সাক্ষাৎকাৰ - ড° বিভূতি ৰঞ্জন ভট্টাচাৰ্য্য

লেখক- সাহিত্য ডট্‌ অৰ্গ্‌

সাক্ষাৎকাৰ – ড° বিভূতি ৰঞ্জন ভট্টাচাৰ্য্য । তেওঁ বৰ্তমান ‘আই-আই-টি, ৰুৰ্কী’ত ডিজাইন বিভাগৰ সহকাৰী অধ্যাপক ৷ তেখেতৰ গৱেষণাৰ বিষয়টি হৈছে গ্ৰাম্য প্ৰযুক্তিবিদ্যা ৷ পশ্চিমীয়া গৱেষণাই আমাৰ দেশৰ গ্ৰাম্য অৰ্থনীতি বা গ্ৰাম্য উদ্যোগত বিশেষ সহায় আগবঢ়াব নোৱাৰে আৰু গ্ৰাম-কেন্দ্ৰীক আমাৰ নিজস্ব গৱেষণাইহে আমাৰ বস্ত্ৰ উদ্যোগ, মীন পালন, মৃন্ময় উদ্যোগ আদিক নতুন দিশ এটি দিব পাৰিব বুলি ভবা হয় ৷ নলবাৰীৰ সৰু গাঁও এখনতে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰা ড° ভট্টাচাৰ্য্যই প্ৰমাণ কৰি দিলে যে শিক্ষাৰ মাধ্যমো আমাৰ উন্নতিৰ অন্তৰায় হ’ব নোৱাৰে । ইয়াৰ বাবে লাগে মাথোন একাগ্ৰতাহে ৷ ‘অকব’ গোটে ড° ভট্টাচাৰ্য্যৰ লগত এক সাক্ষাৎকাৰত তেখেতৰ এই গৱেষণাই আমাৰ দেশৰ অৰ্থনীতিত কিদৰে সহায় কৰিব আৰু আমাৰ নৱ প্ৰজন্মৰ বাবে তেখেতৰ উপদেশ কি, আদিৰ বিষয়ে জানিবলৈ এক চেষ্টা কৰে ।
‘অকব’ৰ হৈ এই মাহৰ সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ডা° দেবজিত শৰ্মাই ।

অকব- আপোনাৰ বিষয়ে আমাৰ পঢ়ুৱৈসকলৰ জ্ঞাতাৰ্থে কিছু কথা চমুকৈ জনাব নেকি?

ভট্টাচাৰ্য্য- নলবাৰী জিলাৰ ৰাইৎকুছি গাঁৱত মোৰ জন্ম হৈছিল । ৰাইৎকুছিৰ ‘লোকপ্ৰিয় বৰদলৈ মজলীয়া বিদ্যালয়’ত প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে শিক্ষা লাভ কৰাৰ পাছত ‘বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়’ৰ পৰা ২০০৩ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ । তাৰ পাছতে মই গুৱাহাটীলৈ আহোঁ আৰু ‘শ্ৰীমন্ত শংকৰ একাডেমী’ত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষা লাভ কৰিছিলোঁ । ২০১০ চনত ‘অসম অভিযান্ত্ৰিক মহাবিদ্যালয়’ৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী লাভ কৰোঁ । স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত জামছেদপুৰৰ ইণ্ড’-জাৰ্মান টুল ৰূমত ৬ মহীয়া ইঞ্জিনিয়াৰিং ডিজাইনৰ বাবে প্ৰয়োজনীয় CAD/CAM ছফ্টৱেৰৰ ব্যৱহাৰিক প্ৰয়োগ সম্পৰ্কীয় ডিপ্লমা কোৰ্চ এটা কৰিছিলোঁ । জামছেদপুৰৰ পৰা অসমলৈ ঘূৰি অহাৰ পাছতে উক্ত কোৰ্চৰ অভিজ্ঞতাৰ ভিত্তিত মই ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান ‘আই-আই-টি, গুৱাহাটী’ত ‘ৰুৰেল টেকন’লজী এক্সন গ্ৰুপ'(ৰুট্যাগ) নামৰ প্ৰজেক্টত ‘প্ৰজেক্ট ইঞ্জিনিয়াৰ’ৰ অস্থায়ী চাকৰি এটি লাভ কৰোঁ । ২০১১ চনত ‘আই-আই-টি, গুৱাহাটী’লৈ অহাৰ পাছত ২০২১ চনলৈকে এক দীঘলীয়া সময় ইয়াতে কটাওঁ । ‘আই-আই-টি, গুৱাহাটী’ৰ অভিযান্ত্ৰিক বিভাগৰ পৰা ২০১৪ চনত
স্নাতকোত্তৰ ডিগ্ৰী আৰু ‘স্কুল অৱ এগ্ৰ’ এণ্ড ৰুৰেল টেকনলজী’ৰ পৰা ২০২০ চনৰ নৱেম্বৰ মাহত পি-এইচ-ডি ডিগ্ৰী লাভ কৰোঁ । ২০১৯ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা ২০২১ চনলৈ ‘আই-আই-টি গুৱাহাটী’ত চলি থকা ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ ‘উন্নত ভাৰত অভিযান’ প্ৰজেক্টতো কাম কৰাৰো সুযোগ এটি পাইছিলোঁ । পি-এইচ-ডি ডিগ্ৰী লাভ কৰাৰ পাছতে ‘জৱাহৰ নেহৰু বিশ্ববিদ্যালয়, নতুন দিল্লী’ত কাম কৰাৰ সুযোগ পাইছিলোঁ । ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০২২ চনৰ মে’ই মাহলৈকে ‘জৱাহৰ নেহৰু বিশ্ববিদ্যালয়, নতুন দিল্লী’ত গৱেষক সহযোগী হিচাপে কাম কৰিছিলোঁ । তাৰ পাছতে ২০২২ চনৰ জুন মাহত মই ‘আই-আই-টি, ৰুৰ্কী’ত ডিজাইন ডিপাৰ্টমেণ্টত সহকাৰী অধ্যাপক হিচাপে নিয়োজিত হ’বলৈ সক্ষম হওঁ । ৰুৰেল টেকন’লজী গ্ৰুপৰ সৈতে জড়িত হোৱাৰ সুবাদতে অসমৰ বহুকেইটা এন-জি-অ’ৰ সৈতে সৈচ্চিকভাৱে কাম কৰাৰ সুযোগ পাইছিলোঁ । উল্লেখযোগ্য অনুষ্ঠানকেইটা হৈছে – গ্ৰাম্য বিকাশ মঞ্চ, আৰণ্যক, ম্যান এণ্ড ৱাইল্ড আদি । ইয়াৰ উপৰিও, বিজ্ঞান প্ৰসাৰৰ অন্যতম অনুষ্ঠান ‘শিশু বিজ্ঞান সমাৰোহৰ’ কাম কাজৰ সৈতেও জড়িত হৈ আছোঁ ।

