ত্ৰিপুৰা ভ্ৰমণ

লেখক- সৌৰভ বৰগোহাঁই

আজিকালি মই কোনো নতুন ঠাইলৈ ফুৰিবলৈ গ’লে তাকে লিখি স্মৰণীয় কৰি থব বিচাৰোঁ। ত্ৰিপুৰা যোৱা বিছ দিনৰ ওপৰ হ’ল কিন্ত লিখি শেষ কৰিব পৰাই নাছিলোঁ ব্যস্ততাৰ বাবে। অৱশেষত শেষ কৰিলোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ৷

আজিৰ পৰা কেইদিনমানৰ আগৰ কথা। সন্ধিয়া অফিচৰ পৰা গৈ ঘৰ পাইছোঁ আৰু ঠিক সাতমান বজাত ভাতৃ অলকেশৰ (ভনী জোঁৱাই) ফোনটো আহিল ত্ৰিপুৰাৰ পৰা। অলকেশ ত্ৰিপুৰাৰ উদয়পুৰ নামৰ ঠাইত অৱস্থিত ও.টি.পি.চিত (ongc tripura power company) প্ৰবন্ধক হিছাপে কৰ্মৰত। কথাই কথাই মই ফোনটো থোৱাৰ আগতে ক’লো—
: ৰ’বা ত্ৰিপুৰালৈ কেতিয়াবা ফুৰিব যাব লাগিব!
অলকেশে উৎসাহত ক’লে –
: আহে যদি সোনকালে আহক মানে এসপ্তাহ-দহ দিন মানৰ ভিতৰত কাৰণ মই ত্ৰিপুৰা বিদায় দিব লৈছোঁ। চাকৰিৰ পৰা পদত্যাগ কৰিবলৈ ইতিমধ্যে পদত্যাগ পত্ৰ জমা দিলো।
: কি? ক’ত গৈ আছা? ক’ত চাকৰি পালা?— মই আচৰিত হৈ ক’লোঁ।
অলকেশে হাঁহি মাৰি ক’লে—
: ভাল চাকৰি এটা পাইছোঁ। মুম্বাইলৈ গৈ আছোঁ। ডাঙৰ চৰকাৰী প্ৰতিষ্ঠান।
: ৱাহ্‌ গ্ৰেট্‌। বহুত বহুত শুভেচ্ছা থাকিল৷— মই স্ফূৰ্তিতে ক’লোঁ।
: আপুনি সঁচাকৈ আহিবনে, আহে যদি মই গাড়ীখন এতিয়া নতুন ঠাইলৈ নপঠিয়াওঁ।— অলকেশে ক’লে।
মই ক’লোঁ—
: আচলতে অফিচত মোৰ এজন বন্ধু আছে। নাম ভূপেন্দ্ৰ গোস্বামী। তেওঁ দুবছৰৰ বাবে অসমলৈ বদলি হৈ আহিছে ৰাজস্থানৰ জয়পুৰৰ পৰা। তেওঁৰ গুৱাহাটীলৈ বদলি হৈ অহা দহ মাহ পাৰ হ’ল আৰু এতিয়ালৈকে তেওঁ নাগালেণ্ড, মেঘালয় আৰু ছিক্কিম ফুৰিলে। তেওঁৰ ইচ্ছা আছে দুই বছৰৰ ভিতৰত উত্তৰ-পূৱৰ সকলো ৰাজ্য চাই যাব। ত্ৰিপুৰা যাবলৈ মোক বৰকৈ লগ ধৰি আছে।
: আহক তেনেহ’লে? মিমি (অলকেশৰ পত্নী, মোৰ ভণ্টি মানে পেহীৰ ছোৱালী) থাকোঁতে আপোনাক ইমান মাতিলোঁ তেতিয়া আপোনাৰ অহাই নহ’ল!— অলকেশে ক’লে।
: ঠিক আছে ৰ’বা, মই বন্ধুজনক ফোন কৰি জনাই আছোঁ বুলি কৈ ফোনটো কাটিলোঁ।
লগে লগে ভূপেন্দ্ৰ গোস্বামীক ফোন কৰি কথাটো ক’লোঁ। সি স্ফূৰ্টিতে ক’লে—
: যাম বুলি কৈ দিয়া। ইয়াতকৈ ভাল সুবিধা পোৱা নাযাব।
মই লগে লগে অলকেশক যাম বুলি ক’লোঁ। অলকেশৰ লগত কথা পাতি ফোনটো থৈছোঁহে অলপ দেৰি পিছতে মিমিৰ ফোন আহিল—
: সৌৰভ দা ত্ৰিপুৰালৈ গৈ আছে বোলে?
