লাহে লাহে আমি পৰ হৈ পৰিলোঁ

লেখক- পাৰিজাত বৰুৱা

আপোন হোৱাৰ আখৰাতে
পিছচোতালৰ জুয়ে পোহৰাইছিল
কোটৰৰ ঘাঁ
ঘাঁত মলম সানি
দোভাষী বতাহজাক ধীৰে ধীৰে আঁতৰিছিল
কাৰোবাৰ চুলি লৰাই, কাৰোবাৰ আঁচল কঁপাই
স্বভাৱজাত গুণেৰে জুইৰ মুখৰ মুখক কৈ গৈছিল
কথা পাতিবা বন্ধু, লেখি লেখি
মানুহ এনেকৈয়ে আপোন হয়।

আপোন হোৱাৰ আখৰা চলিল
এখন অস্থায়ী মঞ্চত সাধাৰণ বেশভূষাতে।
কথাবোৰ কওঁতে কওঁতে অসাধাৰণবোৰো
সাধাৰণ হৈ পৰিল।
বেলিমুখীয়াকৈ কৈ পেলোৱা হ’ল
অনেক আপোন আপোন লগা কথা।

নক’লেই নোহোৱা, ক’লেহে ভাললগা কথাই
নিজানৰ গান হৈ ওমলালে কিছুপৰ
আৰু এটা পৃষ্ঠাৰ ইলুটি-সিলুটি
বতাহজাক পশ্চিমৰ বাটেৰে গুচি গ’ল
নেদেখা দেশলৈ।
আমিও লাহে লাহে পৰ হৈ পৰিলোঁ
জীৱন নাটকৰ চৰিত্ৰ হোৱাৰ আগতেই
আপোন হোৱাৰ আখৰাতো
বতাহজাকে শিকাব নোৱাৰিলে
আপোন হোৱাৰ দুটা এটা মনত থকা সংলাপ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!