এৰোপ্লেনৰ ৰঙা লাইট
লেখক- মনালিছা পাঠক নেওগ
বাংলা মূল : অব্যয় অনিন্দ্য
অনুবাদ : মনালিছা পাঠক নেওগ
কি যে এক অদ্ভুত ধৰণে পাখি মাৰি মাৰি উৰি গৈছে চৰাইটো- ঊনআশি বছৰীয়া বৃদ্ধা কাঞ্চন মজুমদাৰে অপলক চাই ৰল। চৰাইটোৰ দুই চকুত বিষ; সৰীসৃপ প্ৰানীবোৰৰ যেতিয়া পাখি দুখন গজি উঠে মাটি আৰু পানী পাহৰি যায় মাথোঁ ভুৰোং কৈ উৰি ফুৰে। বিৱৰ্তনৰ সূত্ৰ মানি ইহঁতৰ পাখি দিয়াৰ সময়ত প্ৰকৃতিয়ে চাইক’লজিকেল বিষয়টো ভবা নাছিল!
কাঞ্চনে গছ ভাল পায়। গছটো আৰু চৰাইৰ দৰে ভুৰুঙকৈ উৰি নাযায়। গছে গছে স্বপ্নৰ
বাঁহ সাজে, ইচ্ছাবোৰ ফুল হৈ ফুলে, ভালপোৱাবোৰ ফল হৈ নতুন আশাৰ বীজ ৰোপন কৰে,
চিৰসেউজ মায়াৰে জীৱন ভৰাই তোলে।
কিন্তু চুহাগীয়ে চৰাই ভাল পাইছিল। এই চৰাই আৰু গছকলৈ ক’ত যে খুট-খাট দুয়োৰে মাজত! চুহাগীয়ে চৰাই পুহিছিল। ক’ৰ পৰা যে ভাটৌ, মইনা, পাৰ চৰাই আনি বাৰাণ্ডাখন ভৰ্তি কৰি ৰাখিছিল।
চৰাইবোৰো আছিল দাৰ্শনিক চৰাই। গীতাৰ দৰ্শন
আখৰে আখৰে মানি চলিছিল। প্ৰতিক্ষণ সিহঁত
চুহাগীৰ প্ৰতি আসক্ত হৈ থাকে মুক্তি বিচাৰি।
দুই তিনি দিনৰ মূৰত সুবিধা পালেই চৰাই একোটা উৰা মাৰে। তাকে দেখি কাঞ্চনৰ কি ফূৰ্তি।
— বুজিছা চুহাগী, বাগান কৰা, গছ লগোৱা।
গছ চৰাইৰ দৰে বেইমান নহয়। গছৰ ভালপোৱা
শিপাত থাকে, তাৰ দৰ্শন মায়া, তাৰ আনন্দ পথ
বাট চোৱাটো।
সুযোগ অৱশ্যে চুহাগীলৈও আহে। কোনো এক অলস দুপৰীয়া বগৰী গছ এজোপাৰ তলত চুহাগীৰ সৈতে কাঞ্চন গৈ বহেগৈ। সেই সময়তে এটা কূটনৈতিক চৰাইৰ মনত হয়তো ভাব হয়, “প্ৰেমত পুৰুষ অস্ত্ৰহীন আৰু বুদ্ধিহীন, এটাই সুযোগ” আৰু কাঞ্চনে হাত দি গম পালে তাইৰ মূৰত কূটনৈতিক চৰাইটোৰ মল। লগতে ‘বনাচ’ ৰূপে আছিল চুহাগীৰ চকুত বিজয়িনীৰ হাঁহি। আজি ক’ত যুগ হৈ গ’ল বিজয়ে তাইক এৰি যোৱা।
বিয়াৰ এঘাৰ বছৰৰ পাছত পক্ষী
সদৃশ চুহাগীৰ আত্মা চৰাইৰ দৰে উৰি গ’ল।
ডেউকাত বেছি শক্তি নথকাৰ বাবেই চাৰিওটা ডেউকা ৰৈ গ’ল। কাঞ্চনে আৰু কি কৰিব পাৰে; তেওঁ গছ ভালপোৱা মানুহ। বুকুৰ ছাঁৰে ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিলে।
প্ৰকৃতিৰ দৰেই বিৱৰ্তনৰ সূত্ৰ অনুসৰণ কৰি এই পোৱালিবোৰেও তেওঁৰ অজ্ঞাতে ডেউকা মেলিছে, তেওঁৰ ডালত বহি আছে; আৰু আমেৰিকাৰ চিডনী লণ্ডনত সময় কটাইছে। মাথোঁ তেওঁ কেতিয়াও অনুৰাগী হোৱা নাছিল। শিপা উৰিব পৰা নাছিল। তথাপি কেতিয়াবাসেউজবিহীন গছজোপাই নৱবৰ্ষৰ নিশা বিমানৰ ৰঙা পোহৰত এজনী কণমানি নাতিনীৰ কণমানি মুখখন বিচাৰি ফুৰে।।