অনলা
লেখক- —কাবেৰী ৰামচিয়াৰী।
আমাৰ অসমখন বিভিন্ন জনজাতিসকলৰ বাৰেৰহণীয়া সংস্কৃতিৰে ঐশ্বৰ্যশালী। প্ৰতিটো জনগোষ্ঠীৰে নিজাববীয়াকৈ ৰীতি-নীতি, আচাৰ-লোকাচাৰ থকাৰ লগতে পৰম্পৰাগত খাদ্য সম্ভাৰ আছে। সাধাৰণতে জনজাতীয় পৰম্পৰাগত খাদ্যসমূহত তেল-মছলা কমকৈ ব্যৱহাৰ কৰা হয়। বজাৰত উপলব্ধ সহজলভ্য মছলা সমূহতকৈ তেওঁলোকে থলুৱা ভাৱে পোৱা বিভিন্ন শাক-পাত ব্যৱহাৰ কৰে। এই শাক-পাতবোৰত মছলাৰ গুণাগুণবোৰ থকাৰ লগতে ঔষধি গুণযুক্ত হোৱা বাবে শৰীৰৰ বাবে ও উপকাৰী।
অসমৰ বড়ো জনজাতিৰ লোকসকলে খাদ্য সম্ভাৰত নাঙলভাঙা, অন্থাইবাজাব, বৌৰমাদাড়ি ইত্যাদি বিভিন্ন ধৰণৰ বন-ঔষধিযুক্ত উদ্ভিদ ব্যৱহাৰ কৰে। এই শাক-পাতবোৰে মাংসত থকা অলাগতিয়াল চৰ্বিবোৰ নোহোৱা কৰে। ‘জি আই টেগ’ লাভ কৰা বড়ো জনজাতিৰ থলুৱা খাদ্য সম্ভাৰ সমূহৰ অন্যতম হৈছে “অনলা।” “অনলা” মানে হৈছে চাউলৰ গুৰিৰে বনোৱা আঞ্জা। চাউলৰ গুৰি পেটৰ বাবে উপকাৰী আৰু ই মাংসৰ অতিৰিক্ত তেল সমূহ কমায়। এই খাদ্য বিধ প্ৰস্তুত কৰিবলৈ আদা, নহৰু, জাবৰং, জালুক, খাৰ আৰু পিঠাগুড়ি বা চাউলৰ গুড়িৰ প্ৰয়োজন হয়।
”অনলা”ৰ ৰন্ধন প্ৰণালীটো এনে ধৰণৰ-
#অনলা জৌং অমাবেদৰ #
#পিঠাগুৰিৰে গাহৰি মাংস#
উপকৰণ –
পিঠাগুড়ি – সৰু কাপেৰে আধাকাপ
মাংস -আধা কি.গ্ৰাম
জালুক – ২/৩টা
জাবৰং- ২/৩টা
নহৰু, আদা – ১চাহ চামুচ
নিমখ – সোৱাদ অনুযায়ী
প্ৰথমতে কেৰাহীত নাম মাত্ৰ তেল, পিচি থোৱা নহৰু, আদা আৰু নিমখখিনি দি অলপ লৰাই গাহৰি মাংসখিনি দি কম জুইত ভাজি লৱ লাগে। মাংসৰ তেলবিলাক যেতিয়া ওলাবলৈ ল’ব তেতিয়া মিহিকৈ কাটি থোৱা লাই শাক এমুঠি দি ঢাকনি দিব লাগে। পাঁচ মিনিটমান পিছত লৰাই খুন্দি থোৱা জালুক আৰু জাবৰংৰ গুৰিখিনি দিব লাগে। তাৰপিছত পানী দি ভালদৰে উতলিবলৈ দিব লাগে। মাংস আধা সিজা হ’লে দুই চাহ চামুচমান কলৰ খাৰ আৰু পিঠাগুড়িখিনি দি ভালদৰে লৰাই উতলিবলৈ দিব লাগে। কিছুসময় পিছত মাংস ভালদৰে সিজিলে নমাই থ’ব লাগে। ।