বৰ্ণময় সন্ধিয়াবোৰ

লেখক- ভাস্কৰ জ্যোতি বৰুৱা

ষ্ট্ৰিট ফুড বা বাটৰ কাষৰ খোৱাৰ দোকান আমাৰ চহৰ নগৰ বিলাকতো আজিকালি জনপ্ৰিয় হৈ পৰিছে। এসময়ত ষ্ট্ৰিট ফুড মানে ফুচকা, চানাৱলা আদি দুই এপদ সামগ্ৰিতে সীমাবদ্ধ আছিল। এই ব্যৱসায়ত অসমীয়া লোক প্ৰায় নাছিলেই। এই পদসমূহৰ লগতো আমি পৰিচিত নাছিলো। কেতিয়াবা দেখা গৈছিল ফুটপাথৰ চুক এটাত স্তভ কেৰাহী তেলৰ বটল লৈ বাংলাভাষী আদহীয়া এজনে “বেঙুনী” মানে বেঙেনা বেচনত লেতিয়াই গৰমে গৰমে ভাজিছে। ভাজি কাগজ এখনত গৰমে গৰমে দি কিবা মছলা অলপ ছটিয়াই দি তেখেতক আগুৰি থকা এজনলৈ আগবঢ়াই দিছে। সেই “বেঙুনী” খাবলৈ মানুহৰ হেতা-ওপৰা। আন কাৰোবাক দেখা গৈছিল সিজোৱা কণী অলপ লৈ বহি আছে। গ্ৰাহকক তাৰে এযোৰা বাকলি গুচাই কটাৰী এখনেৰে মাজতে কাটি দুফাল কৰি কিবা মছলা আৰু চাটনি অকণ সোণ জোখাদি জোখাৰ দৰে অকণ অকণ দি গ্ৰাহকলৈ আগবঢ়াই দিছে। এখেতসকলৰ সামগ্ৰী সীমিত। ঘৰৰ পৰা যিখিনি আনে সেইয়া কম সময়ৰ ভিতৰতে বিক্ৰী হৈ যায়। এখেতসকলে ঘৰৰ পৰা তৈয়াৰ কৰি অনা মছলা চাটনি আদি দুবাৰ খুজিলে দিয়াত কৃপনালি কৰে। যেন নোৱাৰাতহে দিছে। যিয়েই নহওক বাটৰ কাষৰ সেই অপূৰ্ব সামগ্ৰীসমূহৰ বাবে খাদ্যৰসিকৰ অভাৱ নাছিল।
লাহে লাহে সেই ব্যৱসায়ত কিছু কিছু পৰিবৰ্তন আহিল। চাৰিচকীয়া ঠেলাগাৰিত ৰন্ধা বঢ়াৰ সকলো সৰঞ্জাম লৈ ষ্ট্ৰিট ফুডৰ ব্যৱসায়ত বহুতো লাগি পৰিল। প্ৰথম অৱস্থাত আলু চপ, পকৰি, ঘুগুনি আদি দুই এপদ সীমিত সামগ্ৰীহে আছিল। লাহে লাহে সামগ্ৰী বাঢ়ি আহিলে। সেই সৰু ঠেলাখনৰ ওপৰখন ঘৰ জাতীয় কৰি পৰ্টেবল লাইট আদি লগাই ৰাতি দুৰৰ পৰা জিলিকাই ৰাখি গ্ৰাহকক আকৰ্ষণ কৰাৰ ব্যৱস্থা কৰিলে। প্ৰথম অৱস্থাত পৰিয়ালসহ সেই সৰু সৰু ষ্ট্ৰিট ফুডৰ দোকানত খোৱা মানুহ কম আছিল যদিও লাহে লাহে সপৰিবাৰে খোৱা মানুহৰ সংখ্যা বাঢ়ি যাবলৈ ল’লে। বিশেষকৈ পূজাৰ বতৰত। সেই কেইদিনত এনে দোকানসমূহে সাময়িক ভাবে চালি দি সৰু সুৰাকে দোকানৰ পৰিসৰ বঢ়াই লয়।
প্ৰকৃতাৰ্থত এনে দোকানসমূহত ষ্ট্ৰিট ফুডৰ নামত আবেলি বা আগবেলা খোৱাৰ সামগ্ৰীহে থাকে। আগবেলা গৰম গৰম পুৰি ঘুগুনি। সাধাৰণতে চাহ পোৱা নাযায়। এনে দোকানসমূহৰ ৰং উঠে গধূলি বেলাৰ পৰাহে। সকলো গৰম বস্তু। লোভনীয়। গ্ৰাহকৰ মুখৰ আগত তৈয়াৰ কৰি দিয়ে।
– “এইফালে এক প্লেট চাউমিন দিয়া।”
অৰিজিনেল চাউমিন আজি কালি ইণ্ডিয়ানাইজ হৈ গৈছে। সিজাই খোৱা পদ বিধ তেলত বিভিন্ন সামগ্ৰীৰ সংমিশ্ৰণত ভাজি দিয়া হয়। ৰঙে ৰূপে সুগন্ধই মুখলৈ পানী আনি দিয়ে।
প্ৰায় সকলো পদৰেই লোভনীয় ৰূপ। স্বাদত অনন্য। ইখন দোকানতকৈ সিখন চৰা। প্ৰত্যেকখনৰেই নিজা ব্যৱসায়িক বুদ্ধি আৰু নিজা চিক্ৰেট ৰেচিপি আছে। সহজে কাৰো আগত নাভাঙে। কোনোবাই সৰুকৈ সোধে,
-“ইমান পাৰফেক্ট হাফ বইল কণী কেনেকৈ কৰা হে?”
