উৎপৰিৱৰ্তন

লেখক- নমিতা তালুকদাৰ

ওপৰচোৱা অনুভূমিক দিশত হাউলি গৈ নবীন বুঢ়াৰ শৰীৰটোৱে কঁকালটোত এটা সমকোণৰ সৃষ্টি কৰিছে। লাখুটি লৈ থিয় হৈ থকা অৱস্থাত মাটি, লাখুটি আৰু নবীন বুঢ়াৰ শৰীৰটোৱে এটা চতুৰ্ভূজ আকৃতি লয়।
নবীন বুঢ়া। আচল নাম নবীন কলিতা। বয়স আশী। লগৰবোৰৰ কিছুমান স্বৰ্গগামী হ’ল। কিছুমান এতিয়াও দপদপীয়া হৈয়ে আছে। দীৰ্ঘদেহ আৰু অত্যধিক শাৰীৰিক কষ্টইহে নবীন কলিতাক অলৰ বুঢ়াৰ শাৰীলৈ ত্বৰান্বিত কৰিছে।
নবীন বুঢ়াৰ ঘৰৰ কাষতে নতুনকৈ স্থাপন কৰা লক্ষ্মী মন্দিৰটোত প্ৰথমবাৰৰ বাবে লক্ষ্মীপূজা অনুষ্ঠিত কৰা হৈছে। তিনিদিনীয়াকৈ। মন্দিৰটোৰ নামত দুলেচা মাটি দান কৰাৰ বাবদ নবীন বুঢ়াক পূজা কমিটিয়ে বিশেষভাৱে সন্মান যাচিবলৈ মনস্থ কৰি তেওঁক নিমন্ত্ৰণ দিছে। সেই সুবাদতে পূজাৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি নবীন বুঢ়াৰ দ্বাৰা বৃক্ষৰোপণ কৰোৱা হ’ব আৰু তেওঁক সম্বৰ্দ্ধনা জনোৱা হ’ব। ডাঙৰ বোৱাৰীয়েকে ধুই ধকধকীয়া কৰা ধূতি-চোলাযোৰ পিন্ধি পৰম উৎসাহেৰে নবীন বুঢ়া পূজাথলীলৈ ওলাইছে।
নবীন যেতিয়া সৰু আছিল তেতিয়া ৰৌমাৰী অঞ্চলটোৰ ভিতৰতে বছৰেকত মাত্ৰ এখন সভা অনুষ্ঠিত হৈছিল, আঠ কিমি দূৰৈৰ পুঠিমাৰী গাঁৱত। মাঘ মাহত। খৰালি কালতহে নবীনহঁতৰ নৈ-পৰীয়া অঞ্চলটোৰ ৰাস্তা-ঘাটবোৰে অলপ মূৰ তুলিব পৰা হৈছিল। কেঁচা ৰাস্তা। ঠেক। কিন্তু পুঠিমাৰী গাঁৱলৈ সভা চাবলৈ যোৱা চমু ৰাস্তা বেলেগ আছিল। নৰাৰ মাজে মাজে একোটা লুঙলুঙীয়া বাট। অথবা পথাৰ জুৰি থকা সৰিয়হ নাইবা ডৰাই-ডৰাই ধনীয়া খেতিৰ মাজৰ সৰু আলি। বাৰিষাত পথাৰ-চোতাল সব একাকাৰ। চৰকাৰৰ পি.ডব্লিউ.ডি বুলি যে বিভাগ এটাও আছে সেই কথা জনাটো নবীন বুঢ়াৰ বাবে বেছি পুৰণিদিনীয়া কথা নহয়। চকুৰ পচাৰতে বহুত পৰিৱৰ্তন আহিল ৰৌমাৰী অঞ্চলটোলৈ। আগৰ চৰকাৰৰ দিনত শিল পেলোৱা ৰাস্তাটো পকী হ’ব। টাউনৰ পৰা বহলাই আনিছে হেনো। ৰাস্তা বহল কৰাৰ বাবে নবীন বুঢ়াৰ গোহালি আৰু ভঁৰালঘৰটোৰ এছোৱাও হেনো ভঙা যাব। এই লৈ নবীন বুঢ়াৰ আক্ষেপ নাই। সমাজৰ উন্নতি হ’ব লাগে। সিহঁতে আৰু সিহঁতৰ ল’ৰা-ছোৱালীয়ে যি জীয়াতু ভুগিলে সেই দুৰ্দশাৰ অৱসান ঘটক। কথাবোৰ ভাৱি ভাৱিয়ে নবীন বুঢ়া মন্দিৰ প্ৰাংগনত উপস্থিত হ’ল।
