অসমীয়া লোকগীত

লেখক- হর্ষ বর্ধন

লোকগীত পৰিৱেশনৰ নিজস্ব কিছু শৈলী আৰু সময় আছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে লোকগীতৰ বিষয়বস্তু আৰু গায়ন শৈলীৰো পাৰ্থক্য ঘটা দেখা গৈছে।
দেখা গৈছে বিহুগীতৰ আচল ঠাঁচটোৱে আজি কিছু ৰূপ সলাইছে। কিন্তু ক’ৰবাত নহয় ক’ৰবাত এই নতুন বিহুগীতসমূহতো পুৰণি বিহুৰ জঁকাটিয়েই লুকাই আছে। বিহু আমাৰ সমাজত অতীতৰ পৰাই আছিল কিন্তু কিছু ভিন্ন ৰূপত। সেয়েহে কোনোবা বিহুৱাই গাই গৈছে—
বিহুটি নামেৰে তিনিটি আখৰে
কোনে লিখি গ’লে শিলত।
মামৰেও নধৰে ঘূণেও নধৰে
থাকে অসমীয়াৰ প্ৰাণত।।
এই প্রসঙ্গতে আলোচনা কৰিবলৈ মন গৈছে বিহুগীত, আধুনিক গীত আৰু অন্য কিছু গীতৰ সাদৃশ্যৰ
বিষয়ে, যেনে –
বহ্মপুত্ৰখনি সঁচাকৈ শুৱনি
ভেটা দি ৰাখোঁতা নাই মোৰ মৰমী।
তোমাৰ মোৰ চিনাকি এইনো বিহুতলীত
চকুৱে চকুৱে চাই মোৰ মৰমী।।
এই গীতটোৰ সুৰ নিম্নলিখিত গীতটোৰ সৈতে একেই —
যমুনাৰ পাৰতে ৰাধা বহি আছে
কলিয়া কানাই ঐ কাষে চপাই দিয়া নাও
মথুৰা ঘাটলৈ যাওঁ।

ভূপেন হাজৰিকাৰ এটি বিখ্যাত গীত —
‘বিহুৰেনো বিৰিনাৰ এটি অংশ হ’ল—
শলগুৰি বাগিছাৰ অননি অ বননি
তাতেহে তাতেহে তাতেহে
মোৰ বহি গ’ল
মনে আইতা নিমাতী ঐ
কেলেই দিছা নিমাতী ঐ
কেলেই দিছা কেলেই দিছা
কেলেই দিছা, যৌৱনত ভৰি?
ইয়াৰ ‘শলগুৰি বাগিছাৰ অননি অ বননি’ এই কথাংশৰ আচল বিহুনাম ফাঁকি এনে ধৰণৰ—
শলগুৰি বাগিছা অননি ঐ বননি
তাতো নবহিলে মন।
সুমলাৰ তাঁতৰ শাল সোনাপুৰ ঐ নগৰখন
তাতে ঐ বহিলে মন।।
বহুতো বুৰঞ্জীমূলক আৰু আখ্যানমূলক গীতৰ সৈতে বিহুগীতৰ সাদৃশ্য মন কৰিবলগীয়া। যেনে—
বিহুগীতত আছে—
ওপৰে উৰিলে কৰচন কনোৱা
পাখিতে পাখি লগাই।
আমি যোৰে পাতি উৰিবলৈ নাপালোঁ
আমাৰ জানো কপালত নাই।।
একেখিনিৰ কথাই ফুলকোঁৱৰৰ গীতত এই ধৰণে আহিছে–

আকাশ উৰিবৰ কৰচন কনোৱা
পৃথিৱীত পৰিব ছাঁয়া
কওঁ নকওঁ কৰি ক’বলৈ ধৰিলে
মঙ্গল পায়ে গ’লো বেয়া৷
