কল্পনা লাজমীৰ 'এক পল'--- সোঁতৰ বিপৰীতে জীৱন আৰু ভালপোৱাৰ গান
লেখক- ৰূপম দাস
ঘৰৰ একমাত্ৰ সহজ সৰল ছোৱালী প্ৰিয়মে যোৰহাটলৈ বিহু চাবলৈ আহি প্ৰেমত পৰিল জিত বৰুৱা নামৰ এজন চঞ্চল আৰু বুদ্ধিমান, সুদৰ্শন আৰু শিক্ষিত যুৱকজনৰ লগত।
জিত বৰুৱা আৰু প্ৰিয়মে অতি কম সময়ৰ ভিতৰতে গভীৰ প্ৰেমত আৱদ্ধ হৈ প্ৰায়ে শ্বিলং পৰিভ্ৰমণ কৰি ভালেমান মধুৰ মূহুৰ্ত পাৰ কৰিলে আৰু এদিন
জিত বৰুৱা বিদেশলৈ গ’ল পঢ়িবলৈ।
প্ৰিয়মৰ স্বপ্নভংগ হ’ল। নিজকে তাই নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰি হুকহুকাই কান্দিলে। পিতৃয়ে তাইৰ মূৰত হাত থলে। বুজালে এই বয়সত বহুতৰে হয় এনেকুৱা স্বপ্নভংগ। তথাপি জীৱন আগুৱায়।
বেদ হাজৰিকা (নাছিৰুদ্দিন শ্বাহ) এজন চাহ বাগানৰ ইঞ্জিনিয়াৰ। তেওঁ প্ৰিয়মক আগৰে পৰাই পছন্দ কৰে। বিয়াৰ প্ৰস্তাৱো দিলে। সুদৰ্শন, শিক্ষিত আৰু যত্নৱান যুৱক বেদ হাজৰিকাক পৰিয়ালৰ মানুহে না কৰাৰ কথাই নাহে। সময়ত বেদ হাজৰিকা আৰু প্ৰিয়মৰ বিবাহ হৈ গ’ল।
স্বাভাৱিকতে সুন্দৰ সংসাৰ এখন গঢ় ল’লে। মাজতে প্ৰিয়মৰ পুৰণি প্ৰেমিকৰ স’তে উঠা ফটো কিছুমানো বেদ হাজৰিকাই কিবা ফাইল খুচৰোতে পালে কিন্তু সেইবোৰ বিশেষ গুৰুত্ব দিব লগা বিষয় বুলি তেওঁ গণ্যই নকৰিলে।
চলি থাকিল এনেকৈয়ে মৰম আৰু বন্ধুত্বপূৰ্ণ এখন সুন্দৰ সংসাৰ।
প্ৰিয়ম এবাৰ অন্তঃসত্বা হৈছিল যদিও কিবা কাৰণত সেই সন্তান গৰ্ভতে বিনষ্ট হ’ল। তাৰ পাছৰে পৰা প্ৰিয়মৰ লাহে লাহে সন্তানৰ মোহ বাঢ়ি আহিল। বেদ হাজৰিকাই অলপ সময়ৰ প্ৰয়োজন বুলি বিশেষ গুৰুত্ব নিদিলে। অৱশ্যে প্ৰিয়মৰ দাবীৰ প্ৰতি তেওঁ গভীৰ ভালপোৱাৰে সঁহাৰিও দি থাকিল।
এদিন জিত বৰুৱা বিদেশৰ পৰা উভতি আহিল। ক্লাবৰ পাৰ্টি এটাত প্ৰিয়মৰ সৈতে মুখামুখি হ’ল। স্বভাৱসুলভ চতুৰতাৰে তেওঁ প্ৰিয়মৰ লগত এপাক নচাৰ আৰু অলপ কথা হোৱাৰ সুযোগ ল’লে। প্ৰিয়ম দুৰ্বল হ’ব নিবিচাৰিও লাহে লাহে দুৰ্বল হৈ আহিল। জিত বৰুৱাই সুযোগ বুজি ঘৰত কোনো নথকা সময়ত প্ৰিয়মক লগ কৰা হ’ল।
আৰু এনে সময়তে কোম্পানীৰ কামত গিৰীয়েক বেদ হাজৰিকা কেনিয়ালৈ যাব লগা হ’ল। তায়ো আবদাৰ ধৰিলে লগত যাবলৈ কিন্তু তেওঁ প্ৰিয়মৰ কষ্ট হ’ব তথা নতুন ঠাইত অকলে অকলে বিৰক্ত হ’ব বুলি তেওঁ প্ৰিয়মক নিনিয়াৰ সিদ্ধান্ত ল’লে। প্ৰিয়মে জোৰকৈ নিজ হাতে গোঠা ছুৱেটাৰ এটা বেগত সুমুৱাই দিলে।