সময়সূচীতকৈ এঘণ্টা পলমকৈ হ’লেও পূজা সমিতিৰ সভাপতি-সম্পাদক, সদস্যৰ লগতে ওচৰৰ দুই-এজন মানুহ বৃক্ষৰোপণৰ বাবে নিৰ্দিষ্ট কৰি থোৱা ঠাইটুকুৰাত উপস্থিত হ’ল। সম্পাদকজনে বট গছৰ পুলি এটি নবীন বুঢ়াৰ হাতত দিলে। পুলিটো বেচ লহপহীয়া। পিছে পুলিটো ৰুবলৈ সাজু কৰা ঠাইটুকুৰাহে নবীন বুঢ়াৰ বৰ এটা পছন্দ নহ’ল। মন্দিৰ প্ৰাংগনৰ একাষে, ঠিক ৰাজহুৱা আলিবাটটোৰ কাষতে পুলিটো ৰুব লগা হোৱাত নবীন বুঢ়াৰ মনটো অলপ চেবালে। মন্দিৰ চৌহদৰ ভিতৰতে পুলিটো ৰুব পৰাকৈ এছোৱা মুকলি ঠাই আছে। ঠাইখিনি আগতে মুকলি নাছিল। এজোপা প্ৰকাণ্ড জৰীগছ আছিল। মন্দিৰটো বান্ধোতে কটা গ’ল। ভৰ দুপৰীয়া যখিনী বুঢ়ীক গছৰ ফেৰেঙণিত চুলি মেলি বহি থকা দেখিছিল হেনো বহুতে। নবীন বুঢ়াই অৱশ্যে যখিনী বুঢ়ীক কেতিয়াও দেখা নাছিল। উপজি-পুৱাতে গছডালৰ পৰা নানান পক্ষীৰ কলৰৱ ভাঁহি অহাহে শুনিছিল। এতিয়া সেই ৰামো নাই, সেই অযোধ্যাও নাই। জৰীজোপাৰ ঠাইতে পুৱা-গধূলি চামে চামে ল’ৰাহঁতে জুম পাতে। ওঁঠ টিপিলে গাখীৰ ওলোৱাটোৰ পৰা আদহীয়াটোৱে অনবৰত পাগুলি থকা গুটখাৰ খালী পেকেটবোৰ এতিয়া তাত নাই। পূজা উপলক্ষে মন্দিৰৰ চৌপাশ পৰিষ্কাৰ কৰি তোলা হৈছে। পিকেৰে ফুলবচা ঠাইটুকুৰাই কিন্তু এতিয়াও নিজৰ ৰঙ ঘূৰাই পোৱা নাই।
কথাবোৰ নবীন বুঢ়াৰ সপোন যেন লাগে। সিদিনালৈ স্থবিৰ আছিল সময়। এতিয়া চকুৰ আগত দ্ৰুত গতিত পৰিৱৰ্তিত সমাজ। পৰিচালনা সমিতিৰ ল’ৰা এজনে দি যোৱা কাগজৰ চাহ কাপটো, প্লেটখন পৰিৱৰ্তিত সমাজৰে দান। সম্বৰ্ধনা জনোৱা গামোচাখন! ডিঙিৰ পৰা আনি হাতত লোৱা গামোচাখনলৈ মনটো সেমেকি গ’ল নবীন বুঢ়াৰ। দুখন ৰূমাল লগ কৰিলে হোৱা দৈৰ্ঘ্যৰে এইখন কি সূতাৰ কাপোৰ! ঢেপঢেপীয়া! অসমীয়াৰ স্বাভিমানো লৈ গ’ল এই নতুনত্বই। উন্নতিৰ দিশত সমাজৰ পৰিৱৰ্তনক সমৰ্থন জনাব পাৰি।
কিন্তু..
