বিশ্ব এইডছ দিৱস

লেখক- ডাঃ পাৰ্থসাৰথি ভূঞা

প্ৰতি বছৰে ডিচেম্বৰ মাহৰ ১ তাৰিখটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয়। ১৯৮১ চনত প্ৰথম ধৰা পৰা আৰু ১৯৮২ চনৰ পৰা এইডছ ( Acquired Immuno Deficiency Syndrome, AIDS) নামেৰে জনাজাত হোৱা এই ৰোগৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ১৯৮৮ চনৰ পৰা এই দিৱস, বিশ্বৰ সকলো প্ৰান্তত পালন কৰি অহা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই পালন কৰা বিশ্বজনীন আঠটা জনস্বাস্থ্য সম্পৰ্কীয় সজাগতা দিৱসৰ ইয়ো এটা।
২০২১ চনলৈ যুগুত কৰা এক তথ্য মতে বিশ্বৰ প্ৰায় ৪৫ মিলিয়ন মানুহৰ ইতিমধ্যেই এইডছৰ ফলত মৃত্যু হৈছে আৰু প্ৰায় ৩৮.৫ মিলিয়ন লোক “এইছ আই ভি” ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ আছে। ইয়াৰে তিনিভাগৰ দুভাগ লোক আফ্ৰিকা মহাদেশৰ।ইয়াৰ পৰাই বুজা যায় যে বৰ্তমান ই এটা গুৰুত্বপূৰ্ণ বিশ্বজনীন স্বাস্থ্য সমস্যা। সেইবাবেই বিশ্ব এইডছ দিৱসৰ যথেষ্ঠ গুৰুত্ব আছে, কাৰণ সজাগতা আৰু লগতে এণ্টি ৰেত্ৰভাইৰেল দৰৱৰ ব্যৱহাৰৰ ফলত আগতকৈ “এইছ আই ভি” আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ যথেষ্ঠ কমি আহিছে। সেয়ে “এইছ আই ভি” দ্বাৰা আক্রান্ত হলেই যে এইডছ নহয় আৰু বৰ্তমান নিয়মীয়া চিকিৎসাৰ দ্বাৰা ইয়াক বহুদিনলৈ নিয়ন্ত্ৰণত ৰাখিব পাৰি, এনে তথ্য বিলাকৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিত এই দিৱসৰ যথেষ্ট ভূমিকা আছে।
এইডছ কৰে ” এইছ আই ভি” য়ে( Human Immuno deficiency Virus)। শৰীৰত “এইছ আই ভি” কঢ়িয়াই ফুৰা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ এই ৰোগ বিয়পে। এই ভাইৰাছ এজনৰ পৰা আন এজনলৈ যোৱাৰ আটাইতকৈ সুলভ পথ হৈছে, অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন আৰু আক্ৰান্ত ব্যক্তিয়ে ব্যৱহাৰ কৰা একেটা বেজীৰ ব্যৱহাৰ। বেজীৰ দ্বাৰা শৰীৰত নিষিদ্ধ ঔষধ প্ৰয়োগ কৰা অৰ্থাৎ ড্ৰাগছ লোৱা বহুলোকে একেটা বেজীকেই ব্যৱহাৰ কৰাৰ ফলত এজনৰ পৰা আনজনলৈ এই ভাইৰাছ বিয়পিব পাৰে। বৰ্তমান অসমত ড্ৰাগছ আসক্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বেজীৰ দ্বাৰা বিয়পা লোকৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে।
