এ.আৰ. ৰহমান লাইভ কনচাৰ্ট ফৰ পীচ

লেখক- সৌৰভ বৰগোঁহাই

আজিৰ পৰা কিছুদিন আগত ঘৰৰ পৰা অফিচলৈ বা অফিচৰ পৰা ঘৰলৈ যেতিয়া গাড়ী লৈ গৈ থাকো জি.এছ. ৰোডৰ দিভাইডাৰ বোৰত লাগি থকা লানি নিছিগা “এ.আৰ. ৰহমান লাইভ কনচাৰ্টৰ (এক ফেব্ৰুৱাৰীত হ’বলগা)” প’ষ্টাৰবোৰ চাই মনত সদায় ভাবোঁ – “চাব পাৰিলে ভাল আছিল”! কিবাকৈ ফ্ৰী পাছ উলিয়াব পাৰি নেকি তাৰ বাবেও মাথা মাৰি আছিলো। মাজে মাজে BookMyShowত চাও টিকট আছে নে নাই আৰু দেখো টিকট বহুত আছে কিন্তু ইমান টকা দি কিনিবলৈ মনটোৱে নকয়। মনৰ আশা মনতে মাৰ যাবলৈ লওঁতে হঠাৎ এক ফেব্ৰুৱাৰীৰ (অনুষ্ঠানৰ দিনা) দুই মান বজাত মোৰ বাল্যকালৰ স্কুলীয়া অন্তৰংগ বন্ধু ৰুণজোন গগৈৰ ফোনটো পাওঁ। সি কলে-
: কি PRO Sir, “এ.আৰ. ৰহমান শ্বোৰ” টিকট উলিয়াব পাৰিছ নে নাই ?
মই বৰ হতাশ হৈ ক’লো – “নাই ও, নহ’ব আৰু চোৱা”।
: হ’ব দুখ কৰিবলৈ বাদ দে। মই দুখন ফ্ৰী পাছ পাইছোঁ। – ৰুণজোনে হাঁহি মাৰি ক’লে।
“ৱাহ পাৰ্টনাৰ ইউ আৰ গ্ৰেট বুলি চিঞৰি দিলোঁ”। কেতিয়া যাম বুলি মই খুব উৎসাহত সুধিলোঁ।
: তই চাৰিমান বজাত মোক নিবলৈ ঘৰলৈ আহি যাবি। সাত বজাৰ পৰা শ্বো আৰম্ভ হ’ব। – ৰুণজোনে ক’লে।
বছ্‌.. মনটো কিবা ভাল লাগি গল। পৃথিৱীৰ ভিতৰতে এজন শ্ৰেষ্ঠ সংগীত পৰিচালকৰ শ্বো চাবলৈ পাম। ইয়াতকৈ আৰু ভাল কথা হ’ব নোৱাৰে। দুদিন মানৰ আগতে “ইণ্ডিয়ান আইদল” শ্বোত তেওঁ আহিছিল। কি যে ভাল লাগিছিল! ইমান গহীন গম্ভীৰ তেওঁৰ ব্যক্তিত্ব! শ্ৰদ্ধা ওপজে তেওঁৰ প্ৰতি। মনটো বুজাব নোৱাৰাকৈ ভাল লাগি গৈছিল যে ইমান ওচৰৰ পৰা তেওঁক দেখা পাম।
সময় কেতিয়া যায় কেতিয়া যায় লাগি গৈছিল আৰু সময়ত বন্ধু ৰুণজোনক লৈ “এ চি এ বৰ্ষাপাৰা ষ্টেডিয়ামৰ (য’ত এ আৰ ৰহমান শ্বো অনুষ্ঠিত হ’ব) ফালে মোৰ গাড়ীয়ে গতি কৰিলে। গাড়ী গৈ কালাপাহাৰ পাব হৈছোঁ আৰু, দেখো অত্যন্ত ট্ৰেফিক যাম। গাড়ী আগ নেবাঢ়ে হে নেবাঢ়ে। গম পাই গলো- মানে মানুহ বহুত হৈছে। প্ৰায় দুই কিলোমিটাৰ যাবৰ বাবে আমাক কিজানি চল্লিশ মিনিটমান সময় লাগিল। যা হওক, প্ৰায় চাৰে ছয়মান বজাত “এ চি এ বৰ্ষাপাৰা ষ্টেডিয়াম” পাই নিজৰ স্থানত বহিলোঁ। দেখিলো ডেৰলাখ টকীয়া, পঞ্চাশ হেজাৰ, বিছ হেজাৰ টকীয়া বহুত আসন খালী। ষ্টেডিয়ামৰ গেলেৰীতহে মানুহৰ ভিৰ। ঘোষকজনে দৰ্শকৰ মাজত চিনাকী অসমৰ গায়ক পাইছে যদি তেওঁলোকক গানৰ কলি এটা দুটা গুণগুণাব দিছে। তেনেকৈ অসমৰ জনপ্ৰিয় গায়ক দীক্ষু আৰু নাহিদে এটা দুটা গানৰ কলি গুণগুণালে। দৰ্শকৰ বিপুল হাত চাপৰি পৰিল। সময় সাত বাজিব হৈছে আৰু। গোটেই ষ্টেডিয়াম লাহে লাহে মানুহে ভৰি পৰিছে। মানুহৰ মাজত প্ৰবল উৎসাহ আৰু ফূৰ্তি, যিটো কিৰিলি পাৰি প্ৰকাশ কৰিছিল। ঘোষকে কৈ আছে –