ঘৰৰ পৰা আহোঁতে ডিঙিত মেৰিয়াই অনা গামোচাখন নবীন বুঢ়াই খামুচি ধৰিলে। বিয়াৰ পাছৰ প্ৰথম ব’হাগ বিহুত পত্নী মাকণিয়ে বৰ মৰমেৰে বই দিছিল দুয়ো মূৰে জাপিফুল থকা গামোচাখন। ডাঙৰ ডাঙৰ জাপি তিনিটাৰ মাজত একোটা ঢোল। পুৰণি হৈ বেচ নিমজ হৈ পৰিছে। ৰঙহীন হ’লেও স্বমহিমাৰে জিলিকি ৰোৱা গামোচাখন ডিঙিত ভালকৈ মেৰিয়াই ল’লে নবীন বুঢ়াই।
নবীনৰ বিয়াৰ বছৰতে গাঁৱলৈ কাৰেণ্ট আহিল। গুৱাহাটীলৈ এখন বাছো চলা কৰিলে। ৰৌমাৰী অঞ্চলটোৰ ভিতৰতে একমাত্ৰ বাছ। ঢলপুৱাতে বাছখনে গাঁওসমূহৰ পৰা যাত্ৰীবোৰক পাণ জপা দি লৈ গৈছিল। চকুৰ পচাৰতে বহু কথাই সলনি হৈ পৰিল। চুবুৰীয়া গাঁওবোৰত ৰাস, পূজা আদি অনুষ্ঠিত হ’বলৈ ধৰিলে। এয়া প্ৰায় দহ বছৰমান আগৰ কথা। কিন্তু ৰাস্তা-ঘাটৰ দুৰাৱস্থাৰ বাবেই অন্য গাঁৱলৈ ৰাস বা পূজা চাবলৈ যোৱা হোৱা নাছিল নবীন বুঢ়াৰ। বয়সৰ লগে লগে কঁকালটোও পৰি আহিল।
ল’ৰা দুটাৰ বিয়া পাতি দি মাকণিয়ে সংসাৰৰ দায়িত্ব সামৰি আঁতৰিল। তেতিয়াৰ পৰাই পুঠিমাৰীৰ সভাখনলৈ যোৱাৰ হেঁপাহো নোহোৱা হৈ আহিল। নবীন বুঢ়াৰ ছোৱালী নাই। ল’ৰা-দুজনেও গাঁৱৰে ছোৱালী বিয়া পাতিলে। দুজনীকৈ বায়েকৰ জন্মৰ বহু বছৰৰ ব্যৱধানত নবীনৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ সময়ত ডাঙৰ বায়েকজনীৰ বিয়া হৈ গৈছিল নপাৰালৈ। তাৰ দুবছৰ পিছতে সৰু বায়েকো একেখন গাঁৱলৈ বিয়া হৈ গৈছিল। দুয়োজনী কাহিনীবাই ঢুকাল। ভাগিনিয়েকহঁত আছে। কাজে-কৰ্মইহে অহা-যোৱাটো আছে। সাতে-সূত্ৰে একেটা কথাকে ক’ব পাৰি যে নবীন বুঢ়াৰ বাবে জন্মগাঁওখনেই পৃথিৱী। বাহিৰৰ জগতৰ আ-ভূ নাপায়। সেয়ে ওচৰৰ গাঁওবোৰতো আজিকালি পূজা, সভা আদি অনুষ্ঠিত হয় যদিও নিজৰ গাঁওখনত অনুষ্ঠিত হোৱা লক্ষ্মীপূজা ভাগ নবীন বুঢ়াৰ বাবে বিশেষ।
