আগৰ দিনৰ সামাজিক সম্পৰ্কবোৰ আৰু আধুনিক দিনবোৰ

লেখক- প্ৰদীপ বৈশ্য

শৈশৱত ভাত খোৱাকৈ ঘৰলৈ কোনো আলহী বা আত্মীয় আহিলে আমাৰ স্ফূৰ্তিৰ অন্ত নাছিল। আলহীক খুৱাবলৈ গাঁৱৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ পাৰ চৰাইৰ পোৱালি বিচাৰি চলাথ কৰিছিলোঁ। কাৰ ঘৰৰ পাৰ চৰাইযোৰ নোদোকা হ’ব সেয়া আমি অভিজ্ঞতাৰ ভীত্তিতেই অনুমান কৰি তালৈকে গৈছিলোঁ। নিশা থকা আলহী হ’লে কোনে কোনখন বিছনাত শুব সেয়া আগতীয়াকৈ ঠিক কৰি লোৱা হৈছিল। আলহীক খুৱাবলগীয়া খাদ্য ঘৰৰ নিয়মিত খাদ্যৰ দৰেই আছিল যদিও সিদিনা মা-মচলাৰ প্ৰয়োগ অলপ বেছিকৈ হৈছিল। ফলত ওচৰ চুবুৰীয়াই মাংসৰ আঞ্জাৰ ধুনীয়া গোন্ধ আৰু আমাৰ স্ফূৰ্তি দেখিয়েই আলহী অহাৰ বিষয়ে গম পাইছিল। গাঁৱৰ মামাহঁতৰ ঘৰলৈ আলহী আহিলেও ল’ৰা-ছোৱালীৰ মন উলাহেৰে নধৰা হৈছিল। আনকি আলহীৰ জোতা-চেন্দেল লুকুৱাই থোৱা ধৰণৰ ঘটনাও ঘটিছিল বুলি শুনিবলৈ পাইছিলোঁ যাতে আলহী সোনকালে উভতি যাব নোৱাৰে।
আগৰ দিনত প্ৰতিৱেশীৰ লগত সম্পৰ্কবোৰো বৰ মধুৰ আছিল। এঘৰৰ ল’ৰা-ছোৱালী আনঘৰত যাওঁতে কোনো ধৰা-বন্ধা সময় নাছিল। আমি সৰুতে সমনীয়া থকা বা মনে মিলা প্ৰতিৱেশীৰ ঘৰত দিনটোৰ বেছিভাগ সময়েই কটাইছিলোঁ। প্ৰতিৱেশীৰ টিভি চেট নিজে খুলি প্ৰ্গেম চাবলৈকো কুণ্ঠাবোধ কৰা নাছিলোঁ। প্ৰতিৱেশীৰ সন্তানে নিজ ঘৰৰ ভাত-দাইল খাই সোৱাদ নোপোৱাত মায়ে পাকঘৰত বনাই থোৱা ব্যঞ্জনৰ ঢাকনি গুচাই উমান লৈছিল আৰু আমাৰ লগতে সেই সন্তানেও একেলগে বহি তৃপ্তিৰে ভাত খাইছিল। প্ৰতিৱেশীৰ একমাত্ৰ সন্তানে সিজোৱা কণী, গাখীৰ আদি খাবলৈ অমান্তি হোৱাত তাক খাবলৈ দিয়া ধৰণে আমাকো একেলগে খাবলৈ দিছিল যাতে আমাক দেখি সিয়ো সমানে খাবলৈ লয়। এইবোৰ উদাহৰণ দিয়াৰ কাৰণ হ’ল যে, আগৰ দিনত আমি প্ৰতিৱেশীৰ লগত মিলা-মিচা কৰিবলৈ অফুৰন্ত সময় পাইছিলোঁ আৰু আমাৰ সেই মিলা-মিচাবোৰত মা-দেউতাৰ কোনো হকা-বাধা নাছিল। কিন্তু, আজিকালি তেনে দিনবোৰ পাহৰণিৰ গৰ্ভত। আমাৰ সন্তানবোৰক আজিৰ দিনত মুকলিকৈ এৰি দিবলৈ টান পাওঁ। ওচৰৰ দোকানখনলৈ কিবা এটা কিনিবলৈ অকলে পঠাবলৈকো আনকি ইতস্তত: কৰোঁ। ওচৰ-চুবুৰীয়াৰ ল’ৰা-ছোৱালীৰ লগত খেলিবলৈ দিলেও সিহঁতৰ খেলা-ধুলা কৰাৰ সময় কপকপীয়াকৈ নিৰ্দ্দিষ্ট কৰা থাকে। স্কুলৰ পৰা দিয়া শৈক্ষিক প্ৰজেক্ট বা বিশেষ তেনেধৰণৰ কিবা বিশেষ কামতহে সিহঁতে সমনীয়াৰ ঘৰত একলগ হ’বলৈ সুবিধা পায়। উপলক্ষ নোহোৱাকৈ ইটোই সিটোৰ ঘৰলৈ অহা-যোৱা কৰাৰ অৱকাশ নথকাৰ দৰেই হৈ পৰিছে।
