দায়িত্ববোধ

লেখক- সঞ্জীৱ কুমাৰ বৰা

“অৰ্পণা বাইদেউহঁতৰ ঘৰত যিটো ৱাশ্বিং-মেচিন আছে সেইটোত বেছি কিটিপ-কাটাপ নাই, প্ৰথমবাৰ চলোৱা মানুহেও পতকৈ শিকিব পাৰিব। তেনেকুৱা এটাহে চাব লাগিব।”
অচ্যুতৰ সমুখত থকা টেবুলখনত চাহকাপ থৈ প্ৰীতিয়ে ক’লে। হয়তো এই কথাখিনিৰ আগত প্ৰীতিয়ে আৰু কিবা কৈছিল। কিন্তু হাতত ম’বাইলটো লৈ একাণপতীয়াকৈ ‘ফুড ব্লগাৰ’জনৰ কথাখিনি শুনি থকা অচ্যুতৰ কাণত সেইখিনি নপৰিল।
” বাৰু, ঠিক আছে। “- অচ্যুতে চাহ কাপত শোহা মাৰিলে।
সি অলপ আচৰিতো হ’ল। তাৰ মনত থকাত কোনোদিনে সিহঁতৰ ৱাশ্বিং-মেচিন এটা কিনাৰ কথা আলোচনা হোৱা নাছিল। ৱাশ্বিং-মেচিন এটা নথকাৰ কাৰণে সিহঁতৰ কি কি অসুবিধা হৈছে সেই বিষয়েও আলোচনা হোৱা তাৰ মনত নপৰে। অচ্যুতে ৰাতিপুৱা দৌৰা-দৌৰিকৈ ওলাই যোৱাৰ সময়ত নিজৰ কাপোৰকেইটাকে ধুবলৈ নাপায় যদিও আবেলি ডিউটিৰ পৰা আহি প্ৰায়ে সি কাপোৰ ধোৱে। আৰু তেতিয়া নিজৰ কাপোৰৰ লগতে মুন্নাৰ দুই-এয়োৰ কাপোৰো ধোৱে। বন্ধৰ দিনবোৰতো সি সুবিধা পালেই ঘৰখনৰ নিত্য ব্যৱহাৰ্য্য কাপোৰ দুই-এপদ ধুই প্ৰীতিক সহায় কৰি দিয়ে। গতিকে হঠাৎ প্ৰীতিয়ে অৰ্পণা বাইদেউহঁতৰ নিচিনা ৱাশ্বিং-মেচিন এটা ল’বলৈ বিচৰা কথাটোত সি আচৰিত নোহোৱা প্ৰশ্নই নুঠে।
“বকুলে আজিকালি গাখীৰত বেছি পানী দিয়ে। ভালকৈ বনালেও চাহকাপ ভাল নহয়।” – নিজৰ চাহকাপ হাতত লৈ প্ৰীতিয়ে অসন্তুষ্টিৰে ক’লে।
অচ্যুতে একো মন্তব্য নিদিলে। এনেকুৱা প্ৰসংগবোৰত সি আজিকালি বিশেষ একো নকয়। চাহকাপ বেয়া হোৱা কথাটোত যদি সিও হয়ভৰ দিয়ে পিছদিনা ৰাতিপুৱা গাখীৰ দিবলৈ অহা বকুলক হয়তো প্ৰীতিয়ে খোলাখুলিকৈ কৈয়েই দিব, “তোমাকতো গাখীৰৰ পইচা দিয়াত আমি কোনোদিনে খেলিমেলি কৰা নাই, দিনে দিনে তোমাৰ গাখীৰ বেয়া হৈছে কিয়?” সেইটো শুনাৰ পাছতে বকুলে সেমেনা সেমেনি কৰি তলমুৱাকৈ গুচি যাব। তাৰ পাছত দুই এদিন গাখীৰ দিয়াত