আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান পৰিৱেশক শ্ৰীযুত অবনী বৰাৰ সাক্ষাৎকাৰ
‘সাহিত্য ডট অৰ্গ’ৰ এই সংখ্যাৰ সাক্ষাৎকাৰৰ বাবে সাক্ষাৎ কৰা হৈছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান পৰিৱেশক শ্ৰীযুত অবনী বৰাক। ১৯৮০ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰা শ্ৰীযুত বৰাই ২০১৬ চনত এই কেন্দ্ৰৰপৰাই অৱসৰ গ্ৰহণ কৰে। অনুষ্ঠান পৰিৱেশনৰ দায়িত্বৰ লগতে শ্ৰীযুত বৰাই বহুবছৰ ধৰি আকাশবাণীৰ অনুষ্ঠান প্ৰযোজনাও কৰিছে। ১৯৮২ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা ‘এছিয়ান গেমছ’ৰ বিভিন্ন খেলৰ প্ৰতিবেদনৰ দায়িত্বতো তেখেত নিয়োজিত আছিল। সমগ্ৰ কৰ্মজীৱন ৰেডিঅ’ৰ গীত-মাত, সংগীতানুষ্ঠানৰ ঘোষণা আৰু পৰিচালনা কৰা শ্ৰীযুত বৰাই দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীৰ দ্বাৰা প্ৰযোজিত কেইবাখনো তথ্যচিত্ৰতো কণ্ঠদান কৰিছে। গুৱাহাটীৰ শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ‘ছাউণ্ড আৰু মিউজিক শ্ব’ তথা ‘শব্দ জ্যোতি’তো তেওঁ কণ্ঠদান কৰিছে। গুৱাহাটী তাৰকাগৃহত কণ্ঠদানৰ কামত নিয়োজিত হোৱাৰ উপৰিও যশস্বী চিনেমা পৰিচালক ধীৰু ভূঞাৰ পৰিচালিত চিনেমা ‘প্ৰথম ৰাগিণী’ত তেখেতে সহকাৰী পৰিচালকৰূপে কাম কৰিছিল। এগৰাকী যশস্বী আবৃত্তিকাৰ শ্ৰীযুত বৰাই ৰেডিঅ’ত প্ৰচাৰ কৰা কেইবাখনো বিখ্যাত উপন্যাস, নাটক, আলেখ্যত কাম কৰাৰ উপৰিও ৰেডিঅ’ৰ কেইবাটাও অনুষ্ঠানৰ বাবে শীৰ্ষ গীত ৰচনা কৰিছিল। সৰ্বভাৰতীয় কবি সন্মিলনৰ অনুবাদ কবিতাৰ লগতো জড়িত শ্ৰীযুত বৰাই খ্যাতি অৰ্জন কৰিছিল।
মনোৰঞ্জনৰ একমাত্ৰ আহিলা ৰেডিঅ’ তথা অসমৰ সাংস্কৃতিক জগতখনৰ সৈতে নিবিড়ভাৱে জড়িত হৈ থকা শ্ৰীযুত বৰাই এই সাক্ষাৎকাৰটোত তেখেতৰ বিভিন্ন অভিজ্ঞতা সম্পৰ্কে ব্যক্ত কৰিছে।
‘সাহিত্য ডট অৰ্গ’ৰ হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ই-আলোচনীখনৰ এই মাহৰ সম্পাদক ডাঃ নমিতা বৈশ্য তথা ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য ক্ৰমে শ্ৰী মৃদুল কুমাৰ শৰ্মা, শ্ৰী চিত্তৰঞ্জন ওজা আৰু ড° অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে সম্পাদক ডাঃ নমিতা বৈশ্য, শ্ৰী জুপিতৰা ফুকন আৰু ড° অভিজিত দত্তই। ইয়াৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে শ্ৰী জুপিতৰা ফুকনে। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে ডাঃ হিতেশ্বৰ শৰ্মা আৰু ডঃ দীপজ্যোতি বৰাই।
সাহিত্য ডট অৰ্গ:- আকাশবাণীৰ লগত আপুনি প্ৰায় ৩৭ বছৰ জড়িত হৈ আছিল। আপোনাৰ চাকৰি জীৱনৰ সুদীৰ্ঘ পৰিক্ৰমাৰ বিষয়ে আমাক অলপমান জনাবনে?
