বিহুনামত প্ৰকৃতি চিত্ৰণঃ
লেখক- পদ্মজা বৰুৱা মহন
“উজায়ে আহিলে মাছে কি মগৰে
উজায়ে আহিলে শিহু।
গছে পাত সলালে কুলিয়ে বিনালে
পালেহি ব’হাগৰ বিহু।।”
কৃষি উছৱ বিহুৰ মূল উৎস হ’ল প্ৰকৃতি আৰু এই প্ৰকৃতি জড়িত হৈ আছে নৈ, পথাৰ, হাবি-বননি, পাহাৰ-পৰ্বত আদিৰ লগত। প্ৰকৃতিক কেন্দ্ৰ কৰিয়েই অপূৰ্ব লোকসাহিত্যৰ সৃষ্টি এই বিহুনামবোৰৰো উদ্ভৱ হৈছে। অতি সহজ-সৰল ভাষাৰ এই বিহুনামবোৰে অতীতৰ পৰাই অসমীয়া লোকসমাজত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে।
পৰিৱৰ্তনশীল ছয় ঋতুৰ ভিতৰত অন্যতম ঋতুটো হৈছে বসন্ত। ই প্ৰকৃতিৰ যৌৱনাৱস্থা। এই ঋতুৰ পৰশ লাগিয়েই বিনন্দীয়া প্ৰকৃতি দেৱী ৰঙে-ৰসে উপচি পৰে আৰু ৰূপ-লাৱণ্যত জেউতি চৰে। গছে কুঁহিপাত মেলে, আমে মলিয়াই, কঁঠালে মুচিয়াই, গছৰ ডালত কপৌফুল ফুলে। কুলি-কেতেকী, মইনা আদি চৰাইৰ মাতত আকাশ মুখৰ হয়। সখীয়তী চৰায়ে সখী ঔ সখী ঔ আৰু বিহুৱতী চৰায়ে বিহু-বিহু বুলি চিঞৰেহি। প্ৰকৃতিৰ এই অনন্য ৰূপত বিভোৰ হৈ পৰে ডেকা-গাভৰু, ল’ৰা-বুঢ়া সকলো। তেনে এটি পৰিৱেশতে কোনো অনামী চহা কবিৰ মুখেৰে নিগৰি আহে বিহুনামৰ কলি,
“ন পানী বাঢ়িলে নাহৰ ফুল ফুলিলে
আঁহতে সলালে পাত।
কুলি কেতেকীয়ে ইনালে বিনালে
বিহু বিহু লাগিছে গাত। ।”
বিহু অসমীয়াৰ বুকুৰ কুটুম, আঁচলৰ ধন, অসমীয়া সমাজ-সংস্কৃতিৰ চিনাকি। চোতালত, মঞ্চত বিহু মৰাৰ বহু আগতে মানুহে পথাৰৰ মাজত, পাহাৰ-অৰণ্যৰ কাষত, গছৰ তলত বিহু মাৰিছিল। তেতিয়াৰ পৰিৱেশো আজিৰ দৰে যান্ত্ৰিক-কোলাহল পূৰ্ণ আৰু কৃত্ৰিম নাছিল। বেছিভাগ মানুহ আছিল কৃষিজীৱী। খেতি-খোলা কৰি খোৱা মানুহবিলাক উন্মুক্ত প্ৰকৃতিৰ লগত একাত্ম হৈ আছিল। বসন্তৰ পৰশত কুঁহিপাতে সেউজ কৰা গছ-বিৰিখ, ন পানী পাই উজাই অহা মাছ, বৰ্ষাসিক্ত শাওণৰ পথাৰ, সোণালী ধাননি, গছ ভৰি ফুলা নাহৰ-তগৰ আদি বিবিধ ফুল, কুলি-কেতেকী, মইনা আদি চৰাইৰ মাত, এই সকলোবোৰৰে তেওঁলোকে সান্নিধ্য পাইছিল আৰু এইবোৰকে উপমা হিচাপে লৈ ৰচনা কৰিছিল বিহুনামবোৰ।
“হাবিত জুই লাগিলে এ ভনী
কুকুহা ঐ উৰিলে
ডঁৰিকে ঐ আছিলে চাই।
ভদৰকলি চৰায়ে এ ভনী
পৰাচিত ঐ কৰিলে
তোমাকে ঐ আনিব পাই।।”
আকৌ, “নৈৰ ৰঙাগৰা দলনি দোপনি
হৰিণাই চিঞৰে বনত।
তোমাৰে সন্তাপত থাকিব নোৱাৰোঁ