পাৰমানেণ্ট আৰু পৰিচিত বিশ্বাসী গ্ৰাহকক দোকানিয়ে ইফালে সিফালে চাই সৰুকৈ ক’ব – “চচপেনত সাত মিনিটৰ বেছি কেতিয়াও নিসিজাব।”
তেনেদৰে আন এজনৰ পৰা কণীৰ তৰকাৰিৰ গোপন তথ্য –
– “এটা সিজোৱা কণী কণীৰ আঞ্জাখনত ভাঙি দিব।”
আন এজনে আলু সিজোৱা নিজস্ব পদ্ধতিত কৰে। পানীত নিসিজাই।
– “ঘৰত আলু পিটিকা খাবলৈ মন গলে আলু ভাতত সিজাব। দাইলত নিসিজাব।”
দুপৰীয়াৰ অফিচৰ পাতল টিফিনটোও কেতিয়াবা এনে দোকানত কৰা হয়। তেনে এখন দোকানত গৰম শুকান ৰুটি, অলপ জলা সানমিহলি পাচলিৰ ভাজি আৰু নৰসিংহ দিয়া দাইল। এওঁৰ চিক্ৰেট ৰেচিপি জলা ভাজিখন।
-“বিশেষ একো নাই। কেৱল ভাজিখন নমাইহে নিমখটো মিহলাই দিব।”
পিছে আলু চপ আদিত দিয়া চাটনি বা মছলাৰ বিষয়ে কোনেও সঠিক ভাৱে নকয়।
এনে মুকলিকৈ বাটৰ কাষৰ দোকানত খোৱাসকলৰ সকলোৰে নিজৰ নিজৰ যুক্তিও আছে।
– “গৰমত পাকঘৰৰ জঞ্জাল মাৰি থকাতকৈ বাহিৰতে কিবা এটা খাই অহাই ভাল। অলপমান ফুৰি অহাও হয়।”
– অফিচলৈ গৃহিণীৰ ফোন- “অফিচৰ পৰা আহোঁতে ৰ’ল দুটামানকে লৈ আনিব। ইহঁতকনো খাবলৈ কি দিম ভাবিবই পৰা নাই। অনবৰতে ইটো নেখাওঁ সিটো নেখাওঁ!”
কৰ্ম স্পৃহা, পৰিশ্ৰম, ব্যৱসায়িক বুদ্ধি, দূৰদৃষ্টি আদিৰ বলত এনে বহু সৰু সৰু দোকান কম সময়ৰ ভিতৰতে বৃহৎ ব্যৱসায়লৈ পৰিণত হৈছে। এজনৰ একেবাৰে প্ৰথম অৱস্থাত এজনীয়া ব্যৱসায় আছিল। ঘৰৰ পৰা বয় বস্তু সিজাই মেলি তৈয়াৰ কৰি আনে। দুপৰীয়াৰ পৰা দোকানে দোকানে ঘূৰি খুচুৰা টকা পইছা সংগ্ৰহ কৰে। আবেলিৰ পৰা দোকানৰ কামত লাগি যায়। বহুত কিবা কিবি পদ নাই। যি কেইপদ আছে সুস্বাদু। ব্যৱসায়িক বুদ্ধিতো হ’ল হাফ বইল কণী। ওচৰৰ দোকানৰ ফুল বইল কণীৰ বিপৰীতে এখেতে হাফ বইল কণী দিয়ে। দুটা কণী এখন চোকা কটাৰিৰে এনদৰে মাজত কাটি দিয়ে যে ভিতৰৰ ৰঙা কুহুমখিনি যেন থপিয়াই আনি খাই থ’ব। ইয়াৰ লগত হাঁহিমুখীয়া মুখ। গ্ৰাহকে খাই উঠি ঘূৰাই পাব লগীয়া পইচাৰ বাবে ৰৈ থাকিব নালাগে। এটকীয়া, দুটকীয়া, পাঁচ টকীয়া আদি সৰু মূল্যৰ নোটবোৰ হাতে পোৱাকৈ সজাই থয়।
ইয়াৰ লগত আছিল সঠিক স্থানৰ নিৰ্বাচন।
কেইদিন মানৰ পাছত দেখিলো ল’ৰা এজন ৰাখিছে। ধোৱা পখলা আদি কামৰ বাবে। এদিন দেখিলো দোকানখন ডাঙৰ হ’ল। ৰঙা নীলা লাইট জলিল। দুজন অতিৰিক্ত ৰান্ধনী ৰাখিলে। বিভিন্ন খোৱাবস্তুৰে দোকান ভৰিল। খাদ্যৰসিক গ্ৰাহকৰ ভীৰৰ মাজতো সকলোৱে কম সময়ৰ ভিতৰতে নিজৰ নিজৰ পছন্দৰ পদসমূহ পালে। ৰূপে ৰঙে ৰসে ভৰপুৰ মন পছন্দৰ পদ বিধৰ সুগন্ধ আৰু জুতিৰে সকলোৰে সন্ধিয়াবোৰ বৰ্ণময় হ’ল৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!