এমুঠি সুখ
লেখক- নয়নমণি হাজৰিকা
উন্মুক্ত নীলিম আকাশৰ তলৰ সাগৰীয় পানীৰ অলপ তিতি থকা বালিত ৰ’দৰ চিকমিকনিবোৰে তেতিয়া ৰূপোৱালী ৰংবোৰ ছটিয়াই দিছিল।
বহুসময় ধৰি সেই ঠাইতে ওপৰমুৱাকৈ বালিত নিৰ্ভাৰ হৈ পৰি থকা তিনিগৰাকী নাৰীৰ মুখত যেন সেই সময়ত প্ৰশান্তিৰ আভা স্পষ্ট হৈ জিলিকি উঠিছিল।
এৰা এই সুখৰ পলকেইটা নিজৰ জীৱনলৈ আকৌ আনিবৰ বাবে তেওঁলোকে বহুবছৰ প্ৰতিক্ষা কৰিবলগীয়া হ’ল।
শ্ৰাৱণীয়েই হঠাতে কৰিছিল পৰিকল্পনাটো, কৰিয়েই ৱাটচ এপৰ গ্ৰুপটোত মেছেজ এটা দি থৈছিল।
’শুন, অহা মাহৰ সোতৰ তাৰিখলৈ মই তিনিওৰে বাবে গোৱাৰ টিকেট কনফাৰ্ম কৰিলোঁ।
সাজু হ, জীৱনটো শেষ হোৱাৰ আগতে আকৌ এবাৰ উপভোগ কৰিবলৈ। কোনো ধৰণৰ খেলি মেলিৰ স্থান নাই।’
লাৱনিয়ে মেছেজটো পঢ়ি উঠি লগে লগে সহমত জনাইছিল।
জুৰণিয়ে হে বহুত সময়লৈকে ফোনটো চাব পৰা নাছিল, ব্যস্ত আছিল তাই হস্পিতেলৰ কামত।
আজৰি সময়খিনিত ডাটা অন কৰাৰ লগে লগে মেছেজটো দেখি তাই চকু মুখ উজলি উঠিছিল, এৰা পৰা যায়চোন কৰিব কামটো।
বহুত দিন ব্যৱহাৰ নকৰা ঘৰটোৰ চাৰিওফালে এলান্ধু ওলমি পৰাৰ দৰে সিহঁতৰ জীৱনৰ আশা আকাংক্ষাবোৰতো যেন এলান্ধুৰূপী নিৰাশা হতাশাই ছানি ধৰিছে।
কত বছৰ যে তাই মুকলিকৈ উশাহ লোৱা নাই, জীপালৰ সময় নাই বছৰটোৰ বেছিভাগ সময় ছেমিনাৰতে ঘূৰি ফুৰে। আচলতে তাই জানে জীপালৰ বাবে এতিয়া সহযোগী মৰিয়মেই সকলো, আনকি তাইৰ সন্মুখতে সিহঁতে একেখন বিছনা শ্বেয়াৰ কৰিছে।
জুৰণিয়ে একো নকয়, তাইৰ দেহ মনত জীপাললৈকে যি অলপ আদৰ আছিল যৌৱন থকালৈকে। এতিয়াটো তাইৰ সেইবোৰৰ প্ৰতি অলপো ইচ্ছা নাই, সেইবাবেই চাগৈ তাই দুখী নহয় মৰিয়মক জীপালৰ কাষত দেখি।
এতিয়া জীপাল থকা নথকা একেই তাইৰ বাবে, গতিকে তায়ো সন্মতি জনাই মেছেজ এটা লিখি দিলে গ্ৰুপত।
তাৰ পিছৰ পৰাই অসমৰ উজনি, নামনি আৰু মধ্যত বসতি কৰা তিনিগৰাকী নাৰী ব্যস্ত হৈ পৰিছিল সময় মিলাবলৈ। অৱসাদে জীৱনৰ মোহবোৰ নিস্তেজ কৰিবলৈ প্ৰয়াস কৰাৰ সময়তে যেন সিহঁতে আকৌ নিজকে চিনিবলৈ লৈছিল।