: তাকেই যাওঁ বুলি ভাবিছোঁ।
: যাওক যাওক অলপ মস্তি কৰি আহক। মই থাকোঁতেই যাব লাগিছিল তেতিয়া খোৱাবোৱা ভালকৈ দিব পাৰিলোহেঁতেন।
: নাই, যাম এইবাৰ— অলকেশ ত্ৰিপুৰা এৰাৰ আগতেই।
: হয় যাওক যাওক।— মিমিয়ে হাঁহি মাৰি ক’লে।

মিমিৰ লগত কথা পাতি গম পালোঁ তায়ো স্ফূৰ্টি পাইছে মই ত্ৰিপুৰালৈ যাম বুলি কোৱাৰ কাৰণে। মিমি যোৱা কেইবাবছৰে অলকেশৰ লগত ত্ৰিপুৰাতে আছিল কিন্তু অলকেশে ত্ৰিপুৰা এৰাৰ আগতে কেইদিনমানৰ কাৰণে তাই গোলাঘাটৰ ঘৰলৈ গৈছে।
পিছদিনা অফিচ গৈ পাইছোঁ আৰু অলপ পিছতে বন্ধু ভূপেন্দ্ৰ গোস্বামী আহিল।
: বৰ ভাল কাম কৰিলা কালি সিদ্ধান্ত যে পতককৈ ল’লা। তোমাক মই ইমান দিনে লগ ধৰি আছিলোঁ কিন্তু তুমি বেছি গুৰুত্ব দিয়াই নাছিলা।— গোস্বামীয়ে ক’লে।
: হ’ব এতিয়া যাবলৈ টিকট কৰা।— মই হাঁহি মাৰি ক’লো।
: মই ক’ত ক’ত যাম প্লেনিং কৰিয়ে থৈছোঁ। আমাক তিনি দিন লাগিব সকলো ঠাই ফুৰিবলৈ। সেইকাৰণে আমি শুকুৰবাৰে যাওঁ আৰু দেওবাৰে ঘূৰিম। – গোস্বামীয়ে ক’লে।
মই হ’ব বুলি কৈ ছুটীৰ (শুকুৰবাৰ আৰু শনিবাৰৰ বাবে) আবেদন কৰিলোঁ। গোস্বামীয়ে যাবৰ কাৰণে ফ্লাইটৰ টিকট কাটিলে। আহোঁতে ট্ৰেইনত আহিম কাৰণ তেতিয়াহে ঊনকোটি পুৰাতত্ত্ব স্থানখন চাই আহিব পাৰিম। ঊনকোটিত (মানে এক কোটিত কৈ এক কম) ভগৱানৰ মূৰ্তি শিলত খোদিত হৈ আছে।
গোস্বামীয়ে উৎসাহত মোক ভ্ৰমণসূচীখন দেখুৱালে। মই চাই দেখো বেছ চিষ্টেমেটিক কৈ ভ্ৰমণসূচীখন বনাইছে। এঠাইৰ পৰা আন ঠাইলৈ কিমান দূৰত্ব সেইবোৰো উল্লেখ কৰিছে লগতে সময় কিমান লাগিব, খৰচ কিমান হ’ব পাৰে ইত্যাদি।
১৭-০৩-২০২৩ – ত্ৰিপুৰা লোকেল ভ্ৰমণ মানে উজ্জয়ন্ত প্ৰাসাদ, মিউজিয়াম, ভাৰত-বাংলাদেশ সীমান্ত ভ্ৰমণ, নিৰমহল।
১৮-০৩-২০২৩ – দাম্বুৰ জল প্ৰপাত, দাম্বুৰ লেক, চাবিমুৰা লেক, চাবিমুৰা কেভ, ত্ৰিপুৰা সুন্দৰী মন্দিৰ। ।
১৯-০৩-২০২৩ – আগৰতলা পৰা ট্ৰেইনেৰে কুমাৰঘাট নামৰ ষ্টেচন লৈ আহিম। তাৰ পৰা গাড়ী এখন ভাৰা কৰি ঊনকোটি যাম। ঊনকোটি ফুৰি আকৌ কুমাৰঘাটৰ পৰা সন্ধিয়া পাঁচ বজাত ট্ৰেইনেৰে গুৱাহাটীলৈ উভতিম। গুৱাহাটী আহি পিছদিনা পুৱা চাৰি বজাত আহি পাম।
: তোমাৰ ভাইটিয়ে (অলকেশ) ফুৰিবলৈ গাড়ী দিব নহয়?— গোস্বামীয়ে অলপ গহীন হৈ সোধিলে।
: কিয় সুধিলা? মই ক’লোঁ।
: নহয় মানে গাড়ীখন পালে আমাৰ খৰচ কমিব, সময় বাচিব আৰু আৰাম হ’ব।
: চিন্তা নকৰিবা গাড়ী পাই যাবা কেৱল ড্ৰাইভাৰৰ খৰচ আৰু গাড়ীত তেল ভৰালেই হ’ব।- মই ক’লোঁ।
গোস্বামীয়ে বেছ আনন্দ পাই ক’লে—
: তুমি এনেই জনসম্পৰ্কৰক্ষী বিষয়া হৈ থকা নাই! তোমাৰ চেনেল দেখোন চাৰিওফালে আছে। তোমাৰ যহতে ত্ৰিপুৰা ভ্ৰমণ কৰি আঁহো।
মই হাঁহি মাৰি নিজকে অলপ গৰ্ব অনুভৱ কৰিলোঁ। মই ভ্ৰমণসূচীখন অলকেশলৈ পঠাই দিলো। অলপ পিছতে অলকেশে জনালে— দাম্বুৰ জল প্ৰপাত আৰু দাম্বুৰ লেক বাদ দিয়ক কাৰণ ৰাস্তা বোলে খুব বেয়া। মই গোস্বামীক কথাটো ক’লোঁ, সি কিন্তু বেছি সন্তুষ্ট হোৱা নাই। তাৰমতে যাব পৰা যাব।
মই কৈ থ’লোঁ- ঠিক আছে গৈ চাই লওঁ পাৰিলে যাম ন’হলে বাদ দিম। চাওঁতে চাওঁতে যোৱাৰ দিন আহিল।

ত্ৰিপুৰা ভ্ৰমণৰ আগদিনা অৰ্থাৎ ১৬/০৩/২০২৩ তাৰিখে মেচেজ পালোঁ যে ফ্লাইটৰ সময় আগুওৱা হৈছে মানে ৰাতিপুৱা ১০.৫০ ৰ সলনি ফ্লাইট যাব ৰাতিপুৱা ৬ বজাত। বৰ দিগদাৰ হ’ল কাৰণ পুৱতি নিশাতে উঠি এয়াৰপৰ্ট যাব লাগিব মানে ৰাতিপুৱা ৪.৩০ মানত গৈ পাব লাগিব। কষ্ট হলেও উপাই নাই যাবতো লাগিবই।
তাৰিখ সোতৰ মাৰ্চ ৰাতিপুৱাই এয়াৰপৰ্ত পাই ফ্লাইটত বহিলোঁ। ঠিক ছয় বজাত আমাৰ ফ্লাইবিগ (সৰু বিমান) ফ্লাইটখন আকাশলৈ উৰা মাৰিলে। মনটো ভাল লাগি আছিল। গোস্বামীও বেছ প্ৰফুল্ল ত্ৰিপুৰা যাবলৈ পায়। ৬.৪৫ মানত ফ্লাইটৰ পাইলটজনে ঘোষণা কৰিলে

: আমি আহি ত্ৰিপুৰা বিমানবন্দৰ পাইছোঁ কিন্তু আমি এতিযাই লেণ্ড কৰিব নোৱাৰিম যিহেতু বিমানবন্দৰ সাত বজাতহে খুলিব। সেইকাৰণে আমি ওপৰতে অলপ দেৰি উৰি থাকিম।
কথা শুনি আমি বেছ আচৰিত হ’লোঁ আৰু হাঁহি উঠি গ’ল যে এইটো কেনেকুৱা “শুইথকা বিমানবন্দৰ!”