অকব- আপোনাৰ গৱেষণাৰ বিষয় গ্ৰাম্য প্ৰযুক্তিবিদ্যাৰ বিষয়েও আমাক কিছু আভাস দিব নেকি? গৱেষণাৰ বাবে এই বিষয়টি আপোনাৰ মনলৈ প্ৰথম কেতিয়া আৰু কিয় আহিছিল?

ভট্টাচাৰ্য্য- গ্ৰাম্য প্ৰযুক্তিৰ ধাৰণাটো তুলনামূলভাৱে নতুন । এটা নিৰ্দিষ্ট সংজ্ঞাৰে বিষয়টোৰ অৰ্থ বুজোৱা কঠিন । আমি সকলোৱে জানো যে আমাৰ দেশৰ প্ৰায় ৭০% লোক গাঁৱতে বাস কৰে । স্বাধীনতাৰ পাছৰে পৰা গাঁওসমূহৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে বহুবোৰ আঁচনি ৰূপায়ন কৰা হৈছে আৰু উক্ত আঁচনিবোৰ ৰূপায়নৰ ফলত বহুখিনি উন্নয়নো সাধিত হৈছে যদিও একবিংশ শতিকাৰ পৃথিৱীখন যিদৰে সলনি হৈছে তাৰ অনুপাতে আমাৰ গ্ৰাম্য উন্নয়নৰ বিষয়টো কিন্তু বহুখিনি পাছ পৰিয়েই আছে । গ্ৰাম্য উন্নয়ন ত্বৰান্বিত কৰিবলৈ হ’লে প্ৰযুক্তিৰ প্ৰযোগ কৰিবই লাগিব । পিছে, সমস্যাটো হৈছে – পশ্চিমীয়া দেশত উদ্ভাৱন কৰা প্ৰযুক্তিসমূহ আমাৰ গাঁৱৰ উন্নয়ন সাধিবলৈ যথেষ্ট নহয় । বৰং বহু ক্ষেত্ৰত তাৰ ঋনাত্মক ফলহে দেখা পোৱা গৈছে । দৰাচলতে ভাৰতত বুলিয়েই নহয়, সমগ্ৰ বিশ্বৰে গৱেষকসকলে অনুধাৱন কৰিবলৈ সক্ষম হৈছে যে চকু মুদি পশ্চিমীয়া দেশৰ প্ৰযুক্তি উন্নয়নশীল দেশলৈ আমদানি কৰিলেই দেশসমূহৰ উন্নয়ন সাধিব নোৱাৰি । অৰ্থাৎ আমাৰ গাঁৱৰ উন্নয়নৰ বাবে আমাৰ দেশতে উদ্ভাৱন কৰা আৰু আমাৰ দেশৰ গাঁৱত প্ৰয়োজ্য হ’ব পৰা প্ৰযুক্তিহে আমাক লাগিব । আমাৰ দেশৰ গাঁওসূহত পৰাম্পৰাগত প্ৰযুক্তি কিছুমান আছেই । যেনে- তাঁত শাল, নাঙল, কমাৰসকলে ব্যৱহাৰ কৰা চাক ইত্যাদি । তেনেধৰণৰ পৌৰাণিক সা-সঁজুলিসমূহৰ উৎপাদনশীলতা অৱশ্যে যথেষ্ট কম । তেনে বহু পৰাম্পৰাগত প্ৰযুক্তি বেছি সময় ব্যৱহাৰ কৰিলে ব্যৱহাৰ কৰোঁতাজনৰ দেহত ঋণাত্মক প্ৰভাৱ পৰাৰ সম্ভাৱনাও আছে কাৰণ সেইসমূহ ‘Ergonomic Principle’ ৰ আধাৰত ডিজাইন কৰা হোৱা নাই । আনহাতে, নাঙলৰ পৰিৱৰ্তে ট্ৰেক্টৰ এখন ব্যৱহাৰ কৰিলে উৎপাদন বৃদ্ধি হয় যদিও আন কিছুমান সমস্যাৰ উদ্ভৱ হোৱাৰ সম্ভাৱনাও থাকে । ঠিক তেনেদৰে, তাঁত শালৰ সলনি বজাৰত উপলদ্ধ বিদ্যুৎ চালিত শাল ব্যৱহাৰ কৰিলে হাতে বোৱা কাপোৰৰ গুণাগুনখিনি পোৱা নাযায় । অৰ্থাৎ, পৰাম্পৰাগত আহিলাসমূহৰ নতুন ৰূপ দিয়াৰ প্ৰয়োজনীয়তা আছে । কিন্তু, তাকে কৰিবলৈ যাওঁতে আমি গুৰুত্ব দিব লগিব যাতে আমাৰ পৰাম্পৰাগত ব্যৱস্থাসমূহৰ কোনো ক্ষয়-ক্ষতি নহয় । নতুন প্ৰযুক্তি নিৰ্মাণৰ ক্ষেত্ৰত আন আন গুৰুত্বপূৰ্ণ কাৰকসমূহ হৈছে আৰ্থ-সামাজিক ব্যৱস্থা, আৰ্থিক সক্ষমতা, বিদ্যুতৰ সহজ উপলভ্যতা ইত্যাদি । উপৰোক্ত দিশসমূহ অধ্যয়ন কৰি গাঁৱৰ আৰ্থ-সমাজিক ব্যৱস্থাত খাপ খোৱা, বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহৰ সৈতে