সময়ৰ লগত সমানে খোজ মিলাই আগবঢ়া তিনিওগৰাকী নাৰীৰে মনত অদম্য হেঁপাহ জাগিছিল, জীৱনে বিয়লি বেলালৈ গতি কৰাৰ আগে আগে আকৌ এবাৰ মুক্ত বিহংগৰ দৰে উৰিবলৈ।
এটা নিৰ্দিষ্ট বাহ থকাৰ পিছতো বিহংগবোৰে আকাশত উৰাৰ সময়ত বিলীন হৈ থাকে নিজৰ মাজত, সুখৰ আধাৰ নিজেই গঢ়ি তোলে।
অথচ মানুহ হৈও সকলো থকাৰ পিছতো সিহঁত বন্দী, কোনো ধৰণৰ শিকলিৰে নবন্ধাকৈ, আঁটি আঁটি বন্ধনত আবদ্ধ মানুহবোৰ।
কিমান বছৰ পাৰ হৈ গৈছিল সিহঁত লগ নোহোৱাৰ, হয়তো জুৰণিৰ বিয়াতে শেষ বাৰৰ বাবে লগ হৈছিল সিহঁত। তেতিয়ালৈ শ্ৰাৱণীৰ কোলাত ৰং আৰু লাৱনীৰ কোলালৈ মৰম আহিছিল। জুৰণিৰ বিয়াখনত সিহঁত দুজনীয়ে মনখুলি আনন্দ কৰিব পৰা নাছিল। মাতৃ হোৱাৰ দায়িত্ববোধে সিহঁতক জুৰণিৰ বিদায়ৰ সময়লৈকে থাকিবলৈ দিয়া নাছিল। তাৰ পিছতে ঠিকনা সলাইছিল প্ৰতিজনীয়েই নিজৰ নিজৰ বাহবোৰৰ, জীৱনত আগবঢ়াৰ কুচকাৱাজত হেৰাই গৈছিল আঁতবোৰ সম্বন্ধৰ।
জীয়ৰীতে যাক দাঁতত ভাত এটা লাগিলেও নোকোৱাকৈ থাকিব পৰা নগৈছিল, সুখৰ দুখৰ কত সময়ত এজনীয়ে আনজনীক কান্ধ পাতি দিছিল, আৰু এসময়ত তিনিও ত্ৰিধাৰা হৈ বৈ গৈছিল ভিন্ন দিশলৈ।
আনকি সিহঁতৰ নাম কেইটাও প্ৰধান শিক্ষকে সলনি কৰি, মিলাই দিছিল স্কুলৰ শেষ পৰীক্ষা দিয়াৰ সময়ত। মাক দেউতাক কেইজনেও বৰ আদৰে গ্ৰহণ কৰিছিল, সেয়া ছাৰৰ আশীৰ্বাদ বুলি জ্ঞান কৰি।
সেই সময়খিনি জীৱনৰ আটাইতকৈ মোহ লগা সময় আছিল।
জীৱনটোও এখন নদীৰ দৰেই বৈ গৈ থাকে লক্ষ্যত উপনীত নোহোৱালৈকে, পিছে সিহঁতৰ জীৱনৰ লক্ষ্য প্ৰকৃততে কি? বানপ্ৰস্থত প্ৰৱেশ কৰিবলৈ লৈ যেন সেই বিষয়ে আকৌ এবাৰ ভাবিছে। নিজৰ বুলিবলৈ থকা জীৱনটো পৰিয়ালৰ লগত বিলীন কৰোঁতেই আধাতকৈ বেছি সময় পাৰ হৈ গ’ল।
যাৰ সংগত থাকি আটাইতকৈ পৰিতৃপ্তি লভিছিল সেই সংগই হেৰাই গৈছিল, যদিও প্ৰতিজনীয়েই প্ৰতিপল বুকুত সামৰি ৰাখিছিল সেই বকুল বকুল সুৱাসেৰে আমোল মোল হোৱাৰ সময়খিনিৰ স্মৃতি।
