অশ্বত্থামা

লেখক- যশোৱন্ত নিপুণ

ৰাস্তাটোৰ সিপাৰে সৰু ষ্টেচনটো আৰু এই পাৰে সৰু চাহদোকানখন।
আবেলি এজাক ধুমুহা আৰু শিল-বৰষুণে সৰু নগৰখন থেকেচি থৈ গ’ল। বিদ্যুতৰ খুঁটা বহু ঠাইত ভাগি পৰা কাৰণে বিদ্যুতৰ যোগান বন্ধ।
চাহদোকানখনত আমি তিনি বন্ধু আৰু লগতে আমাৰ চতুৰ্থ বন্ধু তথা চাহদোকানৰ গৰাকী হৰেণ ৰাভা। গ্ৰাহক এজনো নাই। এই হেন বতৰত চহৰৰ এটা মূৰৰ এই সৰু দোকানখনলৈ ৰাতি আঠবজাত চাহ খাবলৈ কোনো নহাটোৱেই স্বাভাৱিক।
মিঠাতেলৰ চাকিটোৱে ভিতৰৰ আন্ধাৰখিনি আঁতৰাবলৈ পাৰে মানে চেষ্টা কৰিছে। ধুমুহাৰ পাছৰ শূন্য আকাশখনৰ ঘূৰণীয়া জোনটোৱে বাহিৰখন কিছু পোহৰাই ৰাখিছে।
“কালিৰ কথাটোত বৰ দুখ পালোঁ বুইছা। হাজাৰ হ’লেও শাস্ত্ৰৰ কথাক এনে অপমান কৰিব নালাগে।” আদা দিয়া, চেনি নিদিয়া গৰম চাহ এঢোক গিলি সনাতন ৰাজবংশীয়ে ক’লে।
বুজিলোঁ কথাটো তেওঁ এতিয়াও পাহৰিব পৰা নাই। কিন্তু সেইটো আমাৰ মতে এটা বৰ সৰু কথা।
“বাদ দিয়াহে। অবুজনক বুজাব নোৱাৰি নহয়। তোমাৰ দৰে শাস্ত্ৰজ্ঞান কেইজনৰ আছে?” হৰেণ ৰাভাই ক’লে।
কথাটো হয়। নগৰৰ মহাবিদ্যালয়খনৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ৰাজবংশীৰ দৰে বিদগ্ধ সংস্কৃত পণ্ডিত এজন এই দেশত সহজতে পোৱা নাযাব। বেদ, উপনিষদ, পুৰাণ, গীতা, মহাভাৰত তেওঁৰ পঢ়িবলৈ বাকী নাই। কুৰুক্ষেত্ৰ যুদ্ধখনৰ কথা ইমান তন্ন তন্নকৈ জানে যে আমাৰ এনে লাগে তেওঁ কিজানি যুদ্ধখনত নিজেই কেতিয়াবা উপস্থিত আছিলগৈ।
“দ্বাপৰ যুগৰ মানুহবোৰ কলিৰ যুগৰ বোৰৰ দৰে চুটি-চাপৰ নাছিল নহয়। কমেও বিশফুটমান ওখ আছিল কিজানি মানুহবোৰ। ভীম আৰু বেছি ওখ আছিল, মানে পঁচিশ ফুটমান ওখ হ’ব পাৰে।” ৰাজবংশীয়ে ক’লে।
“হয় কথাটো।” হেমচৰণ টেৰণে সমৰ্থন কৰিলে। টেৰণে হাইস্কুল এখনত বিজ্ঞান শিকাইছিল। বিজ্ঞান-মনস্ক মানুহজনে এনে ধৰণৰ কথা এনেয়ে মানি নলয়। কিন্তু ৰাজবংশীৰ গভীৰ বিশ্বাসক সন্দেহ কৰি তেওঁ মুকলিকৈ কেতিয়াও একো নকয়।
“সেই যুগৰ বীৰ পুৰুষে গদা ঘূৰাই দিলে, ভীম-দুৰ্যোধনৰ দৰে বীৰ পুৰুষে গদা ঘূৰাই দিলে ধুমুহা অহাটো কি অসম্ভৱ কথা? ধুমুহাত নাৰিকল উভালি পৰাটো কি অসম্ভৱ কথা?” ৰাজবংশীয়ে জোৰ দি কথাখিনি কৈ আমাৰ মুখলৈ চালে।
“মুঠেই অসম্ভৱ নহয়।” ৰাজবংশীয়ে বিচৰা উত্তৰটোৱেই মোৰ মুখৰ পৰা ওলাল।
টেৰণ, মই আৰু ৰাভাই চাহ শেষ কৰাত মন দিলোঁ। ৰাজবংশীয়ে আজি দীঘলীয়া লেকচাৰ দিয়াটো খাটাং।
অলপ পাছত চাহৰ খালি কাপ কেইটা ৰাভাই দোকানৰ পিছফালৰ সৰু কোঠাটোত থৈ আহিল।
“গদা ঘূৰাই দিলে ধুমুহা আহিব নোৱাৰে বুলি ক’বলৈ আহে সিহঁতে। শাস্ত্ৰক এনে অপমান কৰে! যদি ইমানেই সন্দেহ শাস্ত্ৰপাঠ শুনিবলৈ আহ কিয় তহঁতে, ঘৰতে শুই নাথাক কিয়? ধদুৱাহঁতক কিবা মই পাঠ শুনিবলৈ ভৰিত ধৰি মাতি আহিছিলোঁ নেকি?” ৰাজবংশীয়ে আকৌ আৰম্ভ কৰিলে।
ৰাজবংশীয়ে কালি এঠাইত মহাভাৰত পাঠ কৰিছিল। অশ্বত্থামাই পাণ্ডৱক সংহাৰ কৰি অহা বুলি দুৰ্যোধনক খবৰ দিছিল। তাতেই কিবা কাৰণত ৰাজবংশীয়ে আকৌ ভীম-দুৰ্যোধনৰ গদা যুদ্ধলৈ উভতি গৈছিল আৰু সাহিত্য কৰি কৈছিল, “যেতিয়া দুয়োজনে গদা ঘূৰাই আছিল, ধুমুহা বতাহ বলিছিল, আৰু তেতিয়া চাৰিওফালৰ নাৰিকল আৰু তালগছবোৰ উভালি উভালি পৰিছিল।”
এজন দুৰ্মতিয়ে মাত দিছিল, “গদা ঘূৰালে বতাহ আহিব নোৱাৰে দিয়া। এইবোৰ একেবাৰে মিছা কথা।”
ৰাজবংশী খঙত জ্বলি উঠি শাস্ত্ৰক পেংলাই নকৰিবলৈ দাবী মাৰিছিল। কিন্তু সেইজনে আৰু তাৰ লগৰ দুজনমান মুৰ্খই মানি ল’ব খোজা নাছিল। ৰাজবংশীৰ মুড বেয়া হৈ গৈছিল আৰু অশ্বত্থামা কাণ্ডৰ ব্যাখ্যা আধাতেই সামৰিছিল তেওঁ।
“সেইবোৰ বাদ দিয়া এতিয়া। শাস্ত্ৰজ্ঞান নোহোৱা মানুহৰ কথাত লাগি থাকি লাভ নাই।” ৰাভাই ক’লে।
“সেই তেতিয়াৰ গদা কিবা সাধাৰণ গদা আছিল নেকি? মাজতে এট’ম ব’ম, হাইড্ৰজেন ব’মবোৰ নোহোৱা হৈছিল। আগতে কিন্তু সেইবোৰ আছিলেই। পৃথিৱী ছাৰখাৰ কৰিব পৰা অস্ত্ৰ তেতিয়াৰ দিনতো আছিল।” ৰাজবংশীয়ে ঘোষণা কৰিলে।
“সেইটো কেনেকৈ জানিলা?” বিজ্ঞান-মনস্ক টেৰণে বিশ্বাস কৰিব পৰা নাছিল।
“ব্ৰহ্মাস্ত্ৰ, পাশুপাত অস্ত্ৰ – এইবোৰ কি আছিল তেনেহ’লে? এইবোৰ সহজতে ব্যৱহাৰ কৰিবলৈ দিয়া নহৈছিল কিয়?’’ ৰাজবংশীয়ে টেৰণলৈ চাই সুধিলে।
“কথাটো হয়।” কাৰোবাৰ গলগলীয়া মাত এষাৰ বাহিৰৰ পৰা ভাহি আহিল।
আমি আটাইকেইজনে বাহিৰলৈ চালোঁ।
বাহিৰৰ বেঞ্চখনত কোনোবা এজন বহি আছে। পিন্ধনত ধুতী-পাঞ্জাৱী। দীঘল চুলিখিনি কান্ধলৈকে পৰা। মানুহজন কেতিয়া আহি তাত বহিছিল আমি কোনেও লক্ষ্যই কৰা নাছিলোঁ।
কেই চেকেণ্ডমানৰ নীৰৱতাৰ পাছত ৰাজবংশীয়ে আকৌ আৰম্ভ কৰিলে।
“সেই কাৰণেই অৰ্জুনে পাশুপাত অস্ত্ৰ ব্যৱহাৰেই নকৰিলে। অথচ ইমান ডাঙৰ যুদ্ধ এখন হৈ গ’ল।”
“হয়, হয়।” মই শলাগিলোঁ।
“কিন্তু দুষ্ট অশ্বত্থামাইতো সেইবোৰ একো নামানে। দিলে নহয় সি ব্ৰহ্মাস্ত্ৰ মাৰি। গতিকে নিৰুপায় হৈ অৰ্জুনেও ব্ৰহ্মাস্ত্ৰ এৰি দিলে। যাৰ কাৰণে ব্যাসে আহি পৃথিৱীক ৰক্ষা কৰিব লগা হ’ল।”
“হয়, হয়।”
“মহাভাৰতত যদি মহা ধূৰ্ত, পাষণ্ড কোনোবা আছিল, সেইজন আছিল অশ্বত্থামা। সি ৰাতি মনে মনে পাণ্ডৱৰ শিবিৰত আক্ৰমণ চলাই বহুতকে সংহাৰ কৰে। সেইকাৰণে পাছত পালে মহা মজা।”
“হয়, হয়।”
“আৰু চাবা, সি গৰ্ভৰ শিশুকো এৰি নিদিলে যাৰ কাৰণে শ্ৰীকৃষ্ণই তাক অভিশাপ দিব লগা হ’ল।”
এইখিনিতেই ৰাজবংশীয়ে এটা সংস্কৃত শ্লোক মাতিলে। সংস্কৃতত মই বৰ কেঁচা যদিও ধৰিব পাৰিলোঁ সেই শ্লোকটো মাতি কৃষ্ণই অশ্বত্থামাক ককৰ্থনা কৰিছিল।
“তেনে কথা নহয়।” বাহিৰৰ মানুহজনে আকৌ গলগলীয়া মাতটোৰে কৈ উঠিল।
আমি আকৌ বাহিৰলৈ চালোঁ। আমাক আচৰিত কৰি মানুহজনে ফৰফৰাই সংস্কৃতত কিবাকিবি কৈ গ’ল।
মাজে মাজে ৰাজবংশীয়েও উত্তেজিত হৈ সংস্কৃততেই উত্তৰ দি গ’ল। মই মাথামুণ্ড একো বুজিব পৰা নাছিলোঁ যদিও ধৰিব পাৰিলোঁ দুয়োজনে কিবা কথাক লৈ তৰ্ক কৰিছে।
তৰ্কৰ সামৰণিত ৰাজবংশীৰ মুখখন অকণমান ফুলি গ’ল। বুজিলোঁ – মানুহজনৰ কথাবোৰ তেওঁ বৰ এটা ভাল পোৱা নাই। আৰু মানুহজনৰো অলপ খং উঠিছিল বুলি ধৰিব পাৰিলোঁ।
হঠাৎ এজাক হিমচেঁচা বতাহ সোমাই আহিল আৰু চাকিৰ শিখাটো বতাহত কঁপিবলৈ ধৰিলে। ৰাভাই মানুহজনক ভিতৰত আহি বহিবলৈ মাতিলেগৈ।
মানুহজন ভিতৰলৈ সোমাই আহিল। তেওঁ কুঁজা হৈ খোজ কাঢ়িছিল। তথাপিতো দুৱাৰমুখত চাপৰিহে ভিতৰ সোমাব পাৰিলে। ৰাভাও মানুহজনৰ কাষে কাষেই আছিল। ৰাভা নিজেও ছয় ফুট তিনি ইঞ্চি ওখ মানুহ। কিন্তু মানুহজন ৰাভাতকৈও বহুত ওখ। অনুমান হ’ল, কমেও সাত ফুটমান ওখ হ’ব মানুহজন। দীঘল পেশীবহুল হাত দুখনলৈ চাই মোৰ অলপ ভয়ে লাগিল।