পূজা সমিতিৰ ল’ৰাকেইজনৰ পৰা বিদায় লৈ নবীন বুঢ়াই এইবাৰ ৰাস্তাৰ দুয়ো দাঁতিৰ দোকানৰ শাৰী দুটাৰ মাজেৰে এপাক ঘূৰিবলৈ মন কৰিলে। জিলাপী-খুৰ্মাৰ দোকানৰ পৰা মনিহাৰীৰ দোকানলৈ, পাণ দোকানৰ পৰা সৰু ল’ৰা-ছোৱালীৰ খেলনাৰ দোকানলৈকে সকলো দোকানেৰে ৰাস্তাৰ দুয়োকাষ ভৰি পৰিছে। বাকী দোকানসমূহত এতিয়া মানুহ নাই বুলিবই পাৰি। মাত্ৰ জিলাপীৰ দোকানত দুই-এজন গ্ৰাহকক দেখা গৈছে। সন্ধিয়া পানী তোলা অনুষ্ঠান। তাৰপিছত দেৱী মাক আৰতি দিব। মূল পূজা ৰাতিলৈহে হ’ব। গতিকে মানুহো সন্ধিয়াৰ পৰাহে পূজাথলীলৈ আহিব।
নবীন বুঢ়া জিলাপীৰ দোকানৰ ফালে আগবাঢ়িল। চুৰীয়াৰ খোচনিত এশ টকা আছে। উদ্দেশ্য, নাতিয়েকহঁতলৈ বুলি জিলাপী অলপ কিনিব।
চাৰিখনমান জিলাপীৰ দোকান। একেটা শাৰীতে। নবীন বুঢ়াৰ মনটো ভাল লাগে। গাঁৱৰ ল’ৰাই এনেকৈ দুপইচা অৰ্জন কৰিবলৈ সুযোগ এটা যে পালে! চাকৰি-বাকৰিতো নায়েই। গাঁওখনত দুই-এজনহে চাকৰি বা ব্যৱসায় কৰা মানুহ। চহ কৰা মানুহো নোহোৱা হৈ আহিল। চৰকাৰে চাউল কেইটা বিনামূলীয়াকৈ দিছে বুলিহে! অৱশ্যে চৰকাৰী ঘৰ আৰু অন্যান্য সা-সুবিধাও বহুতে পাইছে। পিছে নিজৰ বৃদ্ধ পেন্সনটোৱেচোন নহ’ল আজিলৈ!
মনৰ কথাবোৰ পাগুলিয়াব এৰি নবীন বুঢ়া প্ৰথমখন দোকানৰ সন্মুখত থিয় হ’ল। কেৰাহীত তেল উতলি আছে। মানুহ এজনে জিলাপী পুৰিবলৈ ব্যৱহৃত কাপোৰখনৰ ময়দাৰ মিশ্ৰণটো বিশেষ কায়দাত গৰম তেলত ঘূৰাই ঘূৰাই জিলাপী ভাজিছে। কাষৰ চৌকাটোত ডাঙৰ পাত্ৰ এটাত চেনিৰ ৰসো উতলি আছে। বাঁহৰ শলা এডালেৰে ভাজি হোৱা জিলাপীবোৰ মানুহজনে চেনি ৰসৰ পাত্ৰত ডুবাই দিছে। নবীন বুঢ়াই আপোন পাহৰা হৈ দৃশ্যটো চাই ৰৈছে। গৰম জিলাপীৰ মহমহীয়া গোন্ধটোৱে মনটোক পুঠিমাৰীৰ সভালৈ উৰুৱাই লৈ গৈছে। তাৰ জিলাপীৰ সোৱাদটোও জিভাই সোঁৱৰাই দিলে।
-কি দিমু?
এটা অচিনাকি মাতত নবীন বুঢ়াৰ সম্বিত ঘূৰি আহিল। দোকানীজনলৈ ঘূৰি চালে তেওঁ। সন্মুখত যেন এক অনাহুত বিপদ!
-নাই নাই। একো নালাগে বুলি নবীন বুঢ়া খৰ খোজেৰে দোকানখনৰ পৰা ওলাই আহিল।
“শ্ৰী বিষ্টু! শ্ৰী বিষ্টু!”
