আই সৰেচতী ঐ

লেখক- বিদ্যুত বিকাশ দত্ত

 সৰস্বতী পূজাৰ পিছদিনাৰ কথা। মই ঘৰতে পৰিবাৰ আৰু আমাৰ নবৌ সন্থাৰ লগত আড্ডা মাৰি আছোঁ। এখেত সকলৰ লগত আড্ডা জমাই ভাল লাগে। অন্ততঃ বিয়লি সন্ধিয়া বজাৰৰ পৰা “ডিঙডঙ টনিক” আনিবলৈ মোক নাপাচে।
নতুন গাজা এটা উলিয়াওঁতেই আমাৰ স্বৰ্গদেৱৰ ফোন আহিল। স্বৰ্গদেউ আমাৰ হেডমাষ্টৰক আমি দি লোৱা নাম। তেখেতে জানে। একো নকয়। কৈ কি লাভ আমাক। আকৌ নতুন নাম বা কি পায়!
হেডছাৰে মোলৈ মহব্বতৰ বাণী বিলাবলৈ ফৌন কৰা নাছিল। কৰিছিল ভয়ানক খবৰ এটা দিবলৈ।
আমাৰ সামান গুডামৰ পৰা বোলে কিবা এটা বস্তু নোহোৱা হৈছে। মোৰ বুকুখন ঢিপিংকৈ মাৰিল। পূজাৰ আগদিনা মই চাৰ্জত আছিলো। দুয়োটা গুডামৰ ছাবি মোৰ লগত আছিল। খাদ্য বস্তুৰ গুডামটোত কিবা হোৱা হ’লে মৰিলো হয়। পিছে আংশিক সকাহ দিবলৈ বস্তুৰ লৰক-ফৰক হৈছে দ্বিতীয়টো গুডামত য’ত থাকে পুৰণি পাঠ্য-পুথি, বিভিন্ন সময়ে সময়ে লগা ফ’টগ্ৰাফ আৰু অন্যান্য বস্তু। আমাৰ স্বৰ্গদেৱ ঈশ্বৰৰ হাতত বস্তুবোৰৰ তালিকা থাকে আৰু কিবা হীনদেৰী হ’লেই আটাইতকৈ দায়িত্বহীন বুলি প্ৰমাণিত হোৱা অমুকাক মাতি নি এজাৰণ দি দিয়ে। পিছে যিয়েই নকৰক, ঈশ্বৰে কৰাত মই একেই আছো। সমানেই দায়িত্বহীন…………
সেইদিনাৰ ফ’নটো কৰিয়েই ছাৰে ক’লে – “কালিলৈ আঠবজাত পোৱাকৈ স্কুললৈ আহিবা। এতিয়া একো নকওঁ।”
ৰাতিলৈ মোৰ ভাতখোৱা নহ’ল। কি বা কয়। বিশেষকৈ বাইদেউ কেইজনীৰ আগত লাজ দিলে কলৈ পলাম বাৰু?
পিছদিনা আঠ বাজিবলৈ পাঁচ মিনিট থাকোঁতেই স্কুল পালোগৈ। মোতকৈ আগত স্বৰ্গদেৱ হাজিৰ। গৈ পাওঁতেই নিজেই গেছত বনাই লোৱা চাহকাপৰ আধা মোলৈ আগবঢ়াই দি মোক ক’লে -“খোৱা।”
মই নালাগে বুলি ক’ব নোৱাৰিলো। এই ঠাণ্ডাতো মই ঘামিছো। বৈদ্য ঘামিছো।
চাহখোৱাৰ পিছতে তেওঁ নিজৰ চোলাটো খুলি পেলালে। মই জানো স্বৰ্গদেৱে ৱেট লিফটিং কৰে। কিন্তু এনেকৈ পুৱাই মোক চিক্সপেক দেখুৱাবলৈ মাতিব লাগে কিয়। বৰ মন গৈছে যদি ৱটছএপত চাৰিখন ‘তচবীৰ ঠুকি’ দিয়া হ’লেই লেঠা খটম।
পিছে মোৰ মনোভাৱ লক্ষ নকৰাকৈ তেওঁ পুনৰ ক’লে- “তুমিও চোলা খোলা।”
মোৰ চিৰিঙকৈ মানুহজনীলৈ মনত পৰিল। এইজন কেনেকুৱা হেডমাষ্টৰ অ’? এচিষ্টেণ্ট টিচাৰৰ লগত বক্সিং খেলিবলৈ উদ্যত হৈছে। তাতে অপৰাধো নগণ্য।
পিছে ‘আজ্ঞা পালনত হয় হৰিৰ ভকতি’বুলি চোলাটো খুলি পেলালো। ছাৰ ওলাই গ’ল। পিছে পিছে মই। ছাৰে ছাবিটো খুলি গুডাম খুলিলে। মই পিছে-পিছে সোমাই গ’লো। পোহৰ বৰ কম। ম’বাইলৰ টৰ্চেৰে চাই চাই আমি ফট’ফ্ৰেইমবোৰৰ ওচৰ পালোগৈ। ছাৰে তালিকাখন চাই চাই ফট’বোৰ উলিয়াই যাবলৈ মোক নিৰ্দেশ দিলে। মই আজ্ঞাবাহী। “লম্বোদৰ গণেশ?”
-‘আছে ছাৰ’
“বিশ্বকৰ্মা?”
-‘আছে’
“লৰ্ড ডেলহাউচি?”
-‘আছে’
“উইলিয়ম ৱাটলৰ য়েটছ?”
-‘আছে’
“সৰস্বতী?”
-‘আছে’
“লক্ষ্মী?”
-‘না-নাইচোন ছাৰ।’
সেইটোৱেই কথা। ব’লা বাহিৰলৈ যাওঁ।
দুয়োজন বাহিৰলৈ ওলাই আহিলো। ছাৰে ক’লে-“তুমি জানা, সেইখন ১৯৭৭ চনৰ ফ’ট’ আছিল। আমাৰ বিদ্যালয়ৰ প্ৰথমটো বেটছে দান কৰিছিল। ডু য়ু নৌ হাও ভেল্যুৱেবল দ্য পিক্সৰ ৱজ!”
মোৰ বেয়া লাগিল। সঁচাকৈ এনে এখন ঐতিহাসিক ছবি মই এদিন গুডাম খুলিয়েই হেৰুৱাই পেলালো। হাউ ফুল আই এম!
মই ঘটনাবোৰ মনত পেলাই গ’লো। মই অকলে গুডাম খুলি সোমাইছিলো। পোহৰ কম আছিল। ফ’টফ্ৰেইমৰ মাজৰ পৰা সৰস্বতীৰ ফ’টখন উলিয়াইছিলো। বৃহৎ ফ’টখন সাৱধানে ডাঙি বাহিৰলৈ আনি দুটা অঘাসুৰৰ হতুৱাই মছি চাফা কৰাই বেলেগ কামলৈ গুচি গৈছিলো। যাওঁতে পিছদিনা তৰকাৰী বনাবলৈ দুপাট হেতা আৰু বৰ কেৰাহীখন উলিয়াবলৈ ল’ৰা কেইটাক নিৰ্দেশ দিছিলো। ছাৰ সেইদিনা অহা নাছিল। বাইদেউহঁতে মই গুডামৰ পৰা অফিচলৈ যাওঁতে চাহ খাই আড্ডা মাৰি আছিল।
মই বুজি পাইছিলো, মই সেইকণ সময় অফিচলৈ যাওঁতেই সেই অঘাসুৰহেন ল’ৰাদুটাই হয় ফ’টখন মাৰি দিলে নহয় কিবাকৈ ভাঙি মাৰখোৱাৰ ভয়ত ক’ৰবাত লুকুৱাই থৈ গৈছে।
মই কথাখিনি হেড মাষ্টৰক ক’লো। তেখেতে চিন্তাম্বিত হৈ “দ্য ইনভেষ্টিগ্যেশ্যন ৰেচপন্সিবিলিটি ইজ আপটু য়ু” বুলি কৈ গুচি গ’ল।
মই দুদাল “লাহৰী” সৌকা লৈ প্ৰাৰ্থনা সভা শেষ হোৱালৈ ৰৈ থাকিলো। সভা শেষ হ’লত ল’ৰা দুটাক মাতি আনি ছাৰে মোক দিয়া ফ’টখনৰ সম্পূৰ্ণ বুৰঞ্জী পুনৰ দোহাৰি সুধিলো-“ভালে ভালে ক, লক্ষ্মীৰ ফ’ট’খন ক’ত লুকুৱাই থৈছ?”
ল’ৰা দুটাই সেমেনা সেমেনিকৈ “আহক ছাৰ” বুলি মোক লৈ গ’ল। মোৰ পিছ-পিছে স্বৰ্গদেৱ।
সিহঁতে আমাক আগদিনাৰ পূজা থলীলৈ লৈ গ’ল আৰু দেখুৱাই দিলে -“সেইখন ছাৰ।”
মই গৰজি উঠিলো-“মিছা কথা নক’বি। মোক সৰস্বতীৰ নহয়, লক্ষ্মীৰ ফ’ট’খন লাগে।”
ল’ৰা কেইটাই মোলৈ অবাক হৈ চাই থাকিল। হেড মাষ্টৰে ক’লে- তহঁত যা-গৈ যা। আৰু বিদ্যুৎ তুমিও ব’লা।”
মইবোলো “কিয়?”
“কিয় বুলি নুসুধিবা। তুমি কালি সৰস্বতী বুলি দিনটো লক্ষ্মীৰ ফ’ট’খনতে ধূপ জ্বলালা। তোমাকনো কি দোষ দিম, ময়ো আজি ছবছৰে এইখন ফ’টকে পূজা কৰি আছিলো। আজিহে ভালকৈ চালো, সৰস্বতীৰ হাতত বীণা থাকে, এইখনতচোন দেৱীয়ে কোলাত কলহ এটাহে লৈ আছে।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!