পথাৰৰ দৰে ৰসাল মানুহজনী মোৰ আই

লেখক- পৰাগ শইকীয়া

কপালত আঁকি লোৱা জোনটো
দীঘলকৈ ওৰণি এখনেৰে ঢাকি
মাজনিশা একুৰা জুইক সাক্ষী কৰি
ভাইৰ হাতৰ আখৈ পুৰি গোত্ৰ চিঙি
পিতাইৰ পদূলিত কলৰ তলত আদৰণি লোৱাৰ পৰতে
মানুহজনীৰ মাজত গজি উঠিল এখন পথাৰ

সমন্ধ চিঙি নতুন সমন্ধ সৃষ্টিৰ পৰতে
কিমান যে সমন্ধৰ সৈতে মুখামুখি মানুহজনী
“কাউৰী পুৱাতে উঠিবি
বাহি বনত ধৰিবি
তই হ’ব লাগিব লখিমী বোৱাৰী
আগফালে শাহু-শহুৰ, পাছফালে বৰজনা
সাৱধানে খোজ দিবি, ছাঁ গছকি নাযাবি
দীঘলকৈ ওৰণি সৰি পৰিব নিদিবি
এইজনী সৰু ভনী মৰমেৰে তুলিবি
দেওৰৰ লগত মুখ চুপতি নামাৰিবি”
কিমান যে শিকনি মানুহজনীক

মামা-মামী, খুড়া-খুড়ী, পেহা-পেহী কিমান যে সমন্ধীয়
গণি গণি আঙুলিৰ মূৰত ভাগৰ লাগে মানুহজনীৰ
কাৰ স’তে কি কথা, কাৰ স’তে কি ভাগ বতৰা
সকলোবোৰ সমাজে সাতামপুৰুষতে ধৰাবন্ধা
শিকি ল’ব লাগিব, জানি ল’ব লাগিব
বোৱাৰী হোৱা কি সহজ কথা

দেউতাকৰ হাতে হাত ধৰি জোনাকত খোজ কাঢ়ি ভালপোৱা ছোৱালীজনী হেৰাই যায়
গজি উঠে ঘৰ এখন গঢ়িব খুজি নিজক হেৰুৱাব শিকা মানুহ এজনী
মাকৰ কোলাত মূৰ থৈ টোপনি যোৱা ছোৱালীজনী হেৰাই যায়
এঘৰ মানুহ শুই যোৱাৰ পাছতো এজন মানুহৰ বাবে জাগি ৰোৱা মানুহ এজনি গজি উঠে

পিতাইৰ সৈতে হেপাঁহ আৰু সপোনবোৰ ভগাই লৈ
মানুহজনীয়ে এদিন গৰ্ভত শিপাব দিলে আৰু এক সমন্ধ
পিতাইৰ পদূলিত ভৰি দি পথাৰৰ দৰে হ’ব শিকা মানুহজনীৰ
শৰীৰ, মন আৰু আত্মাত শিপাই
তেওঁৰে তেজ আৰু উশাহেৰে বাঢ়ি বাঢ়ি
গজি উঠা ‘মই’টোক গঢ়ি গঢ়ি ভাগৰি নপৰা
সেই পথাৰৰ দৰে ৰসাল মানুহজনী মোৰ আই

আজি পুৱা মানুহজনীক ক’লোঁ-
আই, আজিতো তহঁতৰ নামত উৎসৰ্গিত এটি দিন
ব্ৰহ্মাণ্ডৰ সৰ্বোত্তম হাঁহিটোৰে তেওঁ ক’লে,
তোৰ ওঁঠত জোনাক জিলিকা প্ৰতিটো দিনেই যে মোৰ
তাকো নাজাননে অঁকৰাটো মোৰ…

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!