নিষ্কাম ভকতি

লেখক- চিত্তৰঞ্জন ওজা

ফাগুণ আহিল মানেই মই বন্ধু-বান্ধৱৰ আগত বৰপেটাত পালন কৰি আহা দেউলৰ বিষয়ত দীঘলীয়া ভাষণ দিওঁ। বন্ধুবোৰৰ কিছুমানে আগ্ৰহেৰে শুনে। কিছুমানে অলপ বিৰক্তি বোধ কৰে। এইবাৰ দৌলৰ ঠিক আগে আগে এটা প্ৰবন্ধ লিখিলোঁ, জীৱনত এবাৰ হ’লেও বৰপেটাৰ দৌল কিয় চাব লাগে। বাতৰি কাকতত প্ৰকাশ হোৱাৰ লগে লগে বন্ধু মহলত বিশেষ উৎসাহ দেখিবলৈ পালোঁ। সত্ৰ নগৰীত ভক্তি ৰসেৰে আপ্লুত হৈ আবিৰ আৰু হোলী গীতত মতলীয়া হ’বলৈ কাৰ নো মন নাযায়? তাতে বৰপেটাবাসীয়ে দেউলৰ সময়ত আলহীক ভগৱান জ্ঞান কৰে। দহ গৰাকী বন্ধু-বান্ধৱী দেউলৰ শেষ দিনাখন অৰ্থাৎ সুৱেৰিৰ দিনা বৰপেটালৈ ওলাল। সিহঁতক লৈ কীৰ্ত্তন ঘৰ উপস্থিত হৈয়ে দেখিবলৈ পালে চাৰিওপিনে দল বান্ধি কেৱল হোলী গীত গাই আছে। কোনোবা দলে যদি গাইছে “আজি ৰঙে ৰঙে একাকৰ, আহা ভাই খেলো হোলী মিলি সৱে প্ৰাণে প্ৰাণ“ আন কোনোবা দলে গাইছে “গোকুল মাজে, আজিহে গোকুল মাজে মধুৰ মুৰুলী বাজে।”
কীৰ্ত্তন ঘৰত হেজাৰ হেজাৰ ভক্তৰ মাজত আনন্দত মতলীয়া হৈ থকাৰ মাজতে আমাৰ আৰম্ভ হ’ল আড্ডা। ৰঙা ডিম আৰু আলু ভাজিৰ সোঁৱাদ লৈ থাকোঁতে এটা বিষয়ত আমাৰ মাজত চলিল বিতৰ্ক।
প্ৰতুলে প্ৰথমে উলিয়ালে বিষয়টো। “বৰপেটা সত্ৰৰ কেৱলীয়া ভকত আৰু বাপ সকল নিষ্কাম ভক্তিত বিশ্বাসী একোজন সিদ্ধ পুৰুষ। “ সি এনেই থিওৰিত বিশ্বাসী মানুহ। তাৰ পৰা তেনে মন্তব্যই আশা কৰিব পাৰি।
নিলয় হ’ল প্ৰেক্টিকেল। গতিকে সি বাস্তৱৰ লগত সংগতি ৰাখি ক’লে, “ই কেনেকৈ সম্ভৱ? গোটেই সমাজত দেখা দিয়া নৈতিক স্খলন আৰু দুৰ্নীতিৰ গ্ৰাসৰ পৰা সত্ৰৰ ভকতবোৰ আঁতৰি থাকিব নোৱাৰে। “
“দুই-এজন হয়তো নিষ্কাম ভক্ত থাকিবও পাৰে। “ পূৰৱী দুই পিনে তাল মিলাই কথাষাৰ ক’লে।
“আমি যে বিচাৰো নিষ্কাম ভকতি, দিনে নিশাই নাম-প্ৰসঙ্গ কৰি সত্ৰখন চলাই নিয়া ভকত বৃন্দৰ বাবে ভাত দুমুঠিৰ কি ব্যৱস্থা কৰিছো? তেওঁলোকে কেৱল সত্ৰৰ সেৱা আগবঢ়াই জীৱন নিৰ্বাহ কৰিলে সংসাৰ চলিব নে? পত্নী, সন্তানৰ দায়-দায়িত্ব পালনৰ বাবে প্ৰয়োজনীয় খৰচ ক’ৰ পৰা বহন কৰিব? “ হৰিহৰে সমস্যাৰ ৰুট কজ উলিয়াবলৈ চেষ্টা কৰিলে।
