বাঢ়নী পানী
লেখক- স্বপ্নালী কলিতা
মোৰ প্ৰ-পিতামহৰ পৰা এতিয়ালৈকে
হাত-ভৰিত
একৈছটা আঙুলি গজা উদাহৰণ
কাৰো নাই
বিছটা আঙুলিৰে সকলো স্বয়ংসম্পূৰ্ণ
আৰু
এই আঙুলিবোৰ গজিবৰ সময়ত
মুদ্ৰা দিবৰ সময়ত
আনকি হক কথাত টোঁৱাবৰ সময়তো
কাৰো অনুমতি ল’ব লগা হোৱাৰ নাছিল
উদাহৰণ
ভাৰতৰ মাটিতে
ভাৰতৰ নিমখ খাবলৈ
যেতিয়া মুখখন গজিল
মুখৰ আকৃতি-প্ৰকৃতি
আদৱ-কায়দা
চলন-ফুৰণ
আটাইবোৰ হ’ল ভাৰতবৰ্ষৰ
দৰে
এদিন এদিনকৈ মুখখনৰ পাহ-পোখা
মেলিল
বিস্তৃত পৰিসৰ আবৰি ল’লে
ফলে-ফুলে হৈ পৰিল জাতিষ্কাৰ।
আৰু হৈ পৰিল–
”ধন্য ধন্য ভাৰত বৰিষ”
তেনে সুখ সমলয় উথলি
থাকোঁতেই উফন্দি উঠিল
ভাৰতৰ নদী-উপনদীবোৰ
তেতিয়াই জাতিষ্কাৰ মুখখন
মোৰ আঙুলি সহিতে
উটি গ’ল ভাৰতৰ
বাঢ়নী পানীত
’কোন ধুবুৰী’ত লাগি ধৰি শৱদেহ এটা
হৈ পৰি থাকিল মই নাজানিলোঁ
নাজানিলে ভাৰতবৰ্ষৰ
ধূলিবোৰেও
এতিয়া মোৰ থাকোঁতে
ডিঙি এটা আছে
সেই সময়তে গজা
ভাৰতৰ কলিজাৰ পৰা
ডিঙি ফুটি ওলাব লগা
মাতষাৰহে ভাগিল
কলিজাতে
থন্থন্কৈ
অন্যান্য শিতান
Menu
কবিতাটো পঢ়ি অভিভূত হৈ পৰিলোঁ।