সি যি কি নহওক অলপ পিছতে আমি লেণ্ড কৰিলোঁ। আগৰতলা বিমানবন্দৰটো দেখি ভাল লাগিল। সৰু যদিও ধুনীয়া। নতুনকৈ সজা হৈছে। অলকেশে পঠোৱা গাড়ীৰ ড্ৰাইভাৰ জনক ফোন কৰিলোঁ। ড্ৰাইভাৰজনে জনালে পাঁচ মিনিটমানৰ ভিতৰত আহি পাব। গোস্বামীয়ে মোক ক’লে—
: আমি অলকেশ থকা উদয়পুৰলৈ যদি এতিয়া যাওঁ আকৌ আগৰতলা ফুৰিবলৈ আহিলে কষ্ট বেছি হ’ব তাতকৈ আগৰতলাৰ বিএছএনএলৰ গেষ্ট হাউচ গৈ অলপ মুখহাত ধুই হৈ লওঁ। গেষ্ট হাউচটো লেচুবাগান নামৰ ঠাইত অৱস্থিত, এয়াৰপ’ৰ্টৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ আৰু এয়াৰপ’ৰ্টৰ পৰা আগৰতলা যোৱা ৰাস্তাতে পৰে।
ময়ো কথাটো ভালেই পালোঁ। অলপ পিছতে গাড়ীখন আহিল। ৰঙা ৰঙৰ মাৰুতি ছুইফট্‌। গাড়ী একেবাৰে টিপ্‌টপ্‌ হৈ আছে। গাড়ীৰ ড্ৰাইভাৰজনৰ নাম সুমন ৰাজ, বাঙালী লৰা। ডেকা ল’ৰা বয়স প্ৰায় বিশ বছৰমান হ’ব। হিন্দী ধুনীয়াকৈ ক’ব পাৰে সেইকাৰণে মোৰ লগৰ গোস্বামীয়ে ভালকৈ কথা পাতিব পাৰিছে। ড্ৰাইভাৰ সুমনক গাড়ী বিএছএনএলৰ গেষ্ট হাউছলৈ নিব কোৱা হ’ল। আমি গেষ্ট হাউচত গা-পা ধুই ফুৰিবলৈ সাজু হ’লোঁ। আমি নিজৰ ফুৰিবলগীয়া ঠাইবোৰ যেতিয়া ড্ৰাইভাৰ সুমন ৰাজক জনালোঁ, তেওঁ ক’লে—
: ছাৰ ত্ৰিপুৰা এঘাৰ বজাৰ পাছতহে খোলে। এতিয়া আঠ বাজিছে, বহুত দেৰি ৰ’ব লাগিব।
আমিও ভাবিলোঁ কি কৰা যায়!
আমি ড্ৰাইভাৰ সুমনক ত্ৰিপুৰাত কি কি ফুৰিম সকলো জনালোঁ আৰু তাকেই ক’লোঁ-
: তুমিয়ে ঠিক কৰা ক’ত কেনেকৈ গ’লে ভাল হ’ব?
সি অলপ ভাবি ক’লে –
: ছাৰ আমি প্ৰথমে দাম্বুৰ জল প্ৰপাত যাওঁ তাৰ পৰা দাম্বুৰ লেক, চাবিমুৰা লেক, চাবিমুৰা কেভ, ত্ৰিপুৰা সুন্দৰী মন্দিৰ আদি ফুৰি আজিৰ দিনতো শেষ হ’ব। কাইলৈ ত্ৰিপুৰা স্থানীয় ভ্ৰমণ মানে উজ্জয়ন্ত প্ৰাসাদ, মিউজিয়াম, ভাৰত-বাংলাদেশ সীমান্ত ভ্ৰমণ, নিৰমহল আদি কৰিব। আমি তাৰ পৰিকল্পনাটো ভাল পালোঁ কিন্তু আচৰিত হ’লোঁ কাৰণ দাম্বুৰ যোৱা ৰাস্তাটো বেয়া বুলি শুনিছিলোঁ। পিছে সুমনে ক’লে— চিন্তা কৰিব নালাগে, ৰাস্তা সাজি আছে আৰু ভাল হৈছে। তেওঁ হেনো এমাহ আগতে গৈ আহিছে। তাৰ মতে আমি তেওঁ কোৱাৰ নিচিনাকৈ ফুৰিলে সময় ধুনীয়াকৈ মিলি যাব। আমি সন্মতি প্ৰকাশ কৰিলোঁ কিন্তু প্ৰথমে সুমনক ক’লোঁ—
: ভাল হোটেল এখনত গাড়ী ৰখাবা, ব্ৰেকফাষ্ট কৰিম।
তেওঁ হ’ব বুলি কৈ গাড়ী ষ্টাৰ্ট দিলে। আগৰতলা টাউনৰ মাজৰে আমাৰ গাড়ী গৈ আছে কিন্তু সুমনে গাড়ী ৰখোৱাই নাই। আমি কিবা স্পেচিয়েল হোটেলত ৰখাব বুলি ভাবি গাড়ীত বহি গৈ আছোঁ। অলপ দেৰিৰ পিছত তেওঁ সাধাৰণ হোটেল এখনত গাড়ী ৰখালে। মই বোলো “কিয় ভাল হোটেল এখনত গাড়ী নাৰাখিলা?”
