মনোবিজ্ঞানৰ দৃষ্টিৰে সাম্প্ৰতিক সময়ৰ সামাজিক নেৰেটিভ!

লেখক- ৰথাংগ পাণি বৰুৱা

আমাৰ প্ৰায় সকলোৰে লগত এনেকুৱা নিশ্চয় এবাৰ হ’লেও হৈছে যে আমি কথা এটা এক ধৰণেৰে বিশ্বাস কৰি আহিছিলোঁ, পাছত আন এজন ব্যক্তিয়ে আমাক যদি কয় সেয়া আমাৰ ভুল আছিল (প্ৰমাণ সহকাৰে উল্লেখ কৰিলেও), আমি সহজে মানি ল’ব নিবিচাৰোঁ। নতুবা কেতিয়াবা এনেকুৱাও হয়তো হৈছে যে কিবা কথা এটাত কেইবাজন ব্যক্তিৰ কথাৰ মাজত তৰ্ক হৈ আছে, আপুনি সেয়া মিমাংসা কৰিবলৈ আগবাঢ়ি গৈছে, কিন্তু কিছু সময়ৰ পাছত আপুনি মিমাংসা কৰিবলৈ বাদ দি নিজেও সেই তৰ্কৰ অংশীদাৰ হৈ পৰিছে।
এনেকুৱা হোৱাৰ আৰঁৰ কাৰণবোৰ ‘ছ’ছিয়েল চাইক্যালযি’ (Social Psychology)অৰ্থাৎ ‘সমাজ মনোবিজ্ঞানৰ’ অন্তৰ্গত।

আমাৰ লগত কিবা এটা বেয়া হ’লে সাধাৰণতে আমি নিজকে কিছুমান মিছা আশ্বাস তথা বুজনি দিওঁ। সেই সমূহকে মনোবিজ্ঞানৰ ভাষাত ‘ডিফেঞ্চ মেকানিজম’ (Defense Mechanism) অৰ্থাৎ ‘আত্মৰক্ষা তন্ত্ৰ/ ৰক্ষাত্মক প্ৰতিক্ৰিয়া’ বুলি কোৱা হয়। যাৰ ফলত আমি কিছু সান্ত্বনা লাভ কৰোঁ। বহু ক্ষেত্ৰত এনেকুৱাও হয় যে, আমাৰ আত্মীয় এজনৰ ৰোগৰ পৰীক্ষাত জটিল ৰোগ ধৰা পৰিলে আমি প্ৰায়েই তাক অস্বীকাৰ (Denial) কৰোঁ আৰু অন্য এখন প্ৰতিষ্ঠানলৈ গৈ পুনৰ সেই পৰীক্ষা কেইটা কৰাম বুলি কওঁ। যেতিয়া এজন চিকিৎসকে কয় যে ৰোগীজনক বচাব পৰা নাযাব, তেতিয়া আমি বহুতেই অন্য চিকিৎসকৰ ওচৰলৈ লৈ যোৱাৰ কথা ভাবোঁ।
কোনোবা এখিনিত আমি জানো যে বেলেগত পৰীক্ষা কৰিলেও একেই ফলাফল ওলাব অথবা বেলেগ চিকিৎসকৰ ওচৰলৈ লৈ গ’লেও একেই কথাই ক’ব। তথাপিও আমি নিজকে সন্তুষ্ট কৰিবলৈ এনেকুৱা কৰোঁ বা মনতে ভাবি থাকো ৰিপোৰ্টত ভুল আহিছে, সেই চিকিৎসকজন ঠিক নহয়। অৰ্থাত আমি সত্যটোক অস্বীকাৰ কৰোঁ।
কেতিয়াবা দুৰ্ঘটনা সংঘটিত হ’লে আমি সেই দুৰ্ঘটনা সংঘটিত কৰা চালকজনক বেয়াকৈ প্ৰহাৰ কৰা দেখি আহিছোঁ। আমি “উৰহৰ খঙ ভগা ঢাৰিত কোবোৱাৰ” বিষয়ে শুনি আহিছোঁ। এইবোৰ একো একোটা ‘ডিফেঞ্চ মেকানিজম’ (Defense Mechanism) হয়।

আমাৰ কোনো এজন ব্যক্তিৰ ওপৰত খং উঠি আছে কিন্তু তেখেতক আমি একো ক’ব নোৱাৰোঁ। তেতিয়া সেই খং আন কাৰোবাৰ ওপৰত বহিৰ্প্ৰকাশ কৰাৰ উদাহৰণ অগণ্য (অফিচৰ খং ঘৰত ল’ৰা-ছোৱালীৰ ওপৰত উলিওৱা)।
আমি বহু সময়ত কোনো এটা ঘটনাৰ বাবে এটা নেৰেটিভৰ সৃষ্টি কৰি লওঁ। য’ত আমাৰ বিফলতা অথবা আমি কিবা এটা হেৰুৱালে তাৰ কাৰণটো প্ৰকৃত কাৰণৰ পৰা আঁতৰাই এটা বেলেগ কাৰণ হিচাপে চিহ্নিত কৰোঁ। সেয়া লাগিলে ‘জ্বৰৰ বাবে পৰীক্ষা বেয়া হোৱা’ৰ কথাই হওক অথবা শিয়ালৰ সেই টেঙা আঙুৰৰ কাহিনীয়েই নহওক কিয়।
এনে কৰিলে আমি কেতিয়াও প্ৰকৃত সত্যৰ মুখ নেদেখোঁ আৰু যিটো আমাৰ বাবে উপকাৰী হোৱাৰ বিপৰীতে অপকাৰী হে হয়।