সামঞ্জস্য থকাকৈ প্ৰযুক্তি নিৰ্মাণ কৰা ব্যৱস্থাটোকে গ্ৰাম্য প্ৰযুক্তিবিদ্যা বিভাগ বুলি কোৱা হয় । মই ওপৰত উল্লেখ কৰিছোঁৱেই যে জামছেদপুৰৰ ইণ্ড’-জাৰ্মান টুল ৰূমৰ পৰা অসমলৈ উভতি আহি ৰুৰেল টেকন’লজী গ্ৰুপৰ সৈতে জড়িত হৈ পৰোঁ । কাম কৰি মোৰ ভালেই লাগিছিল । কিন্তু, এই গ্ৰাম্য প্ৰযুক্তিবিদ্যা যে গৱেষণাৰ বিষয় হ’ব পাৰে, সেই ধাৰণা কিন্তু তেতিয়া মোৰ নাছিল । তেতিয়া চাকৰি এটাৰ প্ৰয়োজন আছিল বাবেই কামটো কৰি আছিলোঁ । ২০১৪ চনত মই ‘আই-আই-টি গুৱাহাটী’ৰ যান্ত্ৰিক অভিযন্ত্ৰন বিভাগত পি-এইচ-ডিৰ বাবে আসন পোৱাৰ পাছত মোৰ পি-এইচি-ডিৰ নিৰীক্ষক প্ৰফেচাৰ শচীন্দ্ৰ কুমাৰ কাকতী ছাৰেহে মোক সেইটো বিষয়ত গৱেষণা কৰাৰ বাবে এক উপদেশ দিছিল । প্ৰফেচাৰ শচীন্দ্ৰ কুমাৰ কাকতী ছাৰ ৰুট্যাগৰ তত্তাৱধায়ক হোৱা বাবে প্ৰজেক্ট ইঞ্জিনিয়াৰ হিচাপে ২০১১ চনৰ পৰা ২০১৪ চনলৈকে মোৰ কাম-কাজখিনি নিৰীক্ষণ কৰাৰ সুযোগ পাইছিল । সেই অভিজ্ঞতাৰ ভিত্তিতে হয়তো তেখেতে মোক গ্ৰাম্য প্ৰযুক্তিবিদ্যা বিষয়টিৰ ওপৰত গৱেষণা কৰিবলৈ উপদেশ দিছিল । অৱশ্যে, প্ৰথমতে মই বিষয়টোৰ গুৰুত্ব বা ভৱিষ্যত সম্পৰ্কে বৰ বেছি আগ্ৰহী নাছিলোঁ । বিশেষকৈ, চাকৰি পোৱাৰ ক্ষেত্ৰত সমস্যা হ’ব পাৰে বুলিয়েই ভাবিছিলোঁ । কিন্তু, প্ৰফেচাৰ শচীন্দ্ৰ কুমাৰ কাকতী ছাৰে এক প্ৰকাৰ জোৰ কৰিয়েই এই বিষয়ে গৱেষণা কৰিবলৈ মোক বাধ্য কৰাইছিল বুলি ক’লেও ভুল কোৱা নহ’ব । ছাৰে নেৰা-নেপেৰাকৈ ধৰা বাবেই এই বিষয়টো লৈছিলোঁ যদিও ভৱিষ্যতৰ কথা ভাবি অকণমান দোদ্যুল্যমান স্থিতিতে আছিলোঁ । পি-এইছ-ডিৰ কাম আগবাঢ়ি গৈ থকাৰ লগে লগে মই বিষয়টোৰ গভীৰতালৈ সোমাই পৰোঁ । বিশেষকৈ, ২০১৭ চনত নেডাৰলেণ্ডৰ চেণ্টাৰ ফৰ ফ্ৰুগেল ইন্য’ভেচনত বিদ্যায়তনিক অধিৱেশন এখনত ভাগ ল’বলৈ গৈ বিভিন্ন দেশৰ গৱেষকসকলক লগ পোৱাৰ পাছতে মোৰ ধাৰণা সলনি হ’ল । মই অনুভৱ কৰিলোঁ, আমেৰিকাৰ এম-আই-টিৰ গৱেষকে যদি ভাৰতৰ গ্ৰাম্য প্ৰযুক্তিবিদ্যাৰ ওপৰত গৱেষণা কৰিব পাৰে, আমি কিয় নকৰিম! এম-আই-টিৰ D-LAB ৰ গৱেষকসকলৰ কামবোৰো প্ৰকৃততে গ্ৰাম্য প্ৰযুক্তিবিদ্যা বুলিয়ে ক’ব পাৰি । পাছলৈ বিষয়টোৰ প্ৰতি মোৰ পিছে সাংঘাতিক ৰাপ জাগিল । প্ৰফেচাৰ কাকতী ছাৰে জোৰ নকৰাহেঁতেন হয়টো গ্ৰাম্য প্ৰযুক্তিবিদ্যা বিষয়টো মোৰ অধ্যায়নৰ বিষয় নহ’লহেঁতেন। চাকৰি পোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব বুলি ভাবি থকা কথাটোও ভুল বুলি প্ৰমাণিত হ’ল কাৰণ মই ২০২০ চনৰ নৱেম্বৰ মাহত পি-এইচ-ডি সম্পূৰ্ণ কৰাৰ ২ মাহৰ ভিতৰতে ‘জে এন ইউ’ত গৱেষক সহযোগী হিচাপে যোগদান কৰাৰ সুবিধা লাভ কৰিছিলোঁ । তাৰ পাছতে বৰ্তমানৰ কৰ্মস্থলী ‘আই-আই-টি ৰুৰ্কী’ত নিযুক্তি লাভ কৰিলোঁ ।