দৈত্যৰ দৰে মানুহজনক ভিতৰৰ চকীবোৰে ধৰি ৰাখিব নোৱাৰে বুলি তেওঁ বুজিছিল চাগৈ। ভিতৰৰ বেঞ্চ এখনত বহি লৈ কিলাকুটি দুটা মেজত ৰাখি মুখখন তেওঁ হাত দুখনৰ মাজত এৰি তলমূৰকৈ ৰ’ল। কপালত ডাঙৰ ৰঙা কাপোৰ এখনেৰে পাগুৰি মাৰি লৈছে। আৰু মানুহজনৰ মুখখনত এক অদ্ভুত পুৰুষসুলভ সৌন্দৰ্য আছে আৰু ক’ব লাগিলে তেনে কুন্দত কটা মুখ মই জীৱনত আগতে কেতিয়াও দেখাই নাই।
মোৰ মানুহজনৰ বিষয়ে অলপ কৌতূহল হ’ল। ক’ৰ মানুহ, ক’লৈ যাব তেওঁ সুধিলোঁ। গহীনাই উত্তৰটো দিলে যদিও মনে মনে মোক যেন পেংলাই কৰিব খুজিছিল তেওঁ।
মূৰ তুলি নোচোৱাকৈ তেওঁ কৈছিল, “মই হিমালয়তেই থাকোঁ বেছিভাগ। গংগোত্ৰীৰ ওচৰত আৰু মানস সৰোবৰৰ পাৰত দিন-মাহ পাৰ কৰি ভাল পাওঁ। কেতিয়াবা সুমেৰুত, কেতিয়াবা কুমেৰুতো থাকোঁ। গোটেই পৃথিৱীখন মোৰ ঘৰ।”
মোৰ অলপ খং উঠিছিল। আন তিনি বন্ধুৰ মুখত ক্ষীণ হাঁহি বিৰিঙি উঠিছিল। এই দৈত্যাকায় মানুহজন পাগল নহয়তো?
“ক’ৰবালৈ যাবলৈ আহিছে কিজানি?” আকৌ সুধিলোঁ।
“হৰিদ্বাৰলৈ যাম আজিয়েই।” মানুহজনে কৈছিল।
কিন্তু কেনেকৈ যাব, সৰু ষ্টেচনটোত দুখনমান লোকেল ট্ৰেইন মাত্ৰ ৰয়। বেলেগ কোনো ট্ৰেইনেই নৰয়। কিন্তু মানুহজনৰ কথাত আৰু বেছি আচৰিত হ’লোঁ আমি। আজি বোলে কোনোবা এখন ট্ৰেইন ইয়াত ৰ’বই আৰু অলপ পাছতেই আহি ৰ’ব। হে ভগৱান, মানুহজনৰ নিশ্চয় মূৰৰ বিকৃতি ঘটিছে! মোৰ আৰু বেলেগ কিবা সুধিবলৈ মন নগ’ল। ৰাভাই মোৰ ফালে চাই সৰুকৈ হাঁহি চকু টিপিয়াইছিল।
বতাহ শাম কাটিছিল আৰু তেনেতে এই সন্ধিয়াৰ সময়ত সৰু এটা শৱ-যাত্ৰা দোকানখনৰ সম্মুখ পাইছিল। কেইজনমানে সাঙী এখন কঢ়িয়াইছিল আৰু আন এজনে ডাঙৰ ডাঙৰকৈ কান্দি গৈ আছিল পিছে পিছে।
ওচৰতে এটা সৰু বস্তি আছে। তাতে সৰুসুৰা কাম কৰা আৰু বেছিভাগ বাহিৰৰ ৰাজ্যৰ দুখীয়া মানুহ থাকে। তাৰেই কোনোবা মৰিল বোধহয়। বেয়া লাগিল, ক’ৰ মানুহ আহি ক’ত জীৱনৰ খেলখন সামৰি গুচি গ’ল!