কেতিয়াবা এনে লাগে যেন সোঁৱৰণীৰ কুঁৱলিৰ চামনিৰে ছানি ধৰিছে সকলোবোৰ স্মৃতিত, হেৰাব বুলি মনতে শংকা ওপজাৰ সময়তে মেলি লৈছিল ডায়েৰী কেইখন।
এৰা ডায়েৰী লিখা অভ্যাসটোও সিহঁতৰ একে সময়তে গঢ়ি উঠা, গাঁৱৰ মইনা পাৰিজাতৰ সক্ৰিয় মইনা হৈ থাকোঁতেই আৰম্ভ হোৱা দিনলিপিৰ লিখন থাকি গৈছিল চিৰদিনলৈ।
জুৰণি লাহে লাহে অতীতলৈ গুচি গৈছিল, তাইৰ মনৰ মাজলৈ গুজৰি গুমৰি আহিছিল স্মৃতিৰ ভাৰবোৰ। সহিব পৰা নাই তাই, এৰা কতবছৰ পাৰ হৈ গ’ল পুৰণি সময়বোৰক চুই নোচোৱাৰ। আজি শ্ৰাৱণীৰ মেছেজে তাইৰ মনত খদমদম লগালে, যেন তাই এতিয়াই দৌৰি যাব শৈশৱ, কৈশোৰৰ আপোন মানুহ দুগৰাকীৰ কাষলৈ।
ফোনতে দেখিছে সিহঁতক এতিয়া, বাস্তৱত বা সিহঁত কেনে হৈ আছে।
জুৰণিয়ে বুকছেল্ফৰ একেবাৰে তলত থকা ফটো এলবামটো উলিয়াই আনিলে।
কাপোৰ এখনেৰে মচি বাৰাণ্ডাৰ চকী এখনত বহি লৈ মেলি লৈছিল পুৰণি ফটোৰ এলবামটো।
ৰঙা ৰঙৰ গোলাপৰ ছৱি অঁকা এলবামটোৰ ওপৰৰ চামনিটো ধূসৰ হৈ পৰিছে। কিমান বছৰ হৈ গ’ল হাতৰ পৰশ নিদিয়া, তাই ওপৰৰ পৃষ্ঠাটো আঁতৰাই দিয়াৰ লগে লগে পলিথিনৰ পাতবোৰ আঠা লগাৰ উমান পালে।
ক’লা পৃষ্ঠাবোৰত ফটো এখনেৰে সৈতে ভাল হৈ থাকিবলৈ তাই চাৰিফালে চাৰিটাকৈ চাউল ভৰাই থৈছিল। পিছে এলবামৰ ওপৰত বহুতো কিতাপৰ ভৰ একেৰাহে বছৰ বছৰ দিন থকাৰ ফলতেই চাগৈ চাউল চুৰমাৰ হৈছিল।
লাহেকৈ হাতখন ভৰাই তাই ফটোবোৰ আঠাৰ পৰা আঁতৰাই পেলালে, ইমান পুৰণি ফটো অ’ত ত’ত ৰঙ উৰি বিবৰ্ণ হৈ গৈছিল। চাৰিওফালৰ পৰা ফটোবোৰত দাগ লাগিলেও মাজত হৰ্ষবদনে থকা তিনিজনী শৈশৱৰ দুৱাৰদলিত থকা ছোৱালীৰ মুখ স্পষ্ট হৈ আছিল।
বগা ৰঙৰ ফ্ৰক পিন্ধি, ৰঙা ফিতাৰে চুলি বান্ধি পখিলা হৈ উৰাৰ সময়ৰ ছবি সেয়া, হুম সেই সময়ৰ পৰাই সিহঁতি ত্ৰিমূৰ্তি বুলি জনাজাত হৈছিল।
মইনা পাৰিজাতৰ প্ৰাংগনতে একেলগ হোৱা সিহঁত তিনিজনীৰ সংগ নিকপকপীয়া হৈছিল, একেখন স্কুলতে নাম লিখোৱাৰ পৰা।
