ বৰঠাকুৰ

অসমীয়া ভাষাৰ প্ৰতি এক ভাবুকি আহিছে বুলি সচেতন লোকসকলে আশংকা প্ৰকাশ কৰা প্ৰায়ে শুনিবলৈ পোৱা যায়। অনাগত দিনবোৰত ই অতি গুৰুত্বৰ ৰূপত প্ৰকাশ পাব বুলিও তেওঁলোকে ভাবে আৰু ইয়াৰ বাবে প্ৰধানকৈ ইংৰাজী ভাষাৰ প্ৰসাৰ আৰু প্ৰভাৱকে দায়ী বুলি তেওঁলোকে অভিহিত কৰে। সমান্তৰালভাৱে, ৰাজ্যখনত শেহতীয়াকৈ গঢ় লৈ উঠা বৃহৎ সংখ্যক ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ তথাকথিত সৰ্বগ্ৰাসী প্ৰভাৱৰ বাবেই আজিৰ নতুন প্ৰজন্মৰ অনেকেই নিজৰ নিজৰ ‘ভৱিষ্যত’ৰ স্বাৰ্থত মাতৃভাষা অসমীয়াক একাষৰীয়া কৰি থ’বলৈয়ো কুণ্ঠাবোধ নকৰা হৈছে। তাতে, ৰাজ্যখনৰ প্ৰশাসনিক ব্যৱস্থাটোৰ লগত জড়িত পৰীক্ষাটোতো অসমীয়া ভাষাৰ প্ৰশ্নকাকতখন বাধ্যতামূলক নোহোৱা কৰা বিষয়টোও বহু সময়ত চৰ্চাৰ বিষয় হৈ পৰা শুনিবলৈ পোৱা যায়।

এতিয়া আমাৰ বিচাৰ্য্য বিষয়টো হৈছে, ভাষা এটা আমি শিকিম কিয়? ভাষা এটা সংকটত পৰা বাবে ভাষাটোৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিয়েই কি আমি সেই ভাষাটো শিকিম বা চৰ্চা কৰিম নেকি? নে মাতৃভাষাটোৰ প্ৰতি থকা বা থাকিবলগীয়া আমাৰ নৈতিক দায়িত্বৰ দোহাই দিয়েই আমি ভাষাটোৰ চৰ্চা চলাই যাম?

এতিয়া, জীৱনৰ প্ৰায় প্ৰতিটো খোজতে বৰ্তমানৰ বজাৰ-কেন্দ্ৰিক অৰ্থনীতিৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ দেখা যায়। অন্ন-বস্ত্ৰ-বাসস্থানৰ বিষয়বোৰৰ পৰা আদি কৰি সাহিত্য-সংগীত-কলালৈকে সকলো ক্ষেত্ৰতে এই বজাৰ-অৰ্থনীতিৰ প্ৰভাৱ নুই কৰিব পৰা নাযায়। বজাৰ অৰ্থনীতি মানেই হৈছে, সহজ কথাত ক’বলৈ গ’লে, লাভ-লোকচানৰে এক হিচাপ। য’তে লাভৰ সম্ভাৱনা বেছি, তাতেই পুঁজিৰ পৰা সময়লৈকে সকলো বিনিয়োগ কৰিবলৈ মানুহ আগবাঢ়ি যায় আৰু ভৱিষ্যতেও যাব। কিন্তু, য’ত লাভৰ সম্ভাৱনা নাথাকে বা কম থাকে, তাত পুঁজি বা সময় একোৰে বিনিয়োগ কৰিবলৈ কোনো আগবাঢ়ি নাযায়।