মানুহজনেও শৱযাত্ৰাটোৰ ফালে ৰ’ লাগি চাইছিল। প্ৰথমতে তেওঁ মিচিকিয়াই হাঁহিলে। তাৰ পাছত খুব স্ফূৰ্তিহে যেন পালে, তেনেকৈ এটা ডাঙৰ হাঁহি মাৰিলে।
আমি আচৰিত হৈ তেওঁৰ ফালে চালোঁ। তেওঁৰ হাঁহিটো লাহে লাহে হেৰাই গৈছিল আৰু মুখখন অসম্ভৱ কৰুণ হৈ আহিছিল। এই যেন কান্দোনত ভাগি পৰিব তেওঁ।
“হাঁহিলে কিয়? এইটো হাঁহিব লগা কথা নেকি?” টেৰণে বিৰক্তিৰে সুধিলে।
“মানুহটো মৰিল আৰু মুক্তি পাই গ’ল। কি যে ভাগ্যবান, আৰু মই ইফালে …!” মানুহজনে ক’লে।
“মৃত্যুৰ দৰে ভাল লগা আৰু কিবা আছে জানো? আস্ মৃত্যু, মৃত্যু, মৃত্যু, পৰম শান্তিৰ মৃত্যু!”
আমাৰ গোটেই কেইজনৰ চকুবোৰ বহল হৈ গ’ল। মানুহজনে কয় কি এইবোৰ?
“আৰু সেইটোৱে যে কান্দি গৈছে, সেইটো মৰাটোৰ ভায়েক। ইমান দিনে মানুহটোৰ লগত সি দিনে-ৰাতি কাজিয়া কৰিয়ে পাৰ কৰিলে সি। মানুহটো অসুখ হৈ পৰি থাকোঁতেও তাৰ চাবলৈ সময় নাছিল। আৰু চোৱা, সি কেনেকৈ কান্দিছে আজি। হাঃ হাঃ হাঃ! এই নাটকখন দেখিলেই হাঁহি ৰখাব নোৱাৰোঁ মই। হাজাৰ হাজাৰ বছৰ ধৰি দেখি আহিছোঁ এইখন।” মানুহজনে হোহোৱাই হাঁহিবলৈ ধৰিলে। হাঁহিত যেন ফাটি পৰিব তেওঁ এতিয়াই। সৰু দোকানখন তেওঁৰ হাঁহিত যেন কঁপিবলৈ ধৰিলে।
মোৰ ভয় লাগিল। এই দৈত্যকায় বলিয়াটোক ভিতৰলৈ মাতি ৰাভাই এটা ডাঙৰ ভুল কৰিলে। এইটোক ভালে ভালে যিমান পাৰি সোনকালে ইয়াৰ পৰা বাহিৰ কৰাহে কথা এতিয়া।
লাহে লাহে তেওঁ শান্ত হৈ আহিছিল। আকৌ তেওঁৰ মুখখন কৰুণ হৈ পৰিল। চাকিৰ পোহৰত তেওঁৰ চকুৰ কোণত জিলিকি উঠা চকুলোবোৰ আমি ঠিকেই দেখিব পাৰিলোঁ।
তথাপি মই সুধিলোঁ, “আপুনি সিহঁতক চিনি পায় নেকি?”
“চিনি পোৱাৰ কথা নহয়। কিন্তু বহুত কথাই মই এনেয়েই গম পাওঁ। ঈশ্বৰে সেইখিনি শক্তি দিছে মোক।” তেওঁ নিৰাসক্তভাৱে ক’লে। “যেনেকৈ এই ধৰা – তোমাৰ ল’ৰাৰ লগত কাজিয়া কৰি বোৱাৰীয়ে মাকৰ ঘৰলৈ পুৱাই গুচি গ’ল – এই কথাটো মই জানো।”
মোৰ চকু কপালত উঠিল। কথাটো একেবাৰে সঁচা। বহু দিনৰ পাছত আজি মোৰ পুত্ৰ-বোৱাৰীৰ পুৱাই ভীষণ কাজিয়া লাগিছিল। খঙৰ ভমকত বোৱাৰীয়ে গাড়ী এখন ভাৰা কৰি মাকৰ ঘৰলৈ গুচি গ’ল। মানুহজনক আৰু একো সুধিবৰ মন নগ’ল মোৰ। যদি মোৰ কিবা গোপন কথা এনেকৈ হঠাতে সকলোৰে আগতে তেওঁ কৈ দিয়ে কি হ’ব?