অবনী বৰা:- মই ৰেডিঅ’ত ১৯৮০ চনৰ জানুৱাৰী মাহত যোগদান কৰিছিলোঁ। মই চাকৰিত সোমোৱাৰ আগতে ৰেডিঅ’ৰ লগত কেনেদৰে জড়িত হৈ আছিলোঁ, সেয়া অলপমান ক’বলৈ পালে ভাল পাম। সেই সময়ত মনোৰঞ্জনৰ মাধ্যম আছিল ৰেডিঅ’। আমি যেতিয়া সৰু আছিলোঁ, তেতিয়াৰপৰাই আমাৰ ঘৰত এটা ডাঙৰ ৰেডিঅ’ আছিল। তাৰ বেটাৰীটোও বৰ ডাঙৰ আছিল। ৰেডিঅ’টোৰ বাবে ঘৰৰ বাহিৰত খুঁটি পুতি ‘এৰিয়েল’ লগোৱা হৈছিল। ঘৰত সৰুৰে পৰা দেখিছিলোঁ যে দেউতাহঁতে ৰেডিঅ’ শুনে। আমাৰ চুবুৰীয়াসকলেও আমাৰ ঘৰলৈ আহি ৰেডিঅ’ত বাতৰি শুনে।
সেই সময়ত মোৰ বয়স বহু কম। সেই সময়ত ৰেডিঅ’টোৰ সম্পৰ্কে মোৰ এটা কৌতূহল আছিল। ৰেডিঅ’টোৰপৰা মাত-কথা কেনেদৰে আহে তাকে ভাবি মই চিন্তাত পৰিলোঁ। ৰেডিঅ’ত শুনা মাতটো ক’ৰপৰা আহে সেয়া জানিবলৈ মই ৰেডিঅ’টোৰ পিছফালে থকা ঢাকনিখন খুলি চালোঁ। মই তেনে কৰা বাবে দেউতাৰ গালি আৰু মাৰ বাঘঢকা খোৱা মোৰ এতিয়াও মনত আছে। আমাৰ সমাজখনত মই ডাঙৰ হোৱালৈকে ৰেডিঅ’ মনোৰঞ্জনৰ মাধ্যমৰূপে বিবেচিত হৈ থাকিল।
লাহে লাহে মই ডাঙৰ হলোঁ। তেতিয়া মই দিনত ‘ৰেডিঅ’ চিল’ন’ শুনো। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰপৰা প্ৰচাৰিত ‘কল্পতৰু’, ‘নাটক’ আদিও শুনো। বাংলাদেশৰ ঢাকা আকাশবাণী কেন্দ্ৰৰপৰা নিশা প্ৰচাৰ কৰা গীত শুনিও মোৰ বৰ ভাল লাগে। সেই সময়ত মোক বেছিকৈ আকৰ্ষিত কৰিছিল ঘোষকসকলৰ কণ্ঠই।
আচলতে ৰেডিঅ’ত চাকৰি কৰিম বুলি মই কোনোকালে ভবা নাছিলোঁ। সেই সময়ত মই আইন বিষয়টি পঢ়ি অঁতাইছিলোঁ। হঠাৎ মই এটা চাকৰিৰ বিজ্ঞাপন পালোঁ। চাকৰিটো ৰেডিঅ’ৰ আছিল। মই সেই চাকৰিটোৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিলোঁ। চাকৰিটোৰ বাবে মই নিৰ্বাচিত হ’লোঁ। আকাশবাণী গুৱাহাটী কেন্দ্ৰত মই যোগদান কৰিলোঁ। এনেদৰেই মই ৰেডিঅ’ৰ চাকৰিত নিয়োজিত হৈ পৰিলোঁ।
মই যেতিয়া ৰেডিঅ’ত সোমাইছিলোঁ, তেতিয়া মই লগ পোৱা প্ৰতিগৰাকী ব্যক্তিয়েই অসমৰ একোগৰাকী বিদ্বৎ লোক আছিল। বিশিষ্ট নাট্যকাৰ অৰুণ শৰ্মা, দুৰ্গেশ্বৰ বৰঠাকুৰ, মহেন্দ্ৰ বৰঠাকুৰ, নীলু চক্ৰৱৰ্তী, বীনা দাস মান্না, আৰতি দাস বৈৰাগী, ধীৰু ভূঞা, বিবি দেৱী বৰবৰুৱা, কীৰ্তিকমল ভূঞা আদিক মই ঘনিষ্ঠভাৱে লগ পাইছিলোঁ। এইসকল লোকৰ সৈতে চাকৰি কৰি মই নিজকে আজিও সৌভাগ্যশালী বুলি গণ্য কৰোঁ। সেই সময়ত অসমৰ সাহিত্য-সংস্কৃতিৰ লগত জড়িত লোকসকল ৰেডিঅ’ৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছিল। সেইসকল লোকক লগ পোৱাটো মোৰ বাবে আছিল এক ডাঙৰ অভিজ্ঞতা।
মই ৰেডিঅ’ত চাকৰি কৰি থকা কালছোৱাত সদায়েই ‘ৰেকৰ্ডিং’ হৈ থাকে। মানুহেৰে গোটেই কেন্দ্ৰটো গিজগিজাই থাকে। আমি হাঁহি-তামাচাৰ মাজেৰে কৰ্মজীৱন কটাইছিলোঁ। সকলোৱে এনেদৰেই আনন্দ-উৎসাহৰ মাজেৰে নিজ নিজ দায়িত্ব পালন কৰিছিলোঁ। যিহেতু মোৰ উচ্চাৰণত উজনিৰ ঠাঁচ আছিল; শ্ৰদ্ধেয় অৰুণ শৰ্মা, দুৰ্গেশ্বৰ বৰঠাকুৰ আদিয়ে মোক উচ্চাৰণ, মান্য ভাষাৰ ব্যৱহাৰ আদি সম্পৰ্কে বিভিন্ন পৰামৰ্শ দিছিল। কেতিয়াবা ‘ৰেকৰ্ডিঙ’ৰ সময়ত কেতবোৰ আমোদজনক ঘটনাও ঘটিছিল। সেই সময়ত নাটক এখন ‘ৰেকৰ্ডিং’ হোৱাৰ আগেয়ে দুদিন ‘ৰিহাৰ্চেল’ হৈছিল। এবাৰ মই আৰু অসমৰ বিশিষ্ট শিল্পী এজনে নাটকৰ বচন মাতি আছোঁ। এসময়ত আমাৰ বচন মতা শেষ হ’ল। পিছত জানিব পাৰিলোঁ যে আমি যদিও বচন মাতি শেষ কৰিলোঁ, আমাৰ কথাবোৰ বাণীবদ্ধ নহ’ল। এনেধৰণৰ আমোদজনক ঘটনাও আমাৰ লগত ঘটিছিল। সেইসময়ত ‘নোকোৱাই ভাল’ নামৰ অনুষ্ঠানটি চলি আছিল। মহেন্দ্ৰ বৰঠাকুৰে ৰেডিঅ’ চেণ্টাৰতেই নাটকখনৰ বাবে খণ্ডবোৰ লিখি উলিয়াইছিল। এনেধৰণৰ ঘটনাবোৰ আজিও মোৰ মনত সজীৱ হৈ আছে।
সাহিত্য ডট অৰ্গ:- শ্ৰোতাৰ লগত ঘটা কিবা ৰসাল অথবা বিশেষ ঘটনা আপোনাৰ মনত পৰেনে?