: ৰাইজ আৰু অলপ পিছতে আমাৰ অতি মৰমৰ এ.আৰ. ৰহমান ছাৰে পোনপ্ৰথম বাৰৰ বাবে অসমত নিজৰ সংগীত অনুষ্ঠান আৰম্ভ কৰিব আৰু তাৰ আগতে আমি আমন্ত্ৰণ জনাইছো প্ৰসিদ্ধ ড্ৰাম বাদক – শিৱমনিক।
লগে লগে দৰ্শকৰ মাজত যেন ফুৰ্তিৰ লহৰ বিয়পি পৰিল। সকলোৱে কিৰিলি পাৰি বা হাত চাপৰি বজাই সঁহাৰি জনালে।
ঠিক তেতিয়া দেখা পালো আন্ধাৰ ষ্টেডিয়ামত ৰঙা ৰঙৰ কাপোৰ পিন্ধা আৰু মূৰটো ৰঙা কাপোৰ মৰা এজন লোকে ড্ৰাম বজাই ফিল্ডৰ ফালৰ পৰা মঞ্চলৈ গৈ আছে। তেওঁৱেই শিৱমনি। আন্ধাৰত কেৱল ড্ৰাম বজাই যোৱা শিৱমনিৰ ওপৰত পোহৰ নিক্ষেপ কৰা হৈছিল। বৰ অপূৰ্ব লাগিছিল দৃশ্যটো। তেতিয়া লৈকে অসমৰ মাননীয় ৰাজ্যপাল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অন্য গণ্য মান্য ব্যক্তি সকলে নিজৰ নিজৰ আসন গ্ৰহণ কৰিছিল। পদ্মশ্ৰী ড্ৰামবাদক শিৱমনিয়ে সকলোকে মোহিত কৰিবলৈ সক্ষম হ’ল। মাজতে তেওঁ প্লাষ্টিকৰ খালি ২০ লিটাৰ মিনাৰেল ৱাটাৰৰ বটল এটা ইমান ধুনীয়াকৈ বজাই সকলোকে চমক দিলে। তেওঁ বিৰতি নোলোৱাকৈ প্ৰায় আধা ঘণ্টা ( সাত বজাৰ পৰা চাৰে সাত বজালৈ) অকলে ড্ৰাম বজালে। এক আচৰিত যাদু আছিল তেওঁৰ হাতত। তেওঁ এ.আৰ. ৰহমানৰ বাল্যকালৰ বন্ধু আৰু এ.আৰ. ৰহমানৰ সঙ্গীত দলৰ অভিন্ন অংগ। বাঁহীবাদক শ্ৰী নবীনো এ.আৰ. ৰহমানৰ সঙ্গীত দলৰ অভিন্ন অংগ।
ঠিক সময় ছাৰে সাত বজাৰ লগে লগে এ.আৰ. ৰহমানৰ সঙ্গীত অনুষ্ঠান আৰম্ভ হল। “জয় হো” গানটো আৰম্ভ কৰাৰ লগে দৰ্শক ফূৰ্তিত আত্মহাৰা হৈ পৰিছিল। সকলোৱে চিঞৰি চিঞৰি “জয় হো” গানটো গায়কৰ লগত গোৱা আৰম্ভ কৰিলে। গোটেই ষ্টেডিয়ামৰ পৰিবেশ উত্তাল হৈ পৰিল। এনে লাগিল যেন সকলোৰে গাত বিদ্যুৎ প্ৰবাহ বৈ গৈছে। ঠাণ্ডা গুচি গৰম লাগি গৈছিল। মধুৰ গানৰ লগতে সুন্দৰ পোহৰৰ খেলাত যেন গোটেই পৰিৱেশটো মায়াময় হৈ পৰিছিল। এনে লাগিছিল যেন মই সপোনপুৰীলৈ গতি কৰিছোঁ। এ.আৰ. ৰহমানৰ সঙ্গীত দলৰ প্ৰায় চাৰিগৰাকী গায়িকা আৰু পাঁচজন মান গায়কে তিনি ঘণ্টাতকৈ বেছি সময় বিৰতি নোলোৱাকৈ এ.আৰ. ৰহমানে সঙ্গীত পৰিচালনা কৰা ছবিৰ বহুত জনপ্ৰিয় গান এটাৰ পিছত এটাকৈ গাই গ’ল। এ.আৰ. ৰহমানে নিজেও বহুত কেইটা গানত কণ্ঠদান কৰিলে, যেনে – Hamma Hamma, Urvashi Urvashi, Jai ho, Vande Matram, Tu hi re, Taal se Taal mila আদি। যিকেইটা গানত তেওঁ কণ্ঠদান কৰা নাছিল সেইকেইটাত তেওঁ key board বজাইছিল। মুঠতে প্রত্যেকটো গানত তেওঁ সোমাই পৰিছিল। এগৰাকী মহিলা গিটাৰিষ্টে শাৰী পিন্ধি গীটাৰ বজোৱাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। খুব সুন্দৰ তেওঁ গীটাৰ বজাইছিল। এনেকুৱা এক বিস্ময়কৰ সঙ্গীত অনুষ্ঠান জীৱনত প্ৰথম উপভোগ কৰিবলৈ পাই সঁচাই আনন্দিত হ’লোঁ। এক বিশ্বস্তৰৰ সঙ্গীত অনুষ্ঠান গুৱাহাটীত চাবলৈ পাই গৰ্ব অনুভৱ কৰিলোঁ।