এই বয়সত ধৰ্ম ভ্ৰষ্ট কৰিব নোৱাৰে তেওঁ। জীৱনৰ আশীটা বছৰ অতিক্ৰমী জীৱনৰ অন্তিম প্ৰান্তত উপস্থিত হৈছে। এতিয়া এজন অজাতিয়ে ভজা জিলাপী খাই ৰৌ ৰৌ নৰকত পচিব নোৱাৰে।
দ্বিতীয় আৰু তৃতীয়খন দোকানতো একেই পৰিস্থিতিৰ মুখা-মুখি হ’ল নবীন বুঢ়া। কি আচৰিত! গাঁৱৰ দোকান এখনো নাই নেকি! মনৰ শংকা বাৰণ কৰি নবীন বুঢ়াই চতুৰ্থখন দোকানৰ সন্মুখত থিয় দিলে।
-খুড়া, ভালে আছুন?
-হু..পুনৰ অচিনাকি অথচ আপোন যেন লগা মাতত নবীন বুঢ়া থমকি ৰ’ল।
-খুড়া, আমি দিলবৰ। আপ্নাৰ বাৰীত যে আছিল’।
-দিলবৰ!
জপাৰ পৰা এখন এখনকৈ উলিয়াই জাপ খোলা কাপোৰৰ দৰে নবীন বুঢ়াৰ স্মৃতিৰ জপা খুলি ওলাই আহিল পুৰণি কথাবোৰ।
নবীনহঁতৰ অৱস্থা তেতিয়া নদন-বদন। বিশ বিঘাকৈ ভূঁই মাটি। হালৰ গৰু চাৰিটা। ৰেচনৰ বাবদ ঘৰখনলৈ যদি কিবা কিনিবলগীয়া আছিল, সেয়া নিমখ। লক্ষ্মীদেৱীয়ে ঘৰখনত বাস কৰাৰ সময়বোৰৰে কোনোবা এটা দিনত দিলবৰৰ দেউতাকে তাক বছৰেকীয়া চুক্তিত বন্ধা থ’বলৈ আহিছিল। তেতিয়া দিলবৰ নবীন বুঢ়াৰ সৰু পুতেক বাবলুৰ সমনীয়া। বাবলু তেতিয়া চতুৰ্থ শ্ৰেণীত। সেই এঘাৰ-বাৰ বছৰ মান বয়সত চৰৰ পৰা দেউতাকৰ লগত এবছৰীয়া চুক্তিত অহা দিলবৰ বহু বছৰ থাকিল নবীনহঁতৰ ঘৰত। দেউতাক-খুৰাকহঁতৰ মাজত সম্পত্তিৰ ভাগ-বতৰা হোৱাৰ পিছত নবীনহঁতৰ ঘৰখনৰো আগৰ শ্ৰীবৃদ্ধি হেৰাই গ’ল। মাটি কমিল। হালৰ গৰু ভাগ হ’ল। গতিকে অন্য এজন মানুহক দৰমহা আৰু খাৱন দিব পৰাকৈ সিহঁতৰ সম্বলো কমি আহিল। এনেকৈয়ে দিলবৰক এদিন বিদায় দিয়া হ’ল। যোৱাৰ দিনা চকুপানীৰে বিদায় লোৱা দিলবৰৰ মুখখন মনলৈ আহিল নবীন বুঢ়াৰ।
-বচুন বচুন।
জিলাপী ভাজি থকা দিলবৰে আথে-বেথে মূঢ়া এটি নবীন বুঢ়ালৈ আগবঢ়াই দিলে।
-তই ইয়ালৈ কেনেকৈ আহিলি? আজিকালি ক’ত থাক?
নবীন বুঢ়া উৎসুকিত হৈ দিলবৰৰ কথা শুনিবলৈ মূঢ়াটোত বহি ল’লে।
-আপ্নাৰ ঘৰত তিকা গিয়া আমাৰ চাদি কৰাল’ আম্ৰা মা-বাবাই। তাৰপৰ অই চাতাবাৰীতে জমিন কিনছিলাম। অখন তাতেই আমাৰ বাৰী।
-নিগাজিকৈ কি কৰ?