কিমানবোৰ যে স্মৃতি আছে সিহঁতৰ, কোনোদিনেই তিনিজনীৰ মাজত কথাৰ কটাকটি হোৱা নাছিল।
যৌৱনৰ আব্দাৰত জুৰণিৰ জীৱনলৈ আহিছিল প্ৰেম, সেই প্ৰেমৰ বতাহজাকে জুৰ পেলাইছিল তাইৰ হিয়া। তিনিওৰে ভিতৰত তাই যেন আগতীয়াকৈ প্ৰাপ্তবয়স্ক হৈছিল।
শ্ৰাৱণী আৰু লাৱনীৰ মাজৰ পৰা এটুকুৰাকৈ সময় লৈ দিছিল জীপালক।
তাৰ আগলৈকে সিহঁত তিনিজনীয়ে মনৰ হেঁপাহেৰে যৌৱনৰ পাৰ ভঙা সময়খিনি পাৰ কৰিছিল, মন গ’লেই উৰি গৈছিল তিনিও ডেউকা মেলি ফুৰিবলৈ।
শ্ৰাৱণীৰ ৰক্তিমৰ লগত ভালপোৱাৰ সম্বন্ধই ৰূপ পোৱাৰ পিছতে লাৱনীয়ে যেন অলপ ফালৰি কাটিছিল সিহঁতৰ পৰা। নভৱাকৈয়ে সিহঁতৰ আলোচনা বোৰৰ মাজে মাজে জীপাল আৰু ৰক্তিমৰ কথাই ঠাই পাবলৈ লৈছিল। তেনেবোৰ সময়ত লাৱনী চুপ হৈ পৰিছিল, ক’ৰবাত কিবা অনুষ্ঠান থাকিলে সিহঁত দুজনীক স্কুটাৰত যাবলৈ সুবিধা দি লাৱনীয়ে অজুহাত দেখুৱাই নোযোৱাকৈ থাকিছিল।
হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছতে সিহঁতৰ মাজত এৰা এৰি হৈছিল। জুৰণিয়ে মেডিকেল প্ৰৱেশ পৰীক্ষাৰ বাবে নিজকে সাজু কৰিবলৈ মহানগৰীলৈ ঢাপলি মেলিছিল। আৰু পিছত মেডিকেলত ছিট পাই তাতে থাকিবলৈ ল’লে।
শ্ৰাৱণীয়ে এম এছ ছি কৰি কলেজ এখনত সোমাল।
লাৱনী বিপৰীত দিশত গৈছিল, নভবাকৈয়ে তাই ৰাজনীতিৰ পথাৰখনত খোজ পেলাইছিল।
পিছলৈ নিজে এম এল এ হ’ব নোৱাৰিলে যদিও সোনকালে বিয়া পাতি এম এল এৰ পত্নী হ’লগৈ।
লাৱনীৰ বিয়ালৈ জুৰণি আৰু শ্ৰাৱণী আহিব পৰা নাছিল, সিহঁত সেই সময়ত ব্যস্ত আছিল। ফোনেৰে তাইক ক্ষমা বিছাৰিছিল আহিব নোৱৰাৰ বাবে, তাৰ পিছতে শ্ৰাৱনীৰো বিয়া হৈ গৈছিল। সেইবাৰো লাৱনী আৰু জুৰণি বিয়ালৈ যাব পৰা নাছিল।
পিছে জুৰণি আৰু জীপালৰ বিয়ালৈ দুয়োজনী গৈছিল।
তিনিও তিনিওকে সাৱটি কান্দিছিল, মৰমবোৰ সদায় একেদৰে ৰখাৰ প্ৰতিশ্ৰুতি দি এৰা এৰিও হৈছিল।