তৰ্ক-বিতৰ্কৰ পৰা এৰাই সকলোকে সত্ৰৰ সমীপতে থকা ভকত এজনৰ ঘৰলৈ লৈ গ’লোঁ। ভাবিলোঁ ইহঁতে সত্ৰৰ ভকত এজনক নিজ চকুৰে চাই লওক। বাস্তৱ ছবিখন দেখা পাব।
একেবাৰে সাধাৰণ ঘৰ এটা, হয়তো অৰ্ধ শতক পুৰণি। এখন ধুতি আৰু বনিয়ন পিন্ধি আছে ভকতজনে। তেখেতক সেৱা জনালোঁ, ভৰিত আৰু মুৰত আবিৰ চটিয়ালোঁ। আমি সকলো তেখেতৰ সন্মুখত বহিলোঁ। মই অনুৰোধ জনালোঁ আমাৰ আগত তেখেতৰ জীৱন কাহিনী ক’বলৈ।

মাঘৰ দোমাহীলৈ দুটাদিনহে বাকী। ৰংপুৰ হাটীৰ বাপধনহঁতৰ গাত তত নাই। নখান্দা নদীৰ পাৰৰ পৰা খেৰ, বাঁহ বিচাৰি আনি মেজি সজোৱা, ভেলাঘৰ নিৰ্মাণ কৰা কত যে কাম। ৰাতিপুৱাৰ পৰা বাপধনহঁত লাগি আছে কামত। হাটীৰ বয়োজ্যেষ্ঠ সকলে কৈছে এইবাৰৰ মেজি বৃন্দাবন হাটীতকৈ ওখ হ’ব লাগিব। হাটীৰ সন্মানৰ কথা আছে। অকল বৃন্দাবন হাটী কিয় ২২খন হাটীৰ ভিতৰতে সৰ্বাংগ সুন্দৰ হ’ব লাগিব। সন্ধিয়া আকৌ থিয় নামৰ আখৰা আছেই। হাইটাৰ ঘৰৰ কাষত পাতিবলৈ লোৱা ভেলাঘৰত হাটীৰ সকলোৱে একেলগ হৈ সংক্ৰান্তিৰ দিনা এসাজ খোৱাৰ আয়োজনৰ দায়িত্বও বাপধনৰ ওপৰত। বৰদোমাহীৰ দিনা কীৰ্ত্তন ঘৰত মেজি জ্বলোৱাৰ পিছত থিয় নাম গাব লাগিব। তাৰ পিছত নাম গাই গাই হাইটাৰ ঘৰলৈ আহিব লাগিব, প্ৰতিটো পৰিয়ালে সেৱা আগবঢ়াব, হাটীৰ সকলোৰে উপস্থিতিত মেজি জ্বলাব, বয়োজ্যেষ্ঠ ভকতজনে সকলোকে আশীৰ্বাদ কৰিব। তাৰ পিছত প্ৰসাদ বিতৰণ। বাপধনে মাজে মাজে ভাবে এই নিয়মবোৰ কোনোবাই যেন লিখি থৈ গৈছে, প্ৰতিবছৰে নিয়মৰ হেৰফেৰ নোহোৱাকৈ কামবোৰ চলি থাকে। পিতাকে তাক এদিন কৈছিল, ধৰ্মীয় পৰম্পৰা ৰীতি-নীতি সমূহ বছৰ বছৰ ধৰি এনেদৰেই চলি থাকে।
ঘন পাঠকৰ সৰুপুত্ৰ সি। পিতাকক সত্ৰ নগৰী বৰপেটাৰ সকলোৱে চিনি পায়। পাঠক বংশৰ সকলো বংশধৰে লগহৈ কীৰ্ত্তন ঘৰৰ বাবে পাতি দিয়া পাঠক তেওঁ। সেয়েহে কীৰ্ত্তন ঘৰৰ নাম-প্ৰসংগৰ সকলো দায়িত্ব তেওঁৰ ওপৰত। তদুপৰি বিবাহ, মৃতকৰ সকাম আদিত নাম-প্ৰসংগৰ বাবে হাটীৰ মানুহে তেওঁলৈ নিমন্ত্ৰণৰ শৰাই আগবঢ়ায়। সেই নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰা নাযায়। মুষ্টিমেয় কেইজনমান ধনী মানুহ আছে এই ২২খন হাটীত। প্ৰাৰ্থনাৰ সময়ত যি দুপইচা