অসমৰ কৃষি ক্ষেত্ৰৰ এক চমু আলোকপাত

লেখক- দীপাঞ্জন কাশ্যপ

অসমৰ অৰ্থনীতিৰ মূল চালিকাশক্তি হৈছে কৃষি। এক সমীক্ষা অনুসৰি অসমৰ ৩.৬৬ কোটি জনগণৰ ভিতৰত প্ৰায় ১১ লাখ ব্যক্তি চৰকাৰী, বে-চৰকাৰী, ৰাজহুৱা খণ্ড আদিত সংস্থাপিত হৈ আছে। বিপৰীতে অসমৰ ৭০ শতাংশতকৈও অধিক লোক কৃষিখণ্ডৰ লগত জড়িত আৰু ৰাজ্যৰ প্ৰায় ৫৩ শতাংশ লোকে কৃষিৰ যোগেদি কৰ্ম সংস্থাপন লাভ কৰিছে। সেয়েহে অসমৰ সামগ্ৰিক অৰ্থনীতি গ্ৰাম্য অৰ্থনীতিৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল। কৃষিক্ষেত্ৰই বৰ্ধিত হাৰত খাদ্যশস্য উৎপাদন কৰি ৰাজ্যৰ জনগণক প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰাৰ লগতে কৃষক ৰাইজক অৰ্থনৈতিক নিৰাপত্তা দিছে। তদুপৰি বিগত কিছু সময় ধৰি বৃদ্ধি পাবলৈ ধৰা খাদ্য সামগ্ৰীৰ উৎপাদনে পুঁজি বহিঃগমনত বাধা দি ৰাজ্যৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰাত বৰঙনি যোগাইছে। 

অসমৰ ভৌগোলিক মাটিকালিৰ প্ৰায় ৫৪.১১ শতাংশ কৃষিভূমিৰ অন্তৰ্গত। সাৰুৱা কৃষিভূমি আৰু বৰ্ষাপ্ৰধান ৰাজ্য হিচাপে অসম ধান, চাহ, আৰু মাহজাতীয় শস্য উৎপাদনৰ বাবে উপযুক্ত স্থান। ৰাজ্যৰ চাহ উদ্যোগে কেৱল ভাৰতৰ চাহ ৰপ্তানিত অৰিহণা যোগোৱাই নহয়, অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতীক হিচাপেও কাম কৰে। ধান, চাহ, আৰু মাহজাতীয় শস্যৰ সমান্তৰালকৈ অসমে কৃষি বৈচিত্ৰ্য আৰু খাদ্য সুৰক্ষাৰ বাবে নিজৰ প্ৰাকৃতিক সম্পদ আৰু কৃষি জলবায়ুৰ বৈচিত্ৰ্যৰ সহায় লৈ তৈলবীজ, ফলমূল, শাক-পাচলি, মছলা আদিও বুজন সংখ্যক পৰিমাণত উৎপাদন কৰে। তলত অসমৰ কৃষি অৰ্থনীতি আৰু খাদ্য সুৰক্ষাত প্ৰত্যক্ষভাৱে অৱদান আগবঢ়োৱা কেইবিধমান শস্য আৰু শস্যগোটৰ ওপৰত চমু আলোচনা কৰা হ’ল। 

