ভয়ক জয়

লেখক- সমাদ্ৰিতা গোস্ৱামী

ফুলৰ দৰে আটোলটোলকৈ ডাঙৰ কৰা কণমানিটোক বিদ্যালয়লৈ পঠোৱাৰ পাচতে মাকহঁতৰ Separation Anxiety এটা হয়। Working ladyয়ে হওক বা Home makerএ হওক এই উৎকণ্ঠাৰ চিকাৰ বেছিভাগ মাকেই হয়। কেৱল কণমানিটোৰ সুৰক্ষাৰ স্বাৰ্থত অভিভাৱকে বিদ্যালয়ত কিবা অনিয়ম হোৱা দেখিলেও মাত নামাতে। ইজনে সিজনৰ লগত অনিয়মৰ আলোচনা ঠিকেই কৰে কিন্তু স্কুল কৰ্তৃপক্ষৰ লগত কথাটো মুকলিকৈ পাতিবলৈ ভয় কৰে। কোনোবাই অকণমান সাহস কৰি আগবাঢ়িলেও কেতিয়াবা হিতে বিপৰীত হয়: অভিযোগ দিয়া অভিভাৱকৰ শিশুটিক কৰ্তৃপক্ষই বেয়া ব্যৱহাৰ কৰে, ফলত শিশুটিয়ে অকলশৰীয়া অনুভৱ কৰিবলৈ লয়। খুব কম কৰ্তৃপক্ষইহে আচল ঘটনাৰ তদন্ত কৰি সমস্যা সমাধানত মন দিয়ে, বেছিভাগেই অভিভাৱকৰ অভিযোগক সাধাৰণ ঘটনা যেন দেখুৱায়। দেশ এখনত সংবিধানৰ কথা মতেই আইন কানুন চলে যদিও সংবিধানৰো সংশোধনৰ ব্যৱস্থা আছে। কণ-কণ মইনাসকলক বয়সৰ অনুপাতে যদি গধুৰ চিলেবাচ দিছে তাৰো নিশ্চয় সমাধান আছে৷ ক্লাছত যদি দাবী-ধমকি-মাৰপিটেৰে শিক্ষকে শিশুক শিকাবলৈ গৈছে, তেন্তে তাৰো নিশ্চয় সমাধান আছে৷ আজিৰ প্ৰতিযোগিতাৰ যুগত ভৱিষ্যতে সন্তানটি ভালকৈ প্ৰতিষ্ঠাপিত হওক ভাবিয়েই আজিৰ অভিভাৱকে গধুৰ চিলেবাচৰ বিপক্ষে মাত নামাতে। ইয়াত অৱশ্যে দুটা কথা থাকে:
১/ মাত মাতিব খুজিলেও, ক’ব কাক? কেৱল স্কুলৰ কৰ্তৃপক্ষক জনালেই জানো সমাধান পোৱা যাব? কাৰণ বেছিভাগ কৰ্তৃপক্ষই কয় চিলেবাচ/কিতাপৰ ক্ষেত্ৰত সিদ্ধান্ত মেনেজমেণ্টৰ। তাত তেওঁ একো কৰিব নোৱাৰে। এতিয়া মেনেজমেণ্ট হ’ল ফোনৰ সেই not reachable নম্বৰৰ দৰে যি সহজে উপলব্ধ নহয়।
২/ আচলতে, কোন বয়সৰ শিশুৰ চিলেবাচ কি হ’ব লাগে তাক লৈ সৰ্বজন স্বীকৃত কোনো নিৰ্দিষ্ট বিধি নাই।
এইক্ষেত্ৰত শিশুৰ সামগ্ৰীক বিকাশৰ দায়িত্ব সম্পূৰ্ণৰূপে আহি পৰিছে অভিভাৱকৰ ওপৰত। অভিভাৱকৰ অন্ততঃ সিমানখিনি বোধ থাকে শিশুটিৰ কাৰণে কি ভাল কি বেয়া? সেই সাধাৰণ বোধেৰেই শিশুটিক ডাঙৰ কৰিব লাগে। তাৰ আগতে নিজকে সুধিব লাগে কেইটামান প্ৰশ্ন:
১/ ভৱিষ্যতৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব কাৰণেই শিশুটিয়ে প্ৰাক-প্ৰাথমিকৰ পৰাই সেইধৰণৰ কঠোৰ দিনপঞ্জী মনাটো যুক্তিগত হয়নে?
২/ যদিহে গোটেই চিলেবাচ সামৰিব নোৱাৰে তেতিয়া পৃথিৱী ওলট পালট হ’বলগীয়াকৈ কিবা ঘটিব নেকি?
