হৃদয়

লেখক- যশোৱন্ত নিপুণ

চ’কটোত সৰুকৈ বজাৰ এখন বহে আজিকালি। নতুন চাহদোকানখনো মোটামুটি ভালেই চলিছে। বাইকখন ৰাস্তাৰ ছাঁ পৰা জেগা এটুকুৰাত থিয় কৰাই নৰেনে ফোনটো উলিয়ালে সময়টো চাবলৈ। দেখে, এটা মিচড্ কল, অফিচৰ লগৰ এজনৰ পৰা। ফোনটো কাণত লওঁ বোলোতেই ওচৰতে ৰাস্তাৰ বন উভালি থকা বুঢ়া এজনলৈ চকু গ’ল তাৰ। চাফা ধুতী-চোলা পিন্ধি মানুহজনে ৰাস্তাৰ কাষৰ বন কিয় উভালিছে, সেইটোহে সি ধৰিব নোৱাৰিলে। মানুহজনে তাৰ ফালে চালে। সি ফোনত অফিচৰ বন্ধুজনলৈ ‘কল’ লগালে।
“ম’বাইলত কাম কৰিছা নেকি?”
নৰেনে মূৰ তুলি চালে। বুঢ়াজন আহি তাৰ কাষত থিয় হৈছেহি। তাক যেন বহুদিনৰ পৰাই চিনি পায়, তেনেকুৱা চাৱনি এটা মানুহজনৰ দুচকুত।
“হয়।”
নৰেনে এইবাৰ লগৰজনৰ লগত কথা পতাত লাগিল।
“এইখন আমতল বজাৰ।” মানুহজন মামৰে ধৰা চাইনব’ৰ্ড এখন দেখুৱাই কৈছিল।
নৰেনে মানুহজনলৈ চাই এনেয়ে মূৰ দুপিয়ালে। সি বজাৰখনৰ নামটো জনা নাছিল। মামৰে ধৰা চাইনব’ৰ্ডখনো লক্ষ্য কৰা নাছিল। তাত মাত্ৰ পাঁচ-ছয়খনহে দোকান বহিছে আৰু আবেলি কেইজনমান শাক-পাচলিৰ বেপাৰী তাতে বহে। কেতিয়াবা দুজনমানে মাছো উলিয়ায়।
সেই সৰু বজাৰখনৰো নামকৰণ কেতিয়াবাই হৈ গ’ল তাৰ মানে। কথাখিনি ভাবোঁতে নৰেনৰ মুখত হাঁহি এটাই ঢৌ খেলি গ’ল।
“ইয়াতে ডাঙৰ আম এডাল আছিল।” বুঢ়াজনে অলপ ৰৈ আকৌ কৈছিল।
নৰেনে সেই আমজোপা কেতিয়াও দেখা নাছিল।
“আমি সৰু থাকোঁতেই এদিন বতাহ-বৰষুণত উভালি পৰিল।”
মানুহজনে আৰু কিবাকিবি কৈ থাকিল।
নৰেনে ফোনত মন দি গ’ল।
“আম কিন্তু আম আছিল দেই! ইমান সোৱাদ! খাই থাক, খাই থাক! গৰু চৰাবলৈ আহোঁতে আমি আমডালত উঠোঁ, আম পাৰোঁ, চকলিয়াওঁ, নিমখ-জলকীয়া দিওঁ, খাওঁ। আঃ!” মানুহজনে এইবাৰ দুটামান টকালি মাৰিলে।
নৰেনৰ ফোনত কথা পতা শেষ হ’ল।
“নবৌৱেৰাই কেঁচা আম ইমান ভাল পায়! কিন্তু, এতিয়া আমতলত আমডাল নাই।” মানুহজনে আকৌ ক’লে।
নৰেনে এনেয়ে অলপ হাঁহিলে। মানুহজন বোধহয় অলপ অপ্ৰকৃতিস্থ।
“চোৱা, পানী আহিছে।” মানুহজনে পানীৰে বগা হৈ যোৱা পথাৰখনলৈ দেখুৱাই ক’লে।
তিনি-চাৰিদিনৰ নেৰানেপেৰা বৰষুণে পথাৰখন ওপচাই পেলাইছে।
“হয়।” নৰেনে ক’লে।
“আমাৰ গাঁৱৰ ফালৰ পৰা পানী আহিছে।” মানুহজনে দূৰলৈ আঙুলিয়াই ক’লে।
“হয়।”
“জালখন লৈ আবেলি ওলাব লাগিব। শুদা ভাত নবৌৱেৰাই খাবই নোৱাৰে নহয়! মাছ-তাছ কিবা এটা লাগিবই। তুমিও ওলাবা নহ’লে মাছলৈ!”
“মই মানে” নৰেনে অলপ থেৰোগেৰো কৰিলে।
“তুমিতো নবৌৱেৰাক দেখাই নাই ইমান দিনে। কিয় খবৰ-পাতি নোলোৱানো এদিন? তাই কিমান ভাল পায় তোমালোক গ’লে।” মানুহজনে দুখেৰে ক’লে।
খপজপাই তেওঁ পিৰণ চোলাটোৰ জেপৰ পৰা ফটো এখন উলিয়ালে। “চোৱাচোন, চোৱা!”
