অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ লগত জড়িত কেৰিয়াৰ

লেখক- ড° বুলজিৎ বুঢ়াগোহাঁই

ৰঙালী বিহুৰ লগত জড়িত কেৰিয়াৰ মানে হ’ল বিহুৰ লগত হ’ব পৰা জীৱন-জীৱিকাৰ পথসমূহ। ইয়াৰ লগত বিভিন্ন ধৰণৰ কথা জড়িত হৈ আছে। আমি জানো যে আমাৰ ৰাজ্যখনৰ সকলো অঞ্চলৰ লগতে প্ৰবাসী অসমীয়াসকলেও পৃথিৱীৰ বিভিন্ন অঞ্চলত ৰঙালী বিহু উদ্‌যাপন কৰে। এই ৰঙালী বিহুৰ জৰিয়তে ৰাজ্যখনক এক উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। ৰঙালী বিহুৰ বিষয়ে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ ৰাইজক জনাবৰ বাবে আমি তথ্য প্ৰযুক্তিৰ সহায় ল’ব লাগিব। এই তথ্য প্ৰযুক্তিৰ ভিতৰত হ’ব পাৰে ৱেবছাইট, য়ুটিউব চেনেল আদি। ঠিক সেইদৰে ফটোগ্ৰাফাৰসকলে বিহুৰ লগত জড়িত বিভিন্ন বিষয়বোৰ বিভিন্ন ফটোৰ মাধ্যমেৰে বিভিন্ন অনলাইন বা অফলাইন আলোচনী, বাতৰি কাকত বা চ’চিয়েল মিডিয়াৰ যোগেদি উপস্থাপন কৰিব পাৰে। তাৰবাবে বিহু বিষয়ক কথাবোৰ কেৱল ইংৰাজী, অসমীয়া বা হিন্দী ভাষাতেই নহৈ পৃথিৱীৰ বিভিন্ন ভাষাত যদি প্ৰকাশ কৰিব পাৰোঁ তেতিয়া পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ ৰাইজে বিহুৰ বিষয়ে অৱগত হ’ব আৰু বিহুৰ সময়ত অসমলৈ পৰিভ্ৰমণৰ বাবে আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিব। তেতিয়া তেওঁলোক থকা-মেলাৰ বাবে হোটেল উদ্যোগে এক উল্লেখযোগ্য ভূমিকা পালন কৰিব আৰু তাৰ লগতে যানবাহন আৰু টুৰিষ্ট গাইডৰ আৱশ্যক হ’ব। গতিকে বিহুৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমাক পৰ্যটনৰ বাবে বিভিন্ন ধৰণৰ সা-সুবিধাৰ আৱশ্যক হৈ পৰিব। এইদৰে জীৱন- জীৱিকাৰ পথত বিদেশী পৰ্যটকেও এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰিব। ঠিক সেইদৰে বিহু বিষয়ত যিসকলে গৱেষণা কৰিছে তেওঁলোকৰ গৱেষণা গ্ৰন্থসমূহ পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰি যদি প্ৰকাশ কৰে আৰু যদি সেই গ্ৰন্থসমূহ সৰ্বাধিক বিক্ৰী হোৱাৰ বাবে উপযোগী হয় তেন্তে ইয়ো হ’ব পাৰে জীৱন- জীৱিকাৰ পথ। অসমত বিহুৰ সময়ত অৰ্থাৎ বসন্ত কালত ফুলা বিভিন্ন অৰ্কিডসমূহে পৰ্যটকক আকৰ্ষণ কৰাৰ কথা আমি সকলোৱে জানো। গতিকে সেই অৰ্কিডসমূহক ব্যৱসায় ভিত্তিত উৎপাদন কৰাৰ ব্যৱস্থা কৰি তাক পেকেটিঙৰ সুব্যৱস্থা কৰি পৃথিৱীৰ আন আন প্ৰান্তৰ মানুহৰ হাতত তুলি দিয়াৰ ব্যৱস্থাও কৰিব পৰাৰ থল অসমত আছে যি হ’ব পাৰে জীৱিকাৰ এটা পথ।