তেওঁ ক’লে—
: ছাৰ ভাল হোটেল দহ বজাৰ পিছতহে পাব। এতিয়া আঠটা বাজিছেহে সেইকাৰণে এনেকুৱা ধৰণৰ হোটেলেই পাব। কিন্তু আপুনি খাই চাওক ভাল পাব, গৰম গৰম পুৰী বা পৰঠা পোৱা যায়। খাবলৈ সোৱাদ।
আমি গৰম গৰম পৰঠা আৰু ঘুগনি খালোঁ। ভাল লাগিল। চাহকাপো বৰ জিভাত সোৱাদ লগাকৈ কৰিছিল। খোৱাবোৱা শেষ কৰি আমি যাত্ৰা আৰম্ভ কৰিলোঁ। গন্তব্য স্থান দাম্বুৰ জল প্ৰপাত। আমাৰ গাড়ী ধুনীয়া ৰাস্তাইদি আগবাঢ়িল। দাম্বুৰ যাবলৈ আগৰতলাৰ পৰা প্ৰথমে উদয়পুৰ আৰু তাৰ পিছত অমৰপুৰ হৈ যাব লাগে। অমৰপুৰৰ পৰা এফালে দাম্বুৰ আৰু আনটো ফালে চাবিমুৰা যাব পাৰি। আগৰতলাৰ পৰা উদয়পুৰলৈ ৰাস্তা বেছ ধুনীয়া দূৰত্ব ৫২ কিলোমিটাৰ। আগৰতলা চাহৰৰ পৰা ওলাওঁতে বাহিৰৰ পৰা গাড়ীৰ ড্ৰাইভাৰ সুমনে উজ্জয়ন্ত প্ৰাসাদ দেখুৱালে আৰু ৰাস্তাত চিপাহজলা ৰাষ্ট্ৰীয় উদ্যান খনৰ গেটখন দেখুৱাই গ’ল। অমৰপুৰৰ পৰা দাম্বুৰ যোৱা ৰাস্তাটো আচৰিত অঁকোৱা-পকোৱা, অলপ দূৰৰ মূৰে মূৰে ভাঁজ। ৰাস্তা আগতে বেয়া আছিল কিন্তু এতিয়া ভাল হৈছে, পাহাৰ কাটি কাটি ৰাস্তা ডাঙৰ কৰিছে। ৰাস্তাত যাওঁতে এখন বজাৰৰ নাম ফলক দেখি আচৰিত হ’লোঁ। বজাৰখনৰ নামটো আছিল— “লাভ ষ্টোৰী বজাৰ।” ড্ৰাইভাৰ সুমনে ক’লে সেইটো ৰজাই দিয়া নাম কিন্তু বজাৰখন বেলেগ বজাৰৰ নিচিনা এখন সাধাৰণ বজাৰ।

প্ৰায় তিনি ঘণ্টামানৰ পিছত দিনৰ এঘাৰ বজাত দাম্বুৰ জলপ্ৰপাত গৈ পালোঁ। জলপ্ৰপাততো প্ৰাকৃতিক নহয় ইয়াক সৃষ্টি কৰা হৈছে। আচলতে পাহাৰৰ ওপৰত এটা বান্ধ সাজিছে। ওপৰৰ বান্ধটো খোলা কাৰণে পানী প্ৰবল বেগেৰে শৃংখলাবদ্ধভাৱে তললৈ বাগৰি আহিছে যেন এখন বগা চাদৰ। পানীৰ বৃহৎ শব্দ শুনিবলৈ পোৱা যায় যেতিয়া পানী তলৰ শিলৰ লগত খুন্দা খাইছে। খুব সুন্দৰ দৃশ্য। কিবা চালে চাই থাকিব মন যায়। তাত ৰৈ থাকিলে এনেকুৱা অনুভৱ হয় যেন কোনো কাৰো বাবে ৰৈ থকা নাই, কেৱল আগুৱাই যাব লাগে। অলপ সময় তাত অতিবাহিত কৰি আমি দাম্বুৰ লেকৰ ফালে গ’লোঁ। দাম্বুৰ লেকটো বৃহৎ লেক। নাওৰ ভাৰা সোধোঁতে ক’লে ২৩০০ টকা পৰিব আৰু সময় দুই ঘণ্টা লাগিব। আমি ক’লো আমাক ইমান ফুৰাব নেলাগে অলপ ফুৰাই দিলেই হ’ব আৰু তেতিয়া তেওঁলোকে পাঁচশ টকাত আধা ঘণ্টামান সময় আমাক দাম্বুৰ লেকটো ফুৰাই আনিলে। দাম্বুৰ লেক চাই আমি আকৌ অমৰপুৰলৈ আহিলোঁ তাৰ পৰা চাবিমুৰা লেক আৰু চাবিমুৰা কেভ যাব পাৰি। অমৰপুৰত কিবা খাবলৈ হোটেল বিচাৰিলোঁ কিন্তু এখনো ভাল হোটেল নেপালোঁ কিন্তু মিঠাই দোকান এখন পালোঁ একেবাৰে তাজা মস্ত মস্ত ৰসগোল্লা আৰু লালমোহন সজাই থৈছে। তাতেই সোমালো। ৱাহ বেছ সোৱাদ লগা মিঠাই আৰু দামো কম। মস্ত মস্ত ৰসগোল্লা আৰু লালমোহন কেৱল দহ টকা, গুৱাহাটীত হ’লে কমেও বিশ বা পঁচিছ টকা হ’ব। চাহ মিঠাই খাই আমি এইবাৰ চাবিমুৰা লেক আৰু চাবিমুৰা কেভ চাবলৈ গ’লোঁ। প্ৰায় তিনিমান বজাত আমি গৈ চাবিমুৰা লেক পালোঁ। নাওবোৰত বিশজন মানুহ নিব পৰা আসন আছে আৰু এজনৰ ভাৰা দেৰশ টকা। কিন্তু আমি যাওঁতে কোনো মানুহ ৰৈ থকা নাছিল সেইবাবে আমি তিনিজনে (মই, ভূপেন্দ্ৰ গোস্বামী আৰু গাড়ীৰ ড্ৰাইভাৰ সুমন) গোটেই নাওখন পোন্ধৰশ টকাত ভাৰা কৰিলোঁ। চাবিমুৰা লেকৰ নৌকা বিহাৰৰ বেলেগ এটা মাদকতা আছে। গোমতি নৈখনৰ দুয়ো কাষে ডাঠ জঙ্গল। নাৱত যেতিয়া গৈ আছিলোঁ এনেকুৱা অনুভৱ হৈছিল যেন এইখন এখন ‘মিনি এমাজন।’ নৈৰখনৰ এফালে পাহাৰ আৰু তাত থকা ডাঙৰ ডাঙৰ শিলবোৰত ভগৱানৰ ছবি খোদিত কৰা হৈছে। চাৰি পাঁচ কিলোমিটাৰ মান নাৱত যোৱাৰ পিছত নাওখন ৰ’ল। দেখিলো দুৰ্গা দেৱীৰ ছবি এটা বৃহৎ শিলত খোদিত হৈ আছে। আমি নাওৰ পৰা নামি ওচৰৰ পৰা দুৰ্গা দেৱীৰ ছবি প্ৰত্যক্ষ কৰি আহিলোঁ। চাবিমুৰা এনেকুৱা এখন ঠাই য’ত সমাহাৰ হৈ আছে প্ৰাকৃতিক সৌন্দৰ্য আৰু ইতিহাস। এইবাৰ নাওখন ঘূৰি আহোঁতে আমাক লৈ গ’ল চাবিমুৰা গুহালৈ। দুটা পাহাৰ ঠেক হৈ এটা ত্ৰিকোণ আকাৰ হৈছে সেই ঠাইত। পাহাৰৰ কাষে কাষে ৰেলিং দিয়া আছে পৰ্যটকৰ সুবিধাৰ্থে। আমি যাওঁতে প্ৰায়ে (আবেলি চাৰি মান বজাত) অলপ অলপ আন্ধাৰ হৈছিল। খোজ কাঢ়ি গৈ চাবিমুৰা কেভৰ সন্মুখ পালোঁ কিন্তু ভিতৰত সোমাই চোৱাৰ সাহস ন’হল; একেবাৰে অন্ধকাৰ। গুহাৰ ভিতৰত বাদুলি ওলমি থকা দেখিলো কিবা ভূতৰ চিনেমাৰ দৃশ্য চকুৰ আগত ভাহি আহিছিল। বেছি আৰু এডভেঞ্চাৰ নকৰি ঘূৰি আহিলোঁ। চাবিমুৰাত বেছ ভাল লাগিল, কিবা নতুনত্ব এটা আছিল আগতে নোপোৱা। আকৌ অহাৰ হেঁপাহ এটা মনৰ ভিতৰত পুহি ৰাখিলোঁ। ধুনীয়া অভিজ্ঞতা এটা জীৱনৰ পাতত সোমাই পৰিল। এইবাৰ আমি উদয়পুৰলৈ উভতিলোঁ। তাত প্ৰথমে শক্তিপীঠ ত্ৰিপুৰা সুন্দৰী মন্দিৰ দৰ্শন কৰিম আৰু তাৰ পিছত অলকেশৰ ও.টি.পি.চি কোৱাৰ্টাৰলৈ যাম। অলকেশৰ ও.টি.পি.চি কোৱাৰ্টাৰৰ পৰা ত্ৰিপুৰা সুন্দৰী মন্দিৰ কেৱল তিনি- চাৰি কিলোমিটাৰ মান হ’ব। সন্ধিয়া চাৰে পাঁচ মান বজাত আহি ত্ৰিপুৰা সুন্দৰী মন্দিৰ পালোঁ। মন্দিৰৰ সন্মুখত এটা ডাঙৰ পুখুৰী। পুখুৰীৰ পাৰত পূজা সামগ্ৰী বিক্ৰী কৰা দোকান। ত্ৰিপুৰা সুন্দৰী মন্দিৰৰ মুখ্য প্ৰসাদ হ’ল ‘পেৰা’ সেইকাৰণে দোকানবোৰত ‘পেৰা ভাণ্ডাৰ’ বা ‘উৎকৃষ্ট মানৰ পেৰা ইয়াত পাব’ আদি লিখা আছিল। মোৰ বন্ধু ভূপেন্দ্ৰ গোস্বামী বেছ ধাৰ্মিক। তেওঁ চাকি, ধূপ, পেৰাৰ লগতে ৰঙা ৰঙৰ কাপোৰো কিনিলে ত্ৰিপুৰা সুন্দৰী মাক অৰ্পণ কৰিবলৈ। ত্ৰিপুৰা সুন্দৰী মন্দিৰ এখন শক্তিপীঠ আৰু কোৱা হয় সতী দেৱীৰ বাঁও ভৰিৰ কেঞা আঙুলিটো সেই ঠাইত পৰিছিল। সন্ধিয়া ছয় বজাৰ পৰা আৰতি আৰম্ভ হ’ল। বৰ ভাল লাগিছিল পৰিবেশটো; কিবা এটা পৱিত্ৰতা চাৰিওফালে আৰু মনত শান্তি লাগি গৈছিল। লগৰ গোস্বামীয়ে ভিডিঅ’ কল কৰি তাৰ জয়পুৰত থকা পৰিয়ালক আৰতি দেখুৱালে। আধা ঘণ্টা পিছত আৰতি শেষ হ’ল আৰু আমি ত্ৰিপুৰা ভ্ৰমণৰ আমাৰ অস্থায়ী ঠিকনা মানে অলকেশৰ ও.