-খেতি কৰি। চাত বিঘা হৈল নিজা মাটি। চাটাবাৰীতে চাইৰ্ বিঘা। তাৰপৰ কলাবাৰীতে তিন্ বিঘা। আপ্নালোকেৰ কেমন চলছে অখন? বাবলু আৰ্ দাদাকে লগ পাইছিলাম কালকা।
খৰ হাতেৰে জিলাপী পুৰি পুৰিয়ে দিলবৰে আৰু কিবা-কিবি কৈ আছিল যদিও কোনো কথাই সুদূৰ অতীতত গৈ ভ্ৰমি থকা নবীন বুঢ়াৰ কাণত নপৰিল।
নদন-বদন এখন গাঁও। নিজা মাটি, নিজা খেতি। মাটি নোহোৱাজনেও আনৰ মাটিৰ আধিয়াৰ হৈও বছৰেকলৈ আৰামত খাব পাৰিছিল। আধুনিক পৃথিৱীৰ সুবিধাবোৰহে নাছিল। লাহে লাহে সময়ে মোট সলালে। খেতি এৰি চহৰলৈ কাম বিচাৰি যোৱাৰ ঢৌ এটা আহিল। সাগৰ দেখা নাই নবীন বুঢ়াই। টিভিত দেখিছে, কিদৰে পাহাৰ সদৃশ ঢৌবোৰ পাৰলৈ উঠি আহে আৰু নিজেই উভতি যায়। ঠিক তেনেকুৱা ঢৌতেই শইচেৰে নদন-বদন হৈ থকা গাঁওখনৰ ছবিখন উটি গ’ল। একেটা ঢৌতে ৰঙীন পৃথিৱীৰ ছবি এখন গঢ়ি উঠিব খুজিলে। পুৱাই হাল লৈ পথাৰলৈ ওলোৱা হালোৱাৰ ছবিখন হেৰাল। কাঁচিৰ শব্দ হেৰাল। খেতি কৰা মানুহ নাই, গতিকে মাটিও হেৰাল।
-খুৰা, এইটা আমাৰ চ’ট’ প’লা। ডাঙৰটা দিল্লীৰ কুম্পানীতে চাক্ৰি কৰে।
দিলবৰৰ মাতত পুনৰ বৰ্তমানলৈ ওভতা নবীন বুঢ়াই জিলাপী-খুৰ্মা বেচি থকা ল’ৰাজনলৈ মূৰ তুলি চালে। দিলবৰৰ সৰু ল’ৰা নবীন বুঢ়াৰ ডাঙৰ নাতি ধুনৰ সম বয়সীয়া।
-এই বেটা। নবীন ককাকে প্ৰণাম কৰ।
-নমস্কাৰ ককা। আপোনাৰ ভাল নে?
শুদ্ধ অসমীয়াত শুৱলাকৈ এটা কণ্ঠস্বৰে নবীন বুঢ়াক বাৰুকৈয়ে মুহি পেলালে।
-তুমিচোন আমাৰ দৰে কথা কোৱা হে। নাম কি তোমাৰ?
-মোৰ নাম জীয়াৰুল।
গ্ৰাহক এজন অহাত জীয়াৰুল গ্ৰাহকৰ লগত ব্যস্ত হ’ল। দিলবৰৰ কথাৰ উজান-ভাটি চলি থাকিল।
-য়ুনুভাৰ্চিটিতে পঢ়ি আছে পোলাটা। কালকা ঘৰে আইছে। আমি লৈ আনচি আজি দোকানে।
-হা..
ডাঙৰ নাতিয়েক ধুনুৰ মুখখন নবীন বুঢ়াৰ চকুৰ আগত ভাঁহে। বাপেকে কত কষ্ট কৰি, ৰাতিক দিন কৰি দেহা মাৰি ভালৰো ভালটো খুওৱা ধুনুক কলেজৰ ডেওনা গচকাব নোৱাৰিলে। আৰু এয়া পৰৰ ঘৰত বন্ধা থকা চাকৰ এজনৰ উচ্চ শিক্ষিত ল’ৰা!