যুগ পৰিৱৰ্তনৰ লগে লগে বিহুগীতৰ কথাংশৰো পৰিৱৰ্তন দেখা গ’ল। বৈষ্ণৱ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগে লগে বিহুতো বৈষ্ণৱীয় ভাবধাৰাই স্থান পাবলৈ ল’লে। যেনে—
শাস্ত্ৰৰ উত্তম গীতা ভাগৱত
ধৰ্মৰ উত্তম নামহে ৰাম ৰাম
****
শুনা সৰ্বজন নেৰিবা কীৰ্ত্তন
ডাকি বোলা ৰাম ৰাম ঐ
গোৱিন্দাই ৰাম ৷৷
****
বৈষ্ণৱ ভাবধাৰাৰ বিকাশৰ লগে লগে যেনেকৈ বিহুৰ কথাংশত পৰিৱৰ্তন আহিছিল ঠিক সেইদৰে বৃটিছৰ আগমনৰ লগে লগেও বিহুনাম সৃষ্টি হৈছিল। ইয়াৰে বহু গীতত চাহ বাগানৰ কথা পোৱা যায়। যেনে—
লানি লানি কৰি বঙালী নামিলে
মূৰতে টুকুৰী লৈ।
বৰতলৰ দাৰোগাই হেণ্ডকাফ লগালে
বাজিপাত চিঙাৰ হৈ।।
****
উকিয়াই উকিয়াই ৰেলগাড়ী চলিলে
দবাতে আনিলে কুলী
চাহাবে হাঁহিলে কুলীয়ে কান্দিলে
আমাকে ঠগিলে বুলি।।
****
উজায়ে আহিলে বাগিছাৰ চাহাবটি
চেৰাপ খাই ভাঙিলে চিচা।
অনেক ধন-বস্তু কেলেই লাগিছে
ছোৱালী নহ’লে মিছা।।
****
বাগিছাৰ কলঘৰ দেখোতে ভয়ংকৰ
চাহাব অহাযোৱা কৰে।
কলঘৰৰ বাবুৱে চাহপাত মৰালে
গোন্ধ আমোলমোল কৰে।। ইত্যাদি।
****
এইখিনিতে বৈষ্ণৱ সাহিত্যৰ আৰু এটি দিশ আলোচনা কৰিব বিচাৰিছোঁ। বৈষ্ণৱ কবিসকল যে একোগৰাকী বিশিষ্ট চিন্তাবিদ সেই কথা তেওঁলোকৰ গীত বা পদ্য সাহিত্যৰ পৰাই ধৰিব পাৰি-
পাছে ত্রিনয়ন দিব্য উপবন
দেখিলন্ত বিদ্যমান।
ফল-ফুল ধৰি ঝকমক কৰি
আছে যত বৃক্ষমান।
শিৰীষ সেউতী তমাল মালতী
লবঙ্গ বাগি গুলাল।

কৰবিৰ বক কাঞ্চন চম্পক
ফুল ভাবে ভাঙে ডাল ।।
শেৱালি নেৱালি পলাশ পাৰলি
পাৰিজাত যুতি জাই।
বকুল বান্দুলী আছে ফুলি ফুলি
তাৰো সীমা-সংখ্যা নাই।।
এই কথাংশত আমি দেখিবলৈ পাওঁ অসমখনক এটা কলাকৰ্ম ৰূপে চোৱা হৈছে। বৰ অসম গঢ়াৰ পৰিকল্পনাও কিন্তু এই সাহিত্যতে দেখা পাওঁ। ভাগৱতৰ ‘কিৰাত হুনান্ধ্ৰ পুলিন্দ পুল্কসা আভীৰকঙ্কা যবনাঃ খসাদয়াঃ’ শ্লোকফাঁকিত কিছু এৰা-ধৰা কৰি শংকৰদেৱে লিখিলে—
কিৰাত কছাৰী খাছি গাৰো মিৰি
যৱন কঙ্ক গোৱাল।
অসম মুলুক ধোবা যে তুৰুক
কুবাচ ম্লেচ চণ্ডাল।।