আগবঢ়ায় তাৰেই সংসাৰ চলাবলগীয়া হয় তেওঁৰ। বাপধনৰ মাকে ঘৰৰ কামৰ বাহিৰেও শালত কাপোৰ বৈ দুই-এঘৰত বিক্ৰী কৰে, নহ’লে সংসাৰ নচলে। পাঁচটা সন্তানেৰে ঘৰখন চলোৱা বেছ টান কাম। দহ হাত মাটিত ঘৰটো তাৰ, আধিত খেতি কৰিবলৈ দিয়া মাটি অলপ আছে, তাৰ পৰা পোৱা চাউল খিনিৰে বছৰৰ আধাদিনো নোজোৰে।
বাপধন ঘৰ পাই মানে আবেলিয়ে হ’ল। ভোকত থাকিব নোৱাৰি মাকক চিঞৰি উঠিল, “বেটি ভাত দি সনকালতে। “
“কনপৰা বেলা ভাটি দিলাক, ঘৰ আইভা নৰা? ভাত খাবি ৰ’, তাৰ আগোতে তোৰ পৰীক্ষাৰ ৰেজাল শুনি লো। ই বাৰো তই ফেল মাৰলি। পিতেৰে আহকচুন তোৰ পিঠিৰ চামৰা খেদবো ৰ’। “
“মই পঢ়া-শুনা নকৰু, ডাক্তৰ-ইঞ্জিনিয়াৰো নহঙ। “
’ পঢ়াশুনা নকোল্লি কি কোৰি খাবি? আমি হে জানু কিমান কষ্টত ঘৰ চলে আছু। “
“বেটি ভাত খাবা দিবিনা সনকালে, ভুখোত মোৰবা ধোচ্ছু ইফালে। “
নৱম শ্ৰেণীত বাপধনে এইবাৰৰ সৈতে দুবাৰকৈ ফেল মাৰিলে। পঢ়াশুনাত মতি গতি নাই তাৰ। কিন্তু হ’লে কি হ’ব, আন কামত পাকৈত। থিয় নাম, ভাওনা, দৌলযাত্ৰাৰ সময়ত হোলী গীত আদি কীৰ্ত্তন ঘৰৰ লগত জড়িত কামবোৰত নিজকে ব্যস্ত ৰাখি ভাল পায় সি। তাৰ মাতটো বৰ সুৱলা। বৰগীত, ভাগৱত পাঠ সকলোতে সি আগ ভাগ লয়, সত্ৰৰ আই-বাপ সকলে তাক ভূয়সী প্ৰশংসা কৰে। কীৰ্ত্তন ঘৰৰ ওচৰতে ঘৰ তাৰ। হাড়িজানত গা ধোঁৱা, খট-খটিৰ পৰা পানীত জপিওৱা তাৰ বৰ প্ৰিয়। শ্ৰীকৃষ্ণৰ জন্মোৎসৱ, শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে পতা নাওখেলতো সি আগভাগ লয়। কীৰ্ত্তন ঘৰৰ চোতালত খেলি খেলিয়ে ডাঙৰ দীঘল হ’ল সি।
সন্ধিয়ালৈ বাপধন পিতাকৰ ভয়ত কুঁচি-মুচি বহি থাকিল। পিতাকে আহি বাপধনৰ পৰীক্ষাৰ খবৰ পালে।
“বাপধন, তই পাঠেক বংখৰ প্ৰতিনিধি হোই কিতাঙ ঘৰোৰ পাঠেক হবা লাগবো। মোৰ দেহাই টানবা নৰা হৈছে। অখুখে- বিখুখে হেঁচা মাৰি ধোচ্ছে। পাৰবি না তই? “ তাক মাতি পিতাকে ক’লে।
“ইস্কুলত যাবা নালগিলি তই যি ক’ তাকে কৰিম পিতা। “
“ৰাতিপুৱাই অলবি মোৰ লগত। “
পিতাকৰ মাৰ, গালি একোৱে নাপাই অলপ আচৰিত হ’ল সি।
পিছদিনাখনৰ পৰা বাপধনৰ শিক্ষা আৰম্ভ কৰাৰ কথা ঘন পাঠকে মনতে ভাবিলে। ভাতৰ পাতত বহিয়ে সত্ৰ প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈ সত্ৰৰ ইতিহাস বাপধনক ক’বলৈ আৰম্ভ কৰে।