ধান: অসমৰ ভূমি আৰু জলবায়ু বিভিন্ন শস্যৰ বাবে উপযোগী হ’লেও ৰাজ্যৰ মুঠ ৪১.৬ লাখ হেক্টৰ কৃষিভূমিৰ প্ৰায় ২৫.৪ লাখ হেক্টৰতে ধান খেতি কৰা হয়। তাৰ ভিতৰত ১৮ লাখ হেক্টৰ কৃষিভূমিত অকল শালি ধান উৎপাদন কৰা হয়। ৰাজ্যত উৎপাদিত মুঠ খাদ্যশস্যৰ প্ৰায় ৯৬ শতাংশ ধান খেতিৰ পৰা আহে। খাদ্যশস্য হিচাপে ধানৰ যথেষ্ট গুৰুত্ব থকা সত্ত্বেও ৰাজ্যৰ ধানৰ গড় উৎপাদন বৃদ্ধিৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত যথেষ্ট কম। ২০২১-২২ বৰ্ষত অসমৰ ধান উৎপাদনৰ পৰিমাণ আছিল ৫২.৮৯ লাখ টন। জলসিঞ্চনৰ সুবিধা বৃদ্ধিৰ লগে লগে আগতীয়াকৈ ৰোৱা আহু ধান খেতিৰ কৃষিভূমিৰ পৰিমাণ বৃদ্ধি পাইছে। বৰো ধান আৰু আগতীয়াকৈ ৰোৱা আহু ধানৰ উৎপাদকতা (productivity) (২৮৫৮ কি.গ্ৰা. প্ৰতি হেক্টৰ) শালি ধান (২২০৫ কি.গ্ৰা. প্ৰতি হেক্টৰ) আৰু সময় মতে কৰা আহু ধান (১৪৬৮ কি.গ্ৰা. প্ৰতি হেক্টৰ)ৰ তুলনাত অধিক হয়। উৎসাহজনক খবৰটো হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা উদ্ভাৱিত অধিক উৎপাদনক্ষম ধানৰ জাত ৰঞ্জিত, বাহাদুৰ, গীতেশ, দিচাং, ৰঞ্জিত চাব-১, বাহাদুৰ চাব-১ আদি কৃষক ৰাইজে আদৰি লৈছে। অধিক উৎপাদনক্ষম ধানৰ জাতৰ ব্যৱহাৰ, ৰাসায়নিক সাৰৰ প্ৰয়োগ, কীট-পতংগৰ নিয়ন্ত্ৰণ, জলসিঞ্চন ব্যৱস্থাৰ উন্নতি আদিয়ে অসমত পূৰ্বৰ তুলনাত ধানৰ উৎপাদন বৃদ্ধি হোৱাত প্ৰভুত বৰঙনি আগবঢ়াইছে। দুৰ্ভাগ্যবশতঃ ৰাজ্যৰ প্ৰায় ৪.০ লাখ হেক্টৰ শালি ধানৰ খেতিপথাৰ প্ৰতি বছৰে বানৰ পানীয়ে অনিষ্ট কৰে আৰু ই ধানৰ উৎপাদন হ্ৰাসত অৰিহণা যোগায়।

চাহপাত: অসমৰ পয়ত্ৰিশখন জিলাৰ ছাব্বিশ খনতে কম-বেছি পৰিমাণে চাহৰ উৎপাদন কৰা হয়। ৰাজ্যৰ প্ৰায় ৩.৩ লাখ হেক্টৰ মাটিত চাহ খেতি কৰা হয়, যি ভাৰতৰ চাহ খেতিত ব্যৱহাৰ হৈ থকা মুঠ মাটিকালিৰ অৰ্ধেক অংশ। আমাৰ ৰাজ্যখনে বছৰি প্ৰায় ৭০০০ লাখ কেজি চাহ উৎপাদন কৰে আৰু ভাৰতক বছৰি প্ৰায় ৩০০০ কোটি বৈদেশিক মুদ্ৰা উপাৰ্জন‌ কৰাত সহায় কৰে। অসমত চাহৰ সংগঠিত ক্ষেত্ৰত ১০ লাখৰো অধিক চাহ শ্ৰমিকে কৰ্ম সম্পাদন‌ কৰি জীৱন নিৰ্বাহ কৰি আছে। 