বৰ্তমান সময়ত এইডছৰ বিষয়ে সকলোৰে কিছু পৰিমানে জ্ঞান আছে। কেনেকৈ বিয়পে, কি কি লক্ষণ ( শৰীৰৰ ওজন কমা, বহুদিন ভাল নোহোৱা কাঁহ, জ্বৰ আদি) ইত্যাদিৰ বিষয়ে কম বেছি পৰিমানে সকলোৰে ধাৰণা আছে। কিন্তু অসুৰক্ষিত সম্পৰ্কৰ ক্ষেত্ৰত সকলো যথেষ্ঠ সচেতন হোৱাৰ প্ৰয়োজন। আজিৰ দিনত আধুনিক চিন্তা ধাৰাৰ প্ৰভাৱত , বিবাহ নোহোৱাকৈয়ে শাৰীৰিক সম্পৰ্ক বহুতৰে হয় আৰু হয়তো দুজন প্ৰাপ্তবয়স্ক লোকৰ মাজতো বিবাহ বহিৰ্ভূত এনে সমন্ধ হব পাৰে। কিন্তু এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা যে “এইছ আই ভি” ৰ দ্বাৰা সংক্ৰমিত হলেই এজন ব্যক্তিৰ এইডছ(সেই সময়লৈকে) নহবও পাৰে আৰু দেখাত সম্পূৰ্ণ সুস্থ সবল হৈ থাকিব পাৰে। কিন্তু সেই ব্যক্তিজনে আনলৈ এই ভাইৰাছ সংক্ৰমিত কৰিব পাৰে। গতিকে দেখাত সম্পূৰ্ণ সুস্থ এজন মানুহে যদি এই ভাইৰাছ কঢ়িয়াই ফুৰিছে, সেয়া বেলেগে ধাৰণা কৰিব নোৱাৰে। সেয়ে অসুৰক্ষিত সম্পৰ্ক যাতে কেতিয়াও স্থাপন কৰিবলৈ দিয়া নহয়। এইক্ষেত্ৰত যুৱতী বা মহিলা সকলৰ মনোবল বেছি দৰকাৰী। স্পষ্ট আৰু দৃঢ়তাৰে প্ৰতি গৰাকীয়ে এই কথা কব পাৰিব লাগিব যে, ” ন’ কনডম ন’ চেক্স” । আজিকালি ” আই পিল”ৰ দৰে ইমাৰজেন্সি কনট্ৰাছেপ্টীভ ঔষধ ওলোৱাৰ পাছত গৰ্ভধাৰণৰ দুঃচিন্তাৰ পৰা মুক্ত হৈ বহুতে এইবিলাক কথা চিন্তা নকৰে, কিন্তু অসুৰক্ষিত এনে ভুল কৰি জীৱনলৈ যাতে অনুতপ্ত হব লগা নহয় তাৰ বাবে সদা সচেতন হোৱাৰ অত্যন্ত প্ৰয়োজন।
আমি চিকিৎসক হিচাপে আৰু এটা বিপদজনক কথাৰ বিষয়ে প্ৰায়ে অৱগত হওঁ। কাৰোবাৰ সৈতে অসুৰক্ষিত সম্পৰ্ক হৈ যোৱাৰ পিছত বহু যুৱকে ভয় খাই , যে তেওঁৰ এইডছ হব নেকি! যিহেতু কোনোবা লেবৰেটৰিলৈ গৈ এইছ আই ভি টেষ্ট কৰিবলৈ কবলৈ তেওঁৰ সংকোচ হয়, সেয়ে এনে যুৱকে কোনো ব্লাড বেংকলৈ , ৰক্তদান কৰিবলৈ আহে। তেওঁলোকে ভাবে যে কিবা থাকিলে ৰক্তদান কৰিলে সকলো টেষ্ট কৰিবই, তেতিয়া গম পাই যাব আৰু যদি ব্লাড বেংকৰ পৰা তেওঁক একো নজনাই, তেওঁ বাছি গল ! এই কাৰ্য বৰ ভয়ানক, কাৰণ এজন ব্যক্তি “এইছ আই ভি” ৰ দ্বাৰা সংক্ৰমিত হলেও ৩ মাহলৈকে তেওঁৰ ৰক্ত পৰীক্ষাত, ভাইৰাছৰ উপস্থিত ধৰা নপৰিবও পাৰে। এই সময়খিনিক ” ৱিন্দ’ পিড়িয়দ”( Window Period) বুলি কোৱা হয়। কিন্তু এই সময়তো যদি তেওঁ তেজ আন এজনক দিয়ে , তেওঁৰ শৰীৰৰ পৰা ভাইৰাছ, সেই মানুহজনলৈ যাব পাৰে। গতিকে কাৰোবাৰ যদি কিবা সন্দেহ থাকে, সেই সময়ৰ পৰা ৩ মাহ ৰৈ টেষ্ট কৰোৱা উচিত। মাজতে ব্লাড দিবলৈ আহি আনক বিপদত পেলাব পাৰে বা তিনিমাহৰ আগত টেষ্ট কৰাই একো হোৱা নাই বুলি ভাবি আকৌ আনক সংক্ৰমিত কৰিব পাৰে। আজিকালি অতি উন্নত পদ্ধতিত পিছে সাতৰ পৰা চৈধ্য দিনৰ ভিতৰতে বা আন কিছু পদ্ধতিৰ দ্বাৰা সংক্ৰমণ হোৱাৰ চাৰি সপ্তাহৰ পিছতে ভাইৰাছৰ উপস্থিত ধৰা পেলাব পৰা যায়।