আচলতে, ভাষাই হওক বা অন্য কোনো বিষয়েই হওক, তাৰ গুৰুত্ব নিৰ্ভৰ কৰে সদায় তাৰ উপযোগিতাৰ ওপৰতহে আৰু এই উপযোগিতাৰ ধাৰণাটো সদায় এক বজাৰকেন্দ্ৰিক লাভ-লোকচানৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে। মানে, আজিৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকেও চিন্তা কৰা বিষয়টি হৈছে মাতৃভাষা অসমীয়াত পঢ়া-শুনা কৰিলে ভৱিষ্যতটো কিমান সুৰক্ষিত হ’ব আৰু ইংৰাজীত পঢ়া-শুনা কৰিলে কিমান সুৰক্ষিত হ’ব৷ নিজ দেশতে বা সুবিধা অনুযায়ী বিদেশলৈ গৈ উচ্চ শিক্ষা লাভ কৰি বৈষয়িক জগতখনত ভৱিষ্যতে সু-প্ৰতিষ্ঠিত হ’বৰ বাবে মাতৃভাষা অসমীয়াই তেওঁলোকক সহায় কৰিব নে ইংৰাজী ভাষাটোৱে সহায় কৰিব৷

এতিয়া, যিটো ভাষাই আপোনাৰ ভাৱিষ্যতটো সুৰক্ষিত কৰিব পাৰিব বুলি আপুনি বিশ্বাস কৰিব, সেইটো ভাষাকে আপুনি শিকিব বা চৰ্চা কৰিব। এই ক্ষেত্ৰত আপোনাৰ জাতিগত আৱেগ বা দায়বদ্ধতাই বিশেষ কোনো প্ৰভাৱ পেলাব নোৱাৰিব বুলিয়েই আমাৰ দৃঢ় বিশ্বাস। ঠিক তেনেকৈয়ে, সাহিত্য-সংগীত আৰু কলাৰ ক্ষেত্ৰখনলৈয়ো যদি আপুনি দৃষ্টি দিয়ে, তেন্তে দেখিব, এজন লেখক বা শিল্পীয়ে সদায় হিচাপ কৰি চায়, আমাৰ অসমীয়া ভাষাৰ বজাৰখনৰ পৰিধি কিমান, অসমীয়াত লিখা কিতাপ এখনে কিমানখিনি পঢ়ুৱৈৰ কাষ চাপিব পাৰিব আৰু ইংৰাজী ভাষাত লিখা কিতাপ এখনে কিমানখিনি বজাৰ দখল কৰিবলৈ সুবিধা পাব৷ লগতে, যিসকলে ৰাষ্ট্ৰীয় বা আন্ত-ৰাষ্ট্ৰীয় বিভিন্ন বঁটা-বাহনৰ বাবে আকাংখ্যা কৰে, তেওঁলোকেতো নিসন্দেহে ইংৰাজী ভাষাটোকহে অগ্ৰাধিকাৰ দিব। কিবা স্বৰূপত মাতৃভাষাতে কিতাপ এখন লিখিলেও সেইখনৰ ইংৰাজী অনুবাদ এটিৰ বাবে প্ৰচেষ্টা চলাব।

ঠিক তেনেকৈয়ে, আজি অসমতে থাকি অসমীয়া গীত-মাতৰ চৰ্চা কৰি থকাজনে কিমানখিনি শ্ৰোতা-দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিব পাৰিব আৰু ইংৰাজী নহ’লেও হিন্দী গীত-মাতৰ চৰ্চা কৰাজনে কিমানখিনি শ্ৰোতা-দৰ্শকৰ সঁহাৰি লাভ কৰিব, এইবোৰ দিশ চালি-জাৰি চোৱাটো সময়ৰে এক দাবী বুলি ক’ব পাৰি কাৰণ আপোনাৰ অন্তৰত যিমানেই জাতি-প্ৰেম বা ভাষা-প্ৰেম নাথাকক কিয়, নিজৰ জীৱন আৰু জীৱিকা চলাই নিবৰ বাবে আপোনাক লাগিব এক নিৰ্দিষ্ট পৰিমাণৰ উপাৰ্জন আৰু এই উপাৰ্জনৰ খাতিৰতে আপুনি বজাৰ-অৰ্থনীতিৰ এক ‘সহজ চিকাৰ’ হ’বলৈ বাধ্য হ’ব।