বিহুগীত গাওতে আৰু বিহু নৃত্য কৰোতে বিভিন্ন বাদ্যযন্ত্ৰ সংগত কৰা হয়। এই বাদ্যযন্ত্ৰসমূহৰ ভিতৰত ডেকাসকলে ব্যৱহাৰ কৰা বাদ্যসমূহ হ’ল- ঢোল, পেঁপা, তাল, বাঁহী আদি৷ ঠিক সেইদৰে গাভৰু বা নাচনীসকলে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰসমূহ হ’ল- গগনা, সুতুলি, টকা আদি। এই বাদ্যযন্ত্ৰসমূহ বনোৱাৰ উদ্যোগ এটা আমাৰ যুৱক-যুৱতীসকলে গঢ় দি তুলিব পাৰে আৰু এই উদ্যোগৰ যোগেদিও তেওঁলোকৰ জীৱিকাৰ পথ মুকলি হ’ব পাৰে। আপোনালোকৰ মনত হয়তো প্ৰশ্ন জাগিব পাৰে যে এই বাদ্যযন্ত্ৰসমূহৰ যেগেদি কেনেকৈ জীৱিকাৰ পথ মুকলি হ’ব পাৰে? এই প্ৰসংগত ক’ব বিচাৰোঁ যে, ইয়াৰ বাবে আমি কষ্ট কৰিব লাগিব, একাণপতীয়াকৈ লাগি থাকিব লাগিব আৰু এই বাদ্যযন্ত্ৰসমূহৰ বিষয়ে আমি সঠিক ৰূপত সঠিকভাৱে প্ৰচাৰ আৰু প্ৰসাৰ যদি কৰিব পাৰোঁ, তেতিয়া দেশ-বিদেশৰ বিভিন্ন ব্যক্তিয়েও এই বাদ্যযন্ত্ৰসমূহ ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব। এই বাদ্যযন্ত্ৰসমূহৰ বিষয়ে বৰ্ণনা আমি বিতংকৈ বিভিন্ন তথ্য প্ৰযুক্তিৰ মাধ্যমেৰে দাঙি ধৰিব পাৰিব লাগিব। ভিডিঅ’, ফটো বা লেখাৰ জৰিয়তে হ’লেও এই বাদ্যযন্ত্ৰসমূহৰ বিষয়ে, তাৰ ব্যৱহাৰৰ কৌশল আৰু ধৰণ সম্পৰ্কে বিতংভাৱে জনাব পাৰিলে ৰাজ্যখনৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ লোকসকলেও এই বাদ্যযন্ত্ৰসমূহ কিনিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব আৰু তেতিয়া কেৱল ব’হাগতেই নহয় বছৰৰ বাৰমাহেই এই বাদ্যযন্ত্ৰসমূহ বিক্ৰী হোৱাৰ সম্ভাৱনা প্ৰবল। এনে এটা পৰ্যায়ৰ বাবে আমি সঠিকভাৱে পৰিকল্পনা কৰিব লাগিব আৰু প্ৰচাৰ কৰিব লাগিব। গতিকে বিহুৰ লগত জড়িত বাদ্যযন্ত্ৰসমূহৰ উৎপাদনো জীৱিকাৰ পথ হ’ব পাৰে।