তিনিও ৰাজ্যৰ বন্দনী এই বৰপেটা সত্ৰ। মহাপুৰুষ মাধৱদেবে ধৰ্মপ্ৰচাৰৰ সুবিধাৰ্থে অসমক তিনি ভাগত বিভক্ত কৰিছিল। উজনিৰ ফালে ধৰ্মপ্ৰচাৰৰ দায়িত্বত আছিল পদ্মআতা, মধ্যমখণ্ডৰ দায়িত্ব মথুৰাদাস বুঢ়াআতা আৰু নামনিৰ ফালে অৰ্থাৎ কোচবিহাৰলৈ দায়িত্বত মাধৱদেৱ নিজে। গুৰুজনাৰ আদেশ শিৰোধাৰ্য কৰি ১৫৯৪ চনত মথুৰাদাসক বৰপেটা সত্ৰৰ প্ৰথম অধিকাৰ হিচাপে অভিষেক কৰা হয়। ৪৭ বছৰ কাল তেওঁ সত্ৰৰ অধিকাৰ হিচাপে থাকে। তেওঁৰ সময়তে বৰপেটা নগৰক ২২খন হাটীৰে বিভক্ত কৰে। সত্ৰৰ কাম কাজবোৰ হাটীবোৰৰ মাজত ভগাই দিয়ে। সত্ৰৰ সেৱাইত কামবোৰ সুচাৰুৰূপে পৰিচালিত হোৱাৰ বাবে সত্ৰৰ কেৱলীয়া ভকতৰ উপৰিও বিভিন্ন বংশৰ ওপৰত ভাগ কৰি দিয়ে। গায়ন, বায়ন, সূত্ৰধাৰ, পাঠক, ওজা, ভঁৰালী, কাকতি আদি সকলো বংশৰ লোকসকলৰ বাবে বেলেগ বেলেগ কাম নিৰ্ধাৰণ কৰা হয়। আজিও সেই পৰম্পৰা বজাই ৰাখি উদাসীন ভকত সকলে আৰু বংশৰ লোকসকলে নীৰৱচ্ছিন্ন ভাৱে নিষ্ঠাসহকাৰে এই দায়িত্ব পালন কৰি আহিছে। এই কামৰ বাবদ বংশৰ প্ৰতিনিধি সকলক কোনো মাননি দিয়া নহয়।
“পিতা, একো মাননি নাপলি কি খাম? কুনি খুৱবো? “ বাপধনে আচৰিত হৈ সুধিলে।
“সমূহ ভকতৰ আশীৰ্বাদত তই একোৰে অভাৱ অনুভৱ নকৰবি। কিন্তু তই কাম, ক্ৰোধ, লোভ, মোহ আদিৰ পৰা দুৰোত থাকপা লাগবো। একান্ত চিত্তে ভক্তি সহকাৰে নাম-প্ৰসংগ কৰবি। ভগবানে তোক চোখু মেলি চাইবো। ভক্তি ৰখোত তই ডুবি থাকপি। দুজনা গুৰুৰ কৃপাত কৃষ্ণই তোক কুনো অভাবোত নাৰখে। । “
“তথাপি বিনা পইচাত এনকে কাম কৰাতু উচিত হবো না? “
“বৰ্তমানোক লগি সত্ৰই টাকা পইচা দিয়াৰ একো বেৱস্থা কৰা নাই। পাছোক লগি কৰাৰ আখাও নাই। কিন্তু পাঠেক হিচাপে সমূহ ভকতে সন্মান সহকাৰে আঁঠু লোই যি দক্ষিণা দেই তাতে তই সন্তুষ্ট হবা লাগবো। “
পাঠক বংশই যিহেতু বংশৰ দায়িত্ব ঘন পাঠকৰ ওপৰত অৰ্পণ কৰিছে, নিজৰ যোগ্য উত্তৰাধিকাৰী বাচি উলিওৱাৰ দায়িত্বও তেওঁৰ ওপৰতে। সেয়েহে নিজৰ পুত্ৰক ভালদৰে শিকাই-বুজাই ল’বৰ বাবে ঘন পাঠকে আগ বাঢ়িল। বাপধনৰ নতুন জীৱন আৰম্ভ হ’ল। ষোল্ল বছৰীয়া ডেকা ল’ৰা এজনে নিজৰ জীৱন সমৰ্পণ কৰিবলৈ ওলাইছে সত্ৰৰ লগতে সমূহ ভকতৰ সেৱাৰ নিমিত্তে।