সেই যে আহিল তাৰ পিছৰ পৰা এজনীৰো সময় নোলাল আনজনীৰ খবৰ লবলৈ। নাৰী জীৱনৰ ব্যস্ততাই তিনিওকে যেন বান্ধি পেলালে, ঘৰ, সমাজ, চাকৰি, সন্তান সকলো মিলাবলৈ যাওঁতে একান্তই ব্যক্তিগত বুলি ভবা নিজৰ ভাল লগাবোৰলৈ সময়ে নাটে।
দিনটোৰ মেটমৰা বোজাৰ পৰা আহৰি হৈ নিশা শেতেলীত চকুহাল মুদাৰ সময়ত জুৰণিয়ে দেখিছিল, পখিলা খেদাৰ বয়সত, পখিলাৰ দৰেই উৰি ফুৰা তিনিজনী ফুটফুটীয়া ছোৱালীক। তাই উকমুকাই উঠে, সেয়া যে সিহঁত তিনিজনী। তাই দৌৰ মাৰি লগ পাবলৈ যোৱাৰ পৰতে বাট হেৰুৱাইছিল, যেন তিনিওজনী এখন অৰণ্যত হেৰাই গৈছে। মাতবোৰ ঠিকেই শুনিছে অথচ স্পৰ্শ কৰিব পৰাকৈ কাকো দেখা নাই।
তাৰপিছতে জুৰণি সাৰপাই উঠে, নাই সেই সপোনটো দেখাৰ পিছত আৰু জুৰণিৰ টোপনি নাহে। এনেও নাইট ডিউটিৰ সময়ত ক’তনো শুবলৈ সময় পায়, এনেয়ে মূৰটো হাউলাই অলপ শুবলৈ যত্ন কৰে।
তাইৰ টোপনি নাহে, সেই সময়তে তাই ডায়েৰীখনৰ এটা পৃষ্ঠা লিখে। তাই ভাবে লাৱনী আৰু শ্ৰাৱণীয়ে বাৰু তাইৰ দৰে মাজনিশা সেই একে ধৰণৰ সপোন দেখে নে?
তাইৰ মনত পৰে, তিনিওৰে অট’গ্ৰাফত লিখা একেকেইটা কথা, যি কেইটা তিনিও তিনিওৰে ডায়েৰিত লিখিছিল।
সংসাৰৰ মায়াজালত সোমাই আমি যেতিয়া ভাৰাক্ৰান্ত হ’ম, অথবা আমাৰ যেতিয়া এনে লাগিব যে নিজৰ বাবেও আমাক সময় অলপ লাগে তেতিয়াই আমি লগ হ’ম।
জুৰণিৰ সংসাৰখন চলি আছিল, জীপালক কেন্দ্ৰ কৰিয়েই। সন্তানৰ নামত যন্ত্ৰ দুটাক জনম দিলে, বৰ্তমান দুয়ো মাক দেউতাকৰ পৰা বহুত দূৰৈত। এৰা বাস্তৱিক জ্ঞানেৰে প্ৰতিপালিত সন্তান, এনে হোৱাটোৱেই স্বাভাৱিক অৱশ্যে তাৰ বাবে দুখো নাই জুৰণিৰ। জীপালো গৱেষণাত ব্যস্ত সময় নাই জুৰণিলৈ, তাইৰ নিজকে অৱহেলিত যেন লগাৰ সময়তে যুগ পৰিৱৰ্তনৰ ফল স্বৰূপে হাতত পৰিছিল ইণ্টাৰনেটৰ সংযোগ থকা ম’বাইল ফোনৰ।
তাই ছছিয়েল ছাইটবোৰৰ লগত চিনাকি হৈয়েই ফেচবুকত ভূমুকি মাৰিছিল, তাৰ পিছত অহৰহ চাৰ্চ কৰিছিল শ্ৰাৱণী আৰু লাৱনীক।