বৃটিছ যুগৰ গীত-মাতবোৰলৈ আকৌ এবাৰ ঘুৰি যাব বিচাৰিছোঁ। বৃটিছ যুগৰ বিহু নামসমূহত যে কেৱল চাহ বাগিছা বা সামাজিক ঘটনা পৰিঘটনাসমুহেই স্থান পাইছিল এনে নহয়। বহুতো ইংৰাজ বিষয়ায়ো ইয়াত স্থান পাইছিল। ইয়াৰে কোনোবা হৈ পৰিছিল গঞাৰ অতি আপোন আৰু কোনোবা চকুৰ কুটা দাঁতৰ হুল। যেনে-
উজায়ে আহিলে কাকতি ফৰিঙে
বৰদি চাহাবৰ দিনত।
মাহ সৰিয়হ সোপাই খায়ে গ’লে
পকা ধান নেখালে ঘিনত।।
উল্লেখ্য যে এই ব্রডি(বৰদি) চাহাবক অসমৰ চিফ কমিছনাৰে তেওঁৰ সহায় হোৱাকৈ লখিমপুৰ আৰু শিৱসাগৰৰ প্ৰিন্সিপাল এছিছটেণ্ট ৰূপে নিয়োগ কৰিছিল।
বিহুৰ সৈতে এটা এৰাব নোৱাৰা সম্পৰ্ক হ’ল বৰদৈ গীতৰ। সৰল অৰ্থত বৰদৈ গীত মানে হ’ল মালিতা। বেণুধৰ শৰ্মাই এই মালিতাবোৰকে বৰদৈ গীত নামেৰে নামাকৰণ কৰি থৈ গৈছে। অসমীয়া বৰদৈ গীতসমূহৰ ভিতৰত চিকন সৰিয়হৰ গীত, জাতি নাহৰৰ গীত, বাখৰ বৰাৰ গীত, চিকন গোসাঁইৰ গীত, খোৰা নাহৰৰ গীত, পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু ঘিনাই বৰফুকনৰ গীত, তুলাৰাম সেনাপতিৰ গীত, জনধন বনিয়াৰ গীত, ৰমাই পানিফুকনক মৰা গীত আদি উল্লেখযোগ্য। ইয়াৰ ওপৰিও ধন পাচতোলাৰ গীতসমূহ আঘোণ মাহত ন খোৱা পর্বত আহোম সম্প্ৰদায়ৰ বয়োজ্যেষ্ঠসকলে ৰাতি জুইৰ কাষত বহি গায়। এইবোৰ গীত উচ্চ স্বৰত দীঘলীয়াকৈ গোৱা হয়। ইয়াৰ এটি লক্ষনীয় দিশ হ’ল, এই অনুষ্ঠানত মহিলাই অংশগ্ৰহণ নকৰে। এই গীতবোৰ বিংশ শতিকাৰ ৮০ ৰ দশকলৈকে শিৱসাগৰ মৌজা আৰু চৰাইদেউ জিলাৰ মাহমৰা মৌজাৰ আহোম জাতিৰ পুৰোহিতসকলৰ মাজত বিশেষভাৱে জনপ্রিয় আছিল। ইয়াৰ মূল নায়ক হ’ল ধন নামৰ এটা ল’ৰা আৰু পাচতোলী (কালক্রমত পাচতোলা) নামৰ এজনী ছোৱালী। মূল কাহিনী এই দুই চৰিত্ৰক লৈ আগবাঢ়িলেও এই গীতসমূহত অর্থনৈতিক, ব্যক্তিগত আৰু সামাজিক অবস্থাৰ কথা পোৱা যায়। বিশিষ্ট লোকসংস্কৃতিবিদ লীলা গগৈয়ে এই গীতসমূহ চতুৰ্দশ শতিকা মানৰ পৰা চলি অহা বুলি মত প্ৰকাশ কৰিছে। উদাহৰণ স্বৰূপে —
হোলাত উপজিলে বোলে ঐ
হোলাৰে শিঙৰি
মহত উপজিল লোণ
শামুকৰ পেটতে মানিক উপজিলে
মৰি মৰি উপজিল ঐ জোন