বেদ হাজৰিকা কেইবা মাহৰ বাবে কেনিয়ালৈ গ’ল। ইফালে জিত হাজৰিকাই তাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি প্ৰিয়মৰ সৈতে শাৰীৰিক সম্পৰ্কত মিলিত হ’ল। আচলতে প্ৰিয়ম মানসিকভাবে খুব বেছি অকলশৰীয়া হৈ পৰিছিল আৰু মনৰ গোপন কোণত গভীৰভাৱে মাতৃত্বৰ আকাংক্ষাই তাইক অহৰহ আমনি কৰি আছিল আৰু এদিন প্ৰিয়ম গৰ্ভৱতী হ’ল। কথাটো তাই অতি উৎফুল্লিত হৈ জিতক কলে কিন্তু জিতে সন্তানটো নষ্ট কৰিবলৈ চিৎকাৰ কৰি উঠিল।
প্ৰিয়মে বুজিলে যে জিতে আচলতে তাইৰ শৰীৰটোকহে ভাল পায় আৰু এনেকৈয়ে অবৈধ আমেজত থাকিব খোজে। জিতে আচলতে তাইৰ মনটোক ভাল নাপায়, নুবুজে, উপলব্ধি কৰিব নোৱাৰে। তাইক মানসিক সমৰ্থন দিব পৰা প্ৰেমিক হোৱাৰ যোগ্যতা আচলতে জিতৰ নাই।
জিতক তাই নিজৰ জীৱনৰ পৰা ঠেলি পঠিয়ালে। জিতে সন্তানটো আৰু লোক-লজ্জাৰ ভয়ত বাৰে বাৰে তাইক সন্তানটো নষ্ট কৰাৰ অনুৰোধ, গালি-গালাজ কৰিবলৈ
ধৰিলে।
বেদ হাজৰিকা যেতিয়া উভতি আহিব প্ৰিয়মে কি কৰিব? সন্তানটোৰ কথা বাৰু তাই তেওঁক কি বুলি শুনাব? সকলো ভাবি-গুণি তাই পিতৃগৃহলৈ উভতি আহিল।
ঘৰতো যেতিয়া সকলো খুলি ক’লে মাকে তাইক এজাউৰি দিলে আৰু নষ্ট কৰিবলৈ বুজালে কিন্তু তাই নষ্ট কৰিবলৈ ৰাজি নহ’ল। পিতাকে তাইক বুজিবলৈ চেষ্টা কৰিলে আৰু সময়ত যি হয় হ’ব বুলি সাহস দি গ’ল।
এদিন বেদ হাজৰিকা বিদেশৰ পৰা উভতি আহিল। পিতাকে আওপকীয়াকৈ পৰালৈকে সঁচা কথাবোৰ ক’বলৈ যত্ন কৰি আছিল কিন্তু এনে সময়তে প্ৰিয়মক তেওঁ দেখিলে আৰু দৌৰ মাৰি গৈ সাৱটি ল’লে। প্ৰিয়মে উদাস মনেৰে জনালেঃ ‘মই অন্তঃসত্বা’। গিৰীয়েক তাইৰ উদাসীনতাক আওকাণ কৰি সাংঘাটিক সুখী হ’ল আৰু চিঞৰি উঠিল।
বেদ হাজৰিকাই প্ৰিয়মৰ খুব যত্ন ল’বলৈ ধৰিলে। আনকি গাখীৰ, ঔষধ আদি সকলো সময়ত গালি পাৰি হ’লেও খুৱাই দিয়া কৰিলে।
বেদ হাজৰিকাৰ নিভাঁজ আৰু অকৃত্ৰিম মৰমৰ ফলত প্ৰিয়মৰ মনত আৰু বেছি অশান্তি বাঢ়িল। আৰু এদিন তাই সকলো সঁচা কথা খোলাকৈ ক’লে।
বেদ হাজৰিকাই যথেষ্ট দুখ পালে। তেওঁ ক’লেঃ মোৰ ভুল ক’ত? মোৰ অসামৰ্থ্যতা কোনখিনিত?
প্ৰিয়মে ক’লেঃ তোমাৰ অলপো ভুল নাই। অসামৰ্থ্যতাৰ অভিযোগো একেবাৰে নাই। মোৰো ভুল আছে বুলি ভবা নাছিলোঁ। কিন্তু তোমাৰ যত্নৰ ফলত মোৰ অশান্তি বাঢ়িছে, সেয়ে সঁচা কথা নোকোৱাকৈ মই থাকিব নোৱাৰোঁ। মোৰ মিছা কোৱাৰ ইচ্ছাও নাই। জনাৰ পাছত তুমি যি সিদ্ধান্ত লোৱা ল’ব পাৰা।’
এনেকৈ কথা পাতি থাকোতেই প্ৰিয়মে বেৰত কিবা এটা কৰিবলৈ সৰু চকী এখনত উঠি পৰি গ’ল। তাৰ পাছত হস্পিতাল…
সন্তানটো বেলেগৰ বুলিও জানিও বেদ হাজৰিকাই প্ৰিয়মৰ সন্তানটোক গ্ৰহণ কৰিব নে?
আমাৰ সমাজত সাধাৰণতে এনে ক্ষেত্ৰত কি হয়?
পুৰুষজনে ভুল কৰিলে মহিলাগৰাকীয়ে বেছিভাগ সময় সহি লৈ আকৌ চলাই নিয়ে সংসাৰ কিন্তু মহিলাগৰাকীয়ে ভুল কৰিলে?
কল্পনা লাজমীৰ ‘এক পল’— সোঁতৰ বিপৰীতে জীৱন আৰু ভালপোৱাৰ গান। সেয়ে ইয়াত তেওঁ প্ৰিয়ম আৰু সন্তানটো বেলেগৰ বুলিও জানিও মনত তিলমানো কলুষতা নৰখাকৈ গ্ৰহণ কৰিছে। নিজৰ সন্তানৰ দৰেই আলফুলে কোলাত তুলি লৈছে আৰু প্ৰথম চুমা আঁকি দিছে কপালত।
প্ৰিয়মে সুধিছিলঃ ‘কোন সেইজন তোমাৰ জানিবৰ মন নাযায়?’
বেদ হাজৰিকাই উত্তৰ দিছিলঃ ‘সেয়া গৌণ কথা। কোন সেইটো গুৰুত্বপূৰ্ণ নহয়। মোৰ মৰম ভালপোৱা, যত্ন আৰু সামৰ্থ থকাৰ পাছতো কিয় এনে হ’ল সেইটোহে মন কৰিবলগীয়া।’
যি নহওঁক। এইখন এখন প্ৰেমৰ চিনেমা। জীৱনৰ চিনেমা। ইতিবাচক তথা জীৱনৰ চিনেমা।
চিনেমাখনৰ গুৰুত্বপূৰ্ণ কথাবোৰ হৈছেঃ ইয়াত ব্যৱহৃত সংগীত। সংগীত যিহেতু স্বনামধন্য ভূপেন হাজৰিকাৰ সেয়ে ইয়াত প্ৰতি সুৰ-সংগীত আমাৰ আপোন, অসমীয়াত্ব প্ৰতিটো গানতে বিদ্যমান। উদাহৰণ স্বৰূপে অসমীয়াত ‘ময়ো বনে যাওঁ স্বামী হে’….’ৰ হিন্দী ৰূপ ‘মে টো সংগ যাওঁ বনৱাস, স্বামী না কৰনা নিৰাশ’ অতি সুমধুৰ আৰু শক্তিশালী ৰূপত পৰিবেশিত হৈছে।