উচ্চ ৰক্তচাপ

লেখক- ডা: দেৱজিত শৰ্মা

জনবিশ্বাস:
-উচ্চ ৰক্তচাপ ইমান চিন্তাৰ কথা নহয়,
-উচ্চ ৰক্তচাপ এবাৰ নিয়ন্ত্ৰণ হ’লে ঔষধ খাই থকাৰ প্ৰয়োজন নাই, নিজেই ঔষধ খোৱা বন্ধ কৰি দিব পাৰি,
-উচ্চ ৰক্তচাপৰ সমস্যাতকৈ ইয়াৰ ঔষধেহে আমাক বেছি অপকাৰ কৰে,
-শিশুৰ উচ্চ ৰক্তচাপৰ সমস্যা নেথাকে,
-এইটো পৰিয়ালকেন্দ্ৰিক সমস্যা, যাৰ পৰিয়ালত এই সমস্যা নাই, তেওঁলোকৰ উচ্চ ৰক্তচাপ নহয়, আৰু যাৰ পৰিয়ালত আছে তেওঁলোকৰ উচ্চ ৰক্তচাপ হ’বই, তাৰ পৰিত্ৰাণ নাই,
-এটা বয়সৰ পাছত, উচ্চ ৰক্তচাপ হ’বই,
-উচ্চ ৰক্তচাপ হ’লে তাৰপৰা হোৱা আনুষংগিক লক্ষণৰ পৰা গম পোৱা যাব, গতিকে সকলো মানুহে নিয়মীয়া ৰক্তচাপ জোখাই থকাৰ প্ৰয়োজন নাই,
-কেঁচা নিমখ খালেহে উচ্চ ৰক্তচাপৰ কাৰণে বেয়া, তৰকাৰীত দিয়া নিমখ ইমান অপকাৰী নহয়,
-উচ্চ ৰক্তচাপ সম্পূৰ্ণ উপশম হব পাৰে,
-উচ্চ ৰক্তচাপ পুৰুষৰহে বেছিকৈ হয়।