তিনিকৈ পৰীয়া দলৌ কান্ধমাৰি ঐ
ছকুৰি কুকুৰাৰ ভাৰ
দিখৌ পানীয়ে কৰে তলে বলে
বোলে ঘাটৈয়ে নকৰে ঐ পাৰ।।
****
অসমীয়া লোকসমাজত বহুলভাৱে প্রচলিত জিকিৰসমূহৰ অসমীয়া লোকগীতত উল্লেখযোগ্য ভূমিকা আছে। আজান ফকিৰে অকলেই আঠকুৰি জিকিৰ ৰচনা কৰিছিল বুলি জনা যায়। অৱশ্যে ইয়াৰ সকলোবিলাক এতিয়াও উদ্ধাৰ হোৱা নাই। আজান ফকীৰৰ বাদেও ছেখ ফৰিদ, মজনুদিল ফকীৰ, মুনীয়া দেৱান, চৈয়দ মৰতোজা, গোলাম হুছেইন, বেথাই গোৱাল আদিৰ জিকিৰো পোৱা যায়। অৱশ্যে এইসকলৰ গীতসমূহক জিকিৰ আখ্যা দিব পাৰি নে নোৱাৰি সেয়া বিচার্য বিষয়। যদিও ইয়াত আমি জিকিৰৰ সৈতে ‘ৰচনা’ শব্দটো যোগ কৰিছো, ইয়াৰ সৃষ্টি আচলতে মৌখিক ভাবেহে হৈছিল। সেয়েহে পীৰে নিজেই কৈ গৈছে—
দিলে হাতে হাতে খালে মুখে মুখে
বুজা ভকতিৰ ভাও।
অসমীয়া সমাজত এটি জনপ্ৰিয় গীত হ’ল জয়মতী কুঁৱৰীৰ গীত। এই গীতটি কেতিয়াব নামঘৰতো গোৱা হৈছিল। আজি এই গীতটি গাওঁতাৰ অভাৱত প্রায় নিশ্চিহ্ন হোৱাৰ পথত। নাহৰকটিয়া কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰী তনু কুমাৰ ধাদুমীয়াৰ পৰা এই গীতটি সংগ্ৰহ কৰিছিলোঁ। গীতটি
এনেধৰণৰ –
অতি চিকুন লাই লেচাই
অতি চিকুন জয়া
মৰম নাই চেনেহ নাই
কিনো ল’ৰা ৰজা ঐ ৰাম
শুনা শুনা নাৰীগন
জয়াৰ কাহিনী
জয়াৰ কথা সুঁৱৰিলে
ওলায় চকুৰ পানী
জয়া আছিল গদাধৰৰ প্ৰিয়
ভার্যা স্বামী
স্বামীৰ হকে মৰি গ’ল
এনে সতী নাৰী ঐ ৰাম
লক্ষ্য লক্ষ্য ছোৰাতৰ পাতে কোবাইছিল পাতে
তত লক্ষ্য গৰম লোহা
লগাইছিল গাতে ঐ ৰাম
কোমল কোমল গাৰ মাংস
চিগি চিগি যায়
সোতৰ দিনে সতী নাৰী
প্ৰাণ হেৰুৱায় ঐ ৰাম
জয়া আজি মৰি গ’ল
আৰু কোনো নাই।
বুৰঞ্জীত ৰাখি গ’ল
নামকে জ্বলায়।।
এই গীতটিত ব্যবহৃত ‘মৰম-চেনেহ’ আদি শব্দৰ পৰাই এইটো খাটাংকৈ ক’ব পৰা যায় যে এয়া উজনি খণ্ডৰে কোনো চহা লোকৰ সৃষ্টি। নামনি আৰু মধ্য অসমৰ ৰহা অঞ্চলত তিৱা বীৰ জোঙাল বলহুক লৈ এটি লোক গীত গোৱা শুনা যায়। গীতটোৰ কিছু অংশ এনেধৰণৰ—