খেলি-মেলি কৰি কোনোবাদিনা সি একেবাৰেই গাখীৰ দিয়া বন্ধ কৰি দিব। সেইদিনা আবেলি অফিচৰ পৰা আহি গাখীৰ চাহ একাপৰ আশাত বোন্দাপৰ দি বহি থকা অচ্যুতৰ হাতত প্ৰীতিয়ে মুন্নাৰ ভাগৰ হৰলিক্স মিহলাই দেখাত গাখীৰ-চাহ যেন লগা নকলী গাখীৰ-চাহ একাপ তুলি দিব।.. না… না।.. এনেকুৱা বিতৰ্কিত বিষয়বোৰত মন্তব্য দিয়াৰ পৰা আঁতৰি থকাটোৱেই বুদ্ধিমান মানুহৰ কাম।
ফুড ব্লগাৰজনে চুৰাটৰ “স্পেচিয়েল মহাৰাজা পৰাঠা”ৰ স্বাদ সম্পৰ্কে বৰ্ননা কৰিলে। ইমান আকৰ্ষণীয়কৈ কথাখিনি ক’লে যে সাধাৰণতে পৰাঠা খাই বেয়া পোৱা মানুহেও বিশেষ মহাৰজা পৰাঠাৰ স্বাদ ল’বলৈ ব্যগ্ৰ হৈ পৰিব।
” পাঁচ-ছহেজাৰমান টকা মোৰ হাততো ওলাব।…. কাইলৈ পিছবেলা তোমাৰ বেলেগ কাম নাই যদি ওলাবাচোন, ঘোষ মাৰ্কেটত এল জিৰ নতুন শ্ব’ ৰূম এটা খুলিছে হেনো। তাতে চাম প্ৰথমে।”
মহাৰাজা পৰাঠাৰ প্ৰতি অচ্যুতৰ মনত সৃষ্টি হোৱা অনুৰাগখিনি নিমিষতে নোহোৱা কৰি বাস্তৱ পৃথিৱীলৈ ঘূৰাই আনিবলৈ প্ৰীতিৰ এইষাৰ বাক্যই যথেষ্ঠ আছিল।
ৱাশ্বিং-মেচিনৰ কথাটো ওলাইছিলেহে, তৎক্ষণাত কাইলৈকে শ্ব’ ৰূমলৈ যোৱাটোৱেই ঠিক কৰি পেলালে যে প্ৰীতিয়ে! নতুনকৈ খোলা এল জি ৰ শ্ব’ ৰূমটোৰ ওপৰতে খং উঠি আহিল তাৰ। ধনী ধনী মানুহবোৰে মন গ’লেই অমুক শ্ব’ ৰূম, তমুক শ্ব’ৰূম এগালমান খুলি অচ্যুতহঁতৰ নিচিনা পৰিয়ালবোৰলৈ সমস্যা কঢ়িয়াই আনে।… আৰে, সি দৰমহা পাই কিমান? সেইকেইটা টকাৰে ঘৰভাড়া লাইটৰ বিল, টিভি ৰিচাৰ্জ, ম’বাইল ৰিচাৰ্জ এইবোৰ নিয়মীয়া খৰচবোৰ কৰাৰ পাছত ঘৰ চলাবলৈ থাকে কেইটকা? বাইকৰ তেলৰ খৰচ, চিলিণ্ডাৰৰ দাম এইবোৰ হিচাপ কৰিলে মূৰ আচন্দ্ৰাই কৰাৰ ভয়ত সি হিচাপ কৰিয়েই নাচায়।
চৰকাৰে যেন অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰতিযোগিতা এখনহে আয়োজন কৰিছে! কোনে কিনিব পাৰিছে, কোনে খাব পাৰিছে তালৈ চৰকাৰৰ ভ্ৰুক্ষেপ নাই, লক্ষ্য কেৱল মূল্য বৃদ্ধিৰ!
