প্ৰেমৰ দিৱসৰ কবিতা

লেখক- অজয় কিশোৰ কলিতা

তুমি মোক যেতিয়া কবিতাৰ কথা কোৱা
মোৰ চকুত ভাঁহি উঠে
মাৰ তেজ নোহোৱা মুখখনলৈ।
কবিতাৰ ভাষাবোৰ যেন
হালধীয়া পাতৰ দৰে সৰি পৰে
অভাৱৰ ঠেঁটুৱা শীতত।

এশটকীয়া নোট এখন লৈ
মোৰ আধুনিকা প্ৰেমিকাক লগ ধৰিবলৈ
মই যাওঁ কৃষ্ণচূড়াৰ দেশলৈ।
নগৰীয়া সভ্যতাৰ সেই ৰেস্তোৰাঁবোৰক
মোৰ বৰ ভয় লাগে
কিজানি কৰবাত বন্দী হয় মোৰ দৰিদ্ৰতা।

তুমি মোক যেতিয়া কবিতাৰ কথা কোৱা
মোৰ মনত পৰে অৰ্থনীতিৰ পিতৃ আডামস্মিথৰ অদৃশ্য হাতৰ কথা,
মনত পৰে কেইন্সৰ সুদৰ হাৰ
বজাৰ অৰ্থনীতিয়ে কেনেদৰে উটুৱাই নিয়ে জীৱন্ত প্ৰেমক।

তুমি কবিতাৰ কথা ক’লে মনত পৰে
জালুকবাৰীৰ কৃষ্ণচূড়াৰ তলত বহি
ডাণ্টেৰ প্ৰেমৰ কথা আলোচনা কৰিম নে
আধুনিক অৰ্থনীতৰ গাণিতিক সূত্ৰবোৰ।
তুমিতো শুনিব নোখোজা কাৰ্লমাস্কৰ শ্ৰমিক শোষণ তত্ত্ব অথবা দৰিদ্ৰতাৰ পাকচক্ৰ।

তুমি কবিতাৰ কথা ক’লে মনত পৰে
পকেটত থকা ডাক্তৰে দিয়া মাৰ প্ৰেছক্ৰিপ্‌চনখন,
আধুনিক অৰ্থনীতিয়ে কোঙা কৰি পেলোৱা মোৰ প্ৰেমিক মনটো।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!