বিজ্ঞান:
২০১৭ চনৰ পৰিয়াল স্বাস্থ্যৰ সমীক্ষামতে ভাৰতবৰ্ষত প্ৰতি ৮জন মানুহৰ এজন আৰু বিশ্ব স্বাস্থ্য সন্থাৰ তথ্য মতে সমগ্ৰ সমগ্ৰ বিশ্বত প্ৰায় ১.১৭ বিলিয়ন মানুহৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে। উচ্চ ৰক্তচাপত আক্ৰান্ত মানুহৰ সংখ্যা দিনক দিনে ক্ৰমান্বয়ে বাঢ়ি গৈছে, তথাপি মানুহৰ এই সমস্যাৰ প্ৰতি সজাগতা কম। ২০২০ চনৰ তথ্য মতে, আমাৰ দেশত ৭ শতাংশ ১৮ বছৰৰ অনুৰ্ধ শিশু আৰু কিশোৰ উচ্চ ৰক্তচাপৰ সমস্যাত ভোগে। ইয়াৰে ৪ শতাংশৰ এই সমস্যা স্থায়ীৰূপে থাকি যায়।
উচ্চ ৰক্তচাপ এক মৌন ঘাতক। নিয়মিত চিকিৎসাৰদ্বাৰা ইয়াক নিয়ন্ত্ৰণত নাৰাখিলে বৃক্ক অকামিলা, হাৰ্ট ফেইলাৰ, ষ্ট্ৰোক, দৃষ্টি শক্তি লোপ, যৌন ক্ষমতা হ্ৰাস আদি নানান সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহু দিন উচ্চ ৰক্তচাপত ভুগি থাকিলে এই অংগবোৰ বহু ধৰণে নষ্ট হব পাৰে। নিয়ন্ত্ৰণত নথকা উচ্চ ৰক্তচাপৰ ফলত আমাৰ শৰীৰৰ ধমনীবোৰ কম স্থিতিস্থাপক হৈ উঠে, ভিতৰৰ পৰা সৰু হৈ যায়, ফলত হৃদপিণ্ড, বৃক্ক আদিলৈ কম ৰক্ত আৰু ফলস্বৰূপে কম অক্সিজেন চালন কৰে। সেয়ে ধীৰে ধীৰে এই অংগবোৰ ভালদৰে কাম নকৰা হয়।
উচ্চ ৰক্তচাপ পৰিয়ালকেন্দ্ৰিক হয়, কোনো পৰিয়ালত বেছিকৈ দেখা যায়, কিন্তু ই সম্পূৰ্ণভাৱে শুদ্ধ নহয়। উচ্চ ৰক্তচাপ আচলতে জীৱন নিৰ্বাহ প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে। যদি এজন মানুহ কৰ্মী হয়, নিয়মিত শাৰীৰ চৰ্চা কৰে, নিয়মিত খাদ্য খায়, প্ৰয়োজনত কৈ বেছি নিমখ নাখায়, ঘৰুৱা খাদ্য খায়, ধুম্ৰপান নকৰে, মদ্যপান নকৰে, সুখী হয়, পৰিয়ালত এই সমস্যা থাকিলেও, তেওঁৰ এই সমস্যা হোৱাৰ সম্ভাৱনা কম। কিন্তু কোনোৱে যদি দিনটো বহি, শুই থাকে, বৰ বেছি শাৰীৰিক কাম কৰিব লগা নহয়, বাহিৰৰ খাদ্য বেছিকৈ খায়, নিমখ প্ৰয়োজনতকৈ বেছিকৈ খায়, ধুম্ৰপান কৰে, মদ্যপান কৰে তেন্তে পৰিয়ালত কাৰো নাথাকিলেও তেওঁৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা যথেষ্ট হ’ব।
উচ্চ ৰক্তচাপ বয়সৰ লগে লগে হ’বই বুলি কোনো ধৰাবন্ধা কথা নাই। বহুতৰ মধ্য বয়সতে হয়, বহুতৰ কেতিয়াও নহয়।
উচ্চ ৰক্তচাপ হ’লে তাক ধৰিব পৰাকৈ লক্ষণ নাথাকিবও পাৰে। নিয়মীয়াকৈ ৰক্তচাপ জুখিলেহে উচ্চ ৰক্তচাপ থকা বুলি গম পাব।
কেঁচা নিমখ, পকা নিমখ বুলি কথা নাই, নিমখ নিমখেই। বহুতে আকৌ ভাবে যে খোৱা মেজত দিয়া চল্ট চেকাৰৰ নিমখহে বেয়া। সকলো নিমখেই ৰাসায়নিকভাৱে ছডিয়াম ক্লৰাইড। বিশ্ব স্বাস্থ্য সন্থাই এদিনত ৫ গ্ৰামতকৈ বেছি নিমখ খাবলৈ নিষিদ্ধ কৰিছে। এই হিচাপ কৰোঁতে নিমখীয়া খাদ্য যেনে- পাউৰুটী, পিজ্জা, প্ৰচেজদ খাদ্য, বজাৰৰ খাদ্য, চুপ, চিপছ্, টাকো, চানাচুৰ, কুৰকুৰে, চাটনী, আছাৰ আদি বেছি নিমখীয়া খাদ্যৰ কথা মনত ৰাখিব লাগে।
উচ্চ ৰক্তচাপ ঔষধ খাই নিয়ন্ত্ৰিত হোৱা মানে এইটো নুবুজায় যে তাৰ সমস্যা চিৰদিনৰ কাৰণে সমাধান হৈ গল। ঔষধ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ বন্ধ কৰিলে পুনৰ আগতকৈয়ো বেছি উচ্চ ৰক্তচাপ হ’ব পাৰে। গতিকে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰিত হলে আপুনি পুনৰ চিকিৎসকৰ পৰামৰ্শ লওক। চিকিৎসকে প্ৰয়োজন অনুসৰি ঔষধ কম কৰিব পাৰে বা বন্ধ কৰিব পাৰে বা একে মাত্ৰাত খাই থাকিবলৈ কব পাৰে। বহুতে আকৌ পাৰ্শ্বক্ৰিয়াৰ ভয়ত ঔষধ খাব নোখোজে। আজিকালি ওলোৱা উচ্চ ৰক্তচাপৰ ঔষধ তুলনামুলকভাৱে সুৰক্ষিত। মই কব খোজা নাই, সেইবোৰৰ একো পাৰ্শ্বক্ৰিয়া নাই, সকলো ঔষধৰে পাৰ্শ্বক্ৰিয়া আছে। বেছিকৈ খালে পানীৰো আছে, ভাতৰো আছে, বনৌষধৰো আছে। কিন্তু আমি চালি জাৰি চাব লাগিব, ঔষধৰ পৰা বেছি বিপদ নে বেমাৰৰ পৰা। উচ্চ ৰক্তচাপৰ পৰা হ’ব পৰা বিপদ আমি আলোচনা কৰিছোঁ, তাৰ তুলনাত ঔষধৰ পৰা হ’ব পৰা বিপদ বহুত পৰিমাণে কম।
উচ্চ ৰক্তচাপ সাধাৰণতে সম্পূৰ্ণ আৰোগ্য নহয়, কিন্তু নিয়মীয়া জীৱন প্ৰণালী, অহৈতুক চিন্তাৰ পৰা মুক্তি, সাধাৰণ শাৰীৰিক কুচকাৱাজ, স্বাস্থ্যকৰ খাদ্য আৰু নিয়মীয়া ঔষধৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰি। নিয়ন্ত্ৰণত ৰখা ৰক্তচাপৰ পৰা শৰীৰৰ অংগবোৰৰ অপকাৰ নহয়।
এইৰোগ কেৱল পুৰুষ বা মহিলাৰ মাজতে সীমাৱদ্ধ নেথাকে। যদিও পুৰুষৰ তুলনামুলকভাৱে কিছু বেছি হয়, মহিলাসকলো সাৱধান নহ’লে এই ৰোগ হোৱাৰ পুৰ্ণ সম্ভাৱনা থাকে।
শিশুৰ উচ্চ ৰক্তচাপ সাধাৰণতে কোনো অংগৰ বিজুতি (যেনে- বৃক্ক) বা কোনো ৰোগৰ কাৰণত হয়। সেয়ে শিশুৰ এই সমস্যা হ’লে পুঃখানুপুংখভাৱে পৰীক্ষা কৰিব লাগে। অৱশ্যে আজিকালি মেদবহুলতাৰ বাবেও বহুত শিশুৰ প্ৰাথমিকভাৱে উচ্চ ৰক্তচাপৰ সমস্যা দেখা যায়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!