কৃষিত ব্যৱহৃত থলুৱা প্ৰযুক্তিজ্ঞান আৰু জৈৱিক কৃষিৰ সম্ভাৱনাঃ
লেখক- ৰুদ্ৰ নাৰায়ণ বৰকাকতি
অসমৰ মুঠ ভূখণ্ড প্ৰায় ৭৮.৪৩ লাখ হেক্টৰ মাটিত বিস্তৃত হৈ আছে। ইয়াৰে প্ৰায় ৩৯.৭৪ লাখ হেক্টৰ ভূমি কৃষিক্ষেত্ৰৰূপে ব্যৱহৃত আৰু গ্ৰাম্য জনসংখ্যাৰ হিচাপ হ’ল ২৬৮.০৭ লাখ। অসমৰ জনসংখ্যাৰ সিংহভাগৰ কাৰণে কৃষিয়েই আয়ৰ মূল ভেটি বা প্ৰাথমিক উৎস। অসমীয়া কৃষকৰ অধিকাংশই ক্ষুদ্ৰ তথা উপান্ত আৰু তেওঁলোকে বিশেষকৈ জৈৱিক পদ্ধতিৰে শস্যৰক্ষাৰ পদ্ধতিৰ খেতিক পচন্দ কৰে। সৌভাগ্যক্ৰমে, বিভিন্ন উপযোগী পৰম্পৰাগত জ্ঞানৰ লগতে থলুৱা কৌশলৰ প্ৰয়োগৰ বিষয়ে অসমীয়া খেতিয়কসকল সমৃদ্ধ আৰু এইবোৰ কৌশলক কৃষকসকলে ঠেকি ঠেকি শিকি সময়ৰ অগ্ৰগতিৰ লগতে নিজক বিকশিত কৰিছে। এই পৰম্পৰাগত কৌশলক থলুৱা প্ৰযুক্তিজ্ঞান (Indigenous Technical Knowledge বা চমুকৈ ITK) বুলি ক’ব পাৰি। জৈৱিক কৃষিৰ দৃষ্টিকোণৰ পৰা এই থলুৱা প্ৰযুক্তিজ্ঞানবোৰৰ যথেষ্ট গুৰুত্ব আছে। থলুৱা প্ৰযুক্তিজ্ঞানসমূহ কোনো বিশেষ এটা থলুৱা সম্প্ৰদায়ৰ দক্ষতা, অনুশীলন আৰু প্ৰযুক্তিৰ একত্ৰীকৰণৰ লগতে কৃষকসকলৰ মাজত অনানুষ্ঠানিকভাৱে কথিত ৰূপত এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ প্ৰবাহিত হৈ আহিছে। পৰৱৰ্তী সময়ত এই থলুৱা প্ৰযুক্তিজ্ঞানসমূহ নথিভূক্ত নোহোৱাৰ বাবেই বা ইয়াৰ ফলাফল লেহেমীয়া হোৱাৰ লগতে কৃষিক্ষেত্ৰত কৃত্ৰিম কীটনাশকৰ
প্ৰৱেশৰ পৰিণতিত এটা সময়ত পাহৰণিৰ গৰ্ভত হেৰাই যোৱাৰো অৱকাশ আছে। যিকোনো শস্যৰ পৰিৱেশতন্ত্ৰত সহাৱস্থান কৰা অপকাৰী পোক-পতংগ আৰু এইবোৰৰ প্ৰাকৃতিক শত্ৰুৱে একধৰণৰ প্ৰকৃতিক ভাৰসাম্য বৰ্তাই থাকে। কিন্তু ৰাসায়নিক কীটনাশকৰ ওপৰত অধিক নিৰ্ভৰশীলতাই অপকাৰী আৰু উপকাৰী উভয়বিধ কীটকে নাশ কৰাৰ ফলত কৃত্ৰিম কীটনাশকৰ ক্ষমতা হ্ৰাস হোৱাৰ পাছত উপকাৰী প্ৰাকৃতিক শত্ৰুৰ অনুপস্থিতিত অপকাৰী কীট-পতংগৰ বংশবৃদ্ধি দ্ৰুতগতিত ঘটে