প্ৰত্যুষতে উঠি বাপধনে নিত্যকৰ্ম সমাপন কৰি নতুন চুৰিয়া আৰু চেলেং গাত লৈ পিতাকৰ লগত ওলাল কীৰ্ত্তন ঘৰলৈ। মথুৰাদাস বুঢ়া আতাই প্ৰচলন কৰা চৈধ্য প্ৰসংগৰ পাঁচ প্ৰসংগ ৰাতিপুৱা, তিনি প্ৰসংগ আবেলি আৰু ছয় প্ৰসংগ সন্ধিয়া কৰা হয়। ৰাতিপুৱাৰ পাঁচ প্ৰসংগ পাঠ কৰিব লাগে পাঠক বংশৰ লোকে। বাপধনৰ শিক্ষা আৰম্ভ হয় প্ৰথমে জাগৰণ গীতেৰে।
“উঠা উঠা বাপু চান্দ বয়ন।
যশোৱা মাৱে ডাকে ঘনে ঘন।
উঠৰে উঠ বাপু! গোপালহে,
নিশি পৰভাত ভৈল। “
ইয়াৰ পিছত চলনৰ গীত: “গোৱিন্দ চলয়ে বিৰিন্দাবনে গোপ শিশু সঙ্গে ।” লগতে পুৱাৰ ভটিমা।
ইতিমধ্যে দুই-চাৰিজন ভকত আহি পালে। গুৰু আসনৰ সন্মুখত ঘন পাঠকে আৰম্ভ কৰিলে পুৱাৰ প্ৰসংগ।
“কৃষ্ণ হৰি ৰাম হৰি ৰাম এ ৰাম ৰাম,
অনন্ত অচ্যুত সনাতন নাৰায়ন প্ৰাণ। “
প্ৰসংগ শেষ হোৱালৈ সূৰ্য পূৱ আকাশত ভূমুকি মাৰিলে। ঘন পাঠক ঘৰলৈ বুলি ৰাওনা হয়। সন্ধিয়া প্ৰসংগ কৰিবলৈ পুনৰ আহিব লাগিব। শংকৰদেৱ অধ্যয়নাগাৰত আই-বাপ সকলক ভাগৱত আৰু কীৰ্ত্তনঘোষাৰ ভাঙনি কৰি শুনোৱা হয়। এই অধ্যয়নাগাৰ স্থাপন হোৱাৰ পৰা ইয়াতো তেওঁ দুটা মান ঘোষা পাঠ কৰিব লাগে। ভাঙনি কৰিবলৈ অধ্যয়নৰো প্ৰয়োজন। দুপৰীয়াৰ সময়কণো ব্যস্ত হৈ থাকিব লাগে। নিমন্ত্ৰণ থাকিলে এই সময়খিনিত লোকৰ ঘৰত প্ৰসংগ কৰা বা ভাগৱত পাঠ কৰা হয়।
ঘন পাঠকৰ এতিয়াও মনত পৰে কুৰি বছৰ আগত পিতাকে কেনেদৰে তেওঁক প্ৰশিক্ষণ দিছিল। ধনৰ অভাবত বিনা চিকিৎসাই ইহলীলা সম্বৰণ কৰিলে তেওঁ। সত্ৰৰ সমূহ ভকতৰ পৰা সহায়লৈ পিতাকৰ কাজ-কৰ্ম খেদায়। পিতাকৰ আদৰ্শৰে লোভ-মোহ সামৰি সত্ৰৰ সেৱা কৰ্মত ব্ৰতী হৈ আছে তেওঁ। অভাৱ-অনাটন, নানান ৰোগত শৰীৰৰ অৱস্থা দিনক দিনে পৰি আহিছে। প্ৰাত: কালতে স্নান কৰি কীৰ্ত্তন ঘৰত প্ৰসংগ কৰা তেওঁৰ বাবে টান হৈ পৰিছে।
এমাহৰ প্ৰশিক্ষণৰ অন্তত বাপধনে কীৰ্ত্তন ঘৰত নাম-প্ৰসংগ কৰিবলৈ সাজু হ’ল। পোন প্ৰথমে বুঢ়া সত্ৰীয়াৰ আশীৰ্বাদ লবলৈ পিতাকে তাক লৈ যায়। বুঢ়া সত্ৰীয়াৰ আগত বাপধনে সাষ্টাংগে প্ৰণিপাত কৰে। ঘন পাঠকে কয়, “অধিকাৰ বাপ, আশীৰ্বাদ কৰক ছোলি যাতে নিজোৰ কাম সম্পূৰ্ণ নিষ্ঠাৰে কোৰবা পাৰে। “