টি.পি.চি কোৱাৰ্টাৰলৈ আগবাঢ়িলোঁ। অলকেশে মাজে মাজে খবৰ লৈ আছিল ক’ত পালোঁ আৰু ঘৰ কেতিয়া পাম৷ অলকেশৰ ও.টি.পি.চি কোৱাৰ্টাৰ আহি পালোঁ। বেছ ধুনীয়া কোৱাৰ্টাৰ একেবাৰে নতুন হৈ আছে, মাত্ৰ তিনি বছৰ মান হৈছে সজা। তিনিটা শোৱনি কোঠাৰ ডাঙৰ কোৱাৰ্টাৰ আৰু সকলো ৰূমৰ লগতে বেলকনী সংলগ্ন। অলকেশে বৰ সোৱাদ লগাকৈ মাছ ৰান্ধিছিল। দিনত ভালকৈ খোৱা হোৱা নাছিল বাবে ভাতকেইটা বৰ তৃপ্তিত খালোঁ। ভাত খাই বেলকণীত আড্ডা মাৰি ভাল লাগিছিল। অলকেশৰ নতুন চাকৰিত যোগদান কৰিবলগীয়া বিষয়ে কথা পতা হ’ল। ৰাতি এঘাৰমান বজাত শুই পৰিলোঁ, দিনটোৰ ভাগৰে হেঁচা মাৰি ধৰিছিল।

পিছদিনা ৰাতিপুৱা গা-পা ধুই ৰাতিপুৱাৰ চাহ কাপ খাই আমাক অলকেশে তাৰ ও.টি.পি.চি প্লান্তলৈ লৈ গ’ল। তাৰ অফিচৰ কেণ্টীনৰ ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিলোঁ। এইবাৰ অলকেশে তাৰ ও.টি.পি.চি প্লান্তটো দেখুৱালে। এইটো প্লান্ত উত্তৰ-পূৱ ভাৰতৰ অন্যতম বৃহৎ আৰু ইয়াত গেছ ব্যৱহাৰ কৰি ৭২৬.৬ মেগাৱাট বিজুলী উৎপাদন কৰা হয়। গোটেই ত্ৰিপুৰা ৰাজ্যখনক ২২০ মেগাৱাট বিজুলীৰ প্ৰয়োজন হয় আৰু তাৰে ১৯৬ মেগাৱাট বিজুলী ও.টি.পি.চিয়ে যোগান ধৰে। ও.টি.পি.চি ত্ৰিপুৰাই অসমক ২৪০ মেগাৱাট বিজুলী যোগান ধৰে। তাৰ উপৰি ও.টি.পি.চি ত্ৰিপুৰাই কম বেছি পৰিমাণে আন আটাইকেইখন উত্তৰ-পূৱৰ ৰাজ্যক বিজুলী যোগান ধৰি আহিছে। ইমান ডাঙৰ প্লান্তটো ওচৰৰ পৰা প্ৰত্যক্ষ কৰি পৰম সন্তুষ্টি লাভ কৰিলোঁ। আভিযান্ত্ৰিক শিক্ষা মোৰ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং আছিল কিন্তু ভৱিষ্যতে টেলিকম বিভাগত চাকৰি কৰাৰ কাৰণে ইলেকট্ৰিকেলৰ পৰা বহুত দূৰলৈ গুচি গ’লোঁ। কিন্তু ও.টি.পি.চি প্লান্তটোত সোমাই পুৰণি দিনৰ কলেজত পঢ়া কথা মনত পৰি গ’ল। ভাল লাগিল। এঘণ্টা মান সময় কটাই আমি দিনটোৰ ফুৰিবলগীয়া ঠাইলৈ ৰাওনা হ’লোঁ। প্ৰথম গ’লোঁ নীৰমহল। নামেই যাৰ পৰিচয়। নীৰ মানে পানী অৰ্থাৎ মহলটো পানীৰ মাজত আছে। নাৱত আমাক লৈ গ’ল। এজনৰ ভাৰা ৫০ টকা। প্ৰায় ত্ৰিশজনমান লোক বহিব পাৰে নাৱত। পাৰৰ পৰা দেৰ কিলোমিটাৰ মান হ’ব। ইটা ৰঙৰ (তলছোৱা) আৰু ওপৰটো শুদ্ধ বগা বৃহৎ আকাৰৰ নীৰমহল দূৰৰ পৰা দেখাত বেছ অপূৰ্ব লাগিছিল। নীৰমহলটো ৰুদ্ৰসাগৰ লেকত আছে। ত্ৰিপুৰা চৰকাৰে এতিয়া নতুনকৈ আকৌ নীৰমহলটো ৰঙ কৰি আছে। আধা ঘণ্টা মান নীৰমহলত কটাই আমি ঘূৰি আহিলো। এইবাৰ আমি