৩/ ক্লাছৰ পঞ্চাশটা ল’ৰাছোৱালীৰ ৪৯ টাই ৯৫% পায়, আমাৰটোৱেহে নাপায়। যদি এনে হৈছে তেন্তে তাৰ কাৰণে সি কি এনে মূল্যবান বস্তু হেৰুৱাইছে যিটো বাকী ৪৯টাই পাই আছে?
এজন অভিভাৱকে ওপৰৰ তিনিটা কথাৰ উত্তৰ মোক এনেকৈ দিলে:
১/ ভৱিষ্যতৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব কাৰণেই শিশুটিয়ে প্ৰাক-প্ৰাথমিকৰ পৰাই সেইধৰণৰ কঠোৰ দিনপঞ্জী মনাটো একেবাৰে যুক্তিগত কথা নহয়।
২/ যদিহে গোটেই চিলেবাচ সামৰিব নোৱাৰে তেতিয়া পৃথিৱী ওলট পালট হ’বলগীয়াকৈ একো নঘটে।
৩/ ক্লাছৰ পঞ্চাশটা ল’ৰা-ছোৱালীৰ ৪৯ টাই ৯৫% পায়, আমাৰটোৱেহে নাপায়। এনে হোৱাৰ কাৰণে সি/তাই একো মূল্যবান বস্তু হেৰুওৱা নাই।
কিন্তু…
মই জানো অভিভাৱকৰ বহুত “কিন্তু” থাকে। এনে কিছুমান “কিন্তু” এনেকুৱা:
১/ কিন্তু সি আনতকৈ পিচপৰি ৰৈছে।
২/ কিন্তু তাক শিক্ষকে “বিগ জিৰ’” বুলি হাঁহে। “তোৰ একো নহ’ব জীৱনত” বুলি কাট মাৰে।
৩/ কিন্তু সি এনেকৈ থাকিলে ভৱিষ্যতে চবতে ফেল মাৰিব।
আপোনাৰ এই “কিন্তু”বোৰ স্বাভাৱিক। আপুনি অকণমান মন কৰকচোন গোটেই সমস্যাটো আপোনাৰ ভাৱনাত আছে। আপুনি যদি ভাবে:
১/ সি/তাই আনতকৈ পিচপৰি ৰৈছে। তাতে কি হ’ল? প্ৰত্যেকজন মানুহেই একক। সি/তায়ো স্ব-প্ৰতিভাৰে আগবাঢ়ি যাব। আনৰ লগত মই কিয় তুলনা কৰোঁ?
২/ শিক্ষকে তাক “বিগ জিৰ’” বুলি হাঁহে। “তোৰ একো নহ’ব জীৱনত” বুলি কাট মাৰে। তাতে কি হ’ল? কোনোবাই কিবা এটা কৈ দিলেই সি সেয়া হৈ নাযায়। এই কথাটো মই মোৰ সন্তানক বুজাই ক’ম। শিক্ষাগুৰুক সন্মান কৰিবলৈও ক’ম কিন্তু তাৰমানে এয়া নহয় যে আনে যিহকে কয় তাকে মানি ল’ব। মুক্ত মনেৰে আনৰটো শুনিবলৈ ক’ম কিন্তু নিজৰ বিবেচনাৰেহে আগবাঢ়িবলৈ ক’ম।
৩/ সি/তাই এনেকৈ থাকিলে ভৱিষ্যতে চবতে ফেল মাৰিব। তাতে কি হ’ল? ভৱিষ্যতৰ কথাটো ভৱিষ্যতে হ’ব। মোৰ দায়িত্ব হ’ল বয়স অনুসাৰে যিখিনি সি/তাই জানিব লাগে সেয়া সি জানি গৈছে নে নাই তাৰ দৈনিক খতিয়ান লৈ যোৱা।
এই যে আপোনাৰ “কিন্তু”বোৰ, তাৰ উৎস হ’ল ভয়। ভয়ক জয় কৰিবলৈ আপুনি আপোনাৰ ভাবক সলাব লাগিব। অলপ বিচাৰ কৰি চালে দেখিব ক্লাছত শান্ত-শিষ্টকৈ বহি নম্বৰ এসোপা পোৱা ল’ৰা-ছোৱালীবোৰ বেছিভাগ শিক্ষকৰে বৰ আদৰৰ হয়। কাৰণ শিক্ষকৰ কষ্ট কম হয়। নম্বৰ কম পোৱা, বুজালেও বুজি নোপোৱাবোৰকলৈ বেছিভাগ শিক্ষকৰ সমস্যা বেছি। সেয়ে এইবোৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ ওচৰত স্কুল কৰ্তৃপক্ষৰ অভিযোগো বেছি হয়। আচল শিক্ষক সেইজন যি সকলোকে একেলগতে আগুৱাই লৈ যায়। শিক্ষকতা বৃত্তিৰ মহত্ত্বও এইখিনিতেই। যদিহে কোনোৱে ইয়াৰ মহত্ত্ব ৰাখিব পৰা নাই, তেন্তে দোষী কোন?
সেয়ে অভিভাৱকে মাত মাতিবলৈ শিকক। সততাৰে অন্যায়ৰ বিৰুদ্ধে মাত মাতক। যি স্কুলত শিক্ষকে শিশুক মাৰপিট কৰে, মানসিক আতিশয্য কৰে তেনে স্কুলত চিচিটিভি লগাবলৈ দাবী তোলক। সমস্যাবোৰ ব্যক্তিগত পৰ্যায়ত নাৰাখি সমজুৱা কৰক। সামাজিক মাধ্যমৰ সঠিক ব্যৱহাৰ কৰিবলৈ শিকক। দেখিব বহুত মানুহ ওলাই আহিছে। জাগৰণ এইদৰেই আহিব। ভয়ক জয় কৰক। আজিৰ যুগত শিশুৰ সামগ্ৰীক বিকাশৰ দায়িত্ব সম্পূৰ্ণৰূপে কিন্তু অভিভাৱকৰ ওপৰত। শিশুটিৰ ওপৰত কোনো কাৰণতে শাৰীৰিক/মানসিক অত্যাচাৰ যাতে নহয় তাৰ প্ৰতি সচেতন হওক। শিশুটিৰ লগত কথা পাতক। প্ৰায়ে দেখা যায় বহুতেই নাজানে যে শিক্ষাৰ অধিকাৰ আইন ২০০৯ৰ ১৭ নং ধাৰা মতে “শিশুক শাৰীৰিক শাস্তি দিয়াত সম্পূৰ্ণ নিষেধাজ্ঞা আছে। শিশুৰ ক্ষেত্ৰত শাৰীৰিক শাস্তি আৰু মানসিক অত্যাচাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ আৰু যদিহে কোনোৱে এনে কৰে তেন্তে দোষী ব্যক্তিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’ব পৰা যায়।”
গতিকে প্ৰয়োজনত আপুনি আইনৰো সহায় ল’ব পাৰে। অৱশ্যে এয়া শেষৰটো পদক্ষেপ। প্ৰথমে স্কুল কৰ্তৃপক্ষক সমস্যাখিনিক জনাওক। যদিহে স্কুল কৰ্তৃপক্ষই গুৰুত্ব নিদিয়ে তেতিয়া স্কুলৰ উৰ্দ্ধতন পক্ষক জনাওক। যদি তাতো একো নহয় আপুনি মিডিয়াৰ সহায় ল’ব পাৰে। ইমানখিনিতো গা নলৰিলে আইনৰ সহায় ল’ব পাৰে।
এই গোটেই কাৰবাৰটোত শিশুটি যিহেতু অভিভাৱকৰ পৰা আঁতৰত সেইখিনি মানুহৰ মাজত থাকিবলগীয়া হয় যাৰ বিৰুদ্ধে অভিযোগ দিয়া হৈছে, গতিকে শিশুটিক বিদ্যালয়ৰ কৰ্তৃপক্ষই শাৰীৰিক/ মানসিক আঘাত দিব পাৰে। প্ৰাপ্তবয়স্ক মানুহ হৈ যি শিশুক জানিবুজি মানসিক আঘাত কৰে তেনে মানুহৰ মন কিমান নীচ হ’ব পাৰে অনুমান কৰিব পাৰি। নিজৰ এই নীচ মন নিজে নেদেখালৈকে পৃথিৱীৰ একো আইনে এনে মানুহৰ মন বহল কৰিব নোৱাৰে। কিন্তু আমি অভিভাৱকসকলে ভয় কৰিলে জানো হ’ব? আমি বাঘৰ দৰে তুলিব লাগিব সন্তানক যাতে প্ৰাপ্তবয়স্কৰ এনে নীচ মানসিকতাক শিশুৱে হাঁহি উৰুৱাই দিব পাৰে। অৱশ্যে, এই পৃথিৱীত এতিয়াও এনে স্কুল কৰ্তৃপক্ষ আছে যি অভিভাৱকৰ অভিযোগৰ সত্যতা সততাৰে অনুসন্ধান কৰি দৃষ্টান্তমূলক সমাধান প্ৰতিষ্ঠা কৰি দিয়ে। এনে কৰ্তৃপক্ষলৈ সদায় চেল্যুট।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!