অকব- আপুনি ‘অসম ইঞ্জিনিয়াৰিং কলেজ’ৰ ছাত্ৰ, গৱেষণা কৰিলে ‘আই-আই-টি, গুৱাহাটী’ত আৰু এতিয়া ‘আই-আই-টি ৰুৰ্কী’ৰ শিক্ষক । আপোনাৰ দৃষ্টিত আই-আই-টি আৰু বাকী ইঞ্জিনিয়াৰিং কলেজবোৰৰ পাঠ্যক্ৰম, শৈক্ষিক পৰিৱেশ, গৱেষণাৰ পৰিৱেশ, ছাত্ৰ আৰু শিক্ষকৰ মানসিকতা আদিৰ মাজত কি কি পাৰ্থক্য লক্ষ্য কৰিছে?

ভট্টাচাৰ্য্য- ৰাজ্যিক পৰ্য্যায়ৰ শিক্ষানুষ্ঠানসমূহ আৰু আই-আই-টিসমূহৰ শৈক্ষিক পৰিৱেশৰ মাজৰ আকাশ পাতাল পাৰ্থক্য আছে । আমি যেতিয়া ‘অসম অভিযান্ত্ৰিক মহাবিদ্যালয়’ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ, তেতিয়া গৱেষণা পত্ৰ লিখা, কনফাৰেঞ্চ/ছেমিনাৰ আদিত গৱেষণা পত্ৰ পাঠ কৰা আদি কাম স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নহয় বুলি ভাবিছিলোঁ । কিন্তু, ‘আই-আই-টি গুৱাহাটী’লৈ আহি দেখিছিলোঁহি যে স্নাতক তৃতীয়/চতুৰ্থ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে গৱেষণা পত্ৰ প্ৰকাশ কৰে আৰু কনফাৰেঞ্চ/ছেমিনাৰ আদিলৈও যায় । আনকি, মই ৬ মাহ খৰছ কৰি ডিজাইনৰ যিকেইটা ছফ্টৱেৰ শিকিবলৈ জামছেদপুৰলৈ গৈছিলোঁ সেইবোৰ ছফ্টৱেৰ আই-আই-টিৰ ছাত্ৰ-ছাত্ৰীয়ে স্নাতক দ্বিতীয়-তৃতীয় বৰ্ষতে শিকে । আই-আই-টিসমূহত সেই পৰিৱেশটো আছে । বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰা বিশ্বৰ বিভিন্ন ঠাইৰ ব্যক্তিক আই-আই-টিসমূহে নিমন্ত্ৰণ কৰি আনি ছাত্ৰ-ছাত্ৰীসকলক তেখেতসকলৰ সৈতে বাৰ্তালাপৰ সুযোগ দিয়ে । পাঠ্যক্ৰমসমূহৰ ক্ষেত্ৰতো বহুখিনি পাৰ্থক্য আছে । বৰ্তমানৰ যুগটোৰ সৈতে ফেৰ মাৰিব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰিবলৈ আই-আই-টিসমূহে সঘনাই পাঠ্যক্ৰমসমূহ পুনৰীক্ষণ কৰি থাকে । উদাহৰণস্বৰূপে, নতুন শিক্ষা নীতিৰ সমান্তৰালকৈ আমাৰ স্নাতক পাঠ্যক্ৰমটিৰো যোৱা মাহত কিছু সংশোধন কৰা হৈছে । নতুন পাঠ্যক্ৰমটিত উদ্ভাৱনী শক্তি বিকাশত গুৰুত্ব দিয়া হৈছে, ব্যৱহাৰিক শিক্ষাৰ পৰিসৰ বৃদ্ধি কৰা হৈছে আৰু ‘Interdisciplinary’ শিক্ষাৰ ধাৰণাটোও তাত অন্তৰ্ভুক্ত কৰা হৈছে।এইবোৰ উদাহৰণহে। আই-আই-টিসমূহৰ সমগ্ৰ পৰিৱেশটোৱেই এনেকুৱা যে তাত ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশ হোৱাৰ সুযোগ পায় । পঢ়া-শুনাৰ সমান্তৰালকৈ খেলা-ধূলা, ব্যৱহাৰিক দক্ষতা আদি সকলোবোৰ দিশৰে বিকাশত গুৰুত্ব দিয়া হয় । অৱশ্যে, আই-আই-টিসমূহে যিধৰণৰ বিত্তীয় সহযোগিতা পায়, তাৰ তুলনাত ৰাজ্যিক শিক্ষানুষ্ঠানসমূহে নোপোৱা বাবে কিছু পৰিমাণে পাছ পৰি থাকিব লগা যে হয়, সেয়াও সত্য । কিন্তু, আন এটা দিশো চাব লাগিব । মানে, আই-আই-টিৰ প্ৰফেচাৰসমূহে চৰকাৰৰ পৰা বিভিন্ন প্ৰজেক্ট আনিবলৈ যথেষ্ট সময় খৰছ কৰে । প্ৰজেক্টসমূহ পালে আন্ত:গাঠনি উন্নত কৰিব পাৰে, ছাত্ৰ-ছাত্ৰীক গৱেষণা কৰাৰ সমল দিব পাৰে আৰু তেওঁলোকক বিভিন্ন কনফাৰেঞ্চলৈ পঠাবলৈও সহজ হয় ।

