সেই ছোৱালীজনী

লেখক- ডাঃ সুৰজিত গিৰি

“ছাৰ, মোৰ ভৰিৰ বিষটো ভাল নহ’বই নেকি? ইটো সিটো কামবোৰ কৰিবই পৰা নাই দেখোন! বহুত দিগদাৰ হৈছে।”
চৰাইদেও জিলাৰ মথুৰাপুৰৰ উদয়পুৰ গাঁৱৰ ৪৫ বছৰীয়া শ্ৰী মতী বিনু লামাৰ হতাশজনক প্ৰশ্নটো শুনি তেওঁৰ কান্ধতে হাতখন দি আশ্বাস দি ক’লোঁ, “ভাল হ’ব । কিন্তু, আমাৰ ভুলবোৰৰ বাবেই কিছু সময় লাগিব ।”
বিনুয়ে তেওঁৰ ১৪ বছৰীয়া ছোৱালীজনী, ৯ বছৰীয়া ল’ৰাটো আৰু স্বামী সুখ বাহাদুৰৰ সৈতে দিন হাজিৰা কৰি হ’লেও মোটামুটি সুখেৰেই জীৱন যাপন কৰি আছিল । আমাৰ তথাকথিত বিতৰ্কবোৰে তেওঁলোকক ঢুকি নাপায়গৈ । তেওঁলোকৰতো সদায় দুবেলা দুমুঠিৰ কাৰণেই চিন্তা । বিনুয়েও পৰিয়ালটিৰ ভৰণ-পোষণৰ বাবে ওচৰতে থকা তিৰো পাহাৰৰ ওপৰলৈকে গৈ মাজে মাজে শাক-পাচলি, খৰি-খেৰ আদি যোগাৰ কৰি আনেগৈ ।
যোৱা ২০২২ চনৰ ২৫ ডিচেম্বৰ তাৰিখে বিনুৱে ল’ৰা-ছোৱালীহালক লৈ ৰাতিপুৱাতে পাহাৰত উঠেগৈ আৰু কিছু খোৱা বস্তুৰ লগতে খৰি-খেৰো গোটাই-পিটাই লৈ ১০ মান বজাত তললৈ নামি আহে । সেই সময়তে বিষাক্ত পিট ভাইপাৰ সাপ এডালে বিনু নামি অহা ৰাস্তাটোতে ৰ’দ পুৱাই আছিল । সাপ শীতলৰক্তী প্ৰাণী । তাতে, ডিচেম্বৰ মাহৰ জাৰ । সাপডালেও চাগে নিজৰ দেহৰ উষ্ণতাৰ ভাৰসাম্যতা ৰক্ষা কৰিবৰ বাবেই ৰ’দ পুৱাই আছিল । খোজ কাঢ়ি আহি থাকোঁতে বিনুৰ সোঁ ভৰিটো হঠাৎ সাপডালৰ ওপৰতে পৰে আৰু সাপডালেও খঙত একো নাই হৈ তাইৰ সোঁ ভৰিটোতে দংশন কৰি দিলে ।
লগে লগে বিনুৱে বিষত চিঞৰি উঠে । মাকৰ আকস্মিক চিঞৰত ল’ৰা-ছোৱালীহাল সন্ত্ৰস্ত হৈ সাপডালক মাৰিবলৈ উদ্যত হয় । সাপডালেও ‘s’ আকৃতি ধাৰণ কৰি প্ৰয়োজন হ’লে আকৌ দংশন কৰিবলৈকে সাজু হৈ থাকিল । এফালে বিনু আৰু তেওঁৰ ল’ৰা-ছোৱালীহাল আৰু সন্মুখত নাতি দূৰৈতে পিট ভাইপাৰ সাপডালেও ‘যুদ্ধং দেহি’ মনোভাৱেৰেই ৰৈ থাকিল । সাপডালে যেন কৈছে, মই অত্যন্ত বিষাক্ত । তহঁতি আক্ৰমণ কৰিলে ময়ো প্ৰত্যাক্ৰমণ কৰিমেই ।
বিনুৱে বিষত ককবকাই আছিল যদিও সাপডাল মাৰিব নিদিলে । বোলে, “তাৰ গাত দোষ নাই । মোৰ ভৰি তাৰ ওপৰত পৰিছিল । সি দুখ পোৱাৰ কাৰণেহে মোক দংশন কৰিছে । তাক যাবলৈ দে!”