কোনোবা এজন ব্যক্তি বিপদত পৰিলে, তেওঁৰ সৈতে যদি আমাৰ কোনোবাখিনিত মিল থাকে, তেওঁৰ যি বিপদ তেনেকুৱা পৰিস্থিতিৰ আমি ভুক্তভোগী, অথবা ভুক্তভোগী জনৰ সৈতে আমি যদি নিজৰ মিল দেখা পাওঁ কোনোবা খিনিত তেতিয়া আমি সেই ব্যক্তিজনক সহায় কৰিবলৈ আগবঢ়াৰ সম্ভাৱনা বাঢ়ি যায়। ঠিক তেনেদৰে কোনো এটা ঘটনাৰ প্ৰতিবাদ কৰিবলৈ বা যিকোনো সমজুৱা কামত আগবাঢ়িলে আমি সেই সময়ত আমাৰ ব্যক্তিগত চিন্তাধাৰাক আঁতৰাই সমজুৱা ভাবে ভাবিবলৈ লওঁ। এনেক্ষেত্ৰত আমি বিবেকক প্ৰাধান্য নিদি আৱেগৰ বশৱৰ্তী হওঁ। সেইবাবে প্ৰতিবাদকাৰী সকলৰ ব্যৱহাৰ একেই দেখা যায়।

অথবা ৰোগী এজনৰ অস্বাভাৱিক মৃত্যুত হাস্পতাল তহিলং কৰা লোকসকলৰ আচৰণত কোনো পাৰ্থক্য দেখা নাযায়। সেই লোকসকলৰ মাজত বহুতো সচেতন তথা শিক্ষিত লোক থাকিব পাৰে, কিন্তু সেই সময়ত তেওঁলোকে বিবেকেৰে পৰিচালিত হৈ আগবঢ়াতকৈ সেই লোকসকলৰ লগত মিলি আৱেগত উটি যায়। ‘ক্ৰাউড চাইক্যালযি’ (Crowd Psychology), ‘ম’ব’ (Mob), ‘গ্ৰুপ’ (Group) তথা বিভিন্ন থীয়্যাৰী অধ্যয়ন কৰিলে এনে আচৰণৰ আৰঁৰ কথাসমূহ জানিব পাৰি। সেইদৰে, কোনো ৰোগীৰ মৃত্যুত আমি ৰোগীৰ আত্মীয়ৰ ভাষ্যক সহজেই বিশ্বাস কৰি লওঁ। তাৰ বিপৰীতে চিকিৎসকে যদি তথ্য প্ৰমাণ সৈতেও তাৰ বিপৰীত ভাষ্য প্ৰদান কৰে সেইয়া আমি বিশ্বাস নকৰোঁ। ৰোগীৰ আত্মীয়ৰ সৈতে আমি কোনোবা খিনিত আৱেগিক ভাবে বান্ধ খাই পৰোঁ, যাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সদস্য গৰাকীৰ মৃত্যু আমাৰ নিজৰ আত্মীয়ৰ মৃত্যুৰ দৰে অনুভৱ হয়। তেনে সময়ত মেডিয়াইও যদি তেনে নেৰেটিভ প্ৰকাশ কৰে আমি তাকে গ্ৰহণ কৰি ল’ম।

চিকিৎসকৰ গাফিলতি, অক্সিজেনৰ অভাৱ, ভুল চিকিৎসাৰ বলি- ইত্যাদি বহু সময়ত একো একোটা নেৰেটিভ হৈ পৰে। বাস্তৱ সত্যটো বহু ক্ষেত্ৰত বেলেগ হয় যদিও ৰাইজে মানি নলয়। তেনে ক্ষেত্ৰত যদিহে উক্ত নেৰেটিভৰ সত্যতা নাথাকে তেনেহলে সেয়া সমাজৰ বাবে হানিকাৰক। সংবাদ মাধ্যমৰ লোক সকলে ‘ভিউজ’, ‘টি.আৰ.পি’, ‘ছেড ৰিয়েক্সন’ (Views, TRP, Sad Reaction) আৰু কেইটামান ‘শ্ৱেয়াৰ’ (Share)তকৈ প্ৰকৃত সত্য বিলাব লাগে। অসত্য আৱেগিক খবৰে বহু সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ কৰাৰ উদাহৰণ অগণন।

(মোৰ ব্যক্তিগত অভিজ্ঞতাত চিকিৎসকৰ গাফিলতি হৈছিল বুলিয়েই কাইলৈ আন এজনৰ অনুৰূপ ঘটনা এটাত একেই চিকিৎসকৰ গাফিলতি হ’ব বুলি ধৰাবন্ধা সত্যতা নাই। )গুগলত উপলব্ধ সকলো কথা শুদ্ধ ন’হবও পাৰে। যিদৰে আপুনি মুৰৰ বিষ বুলি চাৰ্চ কৰিলে ব্ৰেইন টিউমাৰ অথবা কেঞ্চাৰ ওলাব পাৰে। কিন্তু প্ৰকৃতাৰ্থত টিউমাৰ আৰু কেঞ্চাৰ এটাও আপোনাৰ হোৱা নাই। সেইদৰে, ছছিয়েল মেডিয়াত উপলব্ধ যিকোনো কথাকে সত্য বুলি গ্ৰহণ কৰি লোৱাতো বহু ক্ষেত্ৰত বিপদজনক হোৱাৰ পৰিলক্ষিত হয়। কোনো এক সময়ত আপুনি কি শুনিব বিচাৰিছে, তাত কৈ জৰুৰী হৈছে প্ৰকৃত সত্যটো। লাগিলে সেইয়া অপ্ৰিয় সত্যই নহওক কিয়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!