অকব- অসমৰ ছাত্ৰ আই-আই-টিবোৰত এতিয়াও নগণ্য সংখ্যক । ইয়াৰ কাৰণ কি বুলি আপুনি ভাবে?
ভট্টাচাৰ্য্য- ইয়াৰ মূল কাৰণটো হৈছে সজাগতাৰ অভাৱ । আই-আই-টি বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহৰ গুৰুত্ব, তাত আসন পাবলৈ কেনেধৰণৰ প্ৰস্তুতি চলাব লাগে ইত্যাদি সম্পৰ্কে আমি ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰিব পৰা নাই । অসমৰ বাহিৰলৈ ওলাই যোৱাৰ ক্ষেত্ৰত অনিহাও এই ক্ষেত্ৰতএক হেঙাৰ হিচাপে থিয় দিয়ে । বেছিভাগ অভিভাৱকে ল’ৰা-ছোৱালীক অসমৰ বাহিৰলৈ যাবলৈ দিয়াৰ ক্ষেত্ৰত বৰ এটা আগ্ৰহ নেদেখুৱায় ।

অকব- আপোনাৰ গৱেষণা যিহেতু গ্ৰাম্য প্ৰযুক্তিবিদ্যাৰ লগত জড়িত, আপোনাৰ গৱেষণাই গ্ৰাম্য অৰ্থনীতি বা গ্ৰাম বিকাশত যথেষ্টখিনি প্ৰভাৱ পেলাব পাৰিব বুলি ভাবোঁ । এই সম্পৰ্কত অসম চৰকাৰে আপোনাৰ লগত যোগাযোগ কৰিছে নেকি?

ভট্টাচাৰ্য্য- গাঁৱৰ আৰ্থনৈতিক বিকাশৰ বাবে প্ৰযুক্তিবিদ্যা ব্যৱহাৰত বৰ্তমান চৰকাৰে যথেষ্ট গুৰুত্ব দিছে । আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো এই বিষয়ে যথেষ্ট চিন্তা-চৰ্চা আৰম্ভ হৈছে । বিশেষকৈ, ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহলৈ চালে দেখা যায় যে নীতি নিৰ্ধাৰকসকলে বিষয়টোৰ গুৰুত্ব বুজি পাইছে আৰু চৰকাৰৰ পৰা আমি বিভিন্ন পৰ্যায়ত সহায়-সহযোগিতা পাই আছোঁ । ভাৰত চৰকাৰৰ বিত্তীয় সহযোগত ‘গ্ৰাম্য বিকাশ মঞ্চ’ৰ সৌজন্যত অসমৰ বাক্সা জিলাত শিপিনীৰসকলৰ বাবে দক্ষতা বিকাশ কেন্দ্ৰ এটা নিৰ্মাণৰ কাম চলি আছে । বোৱা-কটাৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিসমূহ তাত যোগান ধৰাৰ লগতে ৩০০ মহিলাক সেই প্ৰযুক্তি ব্যৱহাৰৰ সম্পৰ্কে প্ৰশিক্ষণ দিয়া হ’ব । কাম চলি আছে আৰু এই বছৰৰ ডিচেম্বৰ মাহত শেষ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । উক্ত প্ৰকল্পটো দীৰ্ঘজীৱি কৰাৰ বাবে চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতেও আলোচনা চলি আছে । মৃৎ শিল্পৰ শিল্পীসকলে মাটিৰ বাচন-বৰ্তন বনোৱা কামত ব্যৱহাৰ কৰা ‘চাক’ খন নকৈ ডিজাইন কৰাৰ কামো চলি আছে । সৌৰ শক্তি চালিত ‘চাক’ এখন নিৰ্মাণৰ বাবে আমি ‘অসম ৰাজ্যিক বিজ্ঞান আৰু পৰিৱেশবিদ্যা পৰিষদ’ৰ আৰ্থিক সহযোগ লাভ কৰিছোঁ আৰু কামটো প্ৰায় সম্পূৰ্ণ হৈছে ।
আনহাতে, ভাৰতৰ চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ পৰা লাভ কৰা অনুদানেৰে ‘চুপাৰি ব্যৱসায়’ৰ সৈতে জড়িত মহিলাসকলৰ বাবে কাম এটা কৰি আছোঁ । প্ৰজেক্টটোৰ অলপ কামহে বাকী আছে । শেহতীয়াকৈ আমি কফি খেতিয়কৰ উপযোগী মেছিন নিৰ্মাণৰ দুই বছৰীয়া প্ৰজেক্ট এটাৰ বাবেও চৰকাৰী অনুদান এটি লাভ কৰিছোঁ ।