‘কি সংস্কাৰ দি ডাঙৰ কৰিলে দিলবৰে পুতেকহঁতক! আমি কি দিব নোৱাৰিলোঁ আমাৰ সন্তানক!’
নিজৰ ওচৰত উত্তৰহীন নবীন বুঢ়া।
-আৰু ভাল হওক তোৰ দিলবৰ। আশীৰ্বাদ কৰিছোঁ।
-এই চব আপ্নাদেৰ আচিৰ্বাদ আৰু খুদাৰ মেহেৰবানৰ জন্যেই খুৰা।
-মই এতিয়া যাওঁ। আমাৰ ঘৰলৈ এপাক যাবি। তুমিও যাবা দেই বাপু।
-যাম ককা।
-খুৰা, আপ্নি আমাৰ দোকানেৰ জেলেপী খাবো?
দিলবৰ কণ্ঠত লাজ, ভয় আৰু সম্ভ্ৰমতাৰ সুৰ।
-দে দে। কিলো কিমান কৈ দিছ?
-কি কয় খুৰা? আমি আপ্নাৰ টাকা পইচা লব!
বিধৰ্মক মানিব নোৱাৰিলেও এই আদৰক নবীন বুঢ়াই অস্বীকাৰ কৰিব নোৱাৰে। সেয়ে জীয়াৰুলে বান্ধি দিয়া গৰম জিলাপী আৰু খুৰ্মাৰ টোপোলা দুটি লৈ নবীন বুঢ়া ঘৰমুৱা হয়। আহোঁতে ৰৈ ৰৈ চাই আহে দোকানবোৰ। খেলনা, মনোহাৰী, পাণ-তামোল…..। এখন পাণ দোকান মনহৰি বায়নৰ পুতেকৰ। বাকীবোৰ দোকানীৰ মুখবোৰ অচিনাকি। প্ৰতিখন দোকানতে হয়তো এজন দিলবৰ, নহয় এজন জীয়াৰুল। নবীন বুঢ়াই এখন দোকানতো ধুনুক বিচাৰি নাপালে।
ভালেমান ৰাতিলৈ পূজাথলীৰ পৰা উৰি অহা মন্ত্ৰোচ্চাৰণ, নাম-প্ৰসংগ, গান-বাজনাৰ শব্দক চেৰ পেলাই দিলবৰ আৰু জীয়াৰুলৰ কথাকে নবীন বুঢ়াৰ মনলৈ আহি থাকিল। সমান্তৰালকৈ নিজৰ সমাজখনৰ কথা, ধুনু আৰু তাৰ বন্ধু বৰ্গৰ কথাও। যিখন উন্নয়নশীল সমাজ আজি চকুৰ আগত সেই সমাজৰ আগন্তুক অভিভাৱক ধুনুহঁত। আধুনিকতাই গ্ৰাস কৰিব খোজা সমাজখনত ধুনুহঁতৰ মুখবোৰত অৰ্থহীন লাজ। কোনোবা জীয়াৰুল, মনিৰুলৰ দোকানৰ পৰা কিনি অনা জিলাপী, গুটখাৰে সিহঁতে আড্ডাথলী গৰম কৰিব জানে। কিন্তু দোকানী হ’বলৈ লাজ লাগে। হালৰ গৰু বেচি অথবা মাটি বন্ধকত থৈ হ’লেও ম’বাইল ফোন এটা লাগে। পৰিৱৰ্তনৰ ঢৌত খৰ মাৰিবলৈ ম’বাইল ফোন আজি অপৰিহাৰ্য।
উত্তৰাধিকাৰসূত্ৰে পোৱা পাঁচ বিঘা মাটি এতিয়া দুভাগ কৰিবৰ হ’ল। দেহা পৰি আহিছে যেতিয়া কামফেৰা সমাধান কৰিব লাগে। অথচ তেওঁ পৰা নাই। নবীন বুঢ়াই জানে বহু কথা। শাৰীৰিক কষ্টত অকল শৰীৰ দো খাই অহাই নহয়, অভিজ্ঞতাৰ ভৰেও নতজানু কৰিছে তেওঁক পৰিস্থিতিৰ ওচৰত। মনৰ চকুৰে বহু দূৰলৈ দেখে নবীন বুঢ়াই। তেওঁৰ অবৰ্তমানত পিছৰ পিৰিয়ে ভগাই ল’বলৈ পৈতৃক মাটি আৰু বৰ্তি নাথাকিব।
-বিনামূলীয়া চাউল খাই স্বাৱলম্বিতাৰ পাঠ শিকিবলৈ লাজ কৰা আজিৰ প্ৰজন্মৰে আৱেষ্টিত সমাজখন সঁচা অৰ্থত উন্নতিৰ পথত আগুৱান নে?