যাৰ ফলত ইতিমধ্যে কৈ অহা প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত বাধাৰ সৃষ্টি হোৱাৰ উপৰিও অনিষ্টকাৰী পোক-পতংগৰ দেহত প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি হোৱাৰ বাবে পৰিৱেশৰ ক্ষতিৰ উপৰিও কীট-পতংগৰো বৃদ্ধি হ’ব পাৰে।
ভাৰত চৰকাৰে উত্তৰ-পূব ভাৰতত বহল ৰূপত জৈৱিক কৃষি প্ৰযুক্তি গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দেশৰ এই কৃষিনিৰ্ভৰ অঞ্চলটো সেউজ বিপ্লৱৰ সময়চোৱাত অনীহা বা গুৰুত্বহীনতাৰ বাবেই বা আন কিবা কাৰণত ইয়াৰ অধিকাংশ কৃষিভূমিয়েই জৈৱিক হৈ ৰ’ল। গতিকে তেনে অঞ্চলত নিৰ্বাচিত কিছুমান থলুৱা প্ৰযুক্তিজ্ঞান ব্যৱহাৰ কৰি শস্য ৰক্ষা কৰি, জৈৱিক কৃষিক আৰু আগুৱাই নিব পাৰি। স্থানীয়ভাৱে উপলব্ধ বনজ ঔষধি উদ্ভিদ তথা ইয়াৰ উপজাত সামগ্ৰী, ঘৰচীয়া প্ৰাণীৰ গোবৰ আদিৰ ব্যৱহাৰেৰে কীট-পতংগৰ সফল নিয়ন্ত্ৰণ সম্ভৱ। আগতেও উল্লেখ কৰিছোঁ যে বহুতো থলুৱা প্ৰযুক্তিজ্ঞানৰ বিষয়ে সঠিকভাৱে জনা নাযায় আৰু সেইবোৰত উপযুক্তভাৱে মনোযোগো দিয়া হোৱা নাই। কেৱল অসমতে নহয়, সামগ্ৰিকভাৱে ভাৰতীয় প্ৰেক্ষাপটতো এই থলুৱা প্ৰযুক্তিজ্ঞানসমূহ এটা প্ৰজন্মৰ পৰা পিছৰ প্ৰজন্মলৈ মৌখিকভাৱেই প্ৰেৰণ কৰাৰ ফলত বিভিন্ন স্তৰত সঠিক যোগাযোগৰ ব্যৱধানৰ সৃষ্টি হোৱাৰ লগতে প্ৰকৃত তথ্যৰ ভুল বৰ্ণনাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। প্ৰায়ে দেখা যায় যে কিছুমান মানুহে নিজৰ সম্প্ৰদায়ে অনুশীলন কৰা থলুৱা প্ৰযুক্তিজ্ঞানবোৰ লুকুৱাবলৈ চেষ্টা কৰে বা নিজৰ থলুৱা প্ৰযুক্তিজ্ঞান আনৰ আগত প্ৰকাশ কৰিবলৈ ভাল নাপায়। গতিকে থলুৱা
প্ৰযুক্তিজ্ঞানসমূহৰ উপযুক্ত প্ৰক্ৰিয়াৰে নথিভূক্ত কৰাৰ লগতে পদ্ধতিগত অনুসন্ধান আৰু পৰিশোধনৰ দ্বাৰা জৈৱিক কৃষিৰ বাবে ইয়াক কাৰ্যকৰী কৰিব পৰা যায়। গতিকে আমি এই লেখাৰ যোগেদি অসমৰ কৃষকসকলে চৰ্চা কৰা কিছুমান গুৰুত্বপূৰ্ণ পৰম্পৰাগত জ্ঞানক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছোঁ।