মাহজাতীয় শস্য: অসমত মাহজাতীয় শস্যৰ যথেষ্ট সম্ভাৱনীয়তা আছে। কৃষকৰ সহায়ক হোৱাকৈ বিভিন্ন চৰকাৰী আঁচনি থকা সত্ত্বেও মাহজাতীয় শস্য কৰা কৃষিভূমিৰ পৰিমাণ বৃদ্ধি হোৱা পৰিলক্ষিত হোৱা নাই। ৰাজ্যৰ ১.৪২ লাখ হেক্টৰ ভূমিত মাহজাতীয় শস্যৰ খেতি কৰা হয়। ২০১৯-২০ বৰ্ষৰ (১.০৬ লাখ টন) তুলনাত ২০২০-২১ বৰ্ষত (১.১৩ লাখ টন) মাহজাতীয় শস্যৰ উৎপাদন সামান্য বৃদ্ধি হৈছে। তাৰ পিছতো ৰাজ্যখনত প্ৰয়োজন হোৱা মুঠ মাহজাতীয় শস্যৰ মাথোঁ ১৪ শতাংশহে আমি উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ। বাকী থকা ৮৬ শতাংশ মাহজাতীয় শস্য ৰাজ্যৰ বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হৈছে আৰু ফলত ৰাজ্যখনৰ প্ৰায় ৫০০ কোটি টকাৰ ধন বহিঃৰাজ্যলৈ ওলাই গৈছে। বিগত সময়ত বতৰৰ সালসলনিৰ পৰিপ্ৰেক্ষিতত চেপ্তেম্বৰ মাহৰ মাজভাগলৈ হৈ থকা বৰষুণৰ ফলত বৰ্ষাকালীন মাহজাতীয় শস্য মাটিমাহ, মগুমাহ আদি ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে। থলুৱা জাত বা বজাৰত সহজতে উপলব্ধ কম গুণগত মানদণ্ডৰ বীজৰ ব্যৱহাৰ, কৃষকৰ বিজ্ঞানসন্মত খেতিৰ প্ৰতি থকা অমনোযোগিতা তথা ন্যূনতম জ্ঞান, পোক-পৰুৱা আৰু বেমাৰ-আজাৰ নিয়ন্ত্ৰণৰ বাবে ল’ব লগা যথোচিত ব্যৱস্থাৰ অভাৱ আদিৰ ফলত ৰাজ্যত মাহজাতীয় শস্যৰ উৎপাদকতা বৃদ্ধি হোৱা নাই। 

তৈলবীজ: ৰাজ্যৰ প্ৰায় ৩.৩ লাখ হেক্টৰ কৃষিভূমিত তৈলবীজ উৎপাদন কৰা হয়। তাৰ ভিতৰত প্ৰায় ৮৫ শতাংশ কৃষিভূমি সৰিয়হ খেতিৰ বাবে ব্যৱহাৰ হয়। তিল খেতিৰ ক্ষেত্ৰত ব্যৱহৃত কৃষিভূমিৰ পৰিমাণ বৰ বিশেষ সালসলনি হোৱা নাই। বৰ্তমান ৰাজ্যখনত তৈলবীজ উৎপাদনৰ পৰিমাণ হৈছে প্ৰায় ২.০ লাখ টন। শেহতীয়াকৈ জনপ্ৰিয়তা অৰ্জন কৰা শীতকালীন মাকৈ খেতিৰ বাবে কৃষকে অধিক কৃষিভূমি ব্যৱহাৰ কৰাৰ ফলত ৰবি শস্যকালীন তৈলবীজ আৰু মাহজাতীয় শস্যৰ কৃষিভূমি হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে। তদুপৰি সঠিক সময়ত বীজ সিঁচাৰ ওপৰত সৰিয়হৰ উৎপাদকতা বৃদ্ধি বহুলাংশে নিৰ্ভৰ কৰে, যিটো বিষয়ত বুজন সংখ্যক কৃষকে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহয়। 

মৰাপাট: আঁহজাতীয় শস্যৰ ভিতৰত মৰাপাট উল্লেখযোগ্য। অসমৰ মুঠ আঁহজাতীয় শস্যৰ কৃষিভূমি ০.৯৮ লাখ হেক্টৰৰ ভিতৰত সিংহভাগ মৰাপাটৰ খেতিয়ে দখল কৰি আছে (০.৬৪ লাখ হেক্টৰ)। মৰাপাট উৎপাদনত ভাৰতৰ ভিতৰত অসমৰ স্থান দ্বিতীয়। ৰাজ্যত ২০২০-২১ বৰ্ষত উৎপাদন হোৱা ৮.১২ লাখ বেল আঁহজাতীয় শস্যৰ ভিতৰত ৭.৯৪ লাখ বেল কেৱল মৰাপাটৰ পৰাই উৎপাদন হৈছিল। নগাঁও, গোৱালপাৰা, বৰপেটা, দৰং আদি জিলাই মৰাপাট উৎপাদনত আগস্থান দখল কৰি আছে। 