কিছুসময় কোনেও একো কোৱা নাছিল। মাত্ৰ মানুহজনে বিৰ বিৰকৈ কিবাকিবি শ্লোক মাতিছিল মাজে মাজে।
“সকলোৱে ভাবে অশ্বত্থামাই পাপ কৰিছিল। কিন্তু যুদ্ধখন অশ্বত্থামাই লগাইছিল নেকি?” মানুহজনে ৰাজবংশীলৈ চাই সুধিলে।
“নাই। সেইটো অশ্বত্থামাই কৰা নাছিল।” ৰাজবংশীয়ে উত্তৰ দিছিল।
মানুহজন অলপ সময় তভক মাৰি ৰৈছিল। তাৰ পাছত ক’লে, “অশ্বত্থামাৰ যুঁজিবলৈও মন নাছিল। কিন্তু তাক বাধ্য কৰা হ’ল। আৰু যেতিয়া কোনোবাই যুদ্ধত নামে, তেতিয়া তাক তেজ লাগে। বিপক্ষৰ তেজ লাগে। যুদ্ধত সকলো চলে, এতিয়াৰ যুদ্ধত যেনেকৈ সকলো চলে। ছলে-বলে কৌশলে জয়লাভ কৰিবলৈ কোনে নিবিচাৰে?”
আমি একো নকৈ মনে মনে ৰ’লোঁ। মানুহজনে অশ্বত্থামাৰ হৈ ওকালতি কৰিছে, কৰক। আমিনো আৰু কি কওঁ?
অলপ পাছত তেৱেঁই আকৌ আৰম্ভ কৰিলে, “সেই মহাযুদ্ধত সকলোৱে যোগ দিবলৈ বাধ্য হৈছিল। যুদ্ধৰ নামত কোনো নিয়ম আচলতে কোনেও মনা নাছিল। আৰু নিয়ম মানি যুদ্ধ কৰিলে কৌৰৱ বাহিনী কেতিয়াবাই শেষ হ’লহেঁতেন। বুঢ়াবোৰেতো অহংকাৰতে যুদ্ধৰ নতুন কলা-কৌশল শিকিবলৈ কেতিয়াবাই বাদ দিছিল। অভিমন্যুৰ সম্মুখত তিষ্ঠিব পৰাকৈ কৌৰৱৰ পক্ষত এজনো নাছিল। তেনেকৈ ঘটোৎকচৰ আগতো তিষ্ঠিব পৰা আছিলনো কোন? যেতিয়া বলেৰে নোৱাৰিলে, তেতিয়া বুদ্ধিৰে সিহঁতক শেষ কৰা হ’ল। মহামুৰ্খ অৰ্জুনৰ তেতিয়াহে চকু মেল খালে, বোলে যুদ্ধত ন্যায়-অন্যায় বুলি কোনো কথা নাই।”
আমি একো নক’লোঁ। কিছুসময় তেনেকৈয়ে পাৰ হ’ল।
“কিন্তু অশ্বত্থামায়ো যেতিয়া তেনে কৰিলে, সকলোৱে অশ্বত্থামাক দোষ দিবলৈ ধৰিলে। যেন অশ্বত্থামাহে পাপী, বাকী সকলো পুণ্যবান। আৰু কেনে শাস্তি তাক দিয়া হ’ল – সি মৰিব নোৱাৰে, কলিযুগৰ শেষলৈকে সি কষ্ট ভোগ কৰি থাকিব লাগিব। বাকীবোৰেতো আৰামত মুক্তি পাই গ’ল, মাত্ৰ অশ্বত্থামাক চিৰকাল কষ্ট খাই থাকিবলৈ অমৰ কৰি দিয়া হ’ল। ঈশ্বৰেও ইমান অন্যায় কৰিব লাগেনে কাৰোবাৰ লগত? আৰু বা কিমান দিন? আৰু কেইহাজাৰ বছৰ?” মানুহজনৰ মুখখন কান্দো কান্দো হ’ল। দুখতেই নেকি, মূৰটো তেওঁ মেজখনত খুব জোৰকৈ মাৰি দিলে। মেজখন কেৰমেৰাই ভাগি পৰিব খুজিলে।
“কি কৰে, কি কৰে আপুনি?” ৰাভাই চিঞৰি উঠিল।
মানুহজনে লাহে লাহে মূৰটো দাঙিলে। একো নকৈ মূৰত বান্ধি ৰখা ৰঙা কাপোৰখন তেওঁ লাহে লাহে খুলি পেলালে।