ছমাহৰ পিছত লগ পাইছিল লাৱনীক, তাৰ পিছতে শ্ৰাৱণীক। হাতৰ মুঠিতে যেন তিনিও বিচাৰি পালে সৰগখন, ৱাটচ এপৰ যোগাযোগত তিনিও তিনিওৰে সুখ দুখৰ সমভাগী হৈ পৰিল।
লাৱনীয়ে সংসাৰখন ধৰি ৰাখিব নোৱাৰিলে, চৰিত্ৰহীন মানুহটোক এৰি তাই অকলে থাকে। ছোৱালী এজনী আছিল অলপতে বিয়া বাৰু দি আজৰি হৈছে।
শ্ৰাৱণীৰ ক’বলৈ গ’লে এখন ভৰা সংসাৰ পুতেক বোৱাৰীয়েক দুহালেৰে তাইৰ ঘৰ পূৰ্ণ, পিছে মানুহটো হেৰাই যোৱাৰ পৰা তাইৰ লগত মনৰ কথা পতাৰ মানুহৰো অভাৱ।
তিনিওজনী যেতিয়াৰ পৰাই যান্ত্ৰিক মাধ্যমেৰে জড়িত হ’ল, তেতিয়াৰ পৰাই এবাৰ লগপোৱাৰ বাসনা তীব্ৰ হৈ উঠিল। মন যোৱা কামবোৰ সময় থাকোঁতেই কৰিব লাগে, তাৰ পিছৰ পৰাই আৰম্ভ হৈছিল পৰিকল্পনাৰ।
জুৰণিয়ে অহাৰ আগদিনা জনাইছিল জীপালক, বাকী শ্ৰাৱণী আৰু লাৱনীৰ কাকোয়েই জনোৱাৰ প্ৰয়োজন নাছিল।
নিজৰ নিজৰ কামত এদিনো গাফিলতি নকৰা সিহঁতি সহজে পাইছিল বিচৰা ধৰণে ছুটী।
সকলোবোৰ মিলাই এয়া গোৱাৰ সাগৰৰ তীৰত বালিত বাগৰি আছে তিনিগৰাকী যৌৱনে লগ এৰা দিয়া নাৰী।
কথা হ’ল এতিয়াৰ পৰাই তিনিও একেলগে থাকিব, চাকৰিৰ ম্যাদ হাতত আছে দুবছৰ। এই দুবছৰতে সিহঁতে নিজৰ সঞ্চয়ৰে এটা ফ্লেট ল’ব, য’ত বিয়লি বেলাত তিনিজনী একেলগে থাকিব।
এৰি অহা দিনবোৰৰ ভাললগাবোৰ সুঁৱৰি তিনিও খিলখিলকৈ হাঁহিছে, জীৱনত কৰি অহা ভুলবোৰক সুঁৱৰি এজনীয়ে আনজনীৰ কান্ধত মূৰ থৈ উচুপিচে, অনাবিল সুখৰ মাজত বুৰ গৈছে।
সময়ো যেন আহি আহি থমকি ৰৈছে, চুলিত ৰূপালী বৰণ ধৰা তিনিগৰাকী নাৰীৰ হাঁহিৰ ফোঁৱাৰাত চৌপাশৰ যৌৱনবোৰে তবধ লাগি চাইছে।
সিহঁতৰ ভ্ৰূক্ষেপ নাই আনলৈ, জীৱনৰ বহুত সময় পাৰ কৰিলে আনে কি ক’ব তাকে ভাবি। কত মনযোৱা কামবোৰ মনতে সামৰিলে, এতিয়াৰ পৰা আৰু তেওঁলোকে পিছলৈ নাচায়।
জীৱনটো নিজৰ গতিকে জীৱনক জীয়াই ৰখাৰ দায়িত্বও নিজৰ, জীৱনৰ অপৰাহ্ণ বেলাত অকলে থাকি হুমুনিয়াহ কাঢ়ি থকাতকৈ; এমুঠি সুখক নিজৰ মাজত সামৰি আকৌ এবাৰ জীৱনক হাঁহিবলৈ সুযোগ দিয়াত আপত্তিতো নাই!