অপাৰ্থিৱ

লেখক- ৰিমকি ভট্টাচাৰ্য্য

সময় নিৰপেক্ষ সময় অস্থিৰ। সময় নিস্বাৰ্থও। ভাল আৰু বেয়া দুইটা সময়েই ক্ষণস্থায়ী। সময়ে গভীৰ বেদনাত মলম সানে। সময় আঁতৰি যায় স্মৃতিৰ দলিচা পাৰি থৈ যায়। সমাজ সভ্যতাত সময় সৰলৰৈখিক নহয়। ঘূৰণীয়া। বহু মূল্যবোধ বহু ৰীতি নীতি আনকি ফেচনো যেন সময়ৰ লগে লগে ঘূৰণীয়া কৈ ঘূৰে।

বহুসময়ত সত্যও সময় সাপেক্ষ। এগৰাকী ব্যক্তিয়ে ২০ বছৰ আগতে হৃদয়েৰে বিশ্বাস কৰা বা সত্য বুলি ভবা কথাটো ২০ বছৰ পিছত হাঁহি উৰুৱাই দিবলৈ মন যোৱাটোও জীৱনৰ এক অন্যতম সত্য।

অতি শাশ্বত সত্য শক্তিও সময় নিৰ্ভৰশীল। হাইজেনবাৰ্গৰ অনিশ্চয়তাৰ সূত্ৰত চলক স্থিতি আৰু ভৰবেগ বা তৰংগবেগৰ উপৰিও সময় আৰু শক্তিৰ দৰে আন চলকেও অনিশ্চিয়তাৰ সূত্ৰক মানি চলে। সময় শক্তি ধাৰণা মতে যিকোনো এটা অৱস্থাত তিস্থি থকা সময় যদি অতি কম হয় তেনেহ’লে তাৰ নিৰ্দিষ্ট শক্তি থাকিব নোৱাৰে। এটা কণাৰ জীৱন কাল যিমানেই কম হয় তাৰ শক্তি সিমানেই অনিশ্চিত হয়। কোৱাণ্টাম কণাৰ অস্থিৰতাৰ (Quantum fluctuation) এই ধাৰণাই আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটি তৈয়াৰ কৰিছে।

 

শূন্যতাত অপাৰ্থিৱ কণাৰ উপস্থিতিক হাইজেনবাৰ্গে অনিশ্চয়তাৰ সূত্ৰৰে প্ৰমাণিত কৰিছে। যাক আমি শূন্য বুলি ভাবো সেয়াও আচলতে অপাৰ্থিৱ কণাৰে ভৰি আছে। অপাৰ্থিৱ কণাৰ সত্যতাক কেছিমিৰ এফেক্টে প্ৰমাণ কৰে। অতি কম নেন’মিটাৰ দূৰত্বত থকা দুখন ধাতুৰ প্লেট কোনো বিদ্যুৎ চুম্বকীয় বা মাধ্যাকৰ্ষণিয় শক্তি নোহোৱাকৈও এটা সময়ত ওচৰ চাপি লগ লাগি যায়।

সৰু সৰু আশা..সৰু সৰু পৰিকল্পনা…সৰু সৰু সময়ে যেন ধৰি ৰাখে অৰুন্ধতী ৰয়ৰ  “সৰু সৰু কথাৰ ঈশ্বৰ”(God of small things)। আশাই সপোন কঢ়িয়াই। সেউজীয়া সপোনে কঢ়িয়াই জীৱন। পাৰ্থিৱ সুখৰ খালীখিনিক ভৰাই তোলে অপাৰ্থিৱ সুখৰ সাগৰে। জীৱনে কাকো বঞ্চিত নকৰে…কাৰণ জীৱনে বিচাৰি ল’ব জানে দুখৰ দলিচাত আঁকি থোৱা সুখৰ অপাৰ্থিৱ বাখৰ কণা।

 

যি প্ৰাপ্ত সেয়াই পৰ্যাপ্ত

 

শৈশৱৰে পৰা বয়োজেষ্ঠ্য প্ৰজ্ঞাৱান ব্যক্তিসকলৰ সান্নিধ্য আমাৰ অতি প্ৰিয়। তেখেতসকলৰ জীৱনৰ অভিজ্ঞতাবোৰ তথা পুৰণি দিনৰ কথাবোৰ শুনি খুব ভাল লাগে। 

পৰিয়ালৰ সকলোৱে  খোলাকৈ কথা পাতিবলৈ ভয় কৰা প্ৰয়াত বৰদেউতাৰ লগত আমাৰ আছিল এক বিৰল বন্ধুত্বৰ সম্পৰ্ক। সমাজ জীৱনৰ, সাহিত্য সংস্কৃতিৰ, ৰাজ্যৰ ৰাজনীতিৰ, ভাল ভাল কিতাপৰ, বৰদেউতাৰ জীৱনৰ নানান অভিজ্ঞতা আদিৰে জীপাল আছিল আমাৰ দুয়োৰে আড্ডাবোৰ। 