অসমৰ কৃষকে ব্যৱহাৰ কৰা কিছুমান থলুৱা প্ৰযুক্তি জ্ঞানঃ
১) ধান ৰোপণৰ আগতে কঠীয়াৰ আগ কাটি পেলোৱা: মূল পথাৰত ধানৰ কঠীয়া ৰোপণ কৰাৰ আগতে কঠীয়াৰ আগ অংশ কাটি গৰু-ছাগলীক খাবলৈ দিব লাগে। ইয়াৰ দ্বাৰা মজাখোৱা, পাতমেৰিওৱা, চৰহা আদি পাতৰ আগত কণী পৰা পোকবিলাকক নিয়ন্ত্ৰণ কৰা সম্ভৱ। ধান অসমৰ গুৰুত্বপূৰ্ণ শস্য আৰু কৃষক সমাজৰ অধিকাংশই ধানখেতিত নিয়োজিত। চাহখেতিক অসমত ধনী মানুহৰহে ব্যৱসায় বুলি গণ্য কৰা হয়।
২) বাঁহৰ জেং স্থাপন: ধাননি পথাৰত বাঁহৰ জেং বা ইংৰাজী টি আকাৰৰ লাখুটি, ধানৰ মণি ধৰাৰ আগতে স্থাপন কৰি পাছত আঁতৰাই পেলালে ধাননিডৰাক তৃণভোজী চৰাইৰ পৰা ৰক্ষা কৰিব পাৰি। বাঁহৰ জেঙত চৰাইবোৰে জিৰণি ল’বলৈ ব্যৱহাৰ কৰাৰ লগতে পলু আৰু প্ৰাপ্তবয়স্ক পৰ্যায়ৰ কীট-পতংগক চিকাৰ কৰি কৃষকক সকাহ দিয়ে। ইয়াৰ উপৰিও কোমল বাঁহৰ ৰসত উপস্থিত হাইড্ৰ’চাইনিক এচিড (HCN)ৰ দৰে কিছুমান ৰাসায়নিক পদাৰ্থই পখিলাজাতীয় কীট-পতংগৰ অপৰিপক্ব পৰ্যায় (অৰ্থাৎ পলু / লেটা) আদিক নিৰ্মূল কৰিবলৈ সক্ষম হয়।
৩) আকাশ বন্তি স্থাপন কৰা: কাতি বিহুৰ সময়ত (অক্টোবৰ -নৱেম্বৰ) ধানৰ মণিধৰা সময়ত ধাননি পথাৰত আকাশ বন্তি স্থাপন কৰিলে পোহৰৰ ফালে আকৰ্ষিত উৰন্ত পোকবোৰ জুইৰ শিখাত জ্বলি মৃত্যুমুখত পৰে।
৪) ভঁৰালত কীট-পতংগ ব্যৱস্থাপনা: ধানৰ ভঁৰালত দেখা দিয়া পতংগ (যেনে Corcyra cephalonica, Sitophilus oryzae আদি) দমনৰ বাবে ভঁৰালৰ ভিতৰত ধান থৈ, তাৰ ওপৰত নিম বা নৰসিংহৰ শুকান পাত ৰাখিলে সেই পাতবোৰত থকা ঔষধি গুণৰ বাবে অপকাৰী কীট-পতংগৰ উপদ্ৰৱ যথেষ্ট কমে।
৫) উদ্ভিদজাতীয় দ্ৰৱৰ স্প্ৰে’: ধানৰ অপকাৰী কীট-পতংগ অৰ্থাৎ মজাখোৱা, পাতমেৰিওৱা, চৰহা নিয়ন্ত্ৰণৰ বাবে ধাননি পথাৰত নিমৰ গুটিৰ মিশ্ৰণ (১০ গ্ৰাম শুকান নিমৰ গুটিৰ গুড়ি ১লিটাৰ পানীত নিশাটোৰ বাবে তিয়াই চেকি) প্ৰয়োগ কৰাটো এটা সাধাৰণ প্ৰথা। নিমত থকা ৰাসায়নিক যৌগ এজাদিৰেক্টিনৰ কীটনাশক গুণ আছে যিয়ে পোক-পৰুৱাৰ বৃদ্ধি ৰোধ কৰিব পাৰে।
৬) তৃণভোজী চৰাইৰ ব্যৱস্থাপনাঃ পূৰ্বতে প্ৰায়বোৰ গ্ৰাম্য অঞ্চলতে, ধাননি পথাৰত টেপ ৰেকৰ্ডাৰৰ কেছেটৰ ৰিল বান্ধি ধান খেতিৰ ওপৰেৰে বান্ধি ৰাখি মণিধৰাৰ পাছত ধাননি পথাৰত চৰাইৰ ক্ষতি নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা এক সাধাৰণ প্ৰথা আছিল। অৱশ্যে আজিকালি কেছেটৰ ৰিল পোৱা নাযায় যদিও টেকেলীত মানুহৰ দৰে আঁকি-বাকি কাপোৰ পিন্ধাই চৰাই বা আন তেনে প্ৰাণী খেদা নিয়মটো এতিয়াও পৰিলক্ষিত হয়।
৭) মাহজাতীয় শস্যত ব্ৰুকিড পোক ব্যৱস্থাপনা: সংৰক্ষণৰ পূৰ্বে প্ৰতি কিলোগ্ৰাম মাহজাতীয় শস্যত ১০ মিলিলিটাৰ সৰিয়হৰ তেল মিহলাই ব্যৱহাৰ কৰিলে ব্ৰুকিড পোক (Callosobruchus spp.) নিয়ন্ত্ৰণত সহায়ক হয়। এই পদ্ধতিৰে ব্ৰুকিডৰ প্ৰাধান্য কীটনাশকেৰে শোধন কৰা বীজতকৈ হ্ৰাস পায়। তদুপৰি তেল আৱৰণযুক্ত বীজে বায়ুৰ পৰা আৰ্দ্ৰতা শোষণ বাধাগ্ৰস্ত হয়। অসমৰ আৰ্দ্ৰ পৰিস্থিতিত ইয়াক অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে।
৮) ৰঙা পৰুৱা ব্যৱস্থাপনা: ৰঙা পৰুৱা (Dorylus orientalis) ব্যৱস্থাপনাৰ বাবে শেহৰবাৰ মাটি চাহ কৰাৰ পিছত ভালদৰে মিহিহোৱা মাটিৰ সৈতে সৰিয়হৰ খলিহৈ মিহলোৱা প্ৰয়োজন। সৰিয়হৰ খলিহৈত থকা ৰাসায়নিক পদাৰ্থই ৰঙা পৰুৱাবোৰক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব পাৰে।
৯) পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে ফুটচাই ব্যৱহাৰ: আলু-বেঙেনা আদি গছৰ গুৰিত ফুটচাই প্ৰয়োগ কৰি অপকাৰী এপিলেকনা বিটল (Henosepilachna vigintioctopunctata) আৰু ৰঙা পৰুৱা(Dorylus orientalis) নিয়ন্ত্ৰণ সম্ভৱ হয়। ছাইৰ দ্বাৰা অপকাৰী পতংগ নিৰ্মূলৰ লগতে পটাছৰ দ্বাৰা উদ্ভিদৰ পুষ্টি সাধন ঘটে যাৰ ফলত কীট-পতংগৰ বিৰুদ্ধে গছৰ সহনশীলতা বৃদ্ধি পায়।
১০) নেমুৰ গা-গছত চূণেৰে ৰং কৰা: নেমুৰ গা-গছত চূণৰ পেষ্ট (১: ২৫ অনুপাতত চূণ: পানী)ৰে মাটিৰ পৰা প্ৰায় ১.৫ মিটাৰ উচ্চতালৈকে প্ৰলেপ দিয়াৰ লগতে নেমুৰ ডালৰ ভিতৰত আক্ৰমণ কৰা গা-গছ বিন্ধোৱা পোক নিয়ন্ত্ৰণৰ বাবে পোকে কৰা ফুটাবোৰ বোকাৰে বন্ধ কৰাটো এটা অতি পুৰণি প্ৰথা। এই প্ৰতিৰোধমূলক ব্যৱস্থাটো মাৰ্চ/এপ্ৰিল মাহত খাচী মেণ্ডেৰিন বা কমলা (Citrus reticulata) ত অনুসৰণ কৰা হয় যিয়ে প্ৰাপ্তবয়স্ক পতংগক কণী পৰাত বাধা দিয়ে।
১১) আমগছৰ ডাল ধানৰ খেৰেৰে বান্ধি ৰখা: ভোগালী বিহু (মকৰ সংক্ৰান্তি)ৰ দিনা ধানৰ খেৰেৰে তৈয়াৰী ৰছীৰে মাটিৰ পৰা অলপ ওপৰত আমগছ বান্ধি দিয়াটো অসমীয়া মানুহৰ এক অনন্য পৰম্পৰা। মিলি বাগকে ধৰি মাটিত বাস কৰা পোক-পৰুৱাক আমগছৰ ওপৰলৈ বগুৱা বাই উঠিবলৈ, ধানৰ খেৰৰ নৰাই বাধা দিয়ে। অসমৰ এই প্ৰথাৰ প্ৰায় অনুৰূপ হিমাচল প্ৰদেশৰ লাহুৱাল-স্পিটি জিলাৰ কৃষকসকলেও কণমানি আপেল গছৰ কোমল ডালবোৰ কাপোৰৰ টুকুৰা বা ৰছীৰ সহায়ত মূল ঠাৰিৰে বান্ধি প্ৰচণ্ড বৰফ পৰাৰ সময়ত ভাঙি যোৱাৰ পৰা ৰক্ষা কৰে।
উপসংহাৰঃ শেহতীয়াকৈ যুগ যুগ ধৰি চলি অহা থলুৱা প্ৰযুক্তিজ্ঞানৰ গুৰুত্ব আৰু সুস্থ পৰিৱেশৰ বাবে এইবোৰৰ ভূমিকা কিছু পৰিমাণে উপলব্ধি কৰা হৈছে। কৃষক সকলৰ মাজত থলুৱা প্ৰযুক্তি জ্ঞানৰ প্ৰতি সজাগতা সৃষ্টি কৰি ইয়াৰ সংৰক্ষণৰ প্ৰতি মন দিয়াৰ প্ৰয়োজন। তদুপৰি, থলুৱা প্ৰযুক্তিজ্ঞানক জৈৱিক কৃষিৰ অবিচ্ছেদ্য উপাদান হিচাপে নিয়মীয়া প্ৰয়োগৰ পৰ্যায়লৈ আনিব লাগে। জৈৱিক কৃষি পদ্ধতিত এইবিলাকৰ উপযুক্ত মাত্ৰা আৰু প্ৰয়োগৰ সঠিক সময়ৰ দৰে পূৰ্ব-প্ৰয়োজনীয় তথ্যৰ বাবে বৈজ্ঞানিক বিশ্লেষণৰ জৰিয়তে প্ৰামাণিকৰণৰ আৱশ্যক। লগতে, থলুৱা প্ৰযুক্তি জ্ঞানক ভাৰতৰ প্ৰতিজন অপুষ্টিকৰ নাগৰিকৰ পুষ্টিৰ অভাৱৰ বিৰুদ্ধে যুঁজি বহনক্ষম কৃষিৰ বাবে বিবেচনাপূৰ্ণভাৱে ব্যৱহাৰ কৰিব পাৰি।