সৰু কথা (দেবাংগ পল্লৱ শইকীয়া)

ৰাতিপুৱা ওলাই যাওঁতে দেখিলোঁ পিঠিত প্ৰকাণ্ড মোনা এটা লৈ ক্ষীণকায় ল’ৰাটোৱে “বোৱা কাপোৰ লওঁক” চিঁয়ৰি চিঁয়ৰি ৰাষ্টাৰে গৈ আছে । দুঘণ্টাৰ পিছত ঘুৰি আহি দেখোঁ বেচেৰাই অলসভাৱে মোৰ ভাড়াঘৰৰ কাষে বাৰে ঘুৰি ফুৰিছে ।
“কি আছে বেগত ?”
“বোৱা কাপোৰ দাদা ।”
“বৰ ল’ৰালৰি নেকি তোমাৰ?”
“নহয় দাদা”
“আহা তেনেহ’লে মোৰ ঘৰলৈ । পানী এগিলাছ খাবা । দুআষাৰ পাতিবা । কাপোৰ চাম । মাইকী মানুহ নাই কিন্তু ঘৰত ।”
ডেকাই আনন্দেৰে আহি অতি আৰামত চকীত গা পেলাই দিলে । ভাগৰুৱা । পিঠিত কমেও দহকেজি ।

যোৰহটীয়া ডেকা । পেটৰ তাড়নাত কষ্ট কৰিছে । হায়াৰ ছেকেণ্ডাৰী পাছ । মিঠা মাত । নম্ৰ ।
টেবুলত থকা আলোচনী, কিতাপবোৰ লিৰিকি বিদাৰি চালে ।
:আপুনি খুউব পঢ়ে নেকি?
:নপঢ়োঁ … । কিয় ?
:সুধিলোঁ আৰু । স্কুলত থাকোঁতে কিতাপ পঢ়াৰ চখ আছিল ।
:কিয়?? এতিয়াও পঢ়িব পাৰা …।
:এই বেগটো পিঠিত লৈ দহমিনিট খোজ কাঢ়ক তাৰ পিছত গম পাব দিনটো এইটো পিঠিত কঢ়িয়াই ৰাতি ঘৰ সোমাই কিতাপ পঢ়াৰ ধৈৰ্য ক’ত ।
: ভালহে কষ্ট কৰি উপাৰ্জন কৰি ঘৰ চলাইছা । তোমাৰ বয়সত মই উপাৰ্জন কি বস্তু গমেই পোৱা নাছিলোঁ ।

তাৰ কথাই তাক পানীৰ পৰা চাহলৈ প্ৰমোচন দিয়ালে । ঘৰৰ মালিকো আহি কথাত বহিল । কথাৰ মাজে মাজে কাপোৰ । কথা আৰু কাপোৰৰ মাজত জীৱন কাহিনী ।
: এনেকে চাহ একাপ খাবলৈ পোৱাতো সপোনেই নে বেলেগ স্বাৰ্থই আছে নাজানো । চিধাকে ক’লো বেয়া নাপাব । প্ৰায়বোৰ ঘৰত মোক বাৰাণ্ডালৈকো উঠিবলৈ নিদিয়ে । ষ্টেপতে বহি কাপোৰ দেখুৱাও । তাৰোপৰি “বেপাৰী ল’ৰাটো” বুলি সম্বোধনতো আছেই । বাৰু আপোনালোকে কাপোৰ ন’ললেও কথা নাই । ভাল মানুহ দুজন চিনাকি হ’লো ।নম্বৰ দুটা দিয়ক ।

মই আৰু মালিকে পাৰ্য্যমানে তাক উৎসাহ দিলোঁ । আমাৰেই ল’ৰা । আমাৰ মানুহে বোৱা কাপোৰ বেচিছে । দুপইচা পাওক । আৰু কষ্ট কৰক ।

চাদৰ মেখেলা কাপোৰ কিনিব নাজানোঁ যদিও উৎসাহ দিবলৈ কাপোৰ এযোৰ ৰাখিলোঁ শইকীয়ানীলৈ ।

ল’ৰাটো যিমান ভাগৰত বিমৰ্ষ মনেৰে আহিছিল, তাতোকেৈ দুগুণ আনন্দ আৰু উৎসাহেৰে সজীৱ হৈ ওলাই গ’ল । কাইলৈ সি ঘৰলৈ যাব ।

মালিক আৰু মই তাৰ যোৱা দৃশ্যটি দেখি আনন্দিত হ’লোঁ ।

তাৰ নাম সোণ । সোণহঁতে ঘৰলৈ বস্তু বিকিবলৈ আহিলে উৎসাহ দিয়ক । আমাৰ মানুহ । নিকিনিলেও । চুৰটাৰি নকৰাকে কষ্টেৰে কিবা এটা কৰিছে । কাকো ডকাহকা দি, অন্যায় কৰি আলাসত ধন ঘটা নাই । সোণহঁতে কষ্ট কৰে । আৰু আমাৰ মাতষাৰেই সোণহঁতৰ বাবে গ্লুকন ডি বা ৰেডবুল ড্ৰিংক ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!