এতিয়া আহিছোঁ কি ব্যতিক্ৰম আছিল অনুষ্ঠানটোত-

১. আমি সচৰাচৰ দেখা পাওঁ সংগীত অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে বাদ্যযন্ত্ৰ বজোৱাসকলে আধাঘণ্টা মান বাদ্যযন্ত্ৰবোৰ ঠিক ঠাক কৰোঁতে লগাই দিয়ে। তাৰ পিছত হে গায়ক আহে।
– কিন্তু এ.আৰ. ৰহমান শ্বোত তেনেকুৱা একো দেখা নাপালোঁ। পৰ্দা খুলিল আৰু লগে লগে আৰম্ভ।
২. সচৰাচৰ দেখা যায়, গায়ক বা গায়িকা গৰাকীয়ে দৰ্শৰ লগত কথা পাতি থাকে বা তেওঁৰ লগত গাবলৈ কৈ বা হাত চাপৰি বজাবলৈ কয়।
– কিন্তু এ.আৰ. ৰহমান শ্বোত তেনেকুৱা একো নাই। এটা গান শেষ হৈছে লগে লগে আনটো গান আৰম্ভ হৈছে। কিবা ক’বলগা থাকিলে LED স্ক্ৰীণত লিখি দিয়ে। এনেকৈ মানুহে আমনি পাবলৈ সুযোগেই নাপাই।
৩. সচৰাচৰ দেখা যায়, গায়ক বা গায়িকা গৰাকীয়ে নিজৰ গান গাই, তেওঁৰ লগত অহা বেলেগক গান গাবলৈ দি মাজতে মঞ্চৰ পৰা গ্ৰীণ ৰূমৰ ফালে যায় বা মঞ্চ এৰে। কিন্তু এ.আৰ. ৰহমানৰ ক্ষেত্ৰত তেনেকুৱা একো দেখা নাপালোঁ। তেওঁ সমস্ত সময় মঞ্চতে আছিল।
৪. সচৰাচৰ দেখা যায়, গায়ক বা গায়িকা জনে পৰিবেশন আৰম্ভ কৰাৰ আগতে সকলোকে সম্বোধন কৰে। কিন্তু এ.আৰ. ৰহমানৰ ক্ষেত্ৰত তেনেকুৱা একো নাই। তেওঁ কেৱল মুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জনালে আৰু হেল্লো গুৱাহাটী বুলি কৈ অনুষ্ঠান আৰম্ভ কৰি দিলে। অনুষ্ঠানত ৰাজ্যপাল ও উপস্থিত আছিল।
ওপৰৰ কথাখিনি লিখি এইটো ক’ব বিচৰা নাই যে এ.আৰ. ৰহমান ভাল আৰু বাকী সকল বেয়া। কিন্তু এ.আৰ. ৰহমানৰ ক্ষেত্ৰত পেশাদাৰী মনোভাৱ এটা থকাৰ নিচিনা পৰিলক্ষিত হ’ল। গান গাব আহিছে আৰু অকল গান গাই গৈছে, একো আজে বাজে কথা নাই। ইণ্টাৰনেট যোগে গম পাইছিলোঁ তেওঁ বোলে আঢ়ৈ ঘণ্টা অনুষ্ঠান কৰিব। কিন্তু তেওঁ তিনি ঘণ্টা অনুষ্ঠান কৰি স্ক্ৰীনত ডিচপ্লে কৰিলে – do you want more? লগে লগে দৰ্শকৰ সঁহাৰি আহিল আৰু তেওঁ চাৰে তিনি ঘণ্টা অনুষ্ঠান কৰি নিজৰ অনুষ্ঠান সামৰিলে আৰু কাৰো কব লগা একো নাথাকিল। সকলো দৰ্শক সন্তুষ্ট। ইয়াকে কয় পেশাদাৰী মনোভাৱ আৰু অভিজ্ঞতা পূৰ্ণ শিল্পী। খুবেই ভাল লাগিল এ.আৰ. ৰহমানৰ শ্বো। আৰু ভৱিষ্যতে আকৌ চোৱাৰ হেঁপাহ থাকিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!