অকব- অসমৰ বৰ্তমান বিজ্ঞান বা প্ৰযুক্তি বিদ্যাৰ ছাত্ৰবোৰ গৱেষণা বা উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী হ’বৰ বাবে আপুনি কি পৰামৰ্শ দিব?

ভট্টাচাৰ্য্য- মই স্নাতক তৃতীয় বৰ্ষত ‘আই-আই-টি গুৱাহাটী’ত ইণ্টাৰ্নশ্বিপৰ বাবে গৈছিলোঁ । তাৰ আগলৈকে আই-আই-টিবোৰ আমাৰ নিচিনা ছাত্ৰ-ছাত্ৰীৰ বাবে নহয় বুলিয়েই ধাৰণা এটা মোৰ আছিল । কিন্তু, তাত গৈ দেখিলোঁগৈ যে আমাৰ দৰে পাছপৰা অঞ্চলৰ পৰা অহা বহু ছাত্ৰ-ছাত্ৰীয়ে আই-আই-টিবোৰত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুবিধা পায় । দৰাচলতে, আই-আই-টিৰ সপোনটো প্ৰথম মই তেতিয়াই দেখিছিলোঁ । সেইবাবে মই ক’ব খোজোঁ যে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে ‘আই-আই-টি, গুৱাহাটী’ বা আন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহত ইণ্টাৰ্নশ্বিপৰ বাবে চেষ্টা কৰিব লাগে । ইণ্টাৰ্নশ্বিপৰ জৰিয়তে বহুখিনি কথাই শিকিব পাৰি । তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ভৱিষ্যতে আই-আই-টি বা আন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত আসনৰ বাবে চেষ্টা কৰিবলৈ তেওঁলোকৰ মনোবল যথেষ্টখিনি বৃদ্ধি পাব । ‘আই-আই-টি, গুৱাহাটী’ত বছৰৰ প্ৰতিটো দিনতে সৰু-ডাঙৰ অনেকখন ছেমিনাৰ/কৰ্মশালা আদিৰ আয়োজন কৰা হয় । তেনেকুৱা অনুষ্ঠানসমূহত মাজে সময়ে উপস্থিত থকাৰো চেষ্টা কৰিব লাগে । তেনেকুৱা অনুষ্ঠানত বিশ্বৰ বিভিন্ন অঞ্চলৰ গৱেষক, অধ্যাপক আদিৰ সৈতে চিনাকি হোৱাৰ সুযোগো লাভ কৰা যায় । তাত তেওঁলোকৰ কামবোৰৰ বিষয়ে জানিব পৰাৰ লগতে ভৱিষ্যতে সম্ভাৱনা
থকা গৱেষণাৰ বিষয়সমূহৰ সম্পৰ্কেও আভাস পাব পৰি । পাছলৈ তেওলোকৰ সৈতে ভাল সম্পৰ্ক এটা গঢ় লৈ উঠিলে তেখেতসকলৰ গ্ৰুপত কাম কৰাৰ সুযোগো পোৱা যাব । উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত চিনাকিয়ে বহুত কাম দিয়ে । অৱশ্যে, কেৱল চিনাকি হ’লেই নহ’ব । সেইবোৰৰ বাবে প্ৰয়োজনীয় অৰ্হতাখিনিও থাকিব লাগিব।