“ভগৱানে মঙ্গল কৰক, কুশলে ৰাখক। ভকতৰ সংগত সদায় থাকবি বাপু, সমূহ ভকতৰ আশীৰ্বাদ লৈ তই বহুত আগ বাঢ়ি যাবি। শ্ৰীকৃষ্ণই গীতাত উল্লেখ কৰা মতে স্থিতপ্ৰজ্ঞ হৈ চলবি, সংসাৰৰ মায়া-মোহে যেন একো কৰবা নৰে। মোৰ আশীৰ্বাদ থাকিল সকলো শাস্ত্ৰ জ্ঞান শিকবা পাৰবি। সমূহ ভকতোৰ আশীৰ্বাদোত একদিন তই ডেকা সত্ৰীয়াৰ আখনোত বইভা পাৰবি। । “
অধিকাৰৰ ভৰিৰ ধূলি শিৰত লৈ বাপধনে গুৰু আসনৰ আগত প্ৰসংগ আৰম্ভ কৰিবলৈ ল’লে। সেইদিনাই সি পিতাকক সুধিলে, “পিতা, ডেকা সত্ৰীয়া কেনেকে হ’বা পাৰি? “
“মথুৰাদাস বুঢ়া আতাই বৈকুণ্ঠ প্ৰাপ্তিৰ আগে আগে সত্ৰৰ উত্তৰাধিকাৰী নিজে নিৰ্বাচন নকৰি সমূহ ভকতক তাৰ দায়িত্ব দিয়ে। সেইদিন ধৰি আজিক লগি ডেকা সত্ৰীয়া আৰু বুঢ়া সত্ৰীয়া গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত হৈ আইছে। আগতে ভকতে হাত দাঙি, আজি কালি বেলট পেপাৰত ভোট দি নিৰ্বাচন কৰে। সি কাৰণে কুনিও নিজৰ ইচ্ছাত অধিকাৰ পদত বইভা নৰে, তাৰ যিমানে টাকা পইছা নাথাকক কিয়। বৰপেটাক বাদে অন্য কুনো ধৰ্মানুষ্ঠান নাপবি য’ত ধৰ্মৰ উত্তৰাধিকাৰীক গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচন কৰা হয়। “
“ইমান ডাঙাৰ কথা মই জানাই নাছিলু। “
“তাতোকৈ ডাঙৰ কথা আই-বাপ সকলোৱে ভোট দিবা পাৰে, মানে মহিলাৰ সম অধিকাৰ। “
“মথুৰাদাস বুঢ়া আতাই পাঁচশ বছৰ আগতে যি কথা চিন্তা কৰছিল আজিহে সিবিলাক চিন্তা কৰে দেশে বিদেশে। “
“সত্ৰৰ অধিকাৰ যদি নিৰ্বাচিত কৰা হয় সত্ৰৰ মালিক কুনি তেনেহলি। “
“সত্ৰৰ মালিক আমি সকলো সমূহ ভকতবৃন্দ। সকলোৰে সত্ৰত ভাগ আছে। সেইকাৰণে আমি যৎসামান্য গুৰুকৰ দিবা লাগে। “
“শুনবা পাইছু এই হাইটাৰ ঘৰ বিলাক বুঢ়া আতাই বানোইছিল? “
“মথুৰাদাস বুঢ়া আতাই প্ৰতিখেন হাটীত হাইটাৰ ঘৰ পাতছিল, মেল-মিটিঙৰ লগতে ভাগৱত পাঠ হাটীৰ মানুহে মন গেলি কৰবা পাৰা কৰি থৈছিল। আনকি প্ৰতিখেন হাটীত সৰু সৰু পুঁজি জমা কৰি ৰাখাৰ ব্যৱস্থা কৰছিল, কাবাৰ হঠাৎ টাকাৰ দৰকাৰ হলি যাতে ধাৰ ল’বা পাৰে। “