বিহুৰ সাজপোচাক প্ৰস্তুত কৰাটো জীৱিকাৰ এটা পথ হ’ব পাৰে। বিহুত নাচনীয়ে মুগাসাজ পিন্ধে। আন্তৰ্জাতিক বজাৰত এই সাজযোৰৰ মূল্য যথেষ্ট বেছি। লগতে নাচনীসকলে পৰিধান কৰা বিভিন্ন অলংকাৰৰ ভিতৰত ডিঙিত পিন্ধা জোনবিৰি, ঢোলবিৰি, দুগদুগী, গলপতা ইত্যাদি, হাতত পিন্ধা গামখাৰু আৰু কাণত পিন্ধা কেৰুমণি, থুৰীয়া আদিৰ উৎপাদনো জীৱিকাৰ অৱলম্বন হ’ব পাৰে। অসমৰ গামোচাৰ উৎপাদনৰ ক্ষেত্ৰখন বৰ্হিৰাজ্যই আৱৰি ধৰিছে। আমাৰ কপাহী গামোচাখন এতিয়া পাবলৈ বিৰল। গতিকে বৰ্হিৰাজ্যৰ প্ৰভাৱক উৎখাত কৰিবলৈ আমাৰ যুৱক যুৱতীসকলে মাৰ বান্ধি যুঁজিবলৈ পণ ল’ব লাগিব। এইদৰে আমাৰ যুৱক যুৱতীসকলে গঢ় দি তুলিব পাৰে এক উৎকৃষ্ট উদ্যোগ। বিহুত ঢুলীয়াসকলে পিন্ধা সাজপাৰৰ উৎপাদনো জীৱিকাৰ পথ হ’ব পাৰে। মুঠতে এই সাজপাৰ তথা অলংকাৰসমূহ প্ৰস্তুত তথা উৎপাদন কৰি যুৱক যুৱতীসকলে উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে। এনেকুৱাও নহয় যে এই সাজপাৰসমূহ অকল বিহুৰ সময়তেই পৰিধান কৰা হয়৷ বছৰৰ বাৰমাহে অনুষ্ঠিত হৈ থকা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত, বিভিন্ন উপলক্ষত পতা মেল মিটিঙসমূহতো মুগাসাজ পিন্ধা, বিহুনৃত্য কৰা, বিহুগীত গোৱা আদি পৰিবেশন কৰা পৰিলক্ষিত হয়। গতিকে বিহুৰ লগত সংলগ্ন জীৱিকাৰ এই পথবোৰ অকল যে বিহুৰ সময়তে মুকলি থাকিব তেনে নহয়৷ বছৰৰ বাৰমাহেই বিহুৰ লগত জড়িত সাজপাৰ, আ-অলংকাৰ আদি বিক্ৰী হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। এইসমূহৰ সৰ্বাধিক পৰিমাণৰ উৎপাদনেৰে এখন বজাৰ দখল কৰাৰ প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি যুৱক-যুৱতীসকলে গুৰুত্ব প্ৰদান কৰাটো উচিত। কিন্তু এই কামখিনি কৰিবলৈ যোৱাৰ আগত মন কৰিব লাগিব যে ক’ত এইবোৰ প্ৰস্তুতকৰণৰ বাবে উপযুক্ত কেঁচামাল পোৱা যাব আৰু এনে সাজপাৰ বা আ-অলংকাৰ প্ৰস্তুতকৰণৰ কেন্দ্ৰ সেই অঞ্চলত আছে নে নাই৷ কাৰণ তেনে উদ্যোগ বা কেন্দ্ৰ থকা অঞ্চলত নতুনকৈ এনেধৰণৰ কেন্দ্ৰ এটা স্থাপন কৰিলে লাভৱান হ’ব পৰা নাযাব। এইবাবে বজাৰৰ এক জৰীপ (Market survey) কৰি লোৱাটো প্ৰয়োজন।