আধুনিকতাৰ চাকনৈয়াত পৰি আমাৰ সামাজিক সম্পৰ্কবোৰ বাৰুকৈয়ে টুটি আহিছে। ভাৰ্চুৱেল সম্পৰ্কবোৰ বাঢ়ি গৈছে যদিও এনেধৰণৰ স্পৰ্শ বা আন্তৰিকতাবিহীন সম্পৰ্কবোৰে বাস্তৱিক জগতৰ সম্পৰ্কবোৰ কমোৱাত সহায়হে কৰিছে বুলি ক’ব পাৰি! তেজৰ সম্পৰ্ক থকা মানুহৰ লগতো আনকি সম্পৰ্কবোৰ কমি আহিছে। সম্পৰ্কবোৰত ভাঙোন ধৰা বাবে যৌথ পৰিয়ালবোৰ সম্পূৰ্ণৰূপে নোহোৱা হৈ গৈছে। এনেকুৱাও দেখা যায় যে, যৌথ পৰিয়ালবোৰ ভাঙি টুকুৰাত পৰিণত হওঁতে আৰ্থিকভাবে সবল বা সচ্ছল ভাই-ভনীসকলে তেওঁলোকৰ নিজৰেই দুখীয়া ভাই-ভনীসকলক হেয় দৃষ্টিৰে চাবলৈ লয় আৰু আৰু লগে লগে সম্পৰ্কৰ এটা ব্যৱধানে থিতাপি লয়। সম্পৰ্কবোৰৰ এনে অৱনতিৰ লগে লগে মানুহৰ মানৱীয় প্ৰমূল্যবোৰো লোপ পায়। সম্পৰ্কবোৰে কেতিয়াবা এনেকুৱা অৱস্থাও পায় যে, কোনো দুখীয়া আত্মীয় আৰ্থিকভাবে সবল লোকৰ ঘৰলৈ আহিলে ধন ধাৰলৈ ল’বলৈ অহাৰ দৰে ধাৰণাইহে গৃহস্থৰ মনত বাহ লয়।
শুনিবলৈ বেয়া হ’লেও ক’ব লাগিব যে, আজিৰ দিনত আমি আত্মীয়ৰ ঘৰত নিমন্ত্ৰণ নিদিলে যাবলৈ বেয়া পাওঁ। একেখন চহৰত থাকিলেও নিজৰ আত্মীয়সকলক কিবা উৎসৱ-পাৰ্বণ বা বিশেষ উপলক্ষতহে লগ পাওঁ। সম্পৰ্কবোৰৰ এনে অৱনতিৰ কাৰণেই হয়তো আজিকালি আমি সপৰিয়ালে দিনটো আত্মীয়ৰ ঘৰত ফুৰিবলৈ যোৱাৰ সলনি উদযাপন কৰিবলৈ ভাল পাওঁ প্ৰাকৃতিক পৰিৱেশেৰে পৰিপুষ্ট কোনো ৰিজৰ্ট বা ধাবাতহে, য’ত আত্মীয়তাৰ সলনি ধনৰ বিনিময়তহে উপলভ্য হয় ২৪ ঘণ্টা পোৱাকৈ মনোৰঞ্জনৰ আহিলাৰ লগতে সকলো খাদ্যসম্ভাৰ। উৎসৱ-পাৰ্ৱনসমূহত আমি বাধ্য-বাধকতাত পৰি যাবলগীয়া হ’লেও প্ৰায়েই আহাৰ গ্ৰহণ কৰাৰ লগে লগেই ব্যস্ততাৰ অজুহাত দেখুৱাই সেই স্থান এৰোঁ।
গতিকে, আত্মীয়সকলৰ মাজত সম্পৰ্কবোৰ মজবুত কৰিবলৈ হ’লে কোনো উদযাপন নকৰাকৈ ইজনে আনজনক লগ পাই আন্তৰিকতাৰে সুখ-দুখৰ সমভাগী হোৱাৰ লগতে একেলগে খোৱা-বোৱা কৰিব লাগে। তেতিয়াহে বন্ধন শক্তিশালী হয়। ওচৰ চুবুৰীয়াৰ লগতো সু-সম্পৰ্ক বজাই ৰাখিবলৈ হ’লে কোনো বিশেষ উদ্দেশ্য নোহোৱাকৈ ইজনে সিজনৰ ঘৰত যাব লাগিব। চুবুৰীয়াৰ বিপদ-আপদৰ সময়তো পাৰ্যমানে সহায়ৰ হাত আগবঢ়াব লাগিব। মানুহৰ মাজৰ সম্বন্ধ আৰু সম্পৰ্কবোৰ জীয়াই থকা অৱস্থাত যেনেদৰে প্ৰয়োজন তেনেদৰে আনকি আমাৰ শেষ শয়নৰ পাছতো পাৰ্থিৱ শৰীৰটো পঞ্চভূতত বিলীন হৈ যাবলৈ নিকট আত্মীয়ৰ লগতে একান্ত প্ৰয়োজন হয় প্ৰতিৱেশীসকলৰো সহায়ৰ হাত। গতিকে আজিৰ ব্যস্ত দিনপঞ্জীত অলপ সময় উলিয়াই সামাজিক সম্পৰ্কবোৰ ৰক্ষা কৰোঁ আহক!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!