“বুঢ়া আতাক একেলগে শতবাৰ সেৱা কৰলু দে। “

চল্লিশ বছৰ পাৰ হ’ল। বাপধনে সত্ৰৰ পাঠক হিচাপে সেৱাৰ কাম চলাই আছে। সুদীৰ্ঘ চল্লিশটা বছৰ বহু ঘাট-প্ৰতিঘাটৰ মাজেদি পাৰ হ’ল। বাপধন পাঠক অবিবাহিত হৈয়ে ৰ’ল। পিতাকৰ মৃত্যুৰ পিছত মাকে বহুত চেষ্টা কৰিলে তাক বিয়াত বহিবলৈ মান্তি কৰাব। কিন্তু সি অলৰ-অচল হৈ ৰ’ল। সি কৈছিল, “মোৰ ওপৰত সত্ৰৰ বুঢ়া সত্ৰীয়া আৰু পিতাৰ আদেশ আছিল এক মন এক চিত্তে ভগৱানৰ নাম-প্ৰসংগ কৰা আৰু কাম-ক্ৰোধ, মায়া-মোহ নহকৈ চলবা। বিয়া পাতি সন্তান জন্ম দি সংসাৰৰ মায়া-মোহত সুমবা নুখুজু। “
মাকে কৈছিল, “স্বয়ং শংকৰদেৱে দুবাৰকে বিয়া পাতি সতি-সন্ততি জন্ম দিয়াৰ পিছতো গতেই জীৱন ভগৱানৰ চৰণত সেৱা কৰি থাকিল। তই বিয়া কৰে ভগৱানৰ সেৱা কৰবা কিয় নৰা? “
“মহাপুৰুষ শংকৰদেৱ হ’ল ভগৱানৰ অৱতাৰ, আমি হলু সাধাৰণ মানুহ। বিয়া কৰে খুৱম কি? পাঠেক হৈ কেই পোইচা পাউ? “
অবিবাহিত বাপধন পাঠকৰ দিনটো ব্যস্ততাৰ মাজতে পাৰ হয়। কীৰ্ত্তন ঘৰৰ পৰা আৰম্ভ কৰি হাটীৰ ঘৰে ঘৰে নাম প্ৰসংগ কৰি অন্য কাম কৰিবলৈ সময় উলিয়াব নোৱৰা হয়। সত্ৰখন একে ৰীতি-নীতি নিয়মৰ বান্ধোনেৰে বান্ধখাই চলি আছে। চৈধ্য প্ৰসংগ সময়ৰ ইফাল-সিফাল নোহোৱাকৈ চলি আছে। অক্ষয় বন্তি প্ৰজ্বলিত হৈ আছে নীৰৱচ্ছিন্ন ভাৱে। বাপধন পাঠকে লক্ষ্য কৰে কেৱল মানুহৰ মনবোৰ যেন সলনি হৈ গৈছে। যিমানে আধুনিকতাৰ প্ৰভাৱ পৰিছে সিমানে ভক্তি ভাৱ কমি গৈছে। নিষ্কাম ভকতি হেৰাই গৈছে। মনবোৰ কলুষতাৰে ভৰি পৰিছে।
কিছুদিন ধৰি সত্ৰৰ ভকতবৃন্দই আহি হেঁচা দিবলৈ ধৰিলে যে তেওঁ ডেকা সত্ৰীয়াৰ বাবে মনোনয়ন আগ বঢ়াব লাগে। টকাৰ প্ৰতি বা কোনো আসনৰ প্ৰতি মায়া-মোহ নাথাকিলেও সমূহ ভকতৰ ইচ্ছা পূৰণৰ অৰ্থে তেওঁ সৈমান হ’ল। নিৰ্বাচন খেলিবলৈ ধনৰ প্ৰয়োজন, তেওঁৰ যে নাই। যি কেইজনে ডেকা সত্ৰীয়াৰ বাবে মনোনয়ন দাখিল কৰিছে তাৰ ভিতৰত ঘোচখাই অজস্ৰ সম্পত্তিৰ অধিকাৰী মানুহো আছে। টকাৰ বিনিময়ত ভোট কিনিব পৰা ক্ষমতা আছে তেওঁলোকৰ। তথাপি ভাল মানুহো আছে বৰপেটা সত্ৰত। তেওঁলোকেই বিচাৰিছে বাপধন পাঠক ডেকা সত্ৰীয়াৰ পদত অধিষ্ঠিত হওক। কীৰ্ত্তন ঘৰৰ ধৰ্মৰ মুৰব্বী দুগৰাকী ভগৱানৰ একান্ত সেৱক হোৱাতো সমাজে বিচাৰে।