আমি ভয়তে চিঞৰি উঠিলোঁ। কপালখনৰ প্ৰায় আধামান আগুৰি এটা দ গাতৰ দৰে ঘা। সেইখিনিত হাড়ো নাই আৰু তাৰ পৰা তেজ নিগৰি নিগৰি ওলাই আছে। তেজবোৰ তেওঁৰ চকু আৰু নাকেৰে তললৈ বৈ আহিছে লাহে লাহে।
“কেনেকৈ হ’ল এইটো? মূৰত বৰষুণৰ শিল পৰিছিল নেকি?” ৰাজবংশীয়ে ভয়তে চিঞৰ মাৰি সুধিলে।
মানুহজনে ৰাজবংশীৰ কথাত গুৰুত্ব নিদিলে। “হালধি আছে? অলপ হালধিৰ গুৰি দিয়া মোক।”
ৰাভা ভিতৰলৈ দৌৰি গৈ কাগজ এখনত হালধি অলপমান আনি দিলে।
মানুহজনে হালধিৰ গুৰিবোৰ ঘাটুকুৰাৰ চাৰিওফালে লাহে লাহে লিপি দিলে।
“কেতিয়া কেনেকৈ হ’ল এইবোৰ?” মই আতংকিত হৈ সুধিলোঁ।
“হাজাৰ হাজাৰ বছৰ আগতেই হ’ল। কেতিয়াও আৰোগ্য নোহোৱা ঘাঁ এই টুকুৰা। এইখিনিত মোক জীৱন দিয়া ৰত্ন এটা আছিল এদিন। কৃষ্ণই কাঢ়ি লৈ গ’ল ‌। যি ঘাঁ ঈশ্বৰে দিয়ে, সেই ঘাঁ কেতিয়াও আৰোগ্য নহয়।” মানুহজনে বৰ কৰুণ সুৰত কৈছিল।
উকি এটা মাৰি ট্ৰেইন এখন ষ্টেচনত ৰোৱা গম পাইছিলোঁ আমি। এই সময়ত সাধাৰণতে কোনো ট্ৰেইন ষ্টেচনটোত নৰয়।
বেচিনটোত মুখৰ তেজবোৰ ধুই লৈ তেওঁ ৰঙা কাপোৰখন কপালৰ গভীৰ ঘাটুকুৰা ঢাকি মূৰত মেৰিয়াই লৈছিল। একো নোকোৱাকৈ তেওঁ বাহিৰলৈ ওলাই গৈছিল। ৰাভা আৰু ময়ো পিছে পিছে গ’লোঁ।
এজাক চেঁচা বতাহ বলিবলৈ ধৰিছিল। মিঠাতেলৰ চাকিটো বতাহত কঁপি নুমাই গৈছিল। আকাশ আকৌ মেঘে ঢাকি গোটেইখন আন্ধাৰ কৰি আনিছিল। বিজুলীৰ চিকমিকনিত পোন হৈ থিয় হোৱা মানুহজনক ভালকৈ দেখিলোঁ। ৰাভাতকৈও কমেও দুই ফুট ওখ হ’ব তেওঁ। ষ্টেচনৰ ফালে তেওঁ দীঘল দীঘল খোজেৰে দৈত্য এটাৰ দৰে আগ বাঢ়িছিল।
“কো.. কোন আপুনি?” ৰাভাই মানুহজনৰ একেবাৰেই ওচৰলৈ দৌৰি গৈ সুধিছিল।
“অশ্বত্থামা … অশ্বত্থামা।” কোনোবা গহ্বৰৰ পৰা যেন ভাহি আহিছিল মেঘৰ গাজনিৰ দৰে সেই শব্দ। পাহাৰখনত ঠেকা খাই আকৌ প্ৰতিধ্বনিত হৈছিল, “অশ্বত্থামা … অশ্বত্থামা।”
আকৌ বিজুলী মাৰিছিল। মানুহজন উৰি যোৱাৰ দৰে তীব্ৰ বেগত আগ বাঢ়িছিল ষ্টেচনৰ ফালে।
ক্ষন্তেক পাছতে উকি এটা মাৰি ট্ৰেইনখন চলিবলৈ ধৰাৰ শব্দ ভাহি আহিল। আমি আন্ধাৰ দোকানখনলৈ সোমাই আহিলোঁ। প্ৰায় লগে লগে আকাশ ফালি-ছিৰি মূষলধাৰে বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!