ফল-মূল: অসমৰ মাটি আৰু জলবায়ু প্ৰায়বোৰ উদ্যান শস্য খেতিৰ বাবে অনুকূল। অসমৰ প্ৰধান ফল-মূল বুলি ক’লে কল, মাটিকঁঠাল, কমলা, মধুৰিআম, নেমুটেঙা আদিৰ নামেই মনলৈ আহে। বৰ্তমান স্থান ভেদে তৰমুজ, উন্নত জাতৰ অমিতা, উন্নত জাতৰ বগৰী, ষ্ট্ৰ’বেৰী, ড্ৰেগন ফ্ৰুইট আদিৰ খেতি কৰিও একাংশ কৃষক স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে। অসমত উদ্যান শস্য খেতিৰ বাবে ব্যৱহৃত ৬.৬ লাখ হেক্টৰ মাটিৰ ১.৪৭ লাখ হেক্টৰ মাটিত ফল-মূলৰ খেতি কৰা হয়। পিছে ৰাজ্যখনৰ বাৰ্ষিক ফল-মূলৰ উৎপাদন চাহিদাৰ তুলনাৰ যথেষ্ট কম। অসমত বাৰ্ষিক প্ৰয়োজন হোৱা ফল-মূলৰ পৰিমাণ হ’ল ৩৮.৮ লাখ টন। তাৰ ভিতৰত অসমত উৎপাদন হয় কেৱল ২৪.৪ লাখ টন। 

শাক-পাচলি: অসমত বৰ্তমান প্ৰায় ৩.০৬ লাখ হেক্টৰ মাটিত শাক-পাচলিৰ খেতি কৰা হয়। ৰাজ্যখনৰ খেতিয়কে আলু, বিলাহী, বেঙেনা, কবি, ৰঙালাউ, পানীলাউ, ব্ৰকলি, বিন, মটৰ, তিঁয়হ আদি উৎপাদন কৰে। কিন্তু যোগাযোগ ব্যৱস্থাৰ সমস্যা তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বজাৰৰ সঠিক তথ্য সময়মতে উপলভ্য নোহোৱা বাবে উৎপাদিত সামগ্ৰী যথোপযুক্ত স্থান সঠিক সময়ত গৈ নাপায়। ফলত কৃষকেও উপযুক্ত মূল্য নাপায় আৰু উপভোক্তায়ো গুণগত মানদণ্ডৰ সামগ্ৰী সঠিক মূল্যত ক্ৰয় কৰাৰ পৰা বঞ্চিত হয়। লগতে শীতলীকৃত গৃহৰ অভাৱত কৃষকৰ কষ্টৰ ফচলৰ এক বৃহৎ অংশ গেলি-পচি যায়। শাক-পাচলি খেতিৰ ভিতৰত ১.০৪ লাখ হেক্টৰ কৃষিভূমি আৱৰি আলু খেতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। শীতকালীন শাক-পাচলিয়ে ৰাজ্যৰ মুঠ শাক-পাচলি কৰা কৃষিভূমিৰ প্ৰায় ৭০ শতাংশ দখল কৰে। ২০২০-২১ বৰ্ষত ৰাজ্যত মুঠ ৩৬.২৯ লাখ টন শাক-পাচলি উৎপাদিত হৈছিল। 