অবনী বৰা:- হয়, আমি যিহেতু ৰেডিঅ’ত কাম কৰিছিলোঁ আৰু শ্ৰোতাই অকল আমাৰ মাতহে শুনিছিল, সেয়েহে কেতিয়াবা কোনো শ্ৰোতাই আমাক স্বচক্ষে চাবলৈ বিচাৰিছিল। এগৰাকী মহিলাই এবাৰ মোক চাবলৈ আহি ক’লে যে তেওঁ বোলে মোক বয়সিয়াল মানুহ বুলি ভাবিছিল। তেওঁ ক’লে যে মোৰ নামটোৰ বাবে তেওঁ মোক বয়সিয়াল বুলি ভাবিছিল। মই তেওঁক ধেমালি কৰি কলোঁ, “এতিয়া কেনে দেখিছে?” “ঠিকেই আছে”, তেওঁ নিৰ্লিপ্তভাৱে ক’লে।
শ্ৰোতাসকলৰ কথা ক’বলৈ গৈ মোৰ মনত পৰিছে সেই সময়ৰ এটা অনুষ্ঠানৰ কথা। সেই সময়ত ৰেডিঅ’ত সৈন্য বাহিনীৰ বাবে এটি অনুষ্ঠান প্ৰচাৰিত হৈছিল। সেনাবাহিনীত কৰ্মৰত জোৱানসকলৰপৰা সেই সময়ত তেওঁলোকৰ পছন্দৰ গীত বজাবলৈ বহু চিঠি আহিছিল। যিসকল ঘোষিকাই ঘোষণা কৰিছিল, তেওঁলোকক চাবলৈ সৈন্যসকলে সেনাবাহিনীৰ ডাঙৰ ডাঙৰ গাড়ীত উঠি ৰেডিঅ’ চেণ্টাৰলৈ আহিছিল। আচলতে সেই সময়ত শ্ৰোতাসকলৰ মনত ৰেডিঅ’ত কাম কৰা শিল্পী, ঘোষক-ঘোষিকা আদিক চাবলৈ এটি কৌতূহল আছিল। আজিকালি সেই আগ্ৰহ, কৌতূহল আদি নোহোৱা হ’ল। অৱশ্যে এতিয়া ৰেডিঅ’ পুনৰ অলপ হ’লেও জনপ্ৰিয় হৈ পৰিছে।
সেই সময়ত ৰেডিঅ’ৰ নাটকসমূহো বৰ জনপ্ৰিয় হৈছিল। দেওবাৰৰ দুপৰীয়া ৰেডিঅ’ৰ নাটক শুনিবলৈ মানুহবোৰ ঘৰতেই আছিল। সেয়েহে বাট-পথ জনশূন্য হৈ পৰিছিল। একেদৰে ‘বৰদলৈ ট্ৰফী’ৰ খেলসমূহো ৰেডিঅ’ত প্ৰচাৰ কৰা হৈছিল। যিহেতু সেই সময়ত আচল খেলখন শ্ৰোতাসকলে ৰেডিঅ’ত দেখা পোৱাৰ কোনো সুবিধা নাছিল, সেয়েহে তেওঁলোকে খেলপথাৰলৈ হিলদল ভাঙি খেল চাবলৈ গৈছিল। পাছলৈ টেলিভিছনত খেল দেখুওৱা হ’ল। মাৰাডোনা, সুনীল গাভাস্কাৰ আদিক মানুহে টেলিভিছনৰ পৰ্দাত দেখিবলৈ পালে। খেলুৱৈসকলক টেলিভিছনৰ পৰ্দাত দেখিবলৈ পাই মানুহবোৰে খেলপথাৰলৈ গৈ খেল চোৱাৰ অভ্যাসো পৰিত্যাগ কৰিলে।
সাহিত্য ডট অৰ্গ:- ৰেডিঅ’লৈ শ্ৰোতাসকলে পঠিওৱা চিঠিৰ বিষয়ে আপুনি উল্লেখ কৰিলে। এই সম্পৰ্কে অলপমান বিতংকৈ কওকচোন।
অবনী বৰা:- হয়, সেইসময়ত ৰেডিঅ’লৈ শ শ চিঠি আহিছিল। আমি পুৰণি চিঠিবোৰ খুলি চোৱালৈ আকৌ নতুন চিঠিৰে ৰেডিঅ’ চেণ্টাৰ ভৰি পৰিছিল। বিভিন্ন অনুষ্ঠান সম্পৰ্কে শ্ৰোতাসকলে নিজৰ অভিমত জনাই আৰু কল্পতৰু আদি অনুষ্ঠানলৈ গানৰ অনুৰোধ জনাই আমালৈ চিঠি প্ৰেৰণ কৰিছিল।
সাহিত্য ডট অৰ্গ:- বৰ্তমানৰ প্ৰেক্ষাপটত দেখা গৈছে যে আজিকালি ৰেডিঅ’ৰ সৈতে অসমৰ সাহিত্য-সংস্কৃতিৰ বিশিষ্ট লোকসকল হয়তো তেনেদৰে জড়িত হৈ থকা নাই। বোধকৰোঁ ৰেডিঅ’ৰপৰাও কোনো বিশিষ্ট সাহিত্যিক, নাট্যকাৰ অথবা গায়ক সৃষ্টি হোৱা নাই। এই বিষয়ে আপুনি কি ভাবে?