সেইদিনা কীৰ্ত্তন ঘৰৰ মঠৰ চোতালত তেওঁ সেৱা জনালে। মনতে সেই বুঢ়া সত্ৰীয়া বাপৰ কথা স্মৰণ কৰিলে, চল্লিছ বছৰ আগতে যিয়ে ভৱিষ্যৎ বাণী কৰিছিল বাপধনক দেখি। চল্লিছ বছৰে সত্ৰলৈ আগবঢ়োৱা সেৱাৰ বাবে তেওঁক ভোট দি জয়যুক্ত কৰাব নে? নে মানুহবোৰে ধনৰ টোপোলা দেখি আন কাৰোবাক ভোট দিব? জয়যুক্ত হৈ ডেকা সত্ৰীয়াৰ আসনত বহি তেওঁ পাৰিবনে বুঢ়া সত্ৰীয়া আৰু পিতাকক দিয়া সেই বচন ৰক্ষা কৰি চলিব? স্থিতপ্ৰজ্ঞ হৈ থাকিব? বাপধন পাঠকে তাকেই চিন্তা কৰি এটা ঘোষা গাবলৈ আৰম্ভ কৰে।
“ কৰুণাময় ৰাম কৰুণাময়
কৰিয়ো কৃপা যেন উচিত হয়। । “

সকলোৱে একান্ত বাধ্য ছাত্ৰৰ দৰে শুনি আছিল বাপধনৰ জীৱন কাহিনী। জানিবলৈ উৎসুক হৈ পৰিছিল ডেকা সত্ৰীয়া হবলৈ পালে নে তেওঁ।
বন্ধুসকলক সুধিলোঁ, “বৰপেটাৰ নিচিনা সত্ৰ এখনৰ সত্ৰাধিকাৰক তহঁতে কি ৰূপত দেখিবলৈ বিচাৰ। “
বন্দনাই তপৰাই মাত দিলে, “পাটৰ ধুতি, চেলেং, মূৰত মথুৰা-পাগেৰে সন্মুখত শৰাই এখন লৈ বহি থাকা এজন সুন্দৰ পুৰুষৰ ৰূপত। “
“দেখিবলৈ শুৱনি পুৰুষ এজনে শুভ্ৰ কাপোৰেৰে ঢাকি থোৱা আসনত বহি থাকিব। ভক্ত সকলে দুজন-চাৰিজন কৈ আহি এশ, দুশ বা পাঁচ শ টকাৰ নোট একোখন শৰাইত থৈ সত্ৰাধিকাৰৰ চৰণ চুব। সত্ৰাধিকাৰ প্ৰভুই আশীৰ্বাদ কৰিব। “ বান্ধৱী অঞ্জনাই নিজৰ ভাব প্ৰকাশ কৰিলে।
হাঁহি এটা মাৰি ক’লো, “ এই পাঠক বাপেই হ’ল বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া। “
সকলোৱে বিস্ময়াভিভূত হৈ পাঠক বাপলৈ চাই ৰ’ল।
পাঠক বাপে সত্ৰখন নিষ্কলংক, নিষ্পাপ ৰূপত চলাই নিবলৈ সৰ্বতো প্ৰকাৰে চেষ্টা কৰিব, কিন্তু কিমান দিনলৈ?

টোকা:
হাটী – চুবুৰি, হাইটাৰ ঘৰ – প্ৰতিটো হাটীত পতা সমজুৱা ঘৰ, বেটি- মা, সনকালতে- সোনকালে, কনপৰা – এটা গালি, আইভা- আহিব, ৰেজাল – ৰিজাল্ট, ফলাফল; নকোল্লি- নকৰিলে, কিতাঙ ঘৰ – কীৰ্ত্তন ঘৰ,
নৰা-নোৱাৰা, অলবি- ওলাবি, কুনি-কোনে, ছোলি-ল’ৰা, কোৰবা-কৰিব, আখনোত বইভা পাৰবি- আসনত বহিব পাৰিবি, নহকৈ- নোহোৱাকৈ, সুমবা-সোমাব

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!