ইয়াৰ উপৰিও মচলা জাতীয় শস্য উৎপাদনতো অসমে দেশৰ মানচিত্ৰত স্থান পাবলৈ সক্ষম হৈছে। ৰাজ্যৰ মচলা জাতীয় শস্যৰ ভিতৰত জলকীয়া, হালধি, আৰু আদাই আগস্থান লাভ কৰিছে। বৰ্তমান সময়ত স্থান বিশেষে মাকৈ খেতিয়ে বিশেষ সমাদৰ লাভ কৰা দেখা গৈছে। জনসাধাৰণৰ খাদ্য হিচাপে জনপ্ৰিয় হোৱাতকৈও মাকৈ খেতিয়ে গুৰুত্ব লাভ কৰাৰ মূলতে হ’ল পশু-পক্ষীৰ খাদ্য প্ৰস্তুতকৰণত বৃদ্ধি পাবলৈ ধৰা গুণগত মানসম্পন্ন মাকৈৰ প্ৰয়োজনীয়তা। তদুপৰি বহুতো মাকৈ খেতিয়কে পশু-পক্ষীৰ খাদ্য প্ৰস্তুত কৰা ব‌্যৱসায়িক প্ৰতিষ্ঠানৰ লগত খেতি আৰম্ভ কৰাৰ পূৰ্বেই ফচল ক্ৰয় সম্পৰ্কীয় চুক্তি সম্পাদন কৰা দেখিবলৈ পোৱা গৈছে। ফলত খেতিয়কে মাকৈ খেতিৰ পৰা ভাল উপাৰ্জন কৰাৰ উপৰিও শস্য চপোৱাৰ সময়ত বজাৰ বিচাৰি হাবাথুৰি খাবলগীয়া নহয়, যিটো ৰাজ্যখনৰ কৃষি ক্ষেত্ৰৰ বাবেই এক উৎসাহজনক খবৰ। কাঠফুলা আৰু ফুলৰ খেতি কৰিও একাংশ কৃষক স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে। তদুপৰি কৃষিজাত সামগ্ৰীৰ‌ মূল্য সংযোজনত বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। ই নিশ্চিত ভাৱে কৃষকৰ আয় বৃদ্ধি পোৱাত অৰিহণা যোগাব। 

কৃষিৰ উন্নয়ন আৰু উত্তৰণ জলবায়ু আৰু উন্নত প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। সকলো কৃষিকাৰ্যতে ভূমিৰ উপযুক্ততা নিৰূপণ আৰু উপযুক্ত কলা-কৌশল প্ৰয়োগ অত্যন্ত গুৰুত্বপূৰ্ণ। বৰ্তমান আধুনিকীকৰণৰ যুগত প্ৰয়োজন সাপেক্ষে জলসিঞ্চনৰ ব্যৱস্থা কৰাটো নিতান্তই প্ৰয়োজনীয়। অসমৰ কৃষকসকল সঘনাই বানপানী আৰু গৰাখহনীয়াকে ধৰি অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হয়। যাৰ ফলত শস্য আৰু আন্তঃগাঁথনিৰ ক্ষতি হয় আৰু কৃষকসকলে যথেষ্ট লোকচানৰ মুখ দেখে। ইয়াৰ উপৰিও সীমিত ঋণৰ সুবিধা, জলসিঞ্চনৰ সীমিত সুবিধা, আৰু বজাৰত কৃষিজাত সামগ্ৰীৰ মূল্যৰ সঘন তাৰতম্যই কৃষকৰ অসুবিধাসমূহ অধিক ভয়াৱহ কৰি তোলে। কৃষকৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰিবলৈ যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল আৰু বিভিন্ন কল্যাণমূলক আঁচনি কৃষকৰ বাবে গ্ৰহণ কৰিছে। বিগত সময়ত উন্নত জাত আৰু উন্নত কৃষি প্ৰযুক্তি কৌশল ব্যৱহাৰৰ যোগেদি অসমত কৃষি উৎপাদন বৃদ্ধি পোৱা দেখা গৈছে। অসম কৃষি বিশ্ববিদ্যালয় আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগে ৰাজ্যৰ প্ৰতিখন জিলাতে বৈজ্ঞানিক কৃষিৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে অবিৰত চেষ্টা অব্যাহত ৰাখিছে। বিগত এক-দুই দশক ধৰি ৰাজ্যৰ কৃষি ক্ষেত্ৰত উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে মনোনিৱেশ কৰি এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে, যিটো নিশ্চিত ভাৱে ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ বাবে উৎসাহজনক খবৰ। সামৰণিত ক’ব পাৰি যে অনাগত দিনত অসমৰ কৃষি খণ্ডৰ বহনক্ষম বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত চৰকাৰৰ সমৰ্থনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কৌশলগত নীতি, আৰ্থিক সাহায্য, আৰু আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে চৰকাৰে কৃষকসকলক সবলীকৰণ কৰিব পাৰে, উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে, আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰিব পাৰে, যাৰ ফলত আগন্তুক প্ৰজন্মৰ বাবে এক সমৃদ্ধিশালী কৃষি অৰ্থনীতিৰ পোষকতা কৰিব পৰা যাব। 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!