অবনী বৰা:- আচলতে কথাটো তেনেধৰণৰ নহয়। ৰেডিঅ’ৰপৰা এতিয়াও বিশিষ্ট সাহিত্যিক, নাট্যকাৰ অথবা গায়ক আদি ওলাইছে। আচলতে ৰেডিঅ’ বুলি ক’লেই আমাৰ মনলৈ সৌ তাহানি দিনৰ ছবি এখন ভাহি আহে। অৰুণ শৰ্মা, দুৰ্গেশ্বৰ বৰঠাকুৰ, মহেন্দ্ৰ বৰঠাকুৰ, নীলু চক্ৰৱৰ্তী, বীনা দাস মান্না, আৰতি দাস বৈৰাগী, ধীৰু ভূঞা, বিবি দেৱী বৰবৰুৱা, কীৰ্তিকমল ভূঞা আদি যেনেদৰে ৰেডিঅ’ৰ সৈতে জড়িত হৈ আছিল, একেদৰে আজিৰ নাট্যকাৰ, ঔপন্যাসিক আদিও ৰেডিঅ’ৰ লগত জড়িত হৈ আছে। সৃষ্টিশীল লোকসকল এতিয়াও ৰেডিঅ’ৰ সাহিত্য চ’ৰা, নাটক আদিৰ লগত জড়িত হৈ আছে। নতুন নাট্যকাৰৰ ভিতৰত সপোনজ্যোতি ঠাকুৰ, নিজৰা আদি উল্লেখনীয় নাম। গীতিকাৰৰ ভিতৰতো বহুজন গীতিকাৰ ওলাইছে। অৱশ্যে সৌ তাহানিৰ গীতিকাৰ যেনে, নৱকান্ত বৰুৱা, দ্বিজেন্দ্ৰ মোহন শৰ্মা, তফজ্জুল আলী আদিৰ দৰে গীতিকাৰ আজি আৰু নাই। পিছে এতিয়াও ৰেডিঅ’ৰপৰা বহু শিল্পী ওলাই আছে।
আচলতে ৰেডিঅ’ৰ ওপৰত এতিয়া কোনো সম্পূৰ্ণৰূপে নিৰ্ভৰশীল নহয়। এতিয়া মনোৰঞ্জনৰ বহু মাধ্যম হ’ল। বিভিন্ন মাধ্যম হোৱা বাবে হয়তো ৰেডিঅ’ৰ কাৰ্যাৱলী সম্পৰ্কে সাধাৰণ মানুহ অৱগত নহয়। ৰেডিঅ’ৰ তাহানিৰ সোণালী সময় এতিয়া আৰু নাই। টেলিভিছনে ৰেডিঅ’ৰ জনপ্ৰিয়তা হ্ৰাস কৰিলে। পাছলৈ আন আন মাধ্যমৰ বাবেও ৰেডিঅ’ৰ ব্যৱহাৰ কমি আহিল। মোৰ ভাবিলে কেতিয়াবা বেয়াও লাগে যে ৰেডিঅ’ লাহে লাহে এলাগী হৈ পৰিছে।
সাহিত্য ডট অৰ্গ:- আপুনি ৰেডিঅ’ত যোগদান কৰাৰ পিছত অসম আন্দোলন, আলফাৰ উত্থান আদি বিভিন্ন ঘটনা সংঘটিত হৈছিল। অসমৰ জনজীৱন প্ৰভাৱিত কৰা এইসমূহ ঘটনাই ৰেডিঅ’ত বাতৰি পৰিবেশন, নাটকৰ প্ৰচাৰ আদিত কিবা বাধাৰ সৃষ্টি কৰিছিল নেকি?
অবনী বৰা:- ১৯৮০ চনৰপৰা ১৯৮৫ চনৰ মাজভাগলৈকে যি সময় আছিল, সেয়া গুৰুত্বপূৰ্ণ আছিল বুলি মই সদায়েই ভাবোঁ। যেতিয়া মই ৰেডিঅ’ত যোগদান কৰিছিলোঁ, তেতিয়া অসম আন্দোলন আৰম্ভ হৈছিল। ৰেডিঅ’ৰ ওপৰত এই আন্দোলনৰ প্ৰভাৱ বৰকৈ পৰা নাছিল। আমি অৰ্থাৎ ৰেডিঅ’ত যোগদান কৰা ডেকাচাম কিছুপৰিমাণে আৱেগিক হৈ উঠিছিলোঁ যদিও ৰেডিঅ’ যিহেতু চৰকাৰী মাধ্যম আছিল সেয়েহে আমি আন্দোলনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ পৰা নাছিলোঁ। অৱশ্যে সেই সময়ত ৰেডিঅ’ৰ যোগেৰে দেশপ্ৰেমমূলক গীত, আলোচনা, বাতৰি আদি প্ৰচাৰ কৰা হৈছিল। পাছলৈ চৰকাৰৰ ফালৰপৰা লাহে লাহে হেঁচা বাঢ়ি আহিল। অৱশ্যে আন্দোলনৰ প্ৰাৰম্ভিক কালছোৱাত আন্দোলনৰ বিভিন্ন কাৰ্যসূচীৰ প্ৰভাৱো আমাৰ ওপৰত পৰিছিল। অসহযোগ আন্দোলন, অসম বন্ধ আদিৰ প্ৰভাৱ আমাৰ ওপৰত প্ৰায়েই পৰিছিল। কেতিয়াবা আমি কৰ্তব্যত উপস্থিত হ’ব পৰা নাছিলোঁ। এনেধৰণৰ কেতবোৰ প্ৰভাৱ আমাৰ ওপৰত পৰিছিল।
আলফাৰ উত্থান আদি বিষয়ে ৰেডিঅ’ৰ ওপৰত অৱশ্যে বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল।
সাহিত্য ডট অৰ্গ:- সম্প্ৰতি ৰেডিঅ’ৰ জনপ্ৰিয়তা পুনৰ ঘূৰি অহা দেখা গৈছে। এইক্ষেত্ৰত চৰকাৰী পৃষ্ঠপোষকতাও দেখা পোৱা গৈছে। ৰেডিঅ’ৰ জনপ্ৰিয়তাৰ পুনৰুত্থানত চৰকাৰৰ এনে পৃষ্ঠপোষকতাই ধনাত্মক প্ৰভাৱ পেলাব বুলি আপুনি ভাবেনে?
অবনী বৰা:- এই প্ৰশ্নটোৰ প্ৰসংগত এটা কথা উল্লেখ কৰিবই লাগিব৷ ২০১৪ চনত ৰেডিঅ’ৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ‘মন কি বাত’ অনুষ্ঠানটোৰ ধাৰাবাহিক প্ৰচাৰ আৰম্ভ হোৱাৰ পাছৰেপৰাই ৰেডিঅ’ই শ্রোতাৰ মাজত পুনৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানটোৰ প্ৰথম খণ্ডটোতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল যে সাধাৰণ জনতাৰ মাজত বৰ্তমানেও ৰেডিঅ’ বহুলভাৱে প্ৰসাৰিত হৈ আছে। ৰেডিঅ’ৰ জনপ্ৰিয়তাৰ পুনৰুত্থানত এই অনুষ্ঠানটোৱে এক ধনাত্মক প্ৰভাৱ পেলাইছে বু্লি মই ভাবোঁ৷
সাহিত্য ডট অৰ্গ:- বৰ্তমান মানুহৰ ৰুচিবোধৰ পৰিৱৰ্তন হৈছে। ই স্বাভাৱিক। টেলিভিছনে যেনেদৰে ৰেডিঅ’ৰ জনপ্ৰিয়তা হ্ৰাস কৰিলে, ঠিক তেনেকৈ বৰ্তমান বিভিন্ন সামাজিক মাধ্যমসমূহেও টেলিভিছনৰ জনপ্ৰিয়তা হ্ৰাস কৰিছে। এনে পৰিস্থিতিত মানুহে সুস্থ ৰুচিবোধ বৰ্তাই ৰাখিব বুলি আমি আশাবাদী। এই ক্ষেত্ৰত আপোনাৰ মতামত কি?
অবনী বৰা:- শ্রোতা-দৰ্শকৰ সুস্থ ৰুচিবোধ গঢ় দিয়াত বিভিন্ন কাৰকে ক্ৰিয়া কৰে। মানসম্পন্ন অনুষ্ঠানৰ জৰিয়তে শ্ৰোতা-দৰ্শকৰ ৰুচিবোধ উন্নত কৰিব পৰা যায়। ৰেডিঅ’ৰ ক্ষেত্ৰত ক’ব বিচাৰোঁ যে ৰেডিঅ’ৰ মূলমন্ত্ৰই হৈছে তথ্য আৰু মনোৰঞ্জনৰ যোগান ধৰা। তথ্য যোগানৰ লগতেই থাকে মনোৰঞ্জন। ৰেডিঅ’ৰ এনে কিছুমান অনুষ্ঠান আছে যিবোৰে শ্রোতাক তথ্যৰ লগতে আমোদ প্ৰদান কৰে। ৰেডিঅ’ত প্ৰচাৰ হোৱা বহু কথিকা, নাটক আদি যথেষ্ট তথ্যসমৃদ্ধ। নিঃসন্দেহে এনেধৰণৰ অনুষ্ঠানবোৰে শ্রোতাৰ ৰুচিবোধ উন্নত কৰিব। এইখিনিতে কথা এষাৰ ক’ব বিচাৰিছোঁ। আজিকালি বহুতৰে মুখত অসমীয়া ভাষাটো শুনিলে এনে লাগে যেন আমি অন্য ভাষা এটাহে শুনি আছোঁ। এনে ক্ষেত্ৰত শুদ্ধ অসমীয়া ভাষা কেৱল ৰেডিঅ’তহে শুনিবলৈ পোৱা যায়। ভাষাটোৰ প্ৰতি ৰেডিঅ’ৰ এক দায়বদ্ধতা আছে। ৰেডিঅ’ত কথা কোৱাৰ লগতে কিছু লিখাৰ কামো থাকে। অসমীয়া ভাষাটো যাতে শুদ্ধকৈ লিখা হয় তাৰবাবে যৎপৰোনাস্তি চেষ্টা কৰা হয় আৰু ভৱিষ্যতেও ৰেডিঅ’ই এই প্ৰয়াস অব্যাহত ৰাখিব বুলি আশা কৰিব পাৰি।
সাহিত্য ডট অৰ্গ:- বৰ্তমান ব্যক্তিগত ‘এফ.এম.’ ৰেডিঅ’বোৰে অসমীয়া ভাষাটো বিকৃত কৰা যেন নালাগেনে?
অবনী বৰা: প্ৰশ্নটোৰ উত্তৰ দিবলৈ মই অলপ অসুবিধা পাইছোঁ। কিয়নো ময়ো এসময়ত তেনে এটা ৰেডিঅ’ চেনেলতেই কৰ্মৰত আছিলোঁ। মই ভাবোঁ ‘এফ.এম.’ চেনেলবোৰ নতুন প্ৰজন্মৰ বাবেহে। সেয়েহে বোধহয় ইয়াৰ ভাষাটোও ঠিক তেওঁলোকে কোৱাৰ দৰেই হৈ পৰিছে। ভাৰতত প্ৰথম ‘এফ.এম.’ ৰেডিঅ’ আৰম্ভ হৈছিল মহানগৰকেইখনত। আৰম্ভণিৰ সময়তে মই দিল্লী আৰু কোলকাতাত ‘এফ.এম.’ ৰেডিঅ’ শুনিছোঁ। তেতিয়া কিন্তু ইয়াত শুদ্ধ শব্দ আৰু বাক্যৰ প্ৰয়োগ হৈছিল। বৰ্তমানৰ ‘এফ.এম.’ ৰেডিঅ’বোৰে ভাষাৰ শুদ্ধ প্ৰয়োগৰ ক্ষেত্ৰত সজাগ হ’ব লাগিব। আঁত-ধৰোঁতাসকল সচেতন হ’ব লাগিব। সময়ৰ লগে লগে মানুহৰ ৰুচিবোধ সলনি হ’বই। কিন্তু আমি আমাৰ স্বকীয়তা বৰ্তাই ৰাখিব লাগিব। আমাৰ মানুহৰ কোনো কথাতে প্ৰতিবাদ নাই। তাহানিৰ শ্রোতা আছিল অতি সচেতন। ৰেডিঅ’ত অকণমান ভুলকৈ কিবা এটা ক’লেই শ্রোতাই চিঠিৰ দ্বাৰা নাইবা ফোনৰ জৰিয়তে আমাক ভুলটো দেখুৱাই দিয়ে। আজিকালি ৰেডিঅ’লৈ তেনে ফোন বা চিঠি আহে নে নাহে নাজানো। শ্ৰোতা সচেতন হ’লেহে ঘোষক-ঘোষিকাসকলে ভাষাৰ শুদ্ধ প্ৰয়োগৰ ক্ষেত্ৰত যত্নপৰ হ’ব। এতিয়াও দুই-চাৰিজন তেনে সচেতন শ্ৰোতা অৱশ্যে আছে৷
সাহিত্য ডট অৰ্গ:- এই যে ৰেডিঅ’ত কেতিয়াবা অনুষ্ঠান প্ৰচাৰত ভুল হয় বা ‘এফ.এম.’ ৰেডিঅ’সমূহে অসমীয়া ভাষাটো বিকৃতভাৱে উপস্থাপন কৰে; এই কথাবোৰত আপুনি দুখ অনুভৱ কৰেনে?