ইফালে যোৱা বছৰেই পাবলগীয়া এৰিয়াৰটো এইবছৰো পোৱাৰ কোনো লক্ষণ নাই। সেইটো পোৱা হ’লেও সি অলপ সকাহ পালেহেঁতেন।
আগতে সি সৰু হৈ থাকোঁতে দেউতাকে কথাই কথাই মানুহক কৈছিল, “ইহঁতহাল অলপ ডাঙৰ হ’লেই আটাইকেইটা এবাৰ পুৰীখন চাই আহিমগৈ।”
কিন্তু টানি-টুনি সিহঁতক পঢ়ুৱাই-শুনাই ডাঙৰ কৰি থকা সময়ছোৱাত দেউতাকে সেই সপোনটো পূৰ কৰিবলৈ নাপালে। অচ্যুতৰ বায়েকক বিয়া দিয়াৰ পাছত হয়তো দেউতাকে নিজেও সেই সপোনটো পাহৰি পেলালে। সেয়েহে অচ্যুতে মাজে মাজে ভাবি থাকে মাক-দেউতাকৰ স্বাস্থ্য ভাল হৈ থাকোঁতেই ভাগিনিয়েকজনীৰ লগতে বায়েককো সিহঁতৰ লগতে লৈ পুৰীৰ পৰা এবাৰ আহিবগৈ।
পিছে কথাবোৰ অচ্যুতে ভবাতে থাকে। দুখন ঘৰ হোৱা বাবে সিহঁতৰ খৰচো অলপ বেছি হয়। সি আৰু প্ৰীতিয়ে মাক-দেউতাকক সিহঁতৰ লগলৈকে আনিবলৈ কেইবাবাৰো কৈ চাইছে। কিন্তু মাক-দেউতাক নাচোৰবান্দা। দেউতাকৰ চিধা কথা, “গাঁৱৰ সমাজখন আৰু নামঘৰটো এৰিব লাগিলে মই আধামৰা হৈ পৰিম। মাৰেও বাৰীখনত ইটো- সিটো কামত লাগি থাকে কাৰণে স্বাস্থ্য ভাল হৈ আছে। তহঁতৰ সেইখনত সোমালে আমি বেমাৰীহে হ’মগৈ। এতিয়ানো কি বেয়া হৈছে? মাহেকে-পষেকে তহঁত আহি থাকই। আমি আটাইকেইটা ভাড়াঘৰত সোমাই থাকিলে এইখন এৰাবাৰীহে হ’ব। আমাৰ একো অসুবিধা হোৱা নাই নহয়। দত্তহঁতৰ ঘৰৰ মিনতি বোলা ছোৱালীজনী দিনটোত এপাক হ’লেও আহেই, মাৰক ইখন-সিখন কামত লাগি দিয়েহি।”
মাক-দেউতাকে একো অসুবিধা হোৱা নাই বুলি ক’লেও সি সদায় অপৰাধবোধত ভোগে। বজাৰত ওলোৱা ভাল মাছ এটা কিনি আনি খাই থকাৰ সময়ত সদায় তাৰ শোকটোৱে খুন্দা মাৰি ধৰে। সদায় মাছ খাই ভালপোৱা দেউতাকে বা কি খাইছে? দিনটো অকণো জিৰণি নোলোৱাকৈ ইটো-সিটো কাম কৰি থকা মাকজনীৰ যদি ভাতকেইটা ৰন্ধাৰ সময়তে ভাগৰে হেঁচা মাৰি ধৰিছে?
সেইবোৰ চিন্তাই বেছিকৈ আমনি কৰিলে মোনা ভৰাই বজাৰ কৰি সি ঘৰ ওলাইগৈ।
মাকে খেচখেচনি আৰম্ভ কৰে, “দুটা মানুহক খাওঁতে কিমান বস্তু লাগেনো? সিদিনা অনা ঘিঁউ টেমাটোৰ আধাও যোৱা নাই, আজি আক’ এটা কেলে’ আনিলি?”
