অ’ মন তগৰ আজি শূন্য হ’ব অযোধ্যা নগৰ

লেখক- নিৰ্মালি নয়নতৰা

ল’ৰাটোৱে শুধ বগা ৰঙৰ কাপোৰ এদিনো পিন্ধি নেপালে। কি স্কুলৰ য়ুনিফৰ্ম, কি টি ছাৰ্ট, কি চুৱেটাৰ, কি ঘৰত পিন্ধা কাপোৰসাজ— সৰুৰে পৰাই সি বগা ৰং নিপিন্ধিলে। কেঁচুৱাতে লেতেৰা হ’ব বুলি মাকে নিপিন্ধালে, ডাঙৰ হৈ সি নিজৰ অপছন্দৰ বাবেই বগা ৰংটো এলাগী কৰি থ’লে। মাজু মাহীয়েকে তাৰ দুবছৰত বুকুৰ বাঁওফালে গোলাপ এপাহ ফুল তুলি দিয়া বগা ছুৱেটাৰটোৰ পিছত আজি হে সি এনেকৈ বগা সাজযোৰ পিন্ধিছে। এনেকৈ, এইসাজ কাপোৰত দেখাৰ পাছত কোনজনী মাক থিৰে থাকিব পাৰে? মতা মানুহটো হৈ ইচলে সিচলে দেউতাকেও দেখোন চকুহাল মচি ফুৰিছে। তেনেস্থলত মাকজনীয়ে নো লুণীয়া চকুহাল ক’ত লুকুৱায় বাৰু! অতজাক মানুহৰ মাজত সৌটো সোণ! সি মিচিক মাচাক কৈ লাজ লাজ কৈ দুবাৰমান হাঁহিছে। তাৰ কাষত সৌটো প্ৰদ্যুন্ম, সোণটোৰ ল’ৰালিৰ লগ। মানুহবোৰে কোৱাকুই কৰিছে, দুইটা ইমান মিলিছে!
সোণটোৱে কোনোবা পাকত মাকলৈ চাব লগা হ’লেই অকণমান হাঁহে। মাকজনীৰ মনৰ ধৰফৰণিটো সি বুজিছে। কেলৈ নুবুজিব? সোণটোৱে মাকৰ চকুৰ পিৰিকতিটোৰ আঁৰতো যদি কিবা অভিমান লুকাই আছে, তাৰো উমান পায়। সেইজনী মাকৰ বুকুফালি ওলাই আহিব খোজা কান্দোনটোৰ উমান সি নেপাবনে?
মাকজনী ভাগৰি পৰিছে। শেষ বহাগৰ গৰমত ৰিহা মেখেলা চাদৰ পিন্ধি ওৰণিখনো বাৰে বাৰে তুলি লব লগা হোৱা তাৰ মাকজনীৰ উশাহবোৰ চুটি চুটি হৈ পৰিছে। মাকেনো কোনফালে কিমান চাব? আজি এমাহে মাকেইতো গোটেইখন ঢপলিয়াই ফুৰিছে। বাপেকে তামোল এপোণ, কল এঠোকা, দৈৰ টেকেলি কেইটা আৰু চিৰাখিনিৰো বন্দোবস্ত কৰিব নোৱৰা মানুহ হে!

গাটো এধানমান শাঁত পৰক বুলি পেহীয়েকে বিচনী এখনেৰে বিচি দিয়া তাৰ মাকজনীৰ কপালৰ ফোঁটটো ঘামত তিতি নাকেৰে ৰঙাকৈ এসোঁতা জুলীয়া হৈ বাগৰি আহিছে।
সোণটোৱে মানুহৰ মাজৰ পৰা মাকলৈ চাই জান নেজান কৈ হাঁহিব খোজোঁতেই, সি মন কৰিলে, মাকৰ ওঁঠযুৰি কঁপিছে, নাকৰ পাহি দুটা ফুলি উঠিছে। তাৰ পাছতো হাঁহিব খোজা মাকজনীৰ ওঁঠত হাঁহিটো পখিলা এজনীহৈ বহিব খুজি সাউতকৈ ক’ৰবালৈ উৰি গুচি গ’ল।

কালি পৰহিলৈকে মাকজনীয়ে হাত মুখ সমানে চলাই সোণটোক বকি আছিল, “তহঁত বাপেক পুতেকহাল হালৰো নহ’লি ফালৰো নহ’লি!”