অকব- আপোনাৰ গৱেষণাৰ পৰা উদ্ভাৱিত কোনো প্ৰযুক্তি এদনীয়া স্বত্ব কৰা হৈছে নেকি বা সেইবোৰৰ বিষয়ে কোনো উদ্যোগে আগ্ৰহ দেখুৱাইছে নেকি?
ভট্টাচাৰ্য্য- বৰ্তমানলৈকে মই কোনো ধৰণৰ প্ৰযুক্তিৰ বাবে এদনীয়া স্বত্ব লাভ কৰা নাই । অৱশ্যে, সৌৰ শক্তি চালিত ‘চাক’ খনৰ কামটোৰ বাবে এদনীয়া স্বত্বৰ আৱেদন কৰাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে । এদনীয় স্বত্ব লাভ নকৰিলেও আমাৰ কাম এটাৰ পৰা শুৱালকুছিৰ ‘লাৱণ্য ষ্টীল উদ্যোগ’ নামৰ ক্ষুদ্ৰ উদ্যোগটো যথেষ্ট লাভাৱান্বিত হৈছে । ‘ৰুট্যাগ’ত কাম কৰি থাকোঁতে আমি অসমৰ বস্ত্ৰ শিল্পৰ বাবে প্ৰয়োজনীয় মেছিন দুটামান নিৰ্মাণত তেওঁলোকক সহযোগ কৰিছিলোঁ । তেওলোকে এতিয়ালৈকে বজাৰত প্ৰায় ডেৰ হাজাৰমান তেনেকুৱা মেছিন বিক্ৰী কৰিছে । ক্ষুদ্ৰ উদ্যোগ এটাৰ বাবে এয়া নিশ্চয়কৈ আশাব্যঞ্জক কথা । সৌৰ শক্তিচালিত ‘চাক’ খনো মৃৎ শিল্পৰ সৈতে জড়িত মানুহখিনিয়ে আদৰি ল’ব বুলি আশা কৰিছোঁ ।

অকব- আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কিছু কথা ক’ব নেকি?
ভট্টাচাৰ্য্য- বৰ্তমান মই ডিজাইন ডিপাৰ্টমেণ্টৰ সহকাৰী অধ্যাপক হিচাপে নিযুক্ত হ’লেও মোৰ গৱেষণাৰ বিষয় গ্ৰাম্য প্ৰযুক্তিহে । আমাৰ গ্ৰুপত বৰ্তমান গ্ৰাম্য উন্নয়নৰ বাবে প্ৰয়োজনীয় কাম কিছুমান চলি আছে । উদাহৰণ স্বৰূপে, মেটেকা জাতীয় বিভিন্ন ধৰণৰ আহৰ পৰা বস্ত্ৰ প্ৰস্তুত কৰা, কাঁহ শিল্প পুনৰুজ্জীৱিত কৰা, কফি খেতিয়কসকলৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তি নিৰ্মাণ কৰা আদি । গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ নিমিত্তে এনেধৰণৰ কামবোৰ আগলৈও কৰি যোৱাৰ পৰিকল্পনা আছে । গাঁৱলীয়া অঞ্চলত, বিশেষকৈ অসমৰ ভিতৰুৱা অঞ্চলসমূহত, বিজ্ঞান জনপ্ৰিয়কৰণৰ কামত যিখিনি পাৰোঁ সহায়-সহযোগিতা কৰাৰ ইচ্ছা মোৰ মনত আছে ।

অকব- অসমৰ উঠি অহা প্ৰজন্মৰ বাবে আপোনাৰ কিবা উপদেশ আছে নেকি?

ভট্টাচাৰ্য্য- পঢ়া-শুনা সম্পৰ্কীয় কথাৰ বাবে মাজে-সময়ে চ’চিয়েল মিডিয়া বা ফোনযোগে দুই-এজনে যোগাযোগ কৰে । তেনেধৰণৰ কথা বতৰাৰ পৰা মোৰ অনুভৱ হয় – আমি অসমীয়া মানুহখিনিয়ে ‘ৰিস্ক’ ল’বলৈ ভয় কৰোঁ । কোনো কোনো অভিভাৱকৰ পৰা এনেকুৱা প্ৰশ্নৰো সম্মুখীন হৈছোঁ যে – সি/তাই আজিলৈকে অসমৰ বাহিৰলৈ গৈয়ে পোৱা নাই । অমুক আই-আই-টিত সি/তাই টিকিবগৈ পাৰিবনে ? কাৰোবাৰ আকৌ বিষটোলৈকে ভয় । নতুন বিষয়, গ্ৰেজুৱেচনৰ সময়তোসেই বিষয়ে পঢ়িবলৈ পোৱা নাই । গতিকে, এডমিশ্বনৰ ক্ষেত্ৰত কিবা সমস্যা হ’ব নেকি? এনেধৰণৰ চিন্তা-চৰ্চাৰ আওতাৰ বাহিৰলৈ ওলাই আহিব পাৰিব লাগিব আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অনুষ্ঠান-প্ৰতিষ্ঠানত সুযোগ ল’বলৈ চেষ্টা কৰিব লাগিব । বৰ্তমানৰ যুগটোৱেই হৈছে ‘Interdisciplinary’ যুগ । গতিকে, পৰাম্পৰাগত মেকানিকেল, ইলেকট্ৰিকেল, চিভিল আদিৰ গণ্ডীৰ বাহিৰলৈ ওলাবই লাগিব । পৰাম্পৰাগত বিষয় সমূহত প্ৰতিদ্বন্দ্বী বেছি থাকে । গতিকে, সেইবোৰত প্ৰতিযোগিতা বেছি কঠিন হয় । কিন্তু, নতুনকৈ আৰম্ভ কৰা অপৰাম্পৰাগত বিষয়বোৰত আৱেদন পত্ৰ কমকৈ পৰে । সেয়েহে এনেকুৱা বিষয় হ’লে প্ৰতিদ্বন্দ্বী কম থাকে আৰু তাত সফলতা লাভ কৰিবলৈয়ো বহুখিনি সহজ হয় । অৱশ্যে, সফলতাৰ বাবে যথেষ্ট কষ্টও কৰিব লগা
হয়, বিষয়টো অগতানুগতিক হোৱা বাবে উপদেশ দিবলৈ মানুহো কম থাকে, অধ্যয়নৰ বাবে প্ৰয়োজনীয় কিতাপ, জাৰ্নেল আদিও কম থাকে । উপলদ্ধ নোহোৱা শৈক্ষিক সামগ্ৰীসমূহ যোগাৰ কৰাটো কঠিনেই হৈ পৰে । কিন্তু সেইখিনি মেনেজ কৰিব পাৰিলে সফলতা লাভ কৰা পথটো আনতকৈ সহজ হৈ পৰে । জীৱনত সফলতা লাভৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কাৰকবোৰৰ প্ৰধান এটা হৈছে ‘Communication skill’। অভিভাৱকসকলে এই বিষয়ত গুৰুত্ব দিয়া উচিত বুলি ভাবোঁ ।

