অসমীয়া গীতাৰ কাব্যশৈলী বিচাৰ
লেখক- সান্ত্বনা বৰকটকী
বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যই গীতাখন গদ্য ৰূপত অনুবাদ কৰি মহৎ কীৰ্তি অৰ্জাৰ পৰৱৰ্তী কালত গোবিন্দ মিশ্ৰ আৰু ৰত্নাকৰ মিশ্ৰ নামৰ বৈষ্ণৱ পণ্ডিত দুজনাই পাঠক আৰু ভক্তৰ সুবিধাৰ্থে পৰিৱেশ্য কলাৰ অন্তৰ্ভুক্ত কৰি গীতাখন পদত ভাঙনি কৰে। এই দুয়োটা সাহিত্যকৃতিৰে নিজা বৈশিষ্ট্য বিদ্যমান। গোবিন্দ মিশ্ৰই পাঠৰ উপযোগীকৈ সুললিত ছন্দৰ মাধ্যমত আৰু ৰত্নাকৰ মিশ্ৰই কীৰ্তনৰ উপযোগীকৈ ছন্দৰ সুপ্ৰয়োগেৰে গীতাক নৱ্যৰূপ দান কৰিছে। গীতাৰ দৰে তত্ত্বমূলক গ্ৰন্থক পৰিৱেশ্য কলাৰ ৰূপদান কৰিব পৰাটো সাধাৰণ কথা নহয়। মূল তত্ত্ব অক্ষুণ্ণ ৰাখি দুয়োজনা কবিয়ে কাব্য ছন্দত গীতাখন অনুবাদ কৰি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে। অৱশ্যে তেওঁলোকৰ পূৰ্বে মাধৱদেৱে সুললিত ছন্দেৰে গীতাৰ কিছু শ্লোক পদ্যত ভাঙনি কৰি গীতা অনুবাদৰ দৰে মহৎ কাৰ্যৰ সূচনা কৰিছিল। তেওঁৰ দ্বাৰা অনূদিত গীতাৰ পদখিনি নামঘোষাত সন্নিবিষ্ট হৈছে। এই ঘোষাখিনি অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদ হিচাপে পৰিগণিত হৈছে। ভাষা আৰু ছন্দৰ সু সামঞ্জস্যত এই ঘোষাখিনি পাঠক-শ্ৰোতাৰ হৃদয়গামী কৰি তুলিছে বুলি মহেশ্বৰ নেওগেদেবেও মন্তব্য কৰিছে। গোবিন্দ মিশ্ৰৰ কৃষ্ণগীতা বা পদগীতা পুথিখনৰ কাব্যশৈলীৰ এটা স্বকীয় বৈশিষ্ট্য আছে। গীতাৰ পদ ভাঙনিত মিশ্ৰদেৱৰ কাব্যমানস মাজে মাজে জাকি মাৰি উঠিছে। পদৰ সাৱলীলতা গীতাৰ সৰ্বত্ৰে লক্ষণীয়। তত্ত্বমূলক কথাবোৰ উপযুক্ত শব্দচয়নেৰে বিভিন্ন ছন্দৰ মাজেৰে সুন্দৰকৈ প্ৰকাশ কৰিবলৈ যত্ন কৰিছে। তৎসম, তদ্ভৱ শব্দ আৰু থলুৱা শব্দৰ সু সমন্বয়েৰে মিশ্ৰদেৱে অনুবাদ সম্পন্ন কৰিছে। অৱশ্যে তেওঁৰ অনুবাদতো ভট্টদেৱৰ দৰেই টীকাৰ প্ৰভাৱ পৰিছে ঠিকেই, কিন্তু ভট্টদেৱৰ তুলনাত গীতাৰ ব্যাখ্যাৰ প্ৰসংগত মিশ্ৰদেৱে টীকাৰ উপৰিও নিজা কথা বেছিকৈ সংযোজন কৰিছে। মাজে মাজে কাব্যপ্ৰেৰণা আৰু কৃষ্ণ মাহাত্ম্য প্ৰকাশৰ বাবে কাহিনী কোৱাৰ বাসনাই গীতাখনৰ এক নতুন শৈলীৰ সৃষ্টি কৰিছে। কেইবাটাও অধ্যায়ৰ আৰম্ভণিতে সংযোজিত কাহিনীয়ে গীতাৰ প্ৰতি পাঠক শ্ৰোতাৰ মন আৰ্কষণ কৰাত সহায় কৰিছে। অৱশ্যে মূল সত্তাৰ প্ৰকাশভংগীৰ বিচ্যুতি ঘটিছে। তদুপৰি ছন্দৰ দ্ৰুত প্ৰৱাহে কাব্যখন সুন্দৰ কৰি তুলিছে। প্ৰতিটো ছন্দই সাৱলীল ৰূপত প্ৰকাশ পাইছে। কৃষ্ণ মাহাত্ম্য আৰু ভক্তিধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰকাশৰ নিমিত্তে প্ৰকাশ কৰা গোবিন্দ মিশ্ৰৰ শ্ৰীকৃষ্ণগীতা পুৰণি অসমীয়া সাহিত্যৰ এক অমূল্য আৰু অনন্য অৱদান। গীতাৰ গভীৰ তত্ত্বমূলক কথাবোৰ নিজা ভাষাশৈলীৰে বৰ্ণনা কৰি মিশ্ৰদেৱে অসাধাৰণ কৃতিত্ব অৰ্জন কৰিছে। উপমা, পতন্তৰ, ঘৰুৱা চিত্ৰ সম্বলিত গোবিন্দ মিশ্ৰৰ ভাষাশৈলীয়ে গীতাখন অসমীয়া সমাজত কম সময়ৰ ভিতৰতে জনপ্ৰিয় কৰি তুলিছিল। স্ত্ৰীশূদ্ৰ তথা সৰ্বসাধাৰণ জনগণে গীতাৰ তত্ত্ব সহজতে বুজি পোৱাকৈ মিশ্ৰদেৱে গীতাৰ অনুবাদ প্ৰস্তুত কৰিছে। তাৰবাবে তেওঁ শ্ৰীধৰী, দামোদৰী আদি টীকাৰ আশ্ৰয় লৈছে। অনুবাদ মূলনাগ হ’লেও বহুক্ষেত্ৰত ব্যাখ্যাত্মক হৈছে। ড° সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতে – গোবিন্দ মিশ্ৰৰ গীতাৰ ব্যাখ্যা সংস্কৃত টীকা অনুসৃত যদিও অসমীয়া বৈষ্ণৱসকলৰ উপযোগী কৰি শ্ৰৱণ-কীৰ্তনৰ ভক্তিধৰ্মক প্ৰাধান্য দি গীতা ৰচনা কৰিছে। এই গীতাই অচিৰেই জনসমাজত সমাদৰ লাভ কৰিছে। মিশ্ৰৰ অনুবাদ ব্যাখ্যামূলক আৰু তাকে কৰিবলৈ যাওঁতে ঠায়ে ঠায়ে বিস্তাৰ কৰিছে।”
মিশ্ৰদেৱে গীতাৰ অনুবাদত নিজৰ ছন্দকুশলতাৰ পৰিচয় দিছে। ইচ্ছা কৰাহেঁতেন তেওঁ গীতাৰ তত্ত্বমূলক কথাবোৰ পদ ছন্দতেই প্ৰকাশ কৰিব পাৰিলেহেঁতেন। কিন্তু যুক্তিপূৰ্ণ কথাবোৰৰ প্ৰকৃত বাহন হৈছে পদছন্দ। আবেগ অনুভূতিৰে পূৰ্ণ কথাবোৰ প্ৰকাশৰ নিমিত্তেহে সাধাৰণ দুলড়ী, ছবি, ঝুনা আদি ছন্দবোৰৰ আশ্ৰয় লোৱা হয়। মিশ্ৰদেৱে গীতা অনুবাদত পদছন্দৰ উপৰিও দুলড়ী, ছবি, ঝুনা আৰু ঝুমুৰি ছন্দ ব্যৱহাৰ কৰিছে। তেওঁ প্ৰথম, তৃতীয়, ষষ্ঠ, সপ্তম, দশম, দ্বাদশ, ত্ৰয়োদশ, চতুৰ্দশ, ষোড়শ অধ্যায়ৰ বাহিৰে বাকীবোৰ অধ্যায়ত একাধিক ছন্দ ব্যৱহাৰ কৰিছে। তেওঁ যে এজন ছন্দকুশল কবি আছিল সেয়া গীতাত ছন্দ ব্যৱহাৰৰ পৰাই নিশ্চিত হ’ব পাৰি। তলত গীতাত ব্যৱহৃত ছন্দৰ এটি সমীক্ষা দাঙি ধৰা হ’ল। পদঃ (৮+৬)×২ = ২৮: মিশ্ৰদেৱে গীতাৰ প্ৰথম তৃতীয়, ষষ্ঠ, সপ্তম, দ্বাদশ, চতুৰ্দশ অধ্যায়ত সম্পূৰ্ণৰপে পদ ব্যৱহাৰ কৰিছে। কিন্তু বাকীবোৰ অধ্যায়ত পদছন্দৰ উপৰিও বিভিন্ন ছন্দ প্ৰয়োগ কৰিছে। ই কবিৰ নিৰ্মাণশৈলীৰ এক বৈশিষ্ট্য। গীতাৰ কথাবোৰ যাতে নিষ্প্ৰাণ হৈ নাযায় তাৰ বাবে কবিয়ে এই কৌশলৰ আশ্ৰয় লৈছে। তদুপৰি পাঠক শ্ৰোতাৰ মন যাতে একঘেয়ামিতাই আড়ষ্ট কৰিব নোৱাৰে তাৰ বাবেও যে মিশ্ৰদেৱ সচেষ্ট আছিল, তাৰ আভাসো তেওঁৰ ছন্দ ব্যৱহাৰৰপৰা পাব পাৰি।
দুলড়ীঃ গোবিন্দ মিশ্ৰদেৱ দুলড়ী ছন্দৰ ব্যৱহাৰত সিদ্ধহস্ত আছিল। কেইবাটাও অধ্যায়ত তেওঁ দ্ৰুত তালত দুলড়ী ছন্দ ব্যৱহাৰ কৰিছে। কথোপকথনত এই ছন্দৰ ব্যৱহাৰে কাব্যভাগক নতুন মাত্ৰা প্ৰদান কৰিছে।
যথাঃ সঞ্জয় বদতি / শুনা কুৰুপতি / পাছে যেন কথা ভৈলা। / শোক সমুদ্ৰত / মোহ ঊৰ্মি উঠি / ধনঞ্জয় তল গৈলা।
ছবিঃ গোবিন্দ মিশ্ৰদেৱে শ্ৰীকৃষ্ণ গীতাত বৰ বেছি ছবি ছন্দ ব্যৱহাৰ কৰা নাই। কিন্তু যি কেইপদ ব্যৱহাৰ কৰিছে সি অতি সাৱলীল, মাধুৰ্যপূৰ্ণ আৰু আকৰ্ষণীয়। ছবি ছন্দৰ ধীৰ প্ৰৱাহত কৃষ্ণাৰ্জুন সংবাদৰ কিছু বিশেষ ক্ষণ মাধুৰিমাৰে উপচি পৰিছে। ইয়াৰপৰা কবিৰ কাব্যশৈলী পূৰঠ বুলি নিশ্চিতভাৱে ক’ব পাৰি।
ঝুনাঃ ঝুনা ছন্দক একাৱলী নামেৰেও জনা যায়। এই ছন্দসজ্জাত চৰণবদ্ধত ৬.৫ বা ৫.৬ ৰূপকল্পৰ দুটাকৈ পৰ্ব থাকে। চাৰিটা চৰণত ছন্দটো পূৰ্ণ হয়। মুঠ অক্ষৰ (৬+৫)×৪ = ৪৪টা। সাদৃশ্য বিন্যাস কক / খখ ধৰণৰ। অসমীয়া পুৰণি সাহিত্যত পদ বা পয়াৰ, দুলড়ী আৰু ছবিছন্দৰ ব্যৱহাৰ বেছি। কিন্তু ঝুনা ছন্দ মাধৱ কন্দলিৰ দিনৰেপৰা ব্যৱহৃত হ’লেও পৰিমাণ কম। শংকৰদেৱে এই ছন্দৰ বহুল আৰু সুনিপুণ প্ৰয়োগ কৰিছে। মিশ্ৰদেৱেও কৃষ্ণগীতাৰ দৰে তত্ত্বমূলক গ্ৰন্থত কথোপকথনৰ উপযোগীকৈ এই ছন্দ প্ৰয়োগ কৰি অনন্য প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰিছিল। প্ৰায় সমপৰ্যায়ৰ নহ’লেও দক্ষতাৰেই মিশ্ৰদেৱেও এই ছন্দটো প্ৰয়োগ কৰিছে।