মৰোঁগৈ শদিয়াৰ ৰণত।।”
গণশিল্পী হেমাংগ বিশ্বাসে কৈ গৈছে, “যি নাই বিহুগীতত, সি নাই অসমত। যি নাই অসমত, সি নাই বিহুগীতত। অসম আৰু অসমীয়া জনমানসৰ নিৰ্ভুল দাপোণ এই বিহু। অসমৰ পাহাৰ-পৰ্বত, চৰাই-চিৰিকটি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে ‘পেনোৰামা’ ভাৰতৰ লোকসংগীতত বিৰল। বিহুৰ সাহিত্যিক আৰু সাংগীতিক ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ সৌধ।”
বিহুনামবোৰ হ’ল প্ৰকৃতিৰ চিৰন্তন ৰূপ বিকশিত হোৱা গীত। অসমীয়া ভাষাত এই বিহুনামবোৰৰ কেতিয়া সৃষ্টি হৈছিল তাৰ কোনো সঠিক তথ্য নাই যদিও ড° অনিল শইকীয়া দেৱৰ “ক্ৰমবিকাশত ব’হাগ বিহু” নামৰ প্ৰবন্ধটোত পোৱা মতে পৰম্পৰাগতভাৱে চলি অহা বিহুনামসমূহ এহেজাৰ বছৰৰ অধিক পুৰণা হ’ব নোৱাৰে।
একেদৰে তাহানিতে হেমচন্দ্ৰ গোস্বামী দেৱে কোৱা মতে মৌখিকভাৱে চলি অহা বিহুনামখিনি পাঁচশ বছৰতকৈ বেছি নহয়।
বিহুনামৰ সৌন্দৰ্য সঁচাকৈয়ে অনুপম। অসমখনি হ’ল প্ৰকৃতিৰ ৰাণী। প্ৰকৃতিয়ে অসমী আইক অকৃপণ হাতেৰে প্ৰাকৃতিক উপাদানসমূহ দান কৰি মহিমাময়ী কৰি তুলিছে। অসমীৰ এই বিনন্দীয়া ৰূপটো চহা নিৰক্ষৰ কৃষিজীৱী ৰাইজে উপলব্ধি কৰিব পাৰিছিল আৰু প্ৰতিটো বিহুনামত এই বিনন্দীয়া প্ৰকৃতিৰ চিত্ৰণ কৰিছিল।
“ঐ গছে বনে সলালে পাত….
শুকান নৰা ছিঙি
বতাহ হ’ল বাউলি
বিহুলৈ কাটিলে বাট।।”
“চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি
ফুলিলে ভেবেলি লতা।
কৈনো কৈ থাকিলে ওৰকে নপৰে
ৰঙালী বিহুটিৰ কথা।।”
প্ৰকৃতিৰ এক অন্যতম অৱদান নদ-নদী। ব্ৰহ্মপুত্ৰ অসমৰ প্ৰধান নদী। বৰনৈ, চিৰিলুইত আদি নামেৰেও জনাজাত এই ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈ বিলাকক লৈ কত বিহুনামৰ ৰচনা হৈছে তাৰ লেখ-জোখ নাই।
“চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলা
চিৰি লুইতলৈ চাই।
চিৰিলুইতে কিৰিলি মাৰিলে
ধনে নাও মেলি যায়। ।
“দৰিকা দিচাঙে হ’ল ঐ এবুকু
দিখৌ এৰাসুঁতি হ’ল।
তোমাৰে তামোলখন মুখলৈ নিওঁতে
বুকু চমেচমাই গ’ল।।”
“দিখৌ নৈ এৰিব পাৰোঁ মই মইনা
দিহিং নৈ এৰিব পাৰোঁ।
চেনেহৰ বিহুটি এৰিব নোৱাৰোঁ
নেখায়ো থাকিব পাৰোঁ।।”