ৰহাতে বহিলে ৰাইজখন গঢ়িলে
চৰাকৈ বান্ধিলে গড়।
সাতো খলপীয়া গড়ৰে ভিতৰত
জোঙাল বীৰ বলহুৰ ঘৰ।
ডাঙৰে দীঘলে জোঙাল বীৰ বলহু
ধুমুহা যোৱাদি যায়।
গহীনে গম্ভীৰে থানুৱা কোঁৱৰে
ৰাজপাট চলায়ে খায়।
জোঙাল বলহু ডেকা
তেজৰে দৰপত বলৰে গৰবত
কাকো নেমানে একা।
জোঙাল বলহু বলী
উজনি নামনি লগাই খলকনি
ঘূৰিলে আটাইখন থলী।
কতক খহালে কতক বঢ়ালে
তথাপি মনত নাই থিৰ।
এই গীতটি সাত খলপীয়া গড় বান্ধি ৰাজত্ব কৰা জেঙাল বলহুৰ বীৰত্বৰ কথাৰে আৰম্ভ হৈ জোঙালৰ কৰুণ মৃত্যুৰ কাহিনীৰে অন্ত পৰিছে। মধ্য অসমত ঠিক তেনেকৈয়ে জনাগাভৰুৰ গীতো শুনা যায়। উদাহৰণ স্বৰূপে—
অতিকৈ জিলিকে বালিত বালিচন্দা
অতিকৈ জিলিকে সোণ,
তাতোতকৈ জিলিকে জনা যে গাভৰু
যেন পূৰ্ণিমাৰে জোন।।
****
চটাই পৰেবতে ধুৱলী কুঁৱলী
কোনে ভাতে ৰান্ধি খায়,
মাক নাই মাউৰা তিৰী নাই বৰলা
হাতী ধৰিবলৈ যায়।।
****
মধ্য অসমৰ বিভিন্ন পূজা পার্বনতো কিছু গীত শুনা যায়। উদাহৰণ স্বৰূপে বৰত পুজাৰ গীতসমূহ। প্রাপ্ত তথ্যমতে পশ্চিম নগাঁৱৰ তেতেলীয়া মৌজাৰ প্ৰায় ভালেকেইখন গাঁৱৰ মহিলাসকলে প্ৰতি বছৰ কাতি মাহৰ পূৰ্ণিমাৰ দিনা এই পূজা কৰে। ইয়াত ব্যবহৃত দ্রব্য আৰু পূজা পালনৰ নিয়ম আদিলৈ চাই ইয়াক কুমাৰী পূজাৰে এটা প্রান্তীয় ৰূপ বুলি ধৰাৰ ঠল আছে। এই পূজাৰ গীতৰ উদাহৰণ স্বৰূপে—
সৰুকৈ লিকৰা লুটৈ ঘুটৈ
অবুজা ভৈয়াই মেলি লৈ নাও
পুৱাতি চুচুটো জিলি ৰাওঁ।।
মধ্য অসমত যে কেৱল ব্যক্তি বিশেষক লৈ বা পূজা-পার্বনৰ লগত জড়িত গীতই গোৱা হয় এনে নহয়। সামাজিক ঘটনা পৰিঘটনাক লৈয়ো গীত গোৱা হয় । তেনে এটি গীত হ’ল বলিয়া পানীৰ গীত। ১৯৩৮ চনৰ জুলাই মাহৰ কপিলীৰ প্ৰলয়ংকাৰী বানক বলিয়াপানী বুলি জনা যায়। আহাৰ মাহৰ ষাঁঠৰ পৰা হোৱা সপ্তাহ যোৰা বৰষুণৰ ফলত দৈয়াঙৰ পানী অস্বাভাবিকভাৱে বৃদ্ধি পায়। পুৰণি লোকে কয় যে সেই সময়ত কপিলীৰ পানী থিয়ৈ চাৰি হাত ওখ হৈ বাঢ়িছিল আৰু তাৰ ফলতেই সৃষ্টি তলৰ গীতটোৰ–
ধন্য ৰজাৰ পুণ্য দেশ
পাপৰ ফলত মৰাৰ ভেশ