সি একো নকয়। মনে মনে তলমূৰকৈ থাকে।
কিবা এপদ বস্তুৰ দুটা দুটাকৈ কিনাটো তাৰ নিয়মেই হৈ পৰে। তাৰ মাজতো কেতিয়াবা পাহৰণতে কিছুমান বস্তু মাক-দেউতাকলৈ নিবলৈ পাহৰি যায়।
অলপ দিনৰ আগত মাক-দেউতাক ভাড়াঘৰলৈ আহোঁতে দেউতাকে মুন্নাই খোৱা ভীমভিটাৰ টেমাটোৰ লেবেলখন একান্ত মনে পঢ়ি থকা দেখি সি বৰ লাজ পাইছিল। পিছৰবাৰ ঘৰলৈ যাওঁতে দেউতাকৰ হাতত ভীমভিটাৰ টেমা এটা দি সি কৈছিল, “সিদিনা তহঁত যাওঁতেই এইটো দিম বুলি উলিয়াই থৈছিলোঁ, দিবলৈহে পাহৰিলোঁ।”
দেউতাকে সেইটো সেইদিনাও ভালকৈ লিৰিকি বিদাৰি চাইছিল।
কোনোদিনে মাক-দেউতাকে অচ্যুতক অমুকটো লাগে বুলি কৈ পোৱা নাই। কি ক’ত নাই সিহে খুঁচৰি খুঁচৰি সুধি উলিয়াই। তেওঁলোকৰ কাপোৰ-কানিৰ হিচাপ অৱশ্যে প্ৰীতিয়েহে ৰাখে। বিহুৱে সংক্ৰান্তিয়ে তাই প্ৰথম শহুৰেক-শাহুৰেকৰ কি কি কাপোৰ-কানি প্ৰয়োজন হ’ব পাৰে সেইখিনি হিচাপ-নিকাচ কৰিহে বাকী বজাৰ-সমাৰৰ লিষ্ট তৈয়াৰ কৰা হয়।
ইমানখিনি কথা বুজি পোৱা প্ৰীতিৰ হঠাৎ ৱাশ্বিং-মেচিন এটাৰ প্ৰতি ইমান আগ্ৰহ হ’লনে? দুয়োখন ঘৰৰ কাৰণে ৱাশ্বিং-মেচিনটোতকৈ বেছি লাগতিয়াল আৰু বহুত বস্তু ল’বলগীয়া হৈ আছিল।
সেই কথাটোতো তাই ভাবিব পাৰিলেহেঁতেন! ইয়াত সিহঁত ডেকা-গাভৰুহালে ৱাশ্বিং-মেচিনত কাপোৰ ধুব আৰু গাঁৱত বুঢ়ী মানুহজনীয়ে কাপোৰ থুকুচি থাকিব! কথাটো ভাবিয়েই কিবা লাগি গ’ল তাৰ!
” একো নক’লা যে তুমি? কাইলৈ পিছবেলা আজৰি পাবা নে?” – প্ৰীতিৰ মাতত তাৰ ভাৱনাত যতি পৰিল।
” হাঁ… অঁ…. চাওঁচোন।”
” চাওঁচোন নহয় ভালকৈ কোৱা। পৰহিলৈ দেওবাৰ। সেইদিনাই গাড়ী এখন ভাড়া কৰি সেইটো থৈ আহিমগৈ। পিছৰ দেওবাৰটোত গাঁৱলৈ যোৱা নহ’বই, সোমবাৰে অহল্যা নবৌৰ ভতিজাকৰ বিয়া, মোক বিয়া কেইদিন অলপ সহায় কৰিবলৈ কৈ থৈছে।” – প্ৰীতিয়ে কৰ্তৃত্বৰ সুৰত ক’লে।
” ৰ’বাচোন । মেচিনটো দি থৈ অহাৰ কথা ক’লা যে? মানে …? “
” হে’ প্ৰভু, অথনিৰে পৰা কি কৈ আছো্নো? ম’বাইলটো পালে একো কথাতেই গুৰুত্ব নিদিয়া তুমি। ” প্ৰীতিয়ে খঙতে ভোৰভোৰাবলৈ আৰম্ভ কৰিলে।
” মানে কথাটো ভালকৈ কোৱাচোন। “
” আজি কাপোৰ ধুবলৈ লওঁতে মা বাথৰূমত পিছল খাই পৰিছিল। ভাগ্য ভাল সেই সময়ত মিনতিও মাৰ ওচৰতে আছিল। থাপ মাৰি ধৰিলে তাই। আমাৰ ঘৰৰ বাথৰূমটো এনেও অলপ পিছল, সেইকাৰণে মাক ৱাশ্বিং মেছিন এটা লৈ দিয়াৰ কথা কৈছোঁ।… এইটো বয়সত যদি মা বাথৰুমত পৰে কমখন ঝামেলা হ’ব নে বাৰু!” ◾

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Nilom Pegu
1 year ago

So nicely sir

Don`t copy text!