বিহু উৎসৱৰ লগত বিভিন্ন খাদ্যসম্ভাৰো জড়িত হৈ আছে, যেনেঃ পিঠাপনা, জা-জলপান আদি। জা-জলপানৰ ক্ষেত্ৰত চিৰা, মুড়ি, ভজা চাউল, কোমল চাউল, বৰা চাউলৰ জলপান, পিঠাগুৰি, হুৰুম, সান্দহ, আখৈ ইত্যাদি আছে৷ তদুপৰি ব’হাগ বিহুৰ সময়ত এশ এবিধ শাক খোৱাৰ পৰম্পৰাও আছে। গতিকে উৎকৃষ্ট মানৰ এনে খাদ্যসম্ভাৰ প্ৰস্তুতকৰণৰ উদ্যোগো অসমত গঢ় লৈ উঠিব পাৰে। অৱশ্যে এই খাদ্যসম্ভাৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা প্ৰবাসী অসমীয়াসকলৰ ওচৰলৈ পঠিওৱাৰ এক ব্যৱস্থাও বৰ্তমান গঢ় লৈ উঠিছে। গতিকে ক’ব বিচাৰিছো যে বিহুৰ সময়ত প্ৰচলিত খাদ্যসম্ভাৰো জীৱিকাৰ এটা পথ হ’ব পাৰে। অৱশ্যে এনে উদ্যোগ গঢ় লৈ উঠিছে যদিও ই যথেষ্ট নহয়। গতিকে আমাৰ যুৱক যুৱতীসকল এনে উদ্যোগ গঢ়ি তুলিবলৈ যদি আগবাঢ়ি আহে তেন্তে তেওঁলোক স্বাৱলম্বী হোৱাৰ লগতে আমাৰ অসমৰ খাদ্যসম্ভাৰে পৃথিৱীজুৰি ৰাইজৰ আগত পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ’ব। তাৰবাবেও ইণ্টাৰনেট, চ’চিয়েল মিডিয়া, য়ুটিউব, ব্লগ, ৱেবছাইট, আলোচনী, বাতৰিকাকত আদিৰ সহায় ল’ব লাগিব। এনেদৰে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা গ্ৰহণ কৰিলে কেবল প্ৰবাসী অসমীয়াসকলেই নহয়, পৃথিৱীৰ বিভিন্ন মানুহে বিহুৰ লগত জড়িত এই খাদ্যসম্ভাৰ গ্ৰহণ কৰিবলৈ নিশ্চয় আগবাঢ়ি আহিব। এনে ব্যৱসায়ৰ পৰা আমাৰ ৰাজ্যখনলৈ এটা অংশ হ’লেও আৰ্থিক সাহায্য আগবঢ়াব পৰা যাব।
হুচৰি, বিহুনৃত্য, বিহুনাম আদি ভালদৰে কৰিব পাৰিলেও সি জীৱিকাৰ এটা পথো হ’ব পাৰে। যিসকলে বিহুগীত ভালদৰে গাব পাৰে, নাচিব পাৰে তেওঁলোকৰ বাবে ইয়ো হ’ব পাৰে জীৱন-জীৱিকাৰ এটা পথ। তদুপৰি তেওঁলোকে চৰকাৰী বা বেচৰকাৰী চাকৰিতো নিযুক্তি লাভ কৰিব পাৰে। তেনে এক উল্লেখযোগ্য ক্ষেত্ৰ হ’ল সাংস্কৃতিক বিভাগ (Cultural Department)। কোনো লোকে যদি পৰিবেশ্য কলা (Performing Arts) বিষয়ত শিক্ষা গ্ৰহণ কৰি চাৰ্টিফিকেট আহৰণ কৰিব পাৰে তেন্তে তেওঁলোকে সাংস্কৃতিক দিশৰ যিকোনো ক্ষেত্ৰত নিযুক্তি লাভ কৰিব পৰাৰ সম্ভাৱনা প্ৰবল। সেইদৰে অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাত পাৰদৰ্শিতা দেখুৱাব পাৰিলে তাৰপৰাও পুৰস্কাৰ হিচাপে নগদ ধন লাভ কৰিব পাৰে। তেনে প্ৰতিযোগিতাবোৰ হ’ল, বিহুৰাণী, বিহুকুৱঁৰী, বিহুৱা, হুঁচৰি প্ৰতিযোগিতা আদি। গতিকে এইক্ষেত্ৰত আগ্ৰহীসকলে যদি বৃত্তিমূলকভাৱে ইয়াক গ্ৰহণ কৰে তেন্তে ইয়ো হ’ব পাৰে জীৱন- জীৱিকাৰ এটা পথ।
এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে, নতুনকৈ প্ৰৱৰ্তন হ’বলগীয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে থলুৱা সংস্কৃতিৰ ওপৰত বিশেষ গুৰুত্ব দিছে। ইতিমধ্যে অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে শ্ৰেণীৰ পাঠ্যক্ৰমত তাত্ত্বিক (Theoretical) আৰু ব্যৱহাৰিক (Practical) পাঠ্যক্ৰম সন্নিৱিষ্ট কৰিছে য’ত বিহু বিষয়টোও সন্নিৱিষ্ট কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ যেতিয়া প্ৰযোজ্য হ’ব তেতিয়া আমি সকলোৱে আমাৰ ভাষা, সংস্কৃতিক অন্তঃকৰণেৰে অধ্যয়ন কৰিব লাগিব আৰু তেতিয়া বিহুত ব্যৱহৃত বাদ্যযন্ত্ৰসমূহেও এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব।

আমি আশাবাদী যে আমাৰ যুৱক-যুৱতীসকলে এই সকলো দিশক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি নিজৰ লগতে ৰাজ্যখনকো আৰ্থিকভাৱে সবল কৰি তুলিব। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে যদি জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।
[কৃতজ্ঞতা স্বীকাৰ: ড° জাহ্নৱী লহকৰ বৰুৱা]

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!