মিছা কথাত ধৰ্মে নিন্দে হ’ল প্ৰজাৰ শেষ।
১৩৩১ চন আহাৰ মাহৰ ৬ তাৰিখ ষাঁঠ লাগিছে, দিন বৃহস্পতিবাৰ
পানী আহিল দুটা বজাত
ঘৰ সোমাল চাইটা বজাত
সকলোৰে লাগিল হাহাকাৰ
মালবস্তু তাতে এৰি
পলাল সবে তাৰাতৰি
কোনো ঠাইত কোনো থাকে
কলৰ ভূৰক সাৰ কৰি।।
ইয়াৰ বাদেও নগাঁও অঞ্চলত ফুলগুৰি ধেৱাৰ গীতো শুনা যায়। অৱশ্যে অন্যান্য প্রান্তীয় লোকগীতসমূহৰ দৰে ইয়াৰ ৰচক অনামী নহয়। এই গীতটিৰ ৰচক ফুলগুৰি ধেৱাৰ বিচাৰত দ্বীপান্তৰিত হোৱা দেওবালি গাঁৱৰ বাহু কৈৱৰ্ত বুলি জনা যায়। এওঁ ১৯১৩ চনৰ প্ৰথম মহাসমৰৰ আগে আগে ৫৩ বছৰ পাছত অসমলৈ উভতি আহে। ইয়াৰ পাছতো তেখেতে বিয়া বাৰু কৰাই ১৯২৩-২৪ মানলৈকে জীয়াই আছিল। এই গীতটি দৰাচলতে দীঘলীয়া আছিল কিন্তু সময়ৰ লগত হেৰাই গ’ল। অশেষ কষ্ট কৰি সাহিত্যিক বেনুধৰ কলিতাই গীতটিৰ এছোৱা উদ্ধাৰ কৰি তেওঁৰ পুথিত স্থান দিছিল। উদাহৰণ স্বৰূপে—
কলং নদীৰ পাৰতে আফু খেতি কৰোঁতে
বগা চাহাবৰ লগত যুঁজখন লাগিলে
নল ডোম বাহু ডোম খদপদপ মাৰিলে
হেৰ মনিৰাম লাখুটি ধৰিলে
কাকুতি কৰিলে কেঁ কুট্‌ কেঁ কুট্‌।
অসমীয়া জাতিটো লোকগীতৰ ফালৰ পৰা কিমান চহকী সেই কথা এটা কথাৰ পৰাই স্পষ্ট হয় যে আমাৰ বেলেগ বেলেগ অনুষ্ঠানৰ বাবে বিভিন্ন ধৰণৰ গীত আছে। অন্যটো বাদেই মানুহক গালি পাৰিবলৈও নামনি অসমত গীত ব্যৱহাৰ হয়। তলৰ গীতটি প্রফুল্ল দত্ত গোস্বামীয়ে পলাশবাৰী অঞ্চলৰ পৰা সংগ্ৰহ কৰিছিলো। গীতটি এনেধৰণৰ–
তুলাৰ আগত নুন এ
হাজেলনী গালি পাচ্ছু
কাণ পাতি শুন এ।
পুতেহঁতৰ মূৰা এ
পুতে খাইতী হাত।
আলা চাউলৰ গুড়া এ
পুতেহঁতৰ মূৰা এ
পুতে খাইতী হাত।
বেৰাৰ আগত চুন এ
হজেলনী গালি পাচ্ছু
কাণ পাতি শুন এ
পুতেহাতৰ মুৰা এ
এ বেটী পুতখাইতী হাত।।


ব’হাগ বিহুত শাক তুলিবলৈ যাওঁতেও গীত গোৱা হয়। যেনে—
আহাৰে সাত শাকৰ কি কি নাউ।
অ গুঞ্জৰে ভোমোৰা পাৰ্বতী নাই।।
হে সাত শাক তুলি ঘৰত যাওঁ।
তুলি আনিলোঁ ঘাটে।
দ্বাৰকাৰ শ্ৰীকৃষ্ণ আহিব কোন বাটে।
