ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

লেখক- তপন কুমাৰ শৰ্মা

‘গোলকীয় বিজ্ঞান গোলকীয় কল্যাণৰ বাবে’- এইবাৰ ২০২৩ চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল আলোচ্য বিষয়। ১৯৮৬ চনৰ পৰা প্ৰতিবছৰে আমাৰ দেশত ২৮ ফেব্ৰুৱাৰী দিনটো ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ হিচাপে পালন কৰি অহা হৈছে, এই দিনটো বিখ্যাত ‘ৰমন-ক্ৰিয়া’ৰ আবিষ্কাৰৰ দিন বুলি ধৰা যায়, ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত চন্দ্ৰশেখৰ ভেংকট ৰমনে পোহৰৰ এই পৰিঘটনা আৱিষ্কাৰৰ কথা সদৰি কৰে। ১৯৯৯ চনৰে পৰা প্ৰতি বছৰে এই দিৱসৰ বাবে একোটা সুকীয়া বিষয়বস্তু বা থিম নিৰ্ধাৰণ কৰা নিয়ম হ’ল।

১৯৩০ চনত ‘ৰমণ ক্ৰিয়া’ আৱিষ্কাৰৰ বাবে চি, ভি ৰমনক পদাৰ্থ বিজ্ঞানৰ বাবে নবেল বঁটা দিয়া হয়। উল্লেখযোগ্য যে ইয়াৰ পাছত বহু কেইজন ভাৰতীয় বংশোদ্ভৱ লোকে বিজ্ঞানৰ নোবেল লাভ কৰিছে যদিও তেখেতেই ভাৰতৰ মাটিতে গৱেষণা কৰি, ভাৰতীয় লোক হিচাপে বিজ্ঞানত নোবেল বঁটা লাভ কৰা একমাত্ৰ লোক।

ৰমন ক্ৰিয়া কি?
কোনো তৰল পদাৰ্থ বা স্ফটিকৰ মাজেদি একৰঙী (নিদিষ্ট কম্পনাংক) দৃশ্যমান পোহৰ পঠিয়ালে বিচ্ছুৰণৰ ফলত মূল পোহৰৰ উপৰিও অন্য ৰঙৰ (কম কম্পনাংকৰ) পোহৰো দেখা যায়। এইটোৱেই ৰমন পৰিঘটনা।
এটা কথা খুব কমকৈ আলোচিত হয় আৰু খুব কম লোকে জানে, সেইটো হ’ল, ‘ৰমনক্ৰিয়া’ আৱিষ্কাৰৰ লগত অতি পোনপটীয়াকৈ জড়িত অন্য এজন ভাৰতীয় বিজ্ঞানী, নাম কৰিয়ামাণিকম শ্ৰীনিবাস কৃষ্ণন, এখেতে ৰমনৰ তত্ত্বাৱধানত সেই বিষয়ত গৱেষণা কৰি আছিল; নোবেল সমিতিয়ে শ্ৰীনিৱাস কৃষ্ণনকো যুঁটীয়াভাৱে নোবেল বঁটা দিয়া উচিত আছিল বুলি বিজ্ঞানৰ বহু ইতিহাস লেখকে ভাৱে।
কোন এই কে, এছ, কৃষ্ণন?
শ্ৰীনিৱাস কৃষ্ণনে কলিকতাত ৰমনৰ লগত ‘ৰমন ক্ৰিয়া’ৰ কাম শেষ কৰি ১৯২৮ চনত ঢাকা বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ ৰিডাৰ হিচাপে যোগদান কৰে। ঢাকাত তেখেতৰ গৱেষণাৰ বিষয় আছিল- “স্ফটিক পদাৰ্থৰ গঠন আৰু চুম্বকীয় গুণাগুণ।” তেখেতে ডায়া আৰু ফে’ৰ চুম্বকীয় পদাৰ্থৰ এনাইচ’টপিক গুণ জুখিব পৰা পদ্ধতি এটা আৱিষ্কাৰ কৰে। এই কামত তেওঁৰ সহযোগী আছিল শান্তিলাল বেনাৰ্জী, বিচি গুহ, আৰু আশুতোশ মুখাৰ্জী। এই ফলাফল ১৯৩৩ চনত ৰয়েল চছাইটিৰ লণ্ডনৰ দ্বাৰা প্ৰকাশ কৰা হৈছিল। বিজ্ঞানীজনে ১৯৩৩ চনত ঢাকাৰ পৰা আহি কলিকতাৰ ‘ইণ্ডিয়ান এচ’ছিয়েচন ফৰ দ্যা কাল্টিভেচন অৱ চাইঞ্চ’ত যোগদান কৰে- পদৱীটো আছিল মহেন্দ্ৰ লাল চৰকাৰ প্ৰফেচৰ অৱ ফিজিক্স আসনত। কলিকতাৰ এই অনুষ্ঠানতো চুম্বকীয় ধৰ্মৰ সম্পৰ্কে তেওঁ কাম কৰি যায় আৰু অৱশেষত সৰু স্ফটিক চুম্বকৰ মেগনেটিক-চাছেপ্টিবিলিটি জোখা উপায় এটা উদ্ভাৱন কৰে, পাছলৈ সেই উপায়টোক কৃষ্ণন বেনাৰ্জী উপায় বুলি জনাজাত হ’ল।১৯৪০ চনত বিজ্ঞানীজনক ৰয়েল চছাইটিৰ সদস্য হিচাপে ঘোষণা কৰে,১৯৪২ চনত তেওঁ এলাহবাদ বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ আৰু মুৰব্বী অধ্যাপক হিচাপে নিযুক্ত হ’ল,১৯৪৪ চনত কৃষ্ণনক ব্ৰিটিচ চৰকাৰে নাইট উপাধি প্ৰদান কৰে। ১৯৫৪ চনত ভাৰত চৰকাৰে তেখেতক পদ্মভূষণ উপাধিৰে অলংকৃত কৰে। আৰু ভাৰতবৰ্ষত থকা বিখ্যাত ভাটনগৰ বঁটা পোৱা এইজনেই আছিল প্ৰথম বিজ্ঞানী। শ্ৰীনিৱাস কৃষ্ণণ সম্পৰ্কে জৱাহৰলাল নেহেৰুৱে কৈছিল- “কৃষ্ণনৰ আটাইতকৈ ডাঙৰ কথাটো, তেওঁ যে মহান বিজ্ঞানী সেইটো নহয়, কিন্তু তাতকৈ বহু বেছি। তেওঁ এজন সম্পূৰ্ণ নাগৰিক, ব্যক্তিত্বৰে ভৰা তেওঁ এজন পূৰ্ণ মানৱ”।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!