নবীন বুঢ়াই নভৱাকৈ থাকিব নোৱাৰে।
দিলবৰহঁতৰ গাঁৱৰ মছজিদৰ পৰা আজানৰ সুৰ ভাঁহি আহিছে। ভালকৈ পোহৰ হ’বলৈ এতিয়াও বহু সময় বাকী। ৰাতিটো উজাগৰে থকা নবীন বুঢ়া সন্তৰ্পণে বিছনাৰ পৰা নামিল। বিছনাৰ কাষত থকা লাখুটিডাল হাতত তুলি ল’লে তেওঁ। টেবুলৰ পৰা চশমাযোৰ খেপিয়াই ল’ব খোজোতে খচমচকৈ হাতত কিবা লাগিল। জীয়াৰুলে বান্ধি দিয়া টোপোলা দুটি এতিয়াও তেনেকৈয়ে আছে।
লাইট নজ্বলোৱাকৈয়ে লাখুটিত ভৰ দি, শৰীৰে সমকোণৰ আকৃতি লোৱা নবীন বুঢ়া পদূলিমুখ পালে। ৰাতিটো গান-বাজনাৰে গম-গমাই থকা পূজা-থলীও এতিয়া নিজম। দোকানবোৰ তিৰ্পালেৰে বন্ধ কৰি দোকানীবোৰে ভিতৰত নিঃপালি দিছে। মন্দিৰ চৌহদত কুকুৰ কেইটামানে নিশ্চিন্ত মনে শুই আছে।
নবীন বুঢ়াই পুৱা ৰুই থৈ যোৱা বটগছৰ পুলিটোৰ কাষ পালে। গুড়িৰ মাটি এতিয়াও ঢিলা হৈ আছে। ৰাস্তা বহলালে উচন হ’বলগীয়া গছপুলিটো নবীন বুঢ়াই অনায়াসে উভালি আনিলে। জৰীগছ জোপাৰ ঠাইত বহুতো অপতৃণে মূৰ দাঙি উঠিছে। সেই পুলিবোৰক আৰু ইয়াত বাঢ়িবলৈ দিব নোৱাৰি। বট গছৰ পুলিটোৰ বাবে সেইখিনিতকৈ উত্তম স্থান নাই।
নবীন বুঢ়াৰ গাত যেন ডেকা তেজৰ সোঁত উলটি আহিল। জেওৰাৰ গোজ এটিৰে গুটখাই ফুলবচা ঠাইডোখৰত গাঁত এটি খান্দি ততাতৈয়াকৈ কামটো সমাধা কৰি তেওঁ ঘৰলৈ উভতিল। বহুবছৰৰ মূৰত এইখিনি পৰিশ্ৰমৰ বাবেই কঁকালটো টনটনাই উঠিছে। পেটটোও কলমলাই আহিছে। কৰ্ম সংস্কৃতিতকৈ ধৰ্ম সংস্কৃতি ডাঙৰ নহয়। খুৰ্মা চোবাবলৈ দাঁত নাই যদিও জিলাপীৰ মিঠা চাকিবলৈ নবীন বুঢ়াৰ জিভাখন লকলকাই উঠিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!