চহা কৃষকে পথাৰত আনন্দত বা বিষাদতো গীত সৃষ্টি কৰিছেই কিন্তু জাকৈ মাৰিবলৈ যোৱা মহিলাসকলো পিছ পৰি ৰোৱা নাই। উদাহৰণ স্বৰূপে গোৱালপাৰা অঞ্চলত প্ৰচলিত জাকৈ মৰা আৰু বৰশী বোৱা গীত দুটা উল্লেখ কৰিব পাৰি—
১) ফুল বৰশী বললাৰ টোপ,
কই মাৰোঁ গোট গোট
আয় কয় খায়া যা,
মোৰ বৰশীটো লয়া যা।।
২) উলকি নদীৰ ভুলকি মাছৰে।
সদায় ভুল কয় ৰে,
তোৰ ডুম ডুম মোৰ ডুম ডুম
সদায় ডুম ডুম সাৰ।
জখা নাই খালাই নাই,
গোলামেক বেটাৰে,
কি দিয়া মাৰিম মাছ।।
অসমীয়া লোক সাহিত্যত বহুতো অশ্লীল গীতো শুনিবলৈ পোৱা যায়। অৱশ্যে সেয়া হ’লেও এই গীতবোৰে অসমীয়া জনসাহিত্যত এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে। এইবোৰৰ আলোচনা নকৰিলে বিষয়টো কিছু আধৰুৱা হৈ ৰব। সেয়েহে তলত এইবোৰৰ বিষয়ে কিছু আলোচনা কৰা হ’ল—
১) লাইলাং গীতঃ এই সমূহ গীত গৰখীয়া গীত। এই গীতবোৰ বিশেষকৈ ডিমৰীয়া অঞ্চলত শুনিবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে-
দুৱনী বমনী ঐ দোয়ো বনী ঐ
অমৰা নথবি ঐ দমাই,
অমৰা তলীতে ঐ ধৰিম গবা মাৰি ঐ
বাপেৰে বুলিব ঐ জঙাই।
জঙাই হেৰা জৰা টেঙা
একে হানে কৰিম বেঙা
মেখেলী বাল কৰি দিম ৰঙা৷৷
২) অঘাইটং গীতঃ শিৱসাগৰ, যোৰহাটৰ প্ৰচলিত গৰখীয়া গীত। লাইলাং গীতৰ দৰেই ইয়ো পথৰুৱা গীত বা কেঁচা বিহুগীত।
৩) হাবিতলীয়া বা হাবি নামঃ এই গীতসমূহ মায়ং অঞ্চলৰ তিৱা আৰু লালংসকলৰ মাজত প্রচলিত। এই নাম দুই ধৰণৰঃ বেয়া আৰু ভাল। এই গীতসমূহ সুৰৰ ফালৰ পৰা বিহুগীত আৰু বিষয়বস্তুৰ ফালৰ পৰা গৰখীয়া গীতৰ সৈতে তুলনাৰ যোগ্য।
দৰং অঞ্চলত ভক্তিসাধনৰ এট পন্থা হ’ল ৰাতি খোৱা ভকতীয়া পন্থা আৰু ইয়াৰে এটা শ্ৰেণী হ’ল বৰখেলীয় ভকত। এখেতসকলৰে এটি বিশেষ অনুষ্ঠান হ’ল ভকত সেৱা অনুষ্ঠান। এই অনুষ্ঠানতে অতি গোপনীয়ভাৱে চিয়া গীতসমূহ গোৱা হয়। চিয়াগীতৰ মূল বিষয়বস্তু গুৰু, ভকত, ভকতি আৰু সত্সংগ। চিয়া শব্দৰ অভিধানিক অর্থ হৈছে সুখ্যাতি বা যশ। ইয়াৰ আন এক অৰ্থ ধৰ্ম বা ঈশ্বৰৰ নাম স্মৰণ কৰা। উদাহৰণ স্বৰূপে—
