বিহুসদৃশ উৎসৱ ‘লোছাৰ'

লেখক- ৰঞ্জিত কুমাৰ কলিতা

 ষাঠি-সত্তৰৰ দশকত পিতৃদেৱৰ (বৰ্তমান প্ৰয়াত) কৰ্মসূত্ৰে (তেখেত বিদ্যালয় এখনৰ প্ৰধান শিক্ষক আছিল ) তদানীন্তন ‘নেফা’ ( বৰ্তমান অৰুণাচল প্ৰদেশ)ৰ অবিভক্ত কামেং জিলাৰ সদৰ ঠাই ব’মডিলা তথা দাঁতিকাষৰীয়া ডিৰাং আৰু জীগাঁও (প্ৰথিতযশা সাহিত্যিক শ্ৰদ্ধেয় য়েছে দৰজে ঠংছিদেৱৰ গাঁও) নামৰ ঠাইত মোৰ শৈশৱৰ কিছু কাল কটোৱাৰ অভিজ্ঞতা হৈছিল। সেই দুখন ঠাই ক্ৰমে মনপা আৰু শ্বেৰদুকপেন জনগোষ্ঠীৰ বসতিপ্ৰধান অঞ্চলত অৱস্থিত।
সেই সময়ত ‘নেফা’ৰ শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ মাধ্যম আছিল অসমীয়া আৰু চৰকাৰী প্ৰশাসনিক কাম-কাজো অসমৰ তেতিয়াৰ ৰাজধানী শ্বিলঙৰ পৰাই অসমৰ লগতেই পৰিচালিত হৈছিল বাবে বিদ্যালয়সমূহৰ সৰহ সংখ্যক শিক্ষক আৰু চৰকাৰী বিভাগসমূহৰো বেছিভাগ বিষয়া-কৰ্মচাৰী অসমীয়া লোকেই আছিল। সেয়েহে তাত কৰ্মৰত অসমীয়া লোকসকলে নিজ নিজ কৰ্মস্থলীত অসমীয়া ভাষা-সাহিত্যৰ লগতে কৃষ্টি-সংস্কৃতিৰো চৰ্চা অব্যাহত ৰাখিছিল আৰু তাৰ স্থানীয় বিভিন্ন জনগোষ্ঠীৰ মানুহৰ মাজত সেইবোৰৰ প্ৰচাৰ-প্ৰসাৰৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। অসমৰ মহাপুৰুষ দুজনা গুৰুৰ তিথি – জয়ন্তীকে ধৰি জাতীয় উৎসৱ বিহু আদিও উদযাপন কৰিছিল, বিশেষকৈ স্থানীয় লোকসকলক জড়িত কৰি ৰঙালী বিহুটি উলহ-মালহকৈয়ে পালন কৰি অসমীয়া নৱবৰ্ষটিক আদৰিছিল। উজনিৰ ফালৰ ডেকা শিক্ষক-কৰ্মচাৰীসকলে লগতে লৈ ফুৰা ঢোল, পেঁপা, বাঁহী, গগণাৰ মাত আৰু বিহুনামৰ ধ্বনি পৰ্বতে আগুৰি থকা সেই ঠাইবোৰত ৰজনজনাই প্ৰতিধ্বনি তুলি এক সুকীয়া মাদকতাভৰা পৰিৱেশ সৃষ্টি কৰিছিল। আঁতৰত থাকিও অসমীয়াৰ বাপতি সাহোন বিহুটিৰ আনন্দ উপভোগ কৰাৰ সেইবোৰ স্মৃতিমধুৰ কথা আমাৰ মনত এতিয়াও সজীৱ হৈ আছে।
পৰৱৰ্তী কালত, ১৯৭২ চনত, ‘নেফা’ নাম সলাই অৰুণাচল প্ৰদেশ নামেৰে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ১৯৮৭ চনত পূৰ্ণাংগ ৰাজ্যৰূপে স্বীকৃতি প্ৰদান কৰাৰ লগে লগে অসমৰ সৈতে থকা তাৰ মানুহখিনিৰ সাতামপুৰুষীয়া সম্পৰ্কত কিছু যতি পৰিল। বিদ্যালয়সমূহৰ পৰা অসমীয়া মাধ্যম অপসাৰিত হৈ ইংৰাজী, হিন্দীয়ে স্থান লোৱাত বিদ্যালয়সমূহত শিক্ষকতা কৰা আৰু অন্যান্য বিভাগত চাকৰি কৰা অসমীয়া মানুহৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে। কিন্তু সেই সময়ত ‘নেফা’ৰ অধিকাংশ লোকেই অসমীয়া ভাষা-সংস্কৃতিৰ সৈতে ভালদৰেই পৰিচিত আৰু অসমীয়া মানুহৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি গৌৰৱ বোধ কৰিছিল। এতিয়াও অৱশ্যে অনেকেই এই ঐতিহ্য বজাই ৰাখিছে।