অবনী বৰা:- নিশ্চয় বেয়া লাগে। অসমীয়া শব্দ বা বাক্য এটা যেতিয়া ভুলকৈ কোৱা শুনো তেতিয়া দুখ লাগে। আমাৰ ভাষাটো অতি শুৱলা; ই এক অনন্য ভাষা। এই ভাষাটোৰ যদি এই গতি হয়, তেন্তে ইয়াৰ ভৱিষ্যত কি হ’ব? এই কথাটোৱে মোক চিন্তিত কৰি তোলে। মানুহে যদি এই বিকৃত ভাষাটোকে প্ৰকৃত অসমীয়া ভাষা বুলি ভাবিবলৈ লয় তেন্তে অদূৰ ভৱিষ্যতে ভাষাটো অস্তিত্বৰ সংকটত ভুগিব। কিছু কিছু ক্ষেত্ৰত কেতিয়াবা অন্য ভাষাৰ আশ্ৰয় ল’বলগীয়া হয়; সেইবুলিয়েই ১৫ টা শব্দৰ অসমীয়া বাক্য এটাত যদি আধাতকৈ বেছি অন্য ভাষাৰ শব্দ ব্যৱহাৰ কৰা হয়, সেয়া মানি ল’ব নোৱাৰি। এই কথাবোৰে মনত আঘাত দিয়ে। ভাষাজনিত এনে সমস্যাবোৰৰ সমাধান কি হ’ব, সেয়াও সঠিকভাৱে ক‘ব নোৱাৰোঁ৷
আচলতে আমাৰ আটাইতকৈ ডাঙৰ দোষটো হ’ল এই যে আমি শিকিব নোখোজোঁ। টেলিভিছন বা ব্যক্তিগত চেনেলবোৰৰ প্ৰতিটো অনুষ্ঠানেই বেয়া নহয়। বৰ্তমান হিন্দী বা বাংলা গানৰ ‘ৰিয়েলিটি শ্ব’বোৰত প্ৰতিযোগীয়ে ভুলকৈ শব্দ এটা উচ্চাৰণ কৰিলেই বিচাৰকসকলে লগে লগে ভুলটো আঙুলিয়াই দি শব্দটোৰ শুদ্ধ উচ্চাৰণটো শিকাই দিয়ে। ইয়াৰ বিপৰীতে আমাৰ ক্ষেত্ৰত দেখা যায় যে যদি ভুলটো আঙুলিয়াই দিয়া হয়, তেতিয়া প্ৰতিযোগীসকলে বেয়া পায়। সেই ‘প্ৰফেছনেলিজিম’টো আমাৰ ইয়াত এতিয়াও গঢ় লৈ উঠা নাই। মই ভাবোঁ যে এই ক্ষেত্ৰত আমি বহু পিছ পৰি আছোঁ। আচলতে ভুল শুধৰাই দিলে বেয়া পোৱা উচিত নহয়। কিয়নো কোনো মানুহ ভাষাৰ ক্ষেত্ৰত সম্পূৰ্ণ শুদ্ধ নহয়। আমিয়েই কিমান ভুল কওঁ! আমাৰ কথাবোৰত এক আঞ্চলিক প্ৰভাৱ থাকে। ৰেডিঅ’ত যোগদান কৰাৰ পাছতহে মই অনুভৱ কৰিছিলোঁ, ইমানদিনে মই কিমান ভুলকৈ ভাষাটো কৈ আছিলোঁ!
সাহিত্য ডট অৰ্গ: আপোনাৰ কৰ্মজীৱনৰ আমোদজনক ঘটনা এটাৰ বিষয়ে জনাব নেকি?
অবনী বৰা: হয়। কৰ্মজীৱনত বহুতো আমোদজনক ঘটনা ঘটিছে। তাৰে এটা কওঁ। এবাৰ মই আৰু এগৰাকী অংশকালীন ঘোষিকা নিশাৰ সম্প্ৰচাৰণৰ দ্বায়িত্বত আছিলোঁ। অংশকালীন কৰ্মচাৰীসকলক প্ৰথমতে অনুষ্ঠান আঁত ধৰিবলৈ দিয়া নহয়। অনুশীলনৰ জৰিয়তে পাৰ্গত হৈ উঠিলেহে অনুষ্ঠান উপস্থাপনৰ দ্বায়িত্ব দিয়া হয়। সেইদিনা মই অভিজ্ঞতা হওক বুলি ভাবিয়েই অংশকালীন ঘোষিকাগৰাকীক মোৰ দ্বায়িত্বত থকা অনুষ্ঠান এটাৰ পৰৱৰ্তী কাৰ্যসূচীসমূহ বুজাই ঘোষণাৰ দ্বায়িত্ব দি বাহিৰত সহকৰ্মী এজনৰ লগত কথা পাতি আছিলোঁ। হঠাৎ শুনা পালোঁ ঘোষিকাগৰাকীয়ে পৰৱৰ্তী অনুষ্ঠানটো ‘লোকগীত’ বুলি ঘোষণা কৰিছে। প্ৰকৃততে হ’ব লাগিছিল ‘বৰগীত’। মই তৎক্ষণাত ভিতৰলৈ গৈ তেওঁক ভুলটো শুধৰাই দি পাছত ‘বৰগীত’ বুলি ঘোষণা কৰি দিবলৈ ক’লোঁ। ৰেডিঅ’ৰ প্ৰতিটো ভুল দিন-বাৰ উল্লেখ কৰি অনুষ্ঠানটোৰ নামৰ লগতে আঁতধৰোঁতাজনৰ নাম লিখি ‘ৰিপৰ্ট’ লিখা হয়। কিন্তু সেইদিনা এই ভুলটোৰ কোনো ‘ৰিপৰ্ট’ লিখা নহ’ল। গ’ল কথা গুচিল। ময়ো কথাটো পাহৰি থাকিলোঁ। কিন্তু ঘটনাটোৰ তিনিমাহমানৰ পাছত ৰেডিঅ’লৈ সেইদিনাৰ ভুলটো উল্লেখ কৰি কঠোৰ ভাষাৰে লিখা