বিনু লেঙেৰাই লেঙেৰাই লাহে লাহে পাহাৰৰ ওপৰৰ পৰা নামি আহে । তাইৰ ভৰিটো ফুলি যোৱাৰ লগতে তাত অত্যন্ত বিষো হৈছিল । মৰমৰ মাকজনীৰ সেই অৱস্থা দেখি ল’ৰা-ছোৱালীহালৰ কি কৰোঁ, কি নকৰোঁ যেন লাগিল । ঘটনাৰ আকস্মিকতাত ঘৰৰ বাৰীতে কাম কৰি থকা তাইৰ স্বামী আৰু ল’ৰা-ছোৱালীহালো যেন দিশহাৰা হৈয়ে পৰিছিল ।
সঁচা কথা ক’বলৈ হ’লে, বাতৰি কাগজ, ফেইচবুক, আনকি ৰেডিঅ’ আদিয়েও তেওঁলোকক ঢুকি নাপায়গৈ । তেওঁলোকৰ গাঁৱত সৰ্প দংশন মানেই বেজৰ বেপাৰহে । ইয়াৰ ডাক্তৰী চিকিৎসা নাই বুলিয়েই তেওঁলোকে ভাবিছিল । তেওঁলোকৰ গাঁৱত কোনো বেজো নাছিল বাবে এটা সময়ত বিষ আৰু ফুলি থকা ভৰিখনেৰে খোজ কাঢ়িয়েই ওচৰৰে গাঁও এখনত থকা বেজৰ ওচৰত তাই উপস্থিত হয়গৈ । ল’ৰা-ছোৱালীহাল আৰু স্বামীয়ে বিনুক হেৰুৱাৰ ভয়তে বেজে যিয়েই কৰিবলৈ কৈছিল, তাকেই কৰিছিল । যেনেকৈয়ে নহওক, মানুহজনীক সুস্থ কৰি তুলিব লাগিব।
বেজজনে বিনুক তেওঁৰ ঘৰৰ চোতালখনতে পাৰ্যমানে দৌৰিবলৈ কয় । বিষ আৰু ফুলা ভৰিৰে অশেষ চেষ্টা কৰি বিনুৱেও দৌৰ দিয়ে । তাই নোদৌৰিলে যেন তাইৰ মৃত্যু হ’ব । তাইৰ মৃত্যু হ’লে তাইৰ পৰিয়ালটিৰ চোৱা-চিতা কোনে কৰিব?এইবোৰ ভাবিয়েই বিনুৱেও দৌৰ দিয়ে । বিনুৱে ভাবিছিল, সৰ্প দংশনৰ সেয়াই চিকিৎসা । ভৰিত অত্যন্ত বিষ, তাতে তাই দৌৰিছে । ডিচেম্বৰ মাহৰ ঠাণ্ডাতো বিনুৰ সৰ্ব শৰীৰ ঘামেৰে তিতি গৈছিল । অত্যন্ত বিষৰ কাৰণে তাই মাজে মাজে বহি দিবলৈ বিচাৰিছিল যদিও তাই কিন্তু ৰৈ দিয়া নাছিল । বিনুৱে নিজকে যেন কৈছিল, নাই তাই দৌৰিবই লাগিব । নহ’লে সাপৰ বিহখিনি কেনেদৰে অকামিলা হ’ব?কি এক অগাধ বিশ্বাস!
বেজজনৰ ওচৰ চুবুৰীয়া এঘৰৰে প্ৰায় ২৫ বছৰীয়া ছোৱালী এজনীয়ে গোটেই ঘটনাটো প্ৰত্যক্ষ কৰি আছিল । বেজৰ জৰা-ফুকা শেষ হোৱাত তাইৰ স্বামী সুখ বাহাদুৰে বিষত জৰ্জৰিত বিনুক কান্ধত উঠাই লৈয়ে ঘৰলৈ বুলি আহি আছিল ।
তেনেতে, ছোৱালীজনী ওলাই আহি বিনু আৰু তাইৰ স্বামীক ক’লেহি, “আপোনাৰ ভৰিটো দেখোন কৰঙণলৈকে ফুলি গৈছে । কোনো বিষাক্ত সাপৰে দংশন যেন লাগিছে । এই মানুহজনে(বেজ) আপোনাক মাৰি পেলাব!আপোনালোক শিৱসাগৰৰ ডিমৌ চিকিৎসালয়লৈ যাওক! তাত সকলো চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈয়ে হয় ।”
ছোৱালীজনীয়ে সম্ভৱ ক’ৰবাত পাইছে বা পঢ়িছে যে সৰ্প দংশনৰ সম্পূৰ্ণ ডাক্তৰী চিকিৎসা আছে । সেই বাবেই তাই ঘৰৰ পৰা এখোজ আগবাঢ়ি আহি এওঁলোকক এই কথাটো ক’ব পাৰিলে ।
বিনু আৰু তেওঁৰ স্বামীয়ে ছোৱালীজনীৰ উপদেশৰ শলাগ লৈ ঘৰ পালেহি । গোটেই ৰাতিটো বিনু ভৰিৰ বিষত শুবই নোৱাৰিছিল । গাড়ীৰ যা-যোগাৰ কৰি পিছদিনাখন আবেলি প্ৰায় ৬ মান বজাত তেওঁলোক যেনিবা ডিমৌ চিকিৎসালয় পালেহি ।
কৰ্তব্যৰত চিকিৎসক ডাক্তৰ সীমান্ত জ্যোতি টায়ে তাইক পৰীক্ষা-নিৰীক্ষা কৰি MgSO4 ৰ ড্ৰেছিং আদিৰে তৎক্ষণাত চিকিৎসা আৰম্ভ কৰে ।
পিছদিনা ৰাতিপুৱা মই নিজেই গৈ বিনুক সাক্ষাৎ কৰি গোটেই ঘটনাটোৰ বুজ ললোঁগৈ ।
উল্লেখযোগ্য কথা এয়ে যে অসমত পোৱা ছবিধ বিষাক্ত সাপৰ ভিতৰত পিট ভাইপাৰ সাপডালৰ দংশন আমি জাৰকালিও প্ৰত্যক্ষ কৰিছোঁ । এই সময়ত বাকীবোৰ সাপৰ দৰেই মতা পিট ভাইপাৰ সাপবোৰো শীত নিদ্ৰাত থাকে । কিন্তু, এই সময়তে মাইকী পিট ভাইপাৰ সাপবোৰ গাভিনী হয় বাবে সিহঁতক উত্তাপৰ আৱশ্যক হয় । দেহৰ উষ্ণতা বৰ্তাই ৰাখি ভ্ৰূণকেইটাৰ বিকাশত সহায় হ’বৰ বাবেই সিহঁতৰ বাবে ঠাণ্ডাকালৰ প্ৰতিকূল পৰিৱেশতো সূৰ্যৰ উত্তাপ ল’বলৈ বুলিয়েই সিহঁত ওলাই আহে আৰু সম্ভৱ তেনে এটি সময়তে বিনুৰ লগত সাপজনীৰ সংঘৰ্ষ হৈছিল ।
জাৰকালি আৰু গ্ৰীষ্মকালি পিট ভাইপাৰ সাপৰ বিহৰ লগতে সৰ্প-দংশন হোৱা ৰোগীসকলৰো লক্ষণবোৰৰ ভিন্নতা লক্ষ্য কৰিছোঁ । দেখা গৈছে, ডিচেম্বৰ-জানুৱাৰী মাহত পিট ভাইপাৰ সাপৰ বিহৰ তীব্ৰতা বহুখিনিয়েই কম হয় ।
যিয়েই নহওক, ১০ দিন ডিমৌ চিকিৎসালয়ত চিকিৎসা, MgSO4ৰ ড্ৰেছিং আৰু ১৫ দিন ঘৰতে বিশ্ৰাম কৰাৰ পাছত বিনু যথেষ্ট পৰিমাণে সুস্থ হয় ।
এতিয়া কথা হ’ল, আমি যেনেদৰে ভৰিত দুখ পালে বা ভৰি ভাঙিলে ভৰিটোক বিশ্ৰাম দিওঁ, ঠিক তেনেদৰেই সাপে দংশন কৰা ভৰি বা হাতটোকো বিশ্ৰাম দিব লাগে । কিন্তু, বেজজনে বিনুক দৌৰিবলৈ দিয়াটোৱেই তাইৰ কাৰণে কাল হ’ল বুলিব পাৰি । ৪-৫ দিনত সুস্থ হ’বলগীয়া ভৰিৰ বিষটো সম্পূৰ্ণ ভাল হ’বলৈ ২৫-৩০ দিন মানেই লাগিলগৈ ।
একমাত্ৰ সমাজত প্ৰচলিত অন্ধবিশ্বাস এটিৰ বাবেই বিনুৱে অনাহকতে বহুখিনি কষ্ট পালে । কিন্তু, আজি আমি সুখী যে আমাৰ স্বাস্থ্যকৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টাতত তাই আৰোগ্য হৈছে । আমাৰ সমাজখনৰ আওপুৰণি অন্ধবিশ্বাসবোৰৰ বিৰুদ্ধে আজি আমাৰ জয় হৈছে । ইয়াৰ সম্পূৰ্ণ কৃতিত্ব পিছে সেই ছোৱালীজনীৰ লগতে ডিমৌ চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মীসকলৰহে ।
আচৰিত কথা যে, এনে বহুত সমাজ আছে য’ত আধুনিক চিকিৎসা ব্যৱস্থাই আজিও ঢুকি পোৱাগৈ নাই । তেওঁলোকক সজাগতা সভা, আমাৰ লেখা আদিয়েও ঢুকি পোৱাগৈ নাই । সমাজৰ এই শ্ৰেণী মানুহক নিঃস্বাৰ্থভাৱে উপদেশ আৰু সহায়-সহযোগ আগবঢ়াবৰ কাৰণে সেই ছোৱালীজনীৰ দৰেই বাকীসকল লোকো আগবাঢ়ি আহিবনে?
আপুনি বাৰু সেই মানুহজন, সেই ল’ৰাজন, সেই মহিলাগৰাকী বা সেই ব্যক্তিগৰাকী হ’ব পাৰিবনে? বিনু আৰু তেওঁৰ পৰিয়ালৰ দৰে দিশহাৰা হোৱা ৰাইজ বা সমাজখনৰ পথ প্ৰদৰ্শক হ’বনে? সৰ্প দংশনৰ পিছত এনে ব্যক্তিক ওচৰৰে চিকিৎসালয়ত ভৰ্তি হ’বলৈ পৰামৰ্শ এটি দিবনে?
মনত ৰাখিব, আপোনাৰ এখোজে কাৰোবাৰ পৰিয়ালত হাঁহি বিৰিঙাব পাৰে । আমি কিন্তু সদায়ে আশাবাদী ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!