বন্ধাই থোৱা সৰু ফটোখনলৈ নৰেনে চালে। পঞ্চাশ-পচপন্ন বছৰীয়া ধুনীয়া এজনী মহিলাই ফটোখনৰ পৰা মিচিকিয়াই আছে। মুগাৰ কাপোৰসাজে মানুহজনীক তুলি ধৰিছে।
“নবৌ বৰ ধুনীয়া।” নৰেনে ক’লে। ফটোৰ মানুহজনীক তাৰ বৰ সাদৰী যেন লাগিছিল।
“হাঃ হাঃ হাঃ।” প্ৰাণখোলা সন্তুষ্টিৰ হাঁহি এটা মাৰিলে মানুহজনে। “সকলোৱে কয়। বোলে, তোমাৰজনী পূৰ্ণিমাৰ জোন।”
“ক’বতো।”
“আৰু কি জানা, নবৌৱেৰাৰ হাতৰ ৰন্ধা যিয়ে খাইছে, সি বেলেগৰ ৰন্ধা খাবই নোৱাৰে নহয়! একেবাৰে লক্ষ্মী, অন্নপূৰ্ণা, বুজিছা?”
“হয়, হয়। মই এতিয়া যাওঁ দিয়ক! ইয়াতে অলপ মিঠাই কিনি ঘৰলৈ যাব লাগে সোনকালে।” নৰেনে চাহদোকানখনলৈ দেখুৱাই ক’লে। সি ফটকৈ ঘৰলৈ ঘূৰিব লগা আছিল।
“ময়ো এটা লালমোহন খাব পাৰিলে ভাল পালোঁহেঁতেন।” মানুহজনে উদাস সুৰত ক’লে।
“আহক, আহক আপুনিও।”
“নবৌৱেৰাই মিঠা নাখায়। ডায়বেটিছ আছে। কিন্তু, মাছ খাব পাৰে।”
নৰেনে দোকানৰ কাউণ্টাৰত বহা ল’ৰাটোক মানুহজনক লালমোহন এটা দিবলৈ ক’লে।
“আহক, ককা! বাহিৰত থিয় হৈ খাব নালাগে।” লালমোহনৰ প্লেটখন টেবুল এখনত থৈ বাহিৰত থিয় হৈ ৰোৱা বুঢ়াজনলৈ চাই ল’ৰাটোৱে ক’লে।
মানুহজনে চেণ্ডেলযোৰ খুলি ভিতৰলৈ আহিব খুজিলে।
“নালাগে, নালাগে, দাদা। চেণ্ডেল খুলিব নালাগে। এইটো নামঘৰ নহয় নহয়!” নৰেনে হাঁহি ক’লে।
বুঢ়া মানুহজনৰ টেবুলখনতেই আৰু দুজন বহিছিল। নৰেনে লক্ষ্য কৰিলে, বুঢ়াজনে খাই থাকোঁতে কিবাকিবি সুধি আছিল সেই দুজনক। তেওঁলোকেও সম্ভ্ৰমেৰে উত্তৰ দি গৈছিল। মানুহজন যে অপ্ৰকৃতিস্থ তেওঁলোকেও বুজি পাইছিল চাগে।
মানুহ দুজনক নমস্কাৰ জনাই বুঢ়াজন উঠি আহিল।
“এহ্! কি কথা? তোমাৰ বোলে খৰ ধৰহে। ইয়াতেই ৰৈ আছা দেখোন এতিয়াও।” দোকানৰ দুৱাৰমুখতে ৰৈ থকা নৰেনলৈ চাই তেওঁ হাঁহি এটা মাৰি ক’লে।
“যাওঁৱেই আৰু!” নৰেনেও সামান্য হাঁহি ক’লে। তাৰ মুখত এমোকোৰা তামোল। অলপ দূৰলৈ গৈ সি পিক পেলালে।
“সাৱধান, সাৱধান!” মানুহজনে ডাঙৰকৈ চিঞৰি উঠিল।
নৰেনে আচৰিত হৈ মানুহজনলৈ চালে। দোকানৰ ভিতৰৰ আৰু বাহিৰত ৰৈ থকা দুজনমানেও বুঢ়াজনলৈ চালে।
“এইফালে আহাঁ।” মানুহজনৰ মাতত আদেশৰ সুৰ।
নৰেন ওচৰলৈ গ’ল।
“এইটো চোলাত পিক পৰিলে মোৰ কেনে লাগিব কোৱাচোন?”
পাটৰ ধুনীয়া পিৰণ চোলাটোলৈ নৰেনে চালে।
“এইটো কি, জানা?”
“নাজানো দাদা। কওকচোন!”
“মোৰ বিয়াত পিন্ধা পিৰণ। কেনেকুৱা লাগিছে?”
“বৰ ধুনীয়া।”
“ঠিক কৈছা। নবৌৱেৰাই ঘিঁউ ৰঙৰ কাপোৰ এযোৰ পিন্ধিছিল। আহ্ সা সা সা! কি যে অপ্সৰা এজনী অ’! দেৱী! পূৰ্ণিমাৰ জোন!”