তিনিপৃষ্ঠাজোৰা এখন চিঠি আহিল। তেতিয়াহে মোৰ ঘটনাটো মনলৈ আহিল। ইতিমধ্যে প্ৰচাৰিত হৈ যোৱা অনুষ্ঠানসমূহৰ তালিকা চাই উক্ত অনুষ্ঠানটো মোৰ আছিল বুলি গম পোৱাত কৰ্তৃপক্ষই মোক প্ৰশ্ন কৰিলে। ময়ো কোনো লুক-ঢাক নকৰাকৈ সঁচা কথাটোৱেই ক’লোঁ। সঁচা কোৱাৰ বাবেই হয়তো কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। কেতিয়াবা অজানিতে এনেকুৱা দুই-এটা ঘটনা ঘটি যায়।
সাহিত্য ডট অৰ্গ:- এইখিনিতে এটা কথা ক’ব বিছাৰিছোঁ। এসময়ত মানুহে কিতাপ পঢ়িছিল, ৰেডিঅ’ শুনিছিল। টেলিভিছনে মানুহৰ আমোদ-প্ৰমোদৰ ক্ষেত্ৰখনলৈ এক পৰিৱৰ্তন আনিলে। বিভিন্ন ‘ডিস্ক টিভি’য়ে এই পৰিৱৰ্তনত এক নতুনত্ব আনিলে। সম্প্ৰতি মানুহৰ মাজত ‘ইউটিয়ুব’, ‘ফেচবুক’, ‘ইনষ্টাগ্ৰাম’ আদি সামাজিক মাধ্যমসমূহে অভাৱনীয় জনপ্ৰিয়তা লাভ কৰিছে। এইবোৰৰ জৰিয়তে মানুহে আমোদৰ লগতে বিভিন্ন তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছে। সেয়েহে মানুহে আজিকালি ৰেডিঅ’ শুনিবলৈ এৰিলে, টেলিভিছন চাবলৈ এৰিলে। আনকি মানুহে আজিকালি হললৈ গৈ চিনেমাও নোচোৱা হ’ল। কিয়নো ‘নেটফ্লিক্স’, ‘এমাজন প্ৰাইম’ আদি ‘অ’টিটি প্লেটফৰ্ম’বোৰত বিভিন্ন চিনেমা, ৱেবচিৰিজ আদি সহজেই উপলব্ধ হৈ পৰিল। আমাৰ প্ৰযুক্তিগত দিশটো আচলতে প্ৰথমে উদ্ভাসিত কৰিলে ৰেডিঅ’ই। পাছলৈ টেলিভিছন আহিল, ‘কেবল টিভি’ আহিল, ‘ডিস্ক টিভি’ আহিল। এনেধৰণৰ নতুন নতুন মাধ্যমৰ ধামখুমীয়াৰ মাজত ভৱিষ্যতলৈ ৰেডিঅ’ আকৌ জনপ্ৰিয় হ’ব পাৰে বুলি আপুনি ভাবেনে?
অবনী বৰাঃ কথাবোৰ এতিয়া অলপ বেলেগ হৈছে। এতিয়া আমাৰ ৰেডিঅ’ৰ ৰাতিপুৱাৰ অনুষ্ঠানসমূহ বহু শ্ৰোতাই শুনে। আজিকালি ৰেডিঅ’ জনপ্ৰিয় কৰিবলৈ বহু প্ৰচেষ্টা হাতত লোৱা হৈছে। এতিয়া ৰেডিঅ’ ‘মোবাইল এপ’তো উপলব্ধ হৈ পৰিছে। এই এপটো ‘ডাউনল’ড’ কৰি আপোনালোকে ৰেডিঅ’ শুনিব পাৰে।
ৰেডিঅ’ত এতিয়া চাব পৰাও হ’ল। ৰেডিঅ’ই প্ৰচাৰ কৰা ৰাতিপুৱাৰ কিছুমান অনুষ্ঠান বা ৰাতিৰ যুৱবাণী অনুষ্ঠানৰ ‘ফেচবুক লাইভ’ হয়। মন গ’লেই ‘এপ’টোত এইবোৰ শুনিব পাৰি বা ‘ফেচবুক লাইভ’টোও চাই থাকিব পাৰি। উদাহৰণস্বৰূপে মই ক’ব পাৰোঁ যে অষ্ট্ৰেলিয়াৰপৰা এগৰাকী মহিলাই প্ৰায়েই ৰেডিঅ’ৰ ‘ফেচবুক লাইভ’ চাই তেখেতৰ মন্তব্য আগবঢ়ায়। যিয়ে এইবিষয়ে জানে, তেওঁলোকে এই ‘এপ’ ডাউনল’ড কৰিছে। সেইবাবেই ৰেডিঅ’ শুনা লোকৰ সংখ্যা লাহে লাহে বাঢ়িবলৈ লৈছে। অৱশ্যে ৰেডিঅ’ক অধিক জনপ্ৰিয় কৰি তুলিবলৈ আৰু কিছু প্ৰচাৰৰ আৱশ্যক।
সাহিত্য ডট অৰ্গ:- সাধাৰণতে কোনো এটা অনুষ্ঠান জনপ্ৰিয় কৰি তুলিবলৈ আমি বিজ্ঞাপনৰ ওপৰতো নিৰ্ভৰ কৰোঁ। উদাহৰণস্বৰূপে, ৰবীন্দ্ৰ ভৱনত যদি কিবা এক ডাঙৰ অনুষ্ঠান পতা হয়, তাৰবাবে কেৱল ৰবীন্দ্ৰ ভৱনৰ সন্মুখত বেনাৰ এখন আঁৰি থ’লেই যথেষ্ট নহ’ব। তাৰবাবে বাতৰি-কাকত বা অন্যান্য মাধ্যমত আগতীয়াকৈ প্ৰচাৰ কৰা আৱশ্যক হৈ পৰে। ৰেডিঅ’ৰ ক্ষেত্ৰতো নিশ্চয় এনেধৰণৰ পদক্ষেপ ল’ব পৰা যায়। এই বিষয়ে আপুনি কি ভাবে?