চিপাহজলা ৰাষ্ট্ৰীয় উদ্যান খনলৈ গ’লোঁ। তাত গৈ গম পালোঁ আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচিনা নহয়। ভিতৰত এখন চিৰিয়াখানা আছে। আমি আহিলোঁ যেতিয়া এপাক চাই যাওঁ বুলি ঠিক কৰিলোঁ। মেইন ৰাস্তাৰ পৰা চাৰি কিলোমিটাৰ মান সোমাই যোৱা ৰাস্তাটো বৰ ভাল লাগিল তাৰ পিছত দেখিলো চিপাহজলা চিৰিয়াখানা। টিকেত কাটি ভিতৰত প্ৰৱেশ কৰি কিন্তু নিৰাশ হ’লোঁ কাৰণ বেছি জন্তু নাছিল। বাঘ, সিংহ, হৰিণ, জলহস্তী, হৰিণ, বান্দৰ আদি অৱশ্যে আছিল কিন্তু আমাৰ গুৱাহাটীৰ চিৰিয়াখানাৰ নিচিনা ডাঙৰ নহয় বা ইমান জন্তুও নাছিল। তাত বেছি সময় খৰচ নকৰাকৈ আগৰতলা চহৰলৈ আগবাঢ়িলোঁ। ইতিমধ্যে দুপৰীয়া হৈ আহিছিল আৰু ভোকো লাগি গৈছিল। সেইকাৰণে আগৰতলা পাই কিবা চোৱাৰ আগতে পেট পূজা কৰি লওঁ বুলি ভাবি নিৰামিষ হোটেল এখনত সোমালোঁ। হোটেল খনৰ নাম আছিল চেৰাৱালি। বেছ চাফ-চিকুণ হোটেল লগতে তাত বিভিন্ন ধৰণৰ মিঠায়ো পোৱা যায়। দোচা আৰু মিঠাই খাই আমি উজ্জয়ন্ত প্ৰাসাদ চাবলৈ গ’লোঁ। আমি আহৰ গ্ৰহণ কৰা হোটেলখনৰ সন্মুখতে উজ্জয়ন্ত প্ৰসাদ। প্ৰকাণ্ড প্ৰসাদটো দেখিলেই আমাৰ ভাৰতৰ বুৰঞ্জী যে কিমান চহকী তাক অনুমান কৰিব পাৰি আৰু ইয়াক প্ৰমাণ কৰে উজ্জয়ন্ত প্ৰসাদৰ ভিতৰত থকা সংগ্ৰহালয়টোৱে। সংগ্ৰহালয়টোৰ সংগ্ৰহ ইমান বৃহৎ যে তাত ত্ৰিপুৰা ৰাজ্যৰ বিভিন্ন ৰজাৰ বিষয়ে ধুনীয়াকৈ উল্লেখ আছে লগতে বাংলাদেশ স্বাধীনৰ বাবে ভাৰত আৰু পাকিস্তান ১৯৭১ যুদ্ধৰ ছবি আৰু পাকিস্তানে আত্মসমৰ্পণ কৰা দৃশ্য আৰু তথ্য আছে। ইয়াৰ উপৰি উত্তৰ-পূৱৰ সকলো ৰাজ্যৰ বিষয়ে সুন্দৰকৈ তথ্য চিত্ৰৰ দ্বাৰা উপস্থাপন কৰিছে। শেষৰ ফালে দেখিলোঁ সংগ্ৰহালয়ত কভিডত ভাল কাম কৰা লোকৰ তথ্য আৰু ছবিও সন্নিবিষ্ট কৰিছে। মুঠতে ক’বলৈ গ’লে এটা বৃহৎ সংগ্ৰহালয় আৰু তাক ডাঙৰ কৰিবলৈ ব্যৱস্থা কৰি থৈছে।

এইবাৰ আমি আগৰতলাত থকা জগন্নাথ মন্দিৰলৈ গ’লোঁ। মন্দিৰটো পুৰীত থকা জগন্নাথ মন্দিৰৰ নিচিনা কিন্তু সৰু। ভালেই লাগিল মন্দিৰৰ পৰিবেশ। সময় ছাৰে তিনিটা মান বাজিছিল আৰু আমাৰ চাবলৈ আছিল ভাৰত আৰু বাংলাদেশৰ সীমান্তত বিটিং ৰীট্ৰিট চেৰিমনী (Beating Retreat Ceremony)। এই অনুষ্ঠানটো আবেলি চাৰি বজাত আৰম্ভ হয় কিন্তু ইয়াৰ সময় গৰম আৰু ঠাণ্ডা দিনত বেলেগ মানে সূৰ্য্যাস্তৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত ভাৰত আৰু বাংলাদেশৰ সেনা জোৱানে নিজৰ নিজৰ দেশৰ জাতীয় পতাকাখন এটা ধুনীয়া শৃংখলাবদ্ধ প্ৰক্ৰিয়াৰে নমায়। বি.এছ.এফ ৰ জোৱানৰ মাৰ্চপাষ্ট (March past) বেছ আকৰ্ষণীয়। ৱাঘা সীমান্তৰ নিচিনা আয়োজন বৃহৎ নহয় কিন্তু বেয়া নেলাগিল। প্ৰায় আধা ঘণ্টাৰ অনুষ্ঠানদো উপভোগ কৰি আমি অলকেশৰ কোৱাৰ্টাৰলৈ উভতিলোঁ।