দোকানৰ সম্মুখতে চাৰিচকীয়া এখন ৰ’লহি। এজন ওখ-পাখ দেখনিয়াৰ ডেকা ওলাই আহিল। পিছে পিছে কপালত ৰঙা বেলি এটিৰে এজনী ধুনীয়া গাভৰু।
“দেউতা, আপুনি ইয়াতে! আপোনাক বহু বিচাৰিলোঁ আমি।” গাভৰুজনীয়ে মানুহজনৰ ওচৰলৈ গৈ উদ্বিগ্ন সুৰত সৰুকৈ ক’লে।
“তোমালোকৰো যে কাম আৰু! মই কিবা কেঁচুৱা নে যে মোক বিচাৰি ফুৰা? পিছে, মাৰা গাড়ীতেই বহি আছে নেকি? ওলাই আহিবলৈ নোকোৱা কিয়?” বুঢ়াজনে মিচিকিয়াই হাঁহি ক’লে।
“মা ঘৰতেই আছে দেউতা। অহা নাই।” ডেকাজনে ক’লে।
“মানুহজনীৰো যে কি হ’ব আৰু! খালি কাম, কাম, কাম। অলপো ফুৰিব, বাহিৰলৈ ওলাব নোখোজে। বৰ মস্কিল দেই!”
“এতিয়া যাওঁ ব’লা, দেউতা।” ডেকাজনে আকৌ ক’লে।
“মাৰালৈ কি লওঁ? ইয়াত সব মিঠা বস্তু। একো খাব নোৱাৰিব। মই লালমোহন এটা খালোঁ। ই দিলীপে খুৱালে।” নৰেনক দেখুৱাই বুঢ়াজনে ক’লে।
মানুহজনে তাক দিলীপ পাতি লোৱা বুলি নৰেনে ধৰিব পাৰিলে। মনে মনে তাৰ অলপ হাঁহি উঠিল।
“দিলীপে মোৰ লগত মাছলৈ যাব আজি। মাৰাই মাছ নহ’লে ভাতকেইটা গিলিবই নোৱাৰে নহয়।”
“মাছ আমি আনিছোঁৱেই, দেউতা।”
“ইস্ থৈ দিয়া বজাৰৰ মাছ! সেইবোৰৰো কিবা সোৱাদ আছে নেকি? পিছে, ইয়াৰ পৰা কি লওঁ মাৰাৰ কাৰণে?”
“নিমকি দুখনকে লওঁ নেকি দেউতা?” গাভৰুজনীয়ে মৰমেৰে সুধিলে।
“ঠিক, ঠিক। নিমকি খাব পাৰিব। ব’লা, লওঁ।”
বোৱাৰীয়েক আৰু বুঢ়াজন দোকানত সোমাল।
ডেকাজন নৰেনৰ ওচৰ চাপি আহিল। “আপুনি বেয়া নাপাব। দেউতাই বৰ দিগদাৰ কৰিলে কিজানি আপোনাক।”
“নাই, নাই। কিয় বেয়া পাম? এই বয়সত সকলোৰে এনেকুৱা অলপ হয়েই।” নৰেনে মানুহজনলৈ চাই আশ্বাসৰ হাঁহি এটা মাৰিলে।
“মা আৰু দেউতাই সকলো কাম একেলগে কৰে। ক’ৰবালৈ গ’লে একেলগে যায়। মানে আপোনাক কৈছোঁ, সদায় দুয়োটা একেলগে। দুবছৰমান আগতে মা ঢুকাল।”
“অ’ হয় নেকি? ইস্ বৰ দুখ লগা!”
“হয়। তাৰ পাছৰ পৰা দেউতাৰ অলপ মানে মূৰৰ ঠিক নোহোৱা হৈছে। মা নাই বুলি পাহৰিয়েই থাকে। সকলো সময়তে কেৱল মাৰ চিন্তা, মাৰ কথা।”
নিমকিৰ সৰু টোপোলা এটা লৈ বোৱাৰীয়েক আৰু মানুহজন নৰেনৰ ওচৰত থিয় হ’ল।
“পিছে দিলীপ, এতিয়া যাওঁ আমি। তুমি কিন্তু আবেলি সোনকালে ওলাবা! মাছলৈ অলপ সোনকালে যাব লাগিব।” মানুহজনে নৰেনৰ কান্ধত থপৰিয়াই ক’লে।
“হ’ব দাদা। চিন্তা নকৰিব।”
“নিমকিও ডায়বেটিছ বেমাৰীলৈ ভাল নহয়। কিন্তু, মই লালমোহন খাম, আৰু নবৌৱেৰাই শাক-ভাত খাই থাকিব, সেইটো কেনেকৈ হ’ব?”
“হয় দাদা। ঠিকেই কৈছে।”
তিনিওজনে গাড়ীখনত বহিলগৈ।
ৰাস্তাটোৰ ভাঁজ এটাৰ পিছত গাড়ীখন হেৰাই গ’ল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!