বহাগ

লেখক- মাধুৰ্য্য শইকীয়া

ফাগুনৰ উৰুঙা পচোৱাজাকৰ বোকোচাত উঠি তই আহ
তগৰৰ ফুৰফুৰিয়া গোন্ধটোৰ সৈতে মোৰ বুকুত তই এধানিমান এটা সপোন ৰুই দিয়
বছৰে বছৰে বাঢ়ি যোৱাৰ হেঁপাহত তাত তই ন-পানী ঢাল
আৰু মোৰ বুকুৰ ভিতৰতে বাঢ়িবলৈ দিয় মোতকৈও ওখ এটা সপোন।

সপোনৰ গাত তই মাহ-হালধি সান
আৰু আলফুলীয়া দুহাতেৰে সানি দিয় ৰঙা জেতুকাৰ বোল।
পেঁপাৰ ছেৱে ছেৱে মোৰ সপোনক তই মতলীয়া কৰ
আৰু সপোনৰ ছাঁতে আৰু এটা সপোনৰ বাবে ঠাই উলিয়াই চিকুণাই পেলাৱ মোৰ বুকুৰ চোতাল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!