অকব- ‘আই-আই-টি, ৰুৰ্কী’ত আপোনাৰ অভিজ্ঞতা কেনে ধৰণৰ?
ভট্টাচাৰ্য্য- মই ‘আই-আই-টি, ৰুৰ্কী’ত যোগদান কৰাৰ প্ৰায় ৮ মাহ সম্পূৰ্ণ হ’ল । ইয়াত কাম কৰি ভালেই লাগিছে । ১৭৬ বছৰীয়া ঐতিহাসিক শৈক্ষিক প্ৰতিষ্ঠান হিচাপে ‘আই-আই-টি, ৰুৰ্কী’ নিজৰ গুণ গৰিমাৰে মহামণ্ডিত এটি অনুষ্ঠান । ‘গংগা কেনেল’ৰ কামত নিয়োজিত কৰিবলৈ অৰ্হতা সম্পন্ন লোকৰ অভাৱ হোৱাত ১৮৪৭ চনত বৃটিছসকলে এই অনুষ্ঠানটোৰ আৰম্ভণি কৰিছিল । সময়ৰ অগ্ৰগতিত সেই ট্ৰেইনিং ইনষ্টিটিউটখন মহাবিদ্যালয়লৈ উন্নীত হয় আৰু পাছত মহাবিদ্যালয়ৰ পৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয় হৈ ২০০০ চনত আই-আই-টিলৈ উন্নীত হয় । ঐতিহ্যমণ্ডিত অনুষ্ঠান হিচাপে ‘আই-আই-টি, ৰুৰ্কী’ৰ সমগ্ৰ বিশ্বতে নিজা এক চিনাকি আছে । তেনেকুৱা অনুষ্ঠান এটাৰ অংশ হ’ব পৰাটো নিশ্চয়কৈ আনন্দৰে কথা ।

অকব- ৰুৰ্কীত লাভ কৰা কিবা ধেমেলীয়া অভিজ্ঞতা আপোনাৰ আছে নেকি?
ভট্টাচাৰ্য্য- ধেমেলীয়া অভিজ্ঞতা বহুতেই আছে । তাৰে দুটামান চমুকৈ উল্লেখ কৰোঁ বাৰু! লেব’ৰেটৰী এটাত কাম কৰি থকা ছাত্ৰ এজনক তেওঁৰ প্ৰয়োজনীয় অনুমোদন আছে নে নাই সোধোঁতে ছাত্ৰজনে ওলোটাই মোকহে ধমক দিলে । ছাত্ৰজনৰ উত্তৰটো আছিল এনে ধৰণৰ- ভায়া, মোৰ অনুমোদন আছে নে নাই চাবলৈ আপুনি কোন? মোৰ পৰিচয়টো পোৱাৰ পাছত সি যেনিবা ক্ষমা খুজিলে । এবাৰ আকৌ নিৰপত্তাৰক্ষীৰ পৰাই ধমক খালোঁ । সেইটোও মোটামুটি একে ধৰণৰেই কাহিনী । মটৰ-চাইকেল বা চাৰিচকীয়া বাহনৰ সলনি চাইকেল চলাই যোৱা বাবে ছাত্ৰ বুলি ভুল কৰি তেওঁ মোক ধমক দিছিল । পৰিচয়টো পোৱাৰ পাছত অৱশ্যে ক্ষমা খুজিলে । মই একো নক’লোঁ আৰু!
ৰুৰ্কীলৈ যোৱাৰ পাছতে আই-আই-টিৰ ওচৰতে থকা পাণ দোকান এখনত এবাৰ পাণ কিনিবলৈ গৈছিলোঁ । মোৰ হিন্দীৰ সুৰটো বেলেগ যেন পোৱাত তেওঁ মোৰ ঘৰ ক’ত, সুধিলে । মই অসম বুলি কোৱাৰ লগে লগে মানুহজনৰ কৌতূহল বাঢ়ি গ’ল । পাণ দোকানীজনে মোক ইমানেই আচৰিত ধৰণৰ প্ৰশ্ন সুধিবলৈ ধৰিলে যেন মই পৃথিৱীৰ বাহিৰৰ পৰাহে আহিছোঁ । তাত এনেধৰণৰ ধেমেলীয়া ঘটনা বহুখিনিয়েই মোৰ লগত সংঘটিত হৈছে ।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Himadri
1 year ago

Too Excellent!

Don`t copy text!