আমাৰ মাতৃভাষাটোক ৰক্ষা কৰাৰ লগতে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ অব্যাহত ৰাখিবৰ বাবে আমি এতিয়া বজাৰ-অৰ্থনীতিৰ সূত্ৰ অনুযায়ীয়েই পদক্ষেপবোৰ ল’ব লাগিব। প্ৰথম কথাটো হৈছে, ভাষা এটাৰ অস্তিত্ব নিৰ্ভৰ কৰে ইয়াৰ কথিত ৰূপটোৰ ওপৰতে। গতিকে, আন দহটা ভাষা শিকিলেও বা ক’ব পৰা দক্ষতা আহৰণ কৰিলেও আমি আমাৰ ৰাজ্যত মাতৃভাষা অসমীয়াতে কথা-বাৰ্তা পতাৰ এক পৰম্পৰাৰ সৃষ্টি কৰিব লাগিব যাতে আমাৰ লগত যিকোনো ব্যৱসায়িক লেন-দেন কৰিবলৈ আগবাঢ়ি অহা অনা-অসমীয়া লোকসকলেও অসমীয়া ভাষাটো শিকিবলৈ এক প্ৰকাৰে বাধ্য হৈ পৰে। এই ক্ষেত্ৰত অৱশ্যে আমি কাৰো ওপৰত জোৰ-জুলুম কৰিব নালাগে বা পৰিস্থিতিগত কাৰণত অসমীয়া শিকিব নোৱাৰা একোজনক ধৰি-বান্ধি ৰাজহুৱাকৈ অপমান কৰি ‘জয় আই অসম’ ধবনি দিবলৈয়ো বাধ্য কৰিব নালাগে। ইয়াৰ বিপৰীতে, তেনে লোকৰ লগত আমাৰ ব্যৱহাৰ এনে বন্ধুত্বপূৰ্ণ হোৱা উচিত যাতে অসমীয়া ভাষাটো শিকিবলৈ তেওঁলোক স্ব-ইচ্ছাৰেই আগবাঢ়ি আহে। এই ক্ষেত্ৰত আমি আমাৰে চুবুৰীয়া মিজো লোকসকলৰ ভাষা-প্ৰেমক এক উদাহৰণ হিচাপে ল’ব পাৰোঁ কাৰণ দেখা যায়, তেওঁলোকে নিজৰ মাতৃভাষাৰ বাহিৰে ভাৰতৰ আন কোনো ভাষা ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত নহয়। অৱশ্যে, বিশেষ পৰিস্থিতিত তেওঁলোকে ইংৰাজী ভাষাটো ব্যৱহাৰ কৰে। ফলস্বৰূপে দেখা যায়, মিজোৰামত যিকোনো ব্যৱসায়িক লেন-দেন কৰিবলৈ হ’লে মিজো ভাষা কোৱাটো এক প্ৰকাৰে বাধ্যতামূলক আৰু এনেকৈয়ে তাত মিজোভাষাৰ অস্তিত্ব বৰ্তি আছে।

দ্বিতীয়তে, অসমত ঠাই আৰু অঞ্চল ভেদে অনেকটি উপভাষা আছে যদিও সৰ্বজনীন স্তৰত যিকোনো ব্যৱসায়িক লেন-দেনৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ অসমৰ মান্যভাষাটি নিৰ্বিবাদে ব্যৱহাৰ কৰাটো বৰ্তমান সময়ৰে এক দাবী বুলি ধৰিব পৰা যায়।

তৃতীয় কথাটো হৈছে এয়ে যে অসমীয়া ভাষাত লিখা কিতাপসমূহৰ বজাৰখন সুৰক্ষিত কৰাটো আমাৰে দায়িত্ব। অসমীয়া ভাষাত লিখা কিতাপসমূহ যদি অসমীয়া লোকেই ক্ৰয় নকৰে তেন্তে আন কোনে কৰিব? যদি অসমীয়া কিতাপৰ বজাৰখন লাভদায়ক নহয় তেন্তে অসমীয়া সাহিত্যৰ চৰ্চা কৰিবলৈ বা অসমীয়া ভাষা-সাহিত্যৰ কিতাপ প্ৰকাশ কৰিবলৈ কোন আগবাঢ়ি যাব? যদি অসমীয়া সাহিত্যৰ চৰ্চা কৰাৰ ক্ষেত্ৰত মানুহৰ উৎসাহেই নাইকিয়া হয় তেন্তে অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ সংকট নাহিব কিয়?