অবনী বৰা: হয়, তেনে এটা পেজ অল ইণ্ডিয়া ৰেডিঅ’ৰ ইতিমধ্যেই আছে। এইবোৰৰ যোগেৰে ৰেডিঅ’ৰ অনুষ্ঠানসমূহৰ প্ৰচাৰ কৰিব লাগে বুলি ময়ো অনুভৱ কৰোঁ।
সাহিত্য ডট অৰ্গ:- ৰেডিঅ’ৰ আগৰ গৰিমা বা জনপ্ৰিয়তা যে আগতকৈ কমিছে সেয়া সত্য। সেই জনপ্ৰিয়তা ঘূৰাই অনাৰ ক্ষেত্ৰত আৰু কেনেধৰণৰ পদক্ষেপৰ আৱশ্যক আছে বুলি আপুনি ভাবে?
অবনী বৰা:- হয়, আপোনালোকৰ কথাখিনি ষোল্ল অনাই শুদ্ধ। ৰেডিঅ’ক জনপ্ৰিয় কৰিবলৈ কেতবোৰ পদক্ষেপ হাতত লোৱা হৈছে। বিশেষকৈ ‘মোবাইল নেটৱৰ্ক’ৰ বিষয়ে এতিয়া বহুতে জনা হৈছে। ‘মোবাইল এপ’ত বহুতে ৰেডিঅ’ শুনিবলৈ লৈছে। শ্ৰোতাৰ সংখ্যা আগতকৈ বাঢ়িছে বুলিয়েই মই ভাবোঁ। একেবাৰে পূৰ্বৰ দৰে অৱস্থা নহয় বাৰু। সৌ তাহানিতেই দেখা ৰেডিঅ’ৰ জয়জয় ময়ময় অৱস্থা আকৌ যে ঘূৰি আহিব তাৰো আশা নাই। কাৰণ লাহে লাহে মনোৰঞ্জনৰ বিভিন্ন মাধ্যমৰ সৃষ্টি হৈছে। ভৱিষ্যতলৈ নতুন নতুন মাধ্যম ওলাই থাকিব। দেখা যাওকচোন ৰেডিঅ’ এটা সময়ত ক’ত ৰয়গৈ!
সাহিত্য ডট অৰ্গ:- আকাশবাণীৰ কেন্দ্ৰসমূহত এটা ‘ফ্ৰিকুৱেন্সি’ বা এটা ‘ৱেভলেংথ’ত কেৱল এটি অনুষ্ঠানেই চলি থকাৰ ব্যৱস্থা কৰিব পাৰি নেকি? ধৰক এটা ‘পুৰণি অসমীয়া বোলছবিৰ গান’ৰ চেনেল বা ‘বাতৰি’ৰ চেনেল এটা। একেদৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুত হোৱাকৈ ‘ৰেডিঅ’ চেনেল’ৰো ব্যৱস্থা কৰিব পৰা যায়। এই সম্পৰ্কে আপুনি কি ভাবে?
অবনী বৰা:- হয়। আপোনালোকৰ কথাখিনি মই সমৰ্থন কৰোঁ। বৰ্তমানলৈকে এটা চেনেলতেই গোটেইখিনি কৰিবলগীয়া হৈছে। আপোনালোকে কোৱাৰ দৰে ‘বিশেষ চেনেল’ৰ ব্যৱস্থা কৰিব পাৰিলে হয়তো ৰেডিঅ’ অধিক জনপ্ৰিয় হৈ পৰিব।
সাহিত্য ডট অৰ্গ:- আপুনি ৰেডিঅ’ত কাম কৰি থকা সময় আৰু এতিয়াৰ সময়ৰ মাজত কিবা তফাৎ দেখা পাইনে?
অবনী বৰা:- হয়, এতিয়া বহু পৰিৱৰ্তন আহিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এতিয়া বহু পৰিৱৰ্তন হ’ল। আমি টেপ বজাইছিলোঁ। কোন মুহূৰ্তত ছিঙি পৰে তাৰ একো ঠিকনা নাছিল। ‘ফাষ্ট ফৰৱাৰ্ড টিউন’ কৰোঁতে কেতিয়াবা টেপৰ খেলিমেলি হোৱাৰো আশংকা আছিল।
পাছলৈ গোটেইখিনি গৈ ‘হাৰ্ডডিস্ক’ত সোমাল। তাৰপাছত ‘চি ডি’ আহিল। আমি ‘চি ডি’ বজাবলৈ ধৰিলোঁ। এতিয়া ‘চি ডি’ও কমি আহিছে। এতিয়া গোটেইখিনি ‘হাৰ্ডডিস্ক’ত সোমাইছেগৈ। ষ্টুডিঅ’ত বহি নিৰ্দিষ্ট বুটাম টিপিলেই প্ৰ’গ্ৰেমবোৰ ওলাই আহে। এনেবোৰ পৰিৱৰ্তন হৈয়েই আছে। এইবোৰ পৰিৱৰ্তনে ৰেডিঅ’ক আকৌ জনপ্ৰিয় কৰি তুলিব পাৰিব বুলি মই ভাবোঁ।
সাহিত্য ডট অৰ্গ:- ধন্যবাদ ছাৰ। ইমান ধুনীয়াকৈ আপুনি আমাক ইমানখিনি সময় দি কথাবোৰ বৰ সহজ-সৰলভাৱে বুজাই দিলে। আপোনাৰ কথাবোৰে নিশ্চয় ’সাহিত্য ডট অৰ্গ’ৰ পাঠকসকলকো উপকৃত কৰিব। পুনৰ ধন্যবাদ জনাই আজিলৈ সামৰিলোঁ। শুভৰাত্ৰি।
অবনী বৰা:- ময়ো সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। কথাবোৰ ক’বলৈ পাই ময়ো বৰ ভাল পাইছোঁ। শুভৰাত্ৰি।