নামক নামে যজে নামক নামে ভজে
নামক নামে কৰে সেউ।
নিজ নাম লৈয়া জীউ তৰিয়া
ইহাক নাজানে কেউ।।
এই লোকগীতবোৰৰ বিষয়ে আলোচনা কৰি থাকিলে অন্তই নপৰে। ইয়াতো বহু লোকগীতৰ বিষয়ে আলোচনা কৰিবলৈ থাকি গৈছে, যেনে- মুগা চোমনীৰ গীত, ঢেকী চোৰৰ গীত সোণাৰয় পূজাৰ গীত আদি। এতিয়াও বহু গীত উদ্ধাৰ হৈয়েই আছে আৰু কিছু উদ্ধাৰ হ’বলৈ বাকী আছে। প্রান্তিকৰ ৩৬শ বছৰ, দশম সংখ্যাত শিৱসাগৰৰ শ্ৰীযুত ৰঞ্জন বৰাই ‘ঢেঁকীচোৰ গীত’ৰ এটি অংশ প্ৰকাশ কৰিছে এনেদৰে— চাচে-চাঁচিলে, বাইচে কাটিলে, উফৰি পৰিলে চলি…।
এইবোৰ গীত হয়তো উদ্ধাৰ হ’লে অসমীয়া জনসাহিত্যৰ ভঁৰালটি আৰু টনকীয়াল হ’ব। ইয়াৰ ওপৰত আৰু বেছি গবেষণাৰ ঠল আছে।

সহায়ক গ্ৰন্থ আৰু আলোচনী পঞ্জীঃ
১) দেৱ গোস্বামী, ৰঞ্জিত কুমাৰ (২০১৯) : প্ৰৱন্ধ – লয়াৰ্চ বুক ষ্টল। পৃষ্ঠাঃ ৫০-৫৩
২) ড° শৰ্মা, নবীন চন্দ্ৰ (২০১৯) : ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিবেশ্য কলা- বনলতা। পৃষ্ঠাঃ ১৬১-১৭১
৩) হুছেইন, মহিবুল (২০১৭) : হজৰত আজান পীৰ – আজিম প্রকাশন – আগকথা।
৪) অসম প্ৰকাশন পৰিষদ সম্পাদনা ড° বীৰেন্দ্ৰনাথ দত্ত (২০১২) : প্রফুল্ল দত্ত গোস্বামী ৰচনাৱলী (১ম খণ্ড)। পৃষ্ঠাঃ ১৪
৫) অসম প্ৰকাশন পৰিষদ সম্পাদনা ড° নগেন শ‍ইকীয়া (২০১৪) : বেনুধৰ শৰ্মা ৰচনাৱলী পৃষ্ঠা : ১৪০৮ ৬) অভ্যর্থনা সমিতি, অসম সাহিত্য সভা বহা অধিৱেশন (১৯৮০) : ৰহাৰ ৰহদৈ। পৃষ্ঠাঃ ২-২০৪
৭) ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস (২০১৩) : ভূপেন্দ্র জ্যোতি। পৃষ্ঠা : ১১৩-১১৪
৮) অসম সাহিত্য সভা পত্রিকা (২০১০) : সম্পাদনা ড° উপেন ৰাভা হাকাচাম । পৃষ্ঠাঃ ৩০৯-৩১২
৯) প্রান্তিক, সংখ্যা ১৬ : ৩১ ডিচেম্বৰ, ২০১৬, ১-১৫ মার্চ, ২০১৭, ১-১৫ এপ্রিল, ২০১৮
১০) সাতসৰী, সংখ্যা নবেম্বৰ, ২০১৯
১১) কৃতজ্ঞতাঃ শ্ৰীযুত তনুকুমাৰ ধাদুমিয়া, অধ্যক্ষ নাহৰকটীয়া কনিষ্ঠ মহাবিদ্যালয়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!