'জ্যোতি চিত্ৰবন'ত 'পৰভাত'

লেখক- অভিজিত দত্ত

পথাৰত কোনোবাই গৰু চৰাই আছে। কোনোবাই অদূৰত মাছ ধৰিবলৈ আৰম্ভ কৰিছে। সেই সময়তেই গাঁৱৰ কিশোৰ এজনে বাঁহীত সুৰ তুলিছে। কিশোৰজনৰ বাহীৰ সুৰে পথাৰখন, নদীখন আৰু সামগ্ৰিক পৰিবেশটো কিবা যেন মায়াময় কৰি তুলিছে।

 

  সেই কিশোৰৰ মৰমৰ বাঁহীবোৰৰ এটা অলপমান ফাটিছে। তেওঁ ঘৰত নথকা সময়তেই তেওঁৰ আজলী মাক দময়ন্তী  প্ৰিয়া দেৱীয়ে খৰিৰ অভাৱত সেই ফাটি যোৱা বাঁহীটো জুইৰ গুৰিলৈ আগবঢ়াই দিছে। কিশোৰজন ঘৰলৈ ঘূৰি আহিছে। আজলী মাকজনীৰ পৰা কথাটো জানিব পাৰি তেওঁ দুখত কোঙা হৈ পৰিছে।

 

  কিশোৰজনে লাহে লাহে সংগীতৰ জগতত প্ৰসিদ্ধি লাভ কৰিলে। তেনে সময়তেই তেওঁৰ গুৰুৱে তেওঁক অনাতাৰ কেন্দ্ৰত বাঁহীবাদন কৰা এগৰাকী প্ৰখ্যাত বাঁহীবাদকৰ বাঁহীৰ মাত শুনিবলৈ কলে। তেখেতে নিজে কোৱা অনুসৰি সেই সময়ত তেওঁ নিজক এগৰাকী প্ৰতিষ্ঠিত লোক বুলিয়েই গণ্য কৰিছিল। পিছে তেওঁ গুৰুৰ কথামতে সেই বাঁহীৰ মাত শুনি কিবা যেন এক দুখবোধত ভাঙি পৰিল। তেওঁৰচোন শিকিবলৈ আৰু বহু বাকী আছে! কথাটো ভাবি তেওঁ হতাশ হৈ পৰিল। তেখেতৰ আজলী মাকজনীয়ে পুতেকৰ দুখটো বুজি পালে। তেওঁ পুতেকৰ পৰা সকলো কথা জানি ভৱিষ্যতবাণী কৰিলে,

 

 “তই যে একো শিকা নাই বুলি ভাবিছ, এই কথাটোৱেই তোক বিখ্যাত কৰি তুলিব।”

 

 হয়, সেই কিশোৰৰ নিৰক্ষৰ আৰু আজলী মাকে কোৱাৰ দৰেই অসম তথা ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত সংগীতজ্ঞ হৈ পৰিল। বৰগীত, বাঁহীবাদন, বোলছবিৰ সংগীত পৰিচালনা আদিকেই ধৰি অসমৰ লোক-সংস্কৃতিক তেখেতে এক নতুন মাত্ৰা প্ৰদান কৰিলে।

 

তেখেত সংগীতশ্ৰী প্ৰভাত শৰ্মা।

 

—কৰ্মস্থানৰ পৰা অলপ খৰখেদাকৈ ওলাই গৈ নৰকাসুৰ পাহাৰেৰে দুচকীয়া বাহনখন চলাই ৫.৪৫ বজাত মই জ্যোতি চিত্ৰবনত উপস্থিত হলোঁ। ইতিমধ্যে অনুষ্ঠান আৰম্ভ হৈছে। প্ৰেক্ষাগৃহত বহিবলৈ আসন খালি নায়েই। এখন আসন খালি থকা বাবে খালি আসনৰ কাষৰ আসনখনত বহি থকা মানুহজনক খালি আসনখন কাৰোবাৰ বাবে সংৰক্ষিত হৈ আছে নেকি সেইয়া জানিবলৈ খোজাত মানুহজন মোৰ অগ্ৰজ সহকৰ্মী অতনু চৌধুৰী ছাৰ বুলি চিনিব পাৰিলোঁ। মোৰ ভালেই লাগিল।

                 ***

   যোৱা ১ মাৰ্চ, ২০২৩ ইং তাৰিখে বিশিষ্ট চলচ্চিত্ৰ সমালোচক শ্ৰীযুত উৎপল মেনা দাই সংগীতশ্ৰী প্ৰভাত শৰ্মা মহোদয়ৰ স্মৃতি সংৰক্ষণৰ বাবে নিৰ্মাণ কৰি উলিওৱা ‘পৰভাত’ নামৰ জীৱনীমূলক তথ্যচিত্ৰখন চাবলৈ আমন্ত্ৰণী পত্ৰ এখন পঠিয়ালে। একে আষাৰেই দাদাক যাম বুলি কলোঁ। প্ৰিয় শিল্পী এগৰাকীৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰখন চাবলৈ মোৰ আগ্ৰহ জন্মিল।

 