বিহুৰ আনন্দ স্বাভাৱিক আৰু স্বতঃস্ফূৰ্ত। প্ৰকৃতিৰ আহ্বানৰ লগে লগেই অসমীয়া মানুহৰ অন্তৰত আপোনা-আপুনি নিগৰিত হয় সুখ আৰু আনন্দৰ বন্যা আৰুএই সুখানূভূতিয়ে প্ৰকাশৰ বাট বিচাৰি অসমীয়াৰ অন্তৰত হাহাকাৰৰ সৃষ্টি কৰে। নৈৰ পাৰত, বিৰিখৰ তলত অথবা কোনো নিজান বনত উকিয়াই-সুহুৰিয়াই তেওঁলোকে এই আনন্দ প্ৰকাশ কৰে। এনেকৈয়ে এদিন সৃষ্টি হ’ল বিহুনামৰ। চহা জনতাৰ মুখেদি স্বতঃস্ফূৰ্ত ভাৱে নিৰ্গত হোৱা এই বিহুনামবোৰে নিঃসন্দেহে অসমৰ সাংস্কৃতিক ঐতিহ্য সমৃদ্ধ কৰি ৰাখিছে।
বসন্ত আহিলে ফুলে-ফলে ভৰি পৰে বসুন্ধৰা। কপৌ-কেতেকী, নাহৰ-তগৰৰ কথা বাদেই, আনকি গোন্ধহীন মদাৰেও স্থান পাইছে বিহুনামত,
“কেলৈ ফুলিলি ৰূপহী মদাৰ ঐ
কেলৈ পেলালি কলি।
গুৰুকো নেলাগে ভকতকো নেলাগে
থাক তলেভৰি সৰি।।”
“ঔ ফুল ফুলিলে জগতে জানিলে
থেকেৰা ফুলিলে ৰাতি।
আমাৰে নাচনী ওলায়ে আহিছে
যেন হালধিৰে গাঁঠি।।”
বিহুনামত চিত্ৰিত হৈছে অসমখনক অতন্দ্ৰ প্ৰহৰীৰ দৰে আৱৰি ৰখা ওখ ওখ পৰ্বত- পাহাৰবিলাকো। কোনোবাটো বিহুনামত বিহুৱা ডেকাই নাচনীলৈ পাহাৰ বগাই বগাই কপৌফুল আনিছেগৈ, কোনোবাটোত আকৌ চটাই পৰেবতখন ধুঁৱলি কুঁৱলি হোৱাৰ কথা কৈছে।
“পৰ্বতত চৰিলে ৰাঙলী হৰিণী
আনো ভৈয়ামলৈ টানি।
হাঁহিবৰ চলেৰে কান্দি মই পেলালোঁ
তোমাক পানীঘাটত দেখি।।”
“নৈৰে শুৱনি গঙাকৈ চিলনী
পৰ্বতৰ শুৱনি মিৰি
ডেকাৰে শুৱনি ভৰিৰ কলাফুল
গাঁৱৰে শুৱনি তিৰী।।”
শাওণৰ পথাৰ, আঘোণৰ ধাননি, কঠীয়ানি এইবোৰ কৃষক ৰাইজৰ তেনেই আপোন। শস্যক্ষেত্ৰ আৰু কৃষক, এই দুইৰ মাজৰ সম্পৰ্ক বিহুনামবোৰত বৰ সুন্দৰকৈ প্ৰতিভাত হোৱা দেখা যায়।
“লুইতৰ বানে নিলে মোৰ পথাৰখন
হাতত খেতি-খোলা নাই।
বাৰীঘৰ গোহালি তাকো সামৰিলে
ভেঁটিটোও উচন যায়।।”
“ধাননি পথাৰত ৰবাব বখলিয়াই
নৰাত বহি বহি খাওঁ।
ডাঙৰি কান্ধত লৈ চেনাই যোৱা দেখি
আলেঙে আলেঙে চাওঁ।।”
“দলনি পথাৰত গোনাম’হৰ ওপৰত
ধনে নামে গালে ৰৈ,
যাবও নোৱাৰোঁ ৰ’বও নোৱাৰোঁ
আহে চকুপানী বৈ।।”
“দলনি পথাৰৰ বোকা ঐ মইনা
দলনি পথাৰৰ বোকা।
বোকাৰ মাজতে ম’হজোক আছিল
মোকে ঐ কৰিলে সখা।”
“মাছৰে চিকুণে কান্ধূলি বৰণে
চৰাইৰে চিকুণে কুলি।
চেনেহী চিকুণে কেতেকী বৰণে
আছিলি কঠিয়া তুলি।।”
“বৰহমথুৰিৰ বোলেৰে ওঁঠটি বোলালা
জেতুকাৰে বোলালা হাত
কিনো চাৱনিৰে মন মোৰ মুহিলা
ততে নাইকিয়া গাত।।”
