তিনিটি স্তবক

লেখক- ডা°ইণ্টিকাবুৰ ৰহমান

:: নিষিদ্ধ জোনাক::

নিষিদ্ধ জোনাকত
চকুমুদি দিলে তেওঁ।
প্ৰকৃতিয়ে ক’লে
তোমাৰ ইচ্ছাতে দেখোন
জোনাক নামিছিল।
চকুৰ পানী মচিবলৈ
উদাস চকুত, জীৰ্ণ শীৰ্ণ শৰীৰত
সবলতা আনিবলৈ
নিষিদ্ধ জোনাকৰ সতে মিতিৰালি তেওঁৰ।
ৰ’দত বহি তামোল চোবাবলৈ
সঙ্গী নাই তেওঁৰ।
বাধা দিব খুজিও দিব পৰা নাই
জোনাকৰ আগমনক।
তেওঁৰ বাবে অসাৰ সূৰ্য
নিষিদ্ধ জোনাকত উমলিবলৈ
বাধ্য তেওঁ।


::মৃত্যুশোকৰ সময়::

সৰু ল’ৰাটো
আমাৰ ঘৰলৈ নহা বহুদিন হ’ল।
মানুহে ক’লে সি হেনো
পানীত ডুবি মৰিল।
গছৰ পাত সৰি নতুন ওলাল
পুখুৰিতো শুকাই আকৌ ভৰিল।
আজি মৰা সৰু মেকুৰী পোৱালি
এটা দেখি মনত পৰিছে
ল’ৰাজন নহাতো বহুদিনেই হ’ল।
মৃত্যুশোকৰো হেনো সময় থাকে।
পুৰণি হলে সময়তো বগাদাগ লাগে।

:: শৰতৰ সপোন ::


প্ৰাতঃভ্ৰমণত যোৱা মানুহজন
শৰতৰ বগা দলিচাত বহি পৰিল।
নিজৰ সতে কথা পাতি
ভাগৰৰ সতে যুঁজি চালে।
খলা-বমা, কোলাহল, হাতচাপৰিৰ পৰা
আঁতৰি আহি
তেওঁ ভঙা প্ৰেমৰ সপোন দেখে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!