সি যি কি নহওক, আমি ‘নেফা’ৰ ‘কামেং’ জিলাত থকা সময়ত অসমীয়া নৱ-বৰ্ষটি আদৰা বসন্তোৎসৱ ৰঙালী বিহুৰ লেখীয়াকৈ প্ৰায় একে সময়তে ব’মডিলা, ডিৰাং আদি অঞ্চলৰ মনপা জনগোষ্ঠীৰ লোকসকলে আৰু জীগাঁও, ৰূপা আদি অঞ্চলৰ শ্বেৰদুকপেন জনগোষ্ঠীৰ লোকসকলেও তেওঁলোকৰ নৱ-বৰ্ষ আদৰিবলৈ ‘লোছাৰ’ ( বা ‘লোছেৰ’) বুলি এক বসন্ত‌ঋতুকালীন কৃষিভিত্তিক উৎসৱ পালন কৰা দেখিছিলোঁ। এই উৎসৱ পালনত তাত কৰ্মৰত অসমীয়া বা অন্যান্য লোকসকলেও সহযোগিতা আগবঢ়াইছিল আৰু তাৰ স্থানীয় লোকসকলৰ ঘৰলৈ সসন্মানে আমন্ত্ৰিত হৈ আদৰ-আপ্যায়ন লাভ কৰিছিল। আমাৰ বিহুৱানৰ দৰে এবিধ হাতেবোৱা কপাহী বগা পবিত্ৰ গলবস্ত্ৰ ‘খাদা’ অতিথিসকলৰ ডিঙিত পৰিধান কৰাই তেওঁলোকে সম্ভাষণ যাচিছিল আৰু তেওঁলোকৰ থলুৱা জনগোষ্ঠীয় খাদ্য পৰিৱেশন কৰিছিল। তদুপৰি তেওঁলোকৰ উপাসনা থলী ‘গোম্পা’ত পৰম্পৰাগত পূজা-পাতল আৰু ‘গোম্পা’ৰ বাকৰি অথবা ৰাজহুৱা মুকলি স্থানত স্বকীয় নৃত্য-গীত আদিৰ অনুষ্ঠানত গাঁৱৰ সকলো লোকেই সামূহিকভাৱে অংশ গ্ৰহণ কৰা দেখিছিলোঁ। তাত আমিও দৰ্শক হিচাপে উপস্থিত আছিলোঁ। এই ‘লোছাৰ’ উৎসৱটি অতীজৰে পৰা সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতি অনুসৰি উদযাপিত হৈ আহিছে।
অসমৰ নৱ-বৰ্ষ আদৰণি ব’হাগ বা ৰঙালী বিহু সদৃশ ওচৰ-চুবুৰীয়া অৰুণাচল প্ৰদেশৰ লোছাৰ উৎসৱটি প্ৰধানতঃ বৌদ্ধ ধৰ্মাৱলম্বী মহাযানপন্থী মনপা আৰু শ্বেৰদুকপেন জনগোষ্ঠীয় লোকসকলৰ উপৰি মেম্বা, খাম্বা, নাহ আদি জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ নৱ-বৰ্ষ আদৰাৰ মুখ্য উৎসৱ। বসন্ত কালৰ আগমনিৰ লগে লগে তিব্বতীয় ৰীতিৰ চান্দ্ৰমাহ ভিত্তিক বৰ্ষ আৰম্ভণিৰ প্ৰথম দিনটোতে লোছাৰ উৎসৱটি আৰম্ভ কৰা হয়। স্থান আৰু জনগোষ্ঠী বিশেষে চান্দ্ৰমাহৰ প্ৰথম দিনটোৰ পৰা আৰম্ভ কৰি তিনি, পাঁচ, আঠ বা পোন্ধৰ দিনীয়াকৈ পালন কৰে। অৰুণাচল প্ৰদেশৰ ব’মডিলা, টাৱাং অঞ্চলত খ্ৰীষ্টপূৰ্ব ৫০০ চনৰ আগৰে পৰা বসবাস কৰি থকা মনপাসকলৰ কৃষিকৰ্ম, পশুপালন আৰু ধৰ্মীয় পৰম্পৰাৰ সৈতে সম্পৰ্ক থকা মুখ্য উৎসৱ হৈছে লোছাৰ। উপ-জনগোষ্ঠীভেদে লোছাৰ পালন ৰীতিৰ প্ৰভেদ থাকিব পাৰে যদিও মূলতঃ অপায় অমংগলৰ কাৰক অপদেৱতাবোৰক আঁতৰাই যাতে নতুন বছৰটিয়ে সকলোৰে বাবে সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে তাৰ বাবে আনন্দ উৎসৱৰ মাজেৰেই কামনা তথা উপাসনা কৰা হয়। ‘লোছাৰ’ শব্দটো ‘লো’ ( অৰ্থ: বছৰ ) আৰু ‘ছাৰ’ ( অৰ্থ: নতুন ) শব্দ দুটাৰ সংযুক্তিত গঢ় লৈছে যাৰ সৈতে নতুন বছৰক আদৰণি জনোৱাৰ ধাৰণা সংপৃক্ত হৈ আছে।
এই উৎসৱটি সাধাৰণতে চান্দ্ৰমাহৰ গণনা অনুসৰি জানুৱাৰী, ফেব্ৰুৱাৰী নাইবা মাৰ্চ মাহত উদযাপন কৰা হয়। বিভিন্ন ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক কাৰ্যক্ৰমৰ মাজেৰে সকলো শ্ৰেণীৰ লোকে যথেষ্ট উৎসাহ উদ্দীপনাৰে লোছাৰ উৎসৱ পালন কৰে। সকলোৱে নিজৰ ঘৰ-দুৱাৰ ন-ৰঙেৰে সজাই তোলে, ঘৰৰ মূধচত ধৰ্মীয় পতাকা উত্তোলন কৰে আৰু ভিতৰত ঘিউৰ চাকি জ্বলায়, বৌদ্ধ ধৰ্মৰ শাস্ত্ৰ পাঠ তথা প্ৰাৰ্থনা কৰে আৰু ৰাজহুৱা উপাসনা থলী গোম্পাত বৌদ্ধ ভিক্ষু ‘লামা’সকলে উৎসৱটিৰ সৈতে প্ৰাসংগিক গ্ৰন্থৰ শ্লোক আবৃত্তি কৰে আৰু মুনিহসকলে বিখ্যাত মুখা নৃত্য প্ৰদৰ্শন কৰে। বিভিন্ন পৰম্পৰাগত খেল-ধেমালি, নাচ-গান আদিও অনুষ্ঠিত হয় য’ত সকলো বয়সৰ পুৰুষ, মহিলা, যুৱক, শিশুসকলে নিজৰ পৰম্পৰাগত সাজ-পোচাক পৰিধান কৰি অনুষ্ঠানসমূহত ভাগ লৈ আনন্দ উপভোগ কৰে। ইয়াৰ সমান্তৰালভাৱে ঘৰে ঘৰে বিভিন্ন পৰম্পৰাগত খাদ্যসম্ভাৰ প্ৰস্তুত কৰে আৰু আলহী গ’লে আদৰ-সাদৰেৰে আপ্যায়িত কৰি সন্তুষ্টি লভে।
অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যত বসবাস কৰা বিভিন্ন জনগোষ্ঠীয় সম্প্ৰদায়ৰ কৃষিজীৱী লোকসকলৰ মাজত পূৰ্বৰে পৰা ঋতু পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ পালন কৰাৰ প্ৰথা প্ৰচলিত হৈ আহিছে। অসমীয়াৰ বিহুৰ দৰে বহু দিশেৰে একেধৰণৰ বৈশিষ্ট্যসম্পন্ন উৎসৱ প্ৰায়বোৰ জনগোষ্ঠীৰে আছে। অৰুণাচল প্ৰদেশৰ অন্যান্য জিলাৰ বিভিন্ন জনগোষ্ঠীয় জাতি-উপজাতিৰো তদ্ৰুপ উৎসৱ-পাৰ্বণ আছে যদিও অবিভক্ত কামেং জিলাৰ মনপা, শ্বেৰদুকপেন আদি লোকসকলৰ নৱবৰ্ষৰ আদৰণি উৎসৱ ‘লোছাৰ’ৰ ঐতিহাসিক গুৰুত্ব আৰু সামাজিক- সাংস্কৃতিক জনপ্ৰিয়তাই বিশেষ স্থান লাভ কৰিছে।।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!