দুদিনত আমি ত্ৰিপুৰাৰ প্ৰায় সকলো জনপ্ৰিয় ঠাই চালোঁ। পিছদিনা আমাৰ উদেশ্য অতি জনপ্ৰিয় ঊনকোটি ভ্ৰমণ কৰা। কিন্তু ঊনকোটি যাবলৈ ট্ৰেইনৰ সুবিধা ভাল। সেইবাবে আমি ঠিক কৰি থৈছিলোঁ উদয়পুৰৰ পৰা আমি ট্ৰেইনত আগৰতলালৈ যাম তাৰ পৰা আকৌ বেলেগ এখন ট্ৰেইনেৰে কুমাৰঘাট নামৰ ষ্টেচনলৈ আহিম। তাৰ পৰা গাড়ী এখন ভাৰা কৰি ঊনকোটিলৈ যাম। ঊনকোটি ফুৰি আকৌ কুমাৰঘাটৰ পৰা সন্ধিয়া পাঁচ বজাত ট্ৰেইনেৰে গুৱাহাটীলৈ উভতিম। গুৱাহাটী আহি পিছদিনা পুৱা চাৰি জাত পাব লাগে। ভবামতে ১৯ মাৰ্চ ৰাতিপুৱা চাৰে ন বজাত অলকেশক বিদায় জনাই আমি লোকেল ট্ৰেইনত আগৰতলা অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। আকৌ আগৰতলাৰ পৰা বেলেগ এখন ট্ৰেইনেৰে কুমাৰঘাট নামৰ ষ্টেচন পালোঁ দুপৰীয়া দেৰ বজাত। বতৰ ডাৱৰীয়া আৰু কিনকিনিয়া বৰষুণ দি আছিল। কুমাৰঘাট ষ্টেচনৰ পৰা ঊনকোটিৰ দূৰত্ব ৩০ কিলোমিটাৰমান আৰু ৰাস্তা বেয়া হোৱাৰ কাৰণে সময় প্ৰায় এঘণ্টা লাগে অটোৰিক্সাত। আমি অটোৰিক্সা এখন অহা-যোৱাৰ বাবদ নশ টকাত ঠিক কৰিলোঁ। ৰাস্তা নতুনকৈ সাজি আছে আৰু বৰষুণ দি থকা বাবে ৰাস্তাত বোকা আৰু পানী। আমাৰ অটোৰিক্সাখন কোনোমতে গৈ আছে। অটো চালকজনক কৈ দিছিলো আমাক যেনেতেনে চাৰে চাৰি বজাৰ আগতে কুমাৰঘাট ষ্টেচন পোৱাই দিব লাগিব নহ’লে ট্ৰেইন মিছ হ’ব। তেওঁৰ চিন্তা হৈ গৈছিল কাৰণ ৰাস্তা আৰু বতৰ দুয়োটা বেয়া যাৰ বাবে তেওঁ বেগত চলাব পৰা নাই। তেওঁ আমাক সুধিলে গাঁৱৰ মাজেদি ৰাস্তা আছে সেইফালে যাব নেকি কাৰণ সেইফালে ৰাস্তা অলপ ভাল পাব। আমি ক’লোঁ, তোমাৰ যিফালে যাবলৈ মন আছে যোৱা কেৱল আমাক ঊনকোটি দেখুৱাই আকৌ ষ্টেচন পোৱাই দিয়া। তেওঁ হাঁহি মাৰি চেষ্টা কৰিম বুলি ক’লে। আমি দুটা পঞ্চলিছমান বজাত গৈ ঊনকোটি পালোঁ। আচৰিত লাগিল ঊনকোটি পাই, কাৰণ গোটেই পাহাৰৰ শিলৰ ওপৰত ভগৱানৰ প্ৰতি মূৰ্তি খোদিত কৰা আছে তাকো এশ-দুশ নহয় এক কোটিতকৈ মাত্ৰ এক কম মূৰ্তি। সেইকাৰণে নাম ঊনকোটি। আমি যিমান পাৰোঁ সোনকালে চাবলৈ চেষ্টা কৰিলোঁ কিন্তু খট-খটি ইমান বেছি ভাগৰ লাগি যায়। ঊনকোটি সম্পূৰ্ণকৈ চাবলৈ দুই বা তিনি ঘণ্টা সময়ৰ প্ৰয়োজন কিন্তু আমি আধা ঘণ্টামানত যিমান পাৰি চাই উভতিলোঁ কাৰণ দেৰি কৰিলে ট্ৰেইন গুচি যাব। আমি ঘূৰি সময়মতে কুমাৰঘাট ষ্টেচনৰ পালোঁ আৰু এনেকৈ এটা স্মৰণীয় যাত্ৰাৰ অন্ত পৰিল।

শেষত ক’ব বিচাৰোঁ যিসকলে ত্ৰিপুৰালৈ যোৱা নাই— “আপোনালোকে ত্ৰিপুৰা ভ্ৰমণ কৰিব পাৰে, খৰচ কম আৰু ধুনীয়া ঠাই। গুৱহাটীৰ পৰা বিমানৰ ভাৰা মাত্ৰ ১৭০০ টকা। ৰেলৰ যোগাযোগো ভাল।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!