আন এটা গুৰুত্বপূৰ্ণ কথা এয়ে যে ভৱিষ্যতৰ সচেতন পঢ়ুৱৈ কিছুমানৰ সৃষ্টি কৰাৰ স্বাৰ্থত বৰ্তমানৰ শিশু আৰু চেমনীয়াসকলৰ মনত অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি এক আগ্ৰহ আৰু আৱেগ জগাই তুলিবৰ উদেশ্যে মনোগ্ৰাহী শিশু-সাহিত্যৰ সৃষ্টি কৰাটো আমাৰ সমুখত আহি পৰা এক জাতীয় দায়িত্ব বুলিয়েই ক’ব পৰা যায়। লগতে, অভিভাৱকসকলেও নিজৰ নিজৰ সন্তানসকলক মাতৃভাষা অসমীয়াতে শুদ্ধভাৱে কথা-বাৰ্তা পতা আৰু বৰ্ণাশুদ্ধিবিহীনভাৱে লিখা-মেলা কৰাৰ বাবে উৎসাহিত কৰাটোও অতি প্ৰয়োজনীয় হৈ পৰিছে। মানে, আমাৰ জাতিৰ স্বাৰ্থতে আমি এতিয়া বজাৰ অৰ্থনীতিৰ সূত্ৰসমূহ আমাৰ ভাষা-সাহিত্যৰ উন্নতিৰ বাবে প্ৰয়োগ কৰিবলৈ বাধ্য।

এই সংখ্যাটোৰ আঁৰত-

একাদশ বৰ্ষৰ একাদশ সংখ্যাটোৰ আঁৰত

‘সাহিত্য ডট অৰ্গ’ৰ একাদশ বৰ্ষৰ দশম সংখ্যাটিৰ (আহাৰ, ১৯৪৪ শকাব্দ) আঁৰত থাকি বিভিন্ন প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়োৱা সকলো সদাশয় ব্যক্তিলৈ সম্পাদকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।


লেখাসমূহৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰি সহযোগিতা আগবঢ়ালে শ্ৰীমৃদুল কুমাৰ শৰ্মা, কলচুম বিবি, উৎপলা কৌৰ আৰু শ্ৰীমণ্টু কুমাৰ বৰঠাকুৰে।
সাক্ষাৎকাৰ গ্ৰহণ আৰু অনুলেখন কৰি সহায় আগবঢ়ালে শ্ৰী অভিজিত দত্ত, শ্ৰী মণ্টু কুমাৰ বৰঠাকুৰ, তুষাৰ ৰঞ্জন কাশ্যপ আৰু জ্যোতিস্মিতা দেৱীয়ে।


কাৰিকৰী দিশত সহায়-সহযোগিতা আগবঢ়ালে ক্ৰমে শ্ৰীমৃদুল কুমাৰ শৰ্মা, বিকাশ দত্ত আৰু ড° দীপজ্যোতি বৰাই।

‘অসমীয়াত কথা বতৰা’ গোটৰ আমাৰ শ্ৰদ্ধেয় লেখক-লেখিকাসকল আৰু সদস্য-সদস্যাসকললৈও আমি বিশেষ কৃতজ্ঞতা জনালোঁ।
আন্তৰিক ধন্যবাদেৰে,

শ্ৰী মণ্টু বৰঠাকুৰ
মুখ্য সম্পাদক
সাহিত্য ডট অৰ্গ
একাদশ বৰ্ষ, একাদশ সংখ্যা
(আহাৰ, ১৯৪৪ শকাব্দ)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!