“হাততো জেতুকা ভৰিতো জেতুকা
কোনে দিলে জেতুকা বটি।
ৰাঙলী মদাৰত ৰুলোঁ পাণ পুলি
কোনে চপাই দিলে মাটি।।”
বসন্ত কালত মেঘে ঘিটঘিটাই, বৰষুণ নামে। খাল-বিল, নৈ-নিজৰা, পথাৰ আদি পানীৰে উপচি পৰে। মাছ উজায়। কৃষিজীৱী ৰাইজে চেপা, থোহা পাতি মাছ ধৰে, কেতিয়াবা হয়তো কঠীয়ানিতে জকাইখন চবিয়াই চায়। বিহুনামৰ জৰিয়তে আমি তাৰ উমান পাওঁ,
“আলিটি কাটি যাওঁ চেপাটি পাতি যাওঁ
মাগুৰ মাছ এহালি পাওঁ।
নিজেও নেখাওঁ আনকো নিদিওঁ মই
নাচনীলৈ সামৰি থওঁ।।”
“এ দেহি এ দেহি
কঠিয়া তলিতে
এ দেহি এ দেহি
পানী চলু চলু
এ দেহি এ দেহি জাকৈ নো চাবে মাৰি চাওঁ
এ দেহি এ দেহি
পাওঁৱে কি নেপাওঁৱে
এ দেহি এ দেহি ডেৱে দৰিকণা
এ দেহি এ দেহি মনকে পতিয়াই যাওঁ।।”
সামৰণিত আমাৰ ক’বলগীয়া এয়াই যে প্ৰকৃতি জীয়াই থাকিলেহে অসমৰ প্ৰাণ, অসমৰ মান বিহু আৰু বিহুনাম জীয়াই থাকিব। এই কথা পুৰণি সমাজৰ বিহুৱাসকলে অন্তৰেৰে উপলব্ধি কৰিছিল আৰু প্ৰকৃতিৰ মনোমোহা ৰূপক লৈ বিহুনাম সমূহ ৰচনা কৰিছিল। আজিৰ বিহুৱা ডেকা-গাভৰুৱে কিন্তু
অসমৰ বিনন্দীয়া প্ৰকৃতিৰ লৈ বিহুনাম ৰচিব নোৱাৰে কিয়নো অসমৰ বিনন্দীয়া প্ৰকৃতি আজি ধ্বংসৰ গৰাহত। বৰ্দ্ধিত জনসংখ্যা, বিদেশীৰ আগ্ৰাসন, উন্নয়নৰ নামত কৰা কিছুমান নেতিবাচক কামে অসমৰ নদন-বদন প্ৰকৃতিক ক্ৰমে দেউলীয়া কৰি আনিছে।
বিহু সংস্কৃতিক মহীয়ান কৰি অহা অসমৰ গছ-বিৰিখ, চৰাই- চিৰিকটি, পৰ্বত-পাহাৰ, নৈ-নিজৰা, মাছ-কাছ সকলো আজি ধ্বংসৰ মুখত। ক্ৰমাৎ বিলুপ্তিৰ দিশে আগবাঢ়িছে বিহু, বিহুনাম, বিহুৰ পৰম্পৰা আৰু অসমৰ বাপতি সাহোন বিহুটিৰ সৈতে এৰাব নোৱাৰা সম্পৰ্ক থকা প্ৰকৃতিৰ। বিহুনামেও পূৰ্বৰ ৰং আৰু মৰ্যাদা হেৰুৱাইছে। স্বয়ম্ভূ গায়কৰ উদ্ভট ভাব-ভাষাৰে, বিহুনামৰ বাদ্যযন্ত্ৰ জলাঞ্জলি দি অত্যাধুনিক বাদ্যযন্ত্ৰ সংগত কৰি বিহুনাম বুলি গোৱা বাৰেভচহু গীতসমূহে সমাজখন চানি ধৰিছে।
সেয়ে, সময় থাকোঁতেই আমি সকলোৱে লগ লাগি এই অমূল্য প্ৰকৃতি সংৰক্ষণ কৰাৰ লগতে বিহুনাম সমূহো সংৰক্ষণ বাবে প্ৰচেষ্টা হাতত লোৱা উচিত।
পুনৰ এটি বিহুনামেৰে আজিৰ এই প্ৰবন্ধটিৰ সামৰণি মাৰিছোঁ,
“পৰ্বতৰ ঢেঁকীয়া লিহিৰি লিহিৰি
দেখিলে খাবৰ মন যায়।
অতিকে চেনেহৰ ব’হাগৰ বিহুটি
হাততে মলঙি যায়।।”