প্ৰতিবছৰে এটা ” থিম” বা উদ্দেশ্য আগত ৰাখি এই দিৱস পালন কৰা হয়। এই বছৰ অৰ্থাৎ ২০২২ চনৰ ” থিম” হৈছে, ” Equalize” অৰ্থাৎ সমতা। সমাজত এইচ আই ভি বিষয়ক বৈষম্য আৰু ভেদাভেদ আঁতৰ কৰাই ইয়াৰ এক প্ৰধান লক্ষ্য।১৯৮৮ চনৰ পৰা আজিলৈকে এইডছৰ বিষয়ত চিকিৎসা বিজ্ঞানে যথেষ্ট উন্নতি কৰিছে আৰু বৰ্তমান প্ৰতি চাৰিজন ” এইছ আই ভি” পজিটিভ ব্যক্তিৰ তিনিজনে তেওঁৰ শৰীৰত “এইছ আই ভি” ৰ অৱস্থিতি জানে। কিন্তু এতিয়াও বহু লোক অজ্ঞ হৈয়ে আছে। সেয়ে এক সমতা স্থাপনৰ লক্ষ্য লৈ যাতে সকলোৱে এই বিষয়ে জানি নিজৰ তেজৰ পৰীক্ষা আদি কৰাব পাৰে তাৰ বাবে কাম কৰিবলৈকো সকল্প লোৱা হৈছে।
এইডছৰ লগত জড়িত হৈ থকা সামাজিক গ্লানিৰ বাবে বহুতে মনত সন্দেহ থাকিলেও এইডছৰ পৰীক্ষা নকৰে। আকৌ আন কিছুমানে কাৰোবাৰ লগত অসুৰক্ষিত সম্পৰ্ক স্থাপন হলেও , আনজন ব্যক্তিক সুস্থ যেন দেখি এইবিলাক একো নহয় বুলি ভাৱে। আগতেও কৈছোঁ ” এইছ আই ভি” ৰ বীজাণু শৰীৰত থাকিলেই এইডছ নহয়, কিন্তু ই লাহে লাহে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা একেবাৰে কমাই আনে আৰু তাৰ ফলত বিভিন্ন ৰোগে আক্ৰমণ কৰি মানুহজনক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। কিন্তু আজিকালি এণ্টি ৰেত্ৰভাইৰেল ঔষধ ব্যৱহাৰ কৰি ” এইছ আই ভি” পজিটিভ ব্যক্তি এজনৰ শৰীৰত থকা ভাইৰাছক দমাই ৰাখিব পাৰি আৰু তেনেদৰে সেই ব্যক্তিজন বহু বছৰলৈ সুস্থ সবল ভাৱে জীয়াই থাকিবলৈ সক্ষম হয়। সেয়ে যিমান সোনকালে এজন ব্যক্তিয়ে নিজকে পজিটিভ বুলি গম পাব, সিমানেই তেওঁৰ বাবে মংগল, কাৰণ তেতিয়া সোনকালৰ পৰাই ঔষধ ব্যৱহাৰ কৰি তেওঁ বহু দিনলৈ নিজকে সুস্থকৈ ৰাখিবলৈ সক্ষম হব।
সেইবাবেই, মনত কিবা কথাত অলপো শংকা থাকিলেও ‘এইছ আই ভি’ ৰ টেষ্ট কৰাই , নিজৰ স্থিতিৰ ( Status.. Positive/ Negative) বিষয়ে অৱগত হওক আৰু ইয়াৰ দ্বাৰা নিজৰ লগতে আপোনাৰ লগত জড়িত আন ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি আহিব পৰা ভাবুকিক প্ৰতিহত কৰক। আজিকালি প্ৰতিখন জিলাতে সম্পূৰ্ণ গোপনীয় ভাৱে পৰীক্ষা কৰাৰ বাবে চৰকাৰী ICTC বোলা কিছু চেণ্টাৰ আছে । সাধাৰণতে প্ৰতি জিলাৰ অসামৰিক চিকিৎসালয়ৰ লগতে এই চেণ্টাৰ থাকে।
মনত ৰাখিব ” সজাগতাই আনে সুৰক্ষা” আৰু অসমীয়াত কোৱাৰ দৰে ” সাৱধানীৰ মৰণ নাই”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!