সৰু ভনীজনীৰ বিয়াৰ কথা-বতৰা চলোঁতেই হ’বলগীয়া শহুৰ দেউতাৰ বয়সৰ কথা শুনি আৰু ইমান বয়সতো তেখেতৰ কৰ্ম দক্ষতা তথা সক্ষমতাৰ বৰ্ণনা শুনি বৰ ভাল লাগিছিল। কে’বাগৰাকীও সুযোগ্য মেধাৱী সন্তানৰ পিতৃ তেখেত এগৰাকী সফল পিতৃ তথা সফল শিক্ষাগুৰু। 

ভনীজনীৰ বিয়াৰ পিছত তেখেতক লগ পাই আৰু দৈনন্দিন ৰুটিনৰ কথাবোৰ ভন্টিৰ মুখত সাধুকথা শুনাৰ দৰে শুনিছিলোঁ। মানুহে জীৱনত অযথা টেনচনলৈ নিজক বেমাৰী কৰি তোলে কিন্তু অতি ধনাত্মক জীৱন শৈলীৰে কেনেদৰে জীৱন উদযাপন কৰিব পাৰি তেখেতক লগ পালে উপলব্ধি কৰিব পাৰি। 

ৰ’দ বৰষুণ শীত যিয়েই নহওক সদায় সন্ধিয়া শালগ্ৰাম ধুৱাই পূজা অৰ্চনা কৰা বা নিজৰ সকলো বজাৰ সমাৰ নিজেই কৰা অতি আত্মনিৰ্ভৰশীল এগৰাকী ব্যক্তি। অতি নিয়মীয়া আৰু ধাৰ্মিক জীৱনশৈলীৰ বাবে ১০১ বছৰীয়া সুদীৰ্ঘ জীৱন যাত্ৰাত তেখেতে কাচিৎহে বেমাৰ আজাৰৰ সন্মুখীন হ’বলগীয়া হৈছে।  জাপানীসকলৰ “ইকিগাই” জীৱনশৈলীৰ মূল মন্ত্ৰবোৰ হৈছে সকলো সময়তে ভাল কামেৰে সক্ৰিয় হৈ থকা। অৱসৰ গ্ৰহণৰ ধাৰণা তেওঁলোকৰ নাই। অলপ ভোক ৰাখি খাদ্য গ্ৰহণ কৰা। ধনাত্মক বন্ধুৰে নিজকে পৰিবেষ্টিত কৰি ৰখা তথা প্ৰকৃতিৰ সৈতে সময় কটোৱা বা সকলো ভাল কথাৰ বাবে ঈশ্বৰক ধন্যবাদ জনোৱা ইত্যাদি। এই ইকিগাই জীৱনশৈলীৰ বাবেই জাপানীসকল অতি সুখী। 

জাপানীসকলৰ এই ইকিগাই জীৱন শৈলীৰ সকলোখিনিয়েই তেখেতৰ জীৱন শৈলীৰ লগত মিলে। কাৰো ওপৰত নিৰ্ভৰশীল নহৈ আৰু কাৰো পৰা বিশেষ প্ৰত্যাশা নকৰিলে যে জীৱন সুখময় হৈ পৰে এই আদৰ্শৰে তেখেতসকল পৰিচালিত। শতবৰ্ষ অতিক্ৰম কৰা তেখেতৰ প্ৰতিটো কথাই লিখি থ’বলগীয়া আৰু অনুকৰণৰ যোগ্য । ৬০ বছৰৰ পাছত মানুহে বোলে সংসাৰ কৰিলেও মনক বানপ্ৰস্থী কৰি ৰাখিব লাগে। মোহ মায়াবোৰ কমাই আনিব লাগে। তেতিয়া আশাহত হোৱা নাযায়। মনটোক অনাহুত বেদনাৰ পৰা ৰক্ষা কৰিব পাৰি। মানসিক ষ্ট্ৰেছ কমাই ৰাখিব পাৰিলে বহুত বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি। সাত্বিকভাৱে আহাৰ গ্ৰহণো দীৰ্ঘ জীৱনৰ এক মূল মন্ত্ৰ। 

মানুহৰ জীৱনক আগবঢ়াই নিয়াৰ বাবে সুস্থ মাত্ৰাৰ উচ্চাকাংক্ষাৰ প্ৰয়োজন আছে কিন্তু তাৰ বাবে সঠিক সাধনা কৰাৰ পিছত ফলাফল যিয়েই নহওক সেয়া গ্ৰহণ কৰিবলৈ পাৰিব লাগে।

 

কাৰণ জীৱনত পাৰ্থিৱ সুখৰ বাহিৰেও অপৰিসীম অপাৰ্থিৱ সুখৰ আধাৰ থাকে। সেইবাবেই জীৱনত যিটো প্ৰাপ্ত সেয়াই পৰ্যাপ্ত। 

          —————————

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!