“কেহো নাহি মোৰ লক্ষ্মী সমান। সিয়ো নতু দেখে ৰূপ ইঠান। এৰিলো ৰূপ ভৈলে উপশম। পংকজলোচন জলদ শ্যাম।”
মিশ্ৰদেৱেও কৃষ্ণগীতাৰ অষ্টম অধ্যায়ত ৪৫(২৬-৭০)টা, একাদশ অধ্যায়ত ২৪(৭০-৯৩)টা আৰু অষ্টাদশ অধ্যায়ত ২০(১২০-১৩৯)টা পদত ঝুনা ছন্দ ব্যৱহাৰ কৰিছে। ঝুনা ছন্দত ৰচিত মুঠ পদ ৮৯টা। দীৰ্ঘ ঝুমুৰি বা দিগক্ষৰা বা লঘুপয়াৰ (আঠ আখৰীয়া (৪.৪ ৰূপকল্পৰ ): ক্ষিপ্ৰগতিৰ ঝুমুৰীৰ ছন্দৰ ৰূপকল্পত দুটা অক্ষৰৰ বৃদ্ধিৰে এইবিধ ছন্দসজ্জা নিৰ্মাণ কৰা হয় ৪.৬ বা ৬.৪ ৰূপকল্পত। ইয়াক দিগক্ষৰাও বোলা হৈছে। ই চতুৰ্মাত্ৰিক -ষড়মাত্ৰিক একপদী ছন্দসজ্জা। সাদৃশ্য বিন্যাস ঝুমুৰীৰ নিচিনা কক/খখ ৰূপকল্পৰ। পুৰণি অসমীয়াত এইবিধ ছন্দসজ্জাৰ বহুল ব্যৱহাৰ হৈছিল। ৰাম সৰস্বতীয়ে গীত গোবিন্দত এই ছন্দৰ ব্যৱহাৰ কৰিছে। শংকৰদেৱৰ কীত্তৰ্নটো এই ছন্দৰ বহুল বৱহাৰ হৈছে। মিশ্ৰদেৱে শ্ৰীকৃষ্ণগীতাত কেৱল এঠাইতহে এই ছন্দৰ প্ৰয়োগ কৰিছে। ১৬টা পদত নৱম অধ্যায়ত(৩৯-৫৫)। গীতা পাঠৰ সাধাৰণ নিয়ম হ’ল একোটা অধ্যায় একে বহাতে শেষ কৰিব লাগে। সেয়ে তেওঁ দীঘলীয়া অধ্যায়বোৰত কেৱল একেটা ছন্দ ব্যৱহাৰ কৰা নাই। চুটি অধ্যায়বোৰতহে তেওঁ মাথোন এটা ছন্দ ব্যৱহাৰ কৰিছে। দীঘলীয়া অধ্যায়বোৰত প্ৰায়েই তেওঁ তিনিটা বা চাৰিটা ছন্দ প্ৰয়োগ কৰিছে। তদুপৰি পৰিৱেশ্য কলাৰ অন্তৰ্গত হোৱাৰ বাবে তেওঁ সততে দৃষ্টি নিবদ্ধ কৰিছিল। ভাবানুকুল উপযুক্ত শব্দচয়ন আৰূ ধ্বনি সাম্যৰ প্ৰতি তেওঁ লক্ষ্য ৰাখিছিল। দৰাচলতে ধ্বনি উপাদানেই গীতৰ ক্ষেত্ৰত তালখণ্ডবোৰ, ছন্দৰূপময় বান্ধোনবোৰ যিদৰে নিয়ন্ত্ৰণ কৰে, সেইদৰে সুৰ লগাই পাঠ কৰাৰ ক্ষেত্ৰটো একেই পদ্ধতি অৱলম্বন কৰা হয়। ভাব উপাদান আৰু ধ্বনি উপাদানৰ মাজত থকা সু সমন্বয়ে গীতা শাস্ত্ৰখনক সুগম কৰি তুলিছে। ভাববস্তুক তুলি ধৰিবলৈহে তেওঁ ধ্বনিসাম্যৰ সহায় লৈছে যাতে পাঠক শ্ৰোতাৰ মাজত ই কথাৰ সাঁচ বহুৱাব পাৰে।