‘জ্যোতি চিত্ৰবন’ৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত তেতিয়া আসন খালি নাই। কোনোমতে আসন এখন অতনু চৌধুৰী ছাৰৰ ওচৰত পাই মই মঞ্চলৈ দৃষ্টি নিক্ষেপ কৰিলোঁ। মঞ্চত সেইয়া স্বনামধন্য নৃত্যাচাৰ্য যতীন গোস্বামীদেৱ। নব্বৈ বছৰীয়া গোস্বামীদেৱে সুললিত কন্ঠেৰে সংগীতশ্ৰী প্ৰভাত শৰ্মা সম্পৰ্কে স্মৃতি ৰোমন্থন কৰিছে। তেখেতৰ বক্তব্যত প্ৰাণ পাই উঠিছে লোকগীত-লোকবাদ্যৰ সাধক প্ৰভাত শৰ্মাদেৱ। তেখেতৰ ভাষণৰ পিছতেই শৰ্মাদেৱৰ সুযোগ্যা পুত্ৰী তৰালী শৰ্মাৰ চমু ভাষণে যেন দৰ্শকক লাহে লাহে আগুৱাই নিলে সংগীতশ্ৰীয়ে বাঁহী, গীত আদিৰে সমৃদ্ধ কৰা মায়ময় জগতখনলৈ।

 

  এইবাৰ আৰম্ভ হ’ল ‘পৰভাত’ নামৰ তথ্যচিত্ৰখন। শৰ্মাদেৱৰ মৃত্যুৰ পৰত তেখেতৰ দ্বাৰা গঠিত সংগীতৰ দল এটিয়ে সুৰ সমলয় সৃষ্টি কৰা সেই বিশেষ দৃশ্যটি তথ্যচিত্ৰখনত দেখুওৱা হ’ল। তাৰপিছতেই তেখেতৰ সহধৰ্মিনী ৰেণু শৰ্মাৰ স্মৃতি ৰোমন্থনে সমগ্ৰ দৰ্শকৰ হিয়াবোৰ যেন চকুপানীৰে চপচপীয়া কৰি তুলিলে। ইয়াৰ পিছতেই আৰম্ভ হ’ল তৰালী শৰ্মাৰ দ্বাৰা তেখেতৰ পিতৃ শৰ্মাদেৱৰ কৃতী আৰু সাংগীতিক সৃষ্টিৰ ওপৰত আলোকপাত। সৌ সিদিনা ইহলীলা সম্বৰণ কৰা প্ৰভাত শৰ্মাদেৱৰ ভাতৃ তথা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ট দেৱশৰ্মাই সংগীতশ্ৰী প্ৰভাত শৰ্মাদেৱ সম্পৰ্কে  আলোকপাত কৰিলে।  বুঢ়াসত্ৰীয়া বশিষ্ট দেৱশৰ্মাৰ কন্ঠত প্ৰাণ পাই উঠিল তেওঁৰ আৰু জ্যেষ্ঠ ভাতৃৰ শৈশৱ। তেখেতৰ সুগভীৰ কন্ঠ আৰু বৰ্ণনাই সমগ্ৰ দৰ্শকক আচ্ছন্ন কৰি তুলিলে। একেদৰে প্ৰভাত শৰ্মাদেৱৰ সৈতে আন্তৰিক সম্পৰ্ক থকা নৃত্যাচাৰ্য যতীন গোস্বামীদেৱ, বাঁহীবাদক দীপক শৰ্মাদেৱ,  চিত্ৰ সমালোচক উৎপল দাস আদিয়েও এই লেখাটোৰ আৰম্ভণিত উল্লেখ কৰাৰ দৰেই যশস্বী তথা স্বনামধন্য শিল্পীগৰাকীৰ বিভিন্ন কথা দৰ্শকক অৱগত কৰিলে।

 

এসময়ত তথ্যচিত্ৰখন শেষ হ’ল। এগৰাকী দৰ্শক হিচাবে মোৰ মনটো ভৰি পৰিল।

 

প্ৰেক্ষাগৃহৰ ভিতৰতেই উৎপল মেনা দাক লগ পালোঁ। তেখেতৰ বাবেই এনে এখন সুন্দৰ জীৱনীমূলক তথ্যচিত্ৰ চাবলৈ পোৱা বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেওঁ মোক লাহেকৈ কলে,

 

“তেখেতৰ ওপৰত মই লিখা তিনিখন কিতাপ আছে। তোমাক দিম ৰ’বা।”

 

উৎপল দাৰ কথাই মোক আনন্দিত কৰি তুলিলে। প্ৰভাত শৰ্মাদেৱৰ সৃষ্টি সম্পৰ্কে তেখেতৰ যে বিশেষ জ্ঞান আছে, সেয়া জানিও মই আপ্লুত হৈ পৰিলোঁ।

 

সেই সময়তেই বিভিন্নজন বিশিষ্ট অভিনেতা-অভিনেত্ৰী যেনে ৰাজীৱ গোস্বামী, প্ৰাঞ্জল শইকীয়া আদিক চাক্ষুষ দেখা পালোঁ। ‘পৰভাত’ চাই সকলোৰে মুখবোৰ যেন প্ৰভাতৰ কিৰণে আলোকিত কৰি তুলিছে!

 

 সংগীতশ্ৰীৰ স্মৃতি সংৰক্ষণৰ এক আন্তৰিক প্ৰয়াস ‘পৰভাত’ নামৰ এই জীৱনীমূলক তথ্যচিত্ৰখনৰ পৰিচালক মঞ্জুল বৰুৱাৰ লগতে ইয়াৰ সৈতে জড়িত সকলো কলা-কুশলীয়েই ধন্যবাদৰ পাত্ৰ।

 

আপুনিও ‘পৰভাত’ৰ যোগেৰে সংগীতশ্ৰী প্ৰভাত শৰ্মাদেৱ সম্বন্ধীয় বহু নজনা কথা জানিবলৈ সক্ষম হ’ব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!