উদাসীন, লেহেমীয়া দেউতাকৰ কথাটো বাৰু মানি ল’ব পাৰি, কিন্তু ককাই ভাই নোহোৱা সোণটোৱে বিয়াখন বুলিয়ে নহয়, পঢ়িবলৈ চহৰমুৱা হওঁতে, চাকৰি পাই ভাড়াঘৰটো বিচাৰোঁতে, দেউতাকৰ অপাৰেচনটো হওঁতে, আধাখনিয়া ঘৰটো সাজোঁতে কিমান কি সহিছিল, ভুগিছিল মাকজনীয়ে জানো দেখা নাই? তাৰ পাছত মাকৰ বকনি শুনিলে তাৰ টিঙিচ্ কৈ খংটো উঠি আহে।
মুখে মুখে কিবা এষাৰ কবলৈ লৈ সি দেখে মাকে চাদৰৰ আঁচলেৰে চাহৰ কাপটোৰ বাহিৰত লাগি থকা চাহকণ মচি মচি তালৈ গাখীৰ চাহ একাপ আনিছে। এশ এবুৰি কামৰ পাছতো তাৰ গেঞ্জীটো, মোজাযোৰ, ভিতৰত পিন্ধা চেণ্ডেলযোৰ নিজৰ ঠাইতে থাকে। ঘৰখনৰ আটাইবোৰ কোঠা ছেদেলি ভেদেলি কৰি পেলোৱা শিশুদৈত্য এজাকৰ পৰা তাৰ ৰুমটো বাচি থাকে। বিয়ালৈ আগতীয়াকৈ অহা তাৰ বায়েক দুজনী আৰু সম্পৰ্কীয় ভনীয়েক এজনীৰ ল’ৰা ছোৱালীকেইটাই তাৰ বস্তুত হাত দিবগৈ নোৱাৰে।

মাকে সিহঁতজাকক তাৰ বস্তুত হাত দিবগৈ নোৱাৰাকৈ ৰাখে।
বিয়াৰ খবৰ লবলৈ অহা চুবুৰীৰ মাইকী মানুহখিনিক বহুৱাই থৈ তেওঁ নিজে সাউতকৈ তাৰ ডাঙত মেলি থোৱা কাপোৰকেইখন লুটিয়াই থৈ আহে।

সেইজনী মাকক কিবা এষাৰ কবলৈ লৈ সি দমি যায়।
গালিৰ সলনি তাৰ মুখেৰে ওলায়, ”সৱ হৈ যাবতো মা, ইমান টেনচন নল’বিচোন!”
সোণে অকলে অকলেই বহুত কাম সামৰে। মাকে দেখেও। তথাপি কয়, ”এনেয়ে ডাঙৰ কৰিলোঁ তোক, সৰু কাম এটাও ভালকৈ কৰিব নোৱাৰ, গাত কথাই লগা নাই তোৰ ন?”
সোণৰ টিঙিচকৈ খংটো উঠি আহে। কি কাম কৰা নাই সি?
কোনটো কামৰ কাৰণে মাকে তাক এনেকৈ ক’লে?
মাকে উত্তৰত কয়, ”হেৰৌ, বিয়নীলৈ কিনা কাপোৰযোৰ যে লনীক দহি বটিবলৈ দিছিলোঁ, অফিচৰ পৰা আহোঁতে লৈ আনিব লাগে বুলি কিয় মনত নেখেলায় তোৰ? সৱ কথা মই তেক দিহা দি থাকিব নোৱাৰোঁ নহয়! কাইলৈ পৰহিলৈ নতুন ছোৱালী এজনী আহিব, তই এনেকুৱাই হৈ থাকিম বুলি ভাবিছ নেকি?”

ঢোলে দগৰে সোণ যাবলৈ ওলাল। বৰযাত্ৰী মানুহখিনিৰ উদুলি মুদুলিৰে সোণৰ মাকে দুৱাৰ দলিৰ বাট ধৰিলে। মাকৰ বাঁওকাষে এবাৰ, সোঁকাষে এবাৰ বাহিৰলৈ মূৰটো উলিয়াই এপাকত সোণটো একেবাৰেই ওলাই গ’ল।
সি পিছলৈ উভতি চাব নেপায়!
মাকে তলৰ ওঁঠটো কামুৰি কোনোমতে কান্দোনটো সামৰি সোণ যোৱালৈ এপলক চাই থাকিল।
সৰু জায়েকে তেওঁৰ মনৰ অৱস্থাটো বুজি পাই তেওঁক ধৰি ধৰি আনি বিছনাত বহুৱালে।
সোণটো যে গ’ল, সি ঘূৰি আহিব। কিন্তু নতুন মানুহ এটা হৈ, বেলেগ মানুহ এটা হৈ আহিব।
প্ৰথমদিনা স্কুললৈ গৈ উভতি আহি মাকৰ আঁচলত ধৰি সি কন্দাৰ দৰে থেনথেনাই নেথাকে। কালি পৰহিলৈকে ভাত কেইটা খাই উঠি নিজেই ক’ব নোৱাৰাকৈ মাকৰ চাদৰত হাতখন মচি পেলোৱাৰ অভ্যাসটোও তাৰ আৰু নেথাকিবগৈ চাগে!
সোণটোৰ মাকৰ বুকুখন উদং উদং লাগিল।
নদী এখনৰ তৰাং বুকুৰ দৰে, ৰ’দ পৰি জিলমিলাই থকা বালিচৰ এটাৰ দৰে তেওঁৰ নিজকে বৰ নিঃস্ব যেন লাগিল। মানুহে দেখিলে, মানুহজনীয়ে বিয়াঘৰ চম্ভালি ভাগৰি পৰিছে। কিন্তু মানুহজনীৰ বুকুৰ হাহাকাৰখিনি তেওঁৰ বাদে আন কোনেও উমান নেপালে।

কোঠাৰ পৰা ওলাই আহি মানুহজনীয়ে দেখিলে, মানুহবোৰে যেয়ে যেনেকৈ পাৰে তেনেকৈয়ে বাগৰ দিছে। মাকহঁতে নিজৰ নিজৰ ল’ৰা ছোৱালীকেইটাক আঁঠুৱাৰ ভিতৰত সুমুৱাই নিজে চোফাই মজিয়াই য’তে যেনেকৈ পাৰে তাতে এবাগৰ দিছে। টোপনিয়াই থকা বেণ্ড পাৰ্টিৰ মানুহকেইটাইও চকীৰ ওপৰত ভৰি তুলি নাক বজাই শুবলৈ আৰম্ভ কৰিছে। ৰাতি পুৱালেই সিহঁত যাবগৈ।
ছেদেলি ভেদেলি হৈ থকা চকীবোৰ, যেনি তেনি পৰি থকা ডিচপজেবল কফি গিলাছবোৰ আৰু মানুহে অ’ত ত’ত খুলি থোৱা জোতা ছেণ্ডেলবোৰ দেখি সোণটোৰ মাকৰ ভীষণ অস্বস্তি লাগিল। গোটেইবোৰ তেওঁৰ থানথিত লগাই পেলাবৰ মন গ’ল। পৰহিলৈ বিয়াৰ ৰিচিপচন। এই দুদিন ঘৰখন এনেকুৱাই হৈ থাকিব। উপায় নাই।

: মামী অকণমান আপুনিও কাতি হৈ লওকহি!

ভাগিন বোৱাৰীজনীৰ মাতত তেওঁ এবাৰ পিছলৈ মূৰটো ঘূৰাই চালে।
কিন্তু তেওঁৰ শুবলৈ অকণো মন নগ’ল।
সোণটো এতিয়ামানে কইনাঘৰ পাইছেগৈ কিজানি!
বিয়ৈনীয়েকে আমতলত তাক দুগালে দুচুমা খাব। দাঙি লোৱাৰ দৰে তাক অকণমান উলাহি দিব।
সি হাঁহিব, লাজো কৰিব।
সোণটোৰ তেতিয়া মাকলৈ মনত পৰিব নে? শাহুৱেকে আদৰিবৰ পৰত মাকজনীয়ে কি কৰি আছে বুলি সি ভাবিবনে?
নে খুলশালীহঁতৰ জোকোৱা ধেমালিৰ কোবত সি সকলো পাহৰি পেলাব।
ছে: , মাকজনী হৈ বাৰু তেওঁ কিবোৰ ভাবি আছে?
ল’ৰাটোৱে ভালে ভালে গৈ বোৱাৰীজনী আনিবগৈ।
ল’ৰা লগতে কাইলৈৰ পৰা তেওঁ এজনী ছোৱালীৰো মাক হ’ব পাৰিব! কিমান আনন্দ, কিমান ভাললগা, কিমান কৈ শেষ নোহোৱা কথাৰে বুকু, মন আৰু ঘৰখন ভৰি পৰিব! তেওঁ বাৰু কিয় মিছাতে উজাগৰে আছে।
ভাগিন বোৱাৰীয়েকৰ কাষতে এবাগৰ দি লোৱাই ভাল হ’ব বুলি তেওঁ বাৰাণ্ডাৰ পৰা উঠি আকৌ নিজৰ কোঠালৈ সোমাই গ’ল।
বিছনাত দুগৰাকী মানুহ শুই আছিলেই। এগৰাকী বৌৱেক, আনগৰাকী বায়েক। তেওঁ কাষতে লাহেকৈ শুই দিলে।

চকুহাল মুদিয়ে তেওঁ আকৌ সোণৰ মুখখন দেখিলে।
সোণ আহিব। তাৰ কাষতে কোমল আমলকৈ নতুন কইনাজনীও আহিব। খাৰুৰ জুনজুননি, নতুন মেখেলাৰ খচমচনি, ধূপ আৰু চফগুটিৰ গোন্ধ, ডাঁৰত মেলি দিয়া নতুন নতুন তিতা চাদৰেৰে ঘৰখনৰ পৰিৱেশটোৱেই ভাল লগাকৈ সলনি হৈ পৰিব।

আৰু সোণ?
সোণো সলনি হ’ব।
সি মাকৰ চাদৰত হাতখন মচিবলৈ লাজ কৰিব।
অফিচৰ পৰা আহিয়ে “মা মা“ কৈ চিঞৰাৰ সলনি হয় নীৰৱে নহয় তাৰ মানুহজনীক মাতি মাতি ভিতৰ সোমাব।
মাকৰ হাতৰ দাইলখনতকৈ তাৰ নিজৰ মানুহজনীৰ হাতে মাংসৰ তৰকাৰীখন খাই ভাল লগা হ’ব। মাকক যে সি বেয়া পাব, পাহৰি যাব সেয়া নহয়। কিন্তু নতুন মানুহজনীয়ে লাহে লাহে তাক আৱৰি সামৰি ল’ব। মাকক আগৰ দৰে আব্দাৰ ধৰাৰ প্ৰয়োজন আৰু তেতিয়া বাকীয়ে নৰ’বগৈ।
এনেকুৱাইতো হয়। সকলোৰে এনেকুৱাই হয়!

সোণৰ মাকে গাৰুত মুখখন গুজি দিলে।
ৰাম বনবাসলৈ যোৱাৰ দিনাও কৌশল্যাৰ বুকুখন কিজানি এনেকৈয়ে উৰুঙা উৰুঙা লাগিছিল! কিন্তু তাতো এটা আশা আছিল, ৰাম এদিন উভতি আহিব।

কিন্তু সোণটো যে আজি ওলাই গ’ল!
কইনা লৈ ঘূৰি অহা সোণটো একেটাই মানুহ হৈ থাকিবনে?

সোণটোৰ মাকজনীয়ে ৰিঙা, শূন্য বুকুখন মোহাৰি মোহাৰি বেৰত ওলমি থকা তাৰ দুবছৰ কি তিনিবছৰ বয়সৰ ফটোখন চাই থাকিল।

তেওঁৰ পদূলিমুখতে ৰৈ থাকিবলৈ বৰ মন গ’ল।
সোণটো স্কুলৰ পৰা অহা মাত্ৰেই যে তাৰ পিঠিৰ বেগটো নিজৰ হাতত তুলি লৈ তেওঁ তাক কয়, “আহ বাবা! মুখ হাত ধুই ভাতকিটা খাই ল হি!”

তেনেকৈয়ে কইনা লৈ উভতি অহা সোণটোক তেওঁৰ ক’বৰ মন গ’ল, “আহ বাবা, তয়ো আহ মা! দুয়োটাই মোৰ বুকু জুৰাই থাকহি!”

সোণটোৰ মাকৰ ভয় ভয় লাগিল।
তেওঁ জানে, ক’ম বুলি ভাবি মনতে আওঁৰাই থকা কথাবোৰ তেওঁ ক’ব নোৱাৰে। কেতিয়াও কব নোৱাৰে। ভবা সকলো কথাই কোৱা নহয়গৈ।
নোকোৱাকৈ ৰৈ যোৱা কথাবোৰ এদিন বহুত কিবাকিবি হয়গৈ।

সোণটোৰ মাকে বুজিলে, সোণটো দুৱাৰদলি গৰকি যে ওলাই গ’ল!
সি একেটা মানুহ হৈ আৰু নাহে।
সোণটোৰ মাক ছটফটাই উঠিল।

কাষত শুই থকা মানুহ দুগৰাকীয়ে জীৱনত প্ৰথমবাৰ দেখিলে, দৰা উলিয়াই দিয়া মাকবোৰেও কইনাৰ মাকৰ